বিগত চাৰিটা বছৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগটো আকৰ্ষণীয় ৰূপত জিলিকি আছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী দৃষ্টিভংগীৰে পৰিচালিত হৈ অসমৰ চহকী ঐতিহ্য সংৰক্ষণ, প্ৰচাৰ, উদযাপনৰ এক সংঘবদ্ধ প্ৰচেষ্টাই ৰাজ্যখনক ৰাষ্ট্ৰীয় আৰু বিশ্ব মঞ্চত জিলিকাই তুলিছে।
লাচিতৰ বৰফুকনৰ বীৰত্বৰ গাথা
ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে মহান আহোম সেনাপতি লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তীৰ এক বছৰজোৰা কাৰ্যসূচীৰ উদযাপনৰ পদক্ষেপ গ্ৰহণ কৰে আৰু নতুন দিল্লীত এক বৃহৎ অনুষ্ঠানৰ জৰিয়তে এই কাৰ্যসূচীয়ে সফল ৰূপ লাভ কৰে। ২০২৪ চনৰ ১২ আগষ্টত অসম চৰকাৰে প্ৰসাৰ ভাৰতীৰ সৈতে এখন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি লাচিত বৰফুকনৰ জীৱন আধাৰিত ৫২টা খণ্ডৰ টেলিভিশ্যন ধাৰাবাহিক প্ৰস্তুত কৰাৰো পদক্ষেপ লয়।
অসমৰ ইতিহাস আৰু সংস্কৃতিক সঠিক ৰূপত প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত গুৰুত্ব দি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰসাৰ ভাৰতীক ঐতিহাসিক চৰিত্ৰক অংকন কৰোঁতে ৰাইজৰ আৱেগ-অনুভূতিক প্ৰাধান্য দিবলৈ অনুৰোধ জনায়। বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেখেতে কয়, “অসমৰ ৰাইজৰ আৱেগক গুৰুত্ব দি লাচিত বৰফুকনৰ বীৰত্বক সন্মান জনাই তথ্যচিত্ৰখন নিৰ্মাণ কৰিব লাগে।”
এই খণ্ডসমূহে লাচিত বৰফুকনৰ অদম্য সাহস আৰু বীৰত্বৰ বিষয়ে প্ৰচাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মহান আহোম সেনাপতিগৰাকীৰ অসাধাৰণ যাত্ৰাক কেমেৰাৰ জৰিয়তে প্ৰদৰ্শন কৰা হ’ব আৰু ধাৰাবাহিকখনৰ জৰিয়তে লাচিতৰ অমূল্য অৱদানক স্মৰণ কৰি অসমৰ চহকী ঐতিহ্যৰ সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই সহযোগিতামূলক প্ৰচেষ্টাৰ লক্ষ্য হৈছে ভৱিষ্যৎ প্ৰজন্মক অনুপ্ৰাণিত কৰা আৰু লাচিত বৰফুকনৰ বীৰত্বৰ বিষয়ে জানিবলৈ সকলোকে প্ৰেৰণা যোগোৱা।
পৰম্পৰাৰ প্ৰচাৰ
অসমৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিক বিশ্বৰ মঞ্চৰ সন্মুখত দাঙি ধৰিবলৈ ১৩ এপ্ৰিল ২০২৩ তাৰিখে সৰ্ববৃহৎ বিহু নাচ প্ৰদৰ্শনৰ আয়োজন কৰা হয়। এই প্ৰদৰ্শনৰ সময়ত ১১,০০০ৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। ২০০ বছৰীয়া অসমৰ চাহ উদ্যোগৰ লগত সংগতি ৰাখি ২০২৫ চনৰ ২৪ ফেব্ৰুৱাৰীত ঝুমইৰ বিনন্দিনী কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত ৮ হাজাৰ শিল্পীয়ে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুয়োটা অনুষ্ঠানতে উপস্থিত থাকি অসমৰ ঐতিহ্য-সংস্কৃতিৰ প্ৰশংসা কৰে।
বিহু আৰু ঝুমইৰৰ সফলতাৰ পাছত বড়োসকলৰ বাগুৰুম্বা নৃত্যক বিশ্ব মঞ্চত প্ৰদৰ্শনৰ পৰিকল্পনা চলি আছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “চলিত বৰ্ষৰ অক্টোবৰ মাহত গুৱাহাটীত ১০ হাজাৰৰো অধিক শিল্পীয়ে একেলগে বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব।”
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি
অসমৰ বাবে আন এক উল্লেখযোগ্য দিন আছিল ২০২৪ চনৰ ২৬ জুলাই। এই দিনটোত চৰাইদেউ মৈদামক ভাৰতৰ ভিতৰত ইউনেস্ক’ৰ ৪৩সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু উত্তৰ-পূব ভাৰতৰ ক্ষেত্ৰত সাংস্কৃতিক শ্ৰেণীৰ প্ৰথম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়।
খিলঞ্জীয়াক সমৰ্থন
চৰকাৰে খিলঞ্জীয়া, জনজাতীয় বিশ্বাসৰ সৈতে জড়িত উপাসনাস্থলীলৈ আৰ্থিক সাহায্য প্ৰদান কৰিছে। খিলঞ্জীয়া তথা জনজাতীয় লোকসকলৰ বিশ্বাস-পৰম্পৰা অটুট ৰাখি ইয়াৰ প্ৰচাৰ, সুৰক্ষা আৰু সংৰক্ষণৰ বাবে মুঠ ৭০.৯০ কোটি টকা মুকলি কৰা হৈছে। তদুপৰি মৰাণ, মটক, তাই আহোম, কোচ ৰাজবংশী আৰু চুতীয়া জনগোষ্ঠীলৈ ২৫ কোটি টকাকৈ এককালীন বিশেষ অনুদান আবণ্টন দিয়া হৈছে।
বিগত চাৰি বছৰত ৰঙালী বিহু উৎসৱ পৰিচালনাত সহায় কৰিবলৈ ৰাজ্যজুৰি বিহু উদযাপন সমিতিসমূহলৈ প্ৰতি বছৰে ১,৫০,০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত সমগ্ৰ অসমৰ মুঠ ৭,৯৩২খন দুৰ্গা পূজা উদযাপন সমিতিক ১০,০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। পৰম্পৰাগত ৰাসোৎসৱ উদযাপনত সহায় কৰিবলৈ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সময়ছোৱাত সমগ্ৰ ৰাজ্যৰ ২০৬৩খন ৰাস সমিতিলৈ ২৫,০০০ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছিল।
শিল্পীসকলক সন্মান
শিল্পী সমাজৰ অৱদানক সন্মান জনাই ৰাজ্য চৰকাৰে ১০০গৰাকী শিল্পীৰ বাবে ৮,০০০ টকাকৈ শিল্পী পেঞ্চন আৰু ৫১গৰাকী শিল্পীৰ পৰিয়াললৈ ৪,০০০ টকাৰ পৰিয়াল পেঞ্চন বৃদ্ধি কৰিছে। তদুপৰি ২৮৬গৰাকী শিল্পীলৈ ৫০,০০০ টকাৰ বাৰ্ষিক শিল্পী সন্মান আগবঢ়াই ৩৪গৰাকী প্ৰয়াত শিল্পীৰ পৰিয়ালৰ সদস্যলৈ এককালীন বিশেষ আৰ্থিক সাহায্যও প্ৰদান কৰাৰ পদক্ষেপ লোৱা হৈছে।










