অসমত থকা ৪৮৯টা ষ্টাৰ্টআপৰ অন্যতম এটা ষ্টাৰ্টআপ হৈছে জেৰাণ্ড মেনুফেকচাৰিং। ২০১৮ চনত তিনিগৰাকী নতুন অভিযন্তাই এক বহনক্ষম ইটা প্ৰস্তুত কৰাৰ পৰিকল্পনাৰে এটা ষ্টাৰ্টআপৰ পৰিকল্পনা কৰে। তিনিগৰাকী অভিযন্তা মৌচুম তালুকদাৰ, ডেভিদ প্ৰীতম গগৈ আৰু ৰূপম চৌধুৰীয়ে যোগাযোগ কৰে আছাম ষ্টাৰ্টআপ নেষ্টৰ সৈতে। তাতেই তেওঁলোকে ব্যৱসায় সম্পৰ্কীয় বহু নজনা কথা জানিবলৈ পালে। ২০২০ চনত তেওঁলোকৰ ষ্টাৰ্টআপটোৱে অসম চৰকাৰৰ পৰা এটা মাছি গ্ৰাণ্ট লাভ কৰে।
২০২০ চনৰ পাছত তেওঁলোকৰ এই ষ্টাৰ্টআপটোৱে লেখত ল’বলগীয়া সফলতা লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোকে ষ্টাৰ্টআপটোক লৈ কিছুমান বিশেষ পৰিকল্পনাৰ আৰম্ভ কৰে। ডেভিদ প্ৰীতম গগৈয়ে কয়, “আমাৰ লক্ষ্য আছিল নিয়োগকৰ্তা হোৱাটো। এই দিশত আমি আমাৰ ষ্টাৰ্টআপটোক অসমতে সীমাবদ্ধ কৰি ৰাখিবলৈ বিচৰা নাই। আমি এটা প্ৰিমিক্সো (প্ৰিমিক্সৰ জৰিয়তে বিশেষ আন্তঃগাঁথনিৰ প্ৰয়োজন নোহোৱাকৈয়ে যিকোনো ঠাইতেই ইটা প্ৰস্তুত কৰিব পৰা যাব) তৈয়াৰ কৰি পেটেণ্ট লাভ কৰিছোঁ। ইয়াৰ বাবে আমাক এটা পুঁজিৰ প্ৰয়োজন আছিল।”
দেশৰ বিভিন্ন ঠাইত প্রতিশ্রুতিসম্পন্ন ষ্টাৰ্টআপ সমূহক নিজৰ ব্যৱসায়ৰ প্ৰসাৰ কৰাৰ উদ্দেশ্যে বিভিন্ন বিনিয়োগ কৰ্তাই এক বিশেষ ছিডিং ফাণ্ডৰ বিনিয়োগ কৰে। এই বিনিয়োগৰ ধৰণ অংশীদাৰিত্ব আৰু ঋণৰ ৰূপত বিনিয়োগকৰ্তাই পুনৰুদ্ধাৰ কৰে। এই বিশেষ বিনিয়োগক কোৱা হয় ‘এঞ্জেল ইনভেষ্টমেণ্ট’। বিভিন্ন ৰাজ্যত এনে বিনিয়োগকৰ্তাই ‘এঞ্জেল নেটৱৰ্ক’ৰো গঠন কৰে। অৱশ্যে, অসমত এই দিশত বিশেষ সজাগতা অহা নাই আৰু এনে ‘এঞ্জেল ইনভেষ্টমেণ্ট’ৰ এক পৰিৱেশ গঢ় লৈ উঠা নাই যদিও অসমত বৰ্তমান ষ্টাৰ্টআপৰ এক সুপৰিৱেশ গঢ় লৈ উঠিছে।
অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানৱেন্দ্ৰ প্ৰতাপ সিঙে এই প্ৰতিৱেদকৰ সৈতে কথা-বাৰ্তাত উল্লেখ কৰে, “ষ্টাৰ্টআপৰ পৰিৱেশটো আৰু উন্নত কৰাৰ বাবে ‘এঞ্জেল ইনভেষ্টমেণ্ট’ৰ দৰে বিনিয়োগৰ প্ৰয়োজনীয়তা আছিল, কিন্তু এনে বিনিয়োগৰ অভাৱ পূৰণৰ বাবে অসম চৰকাৰে এক বিশেষ পুঁজিৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু অসম ষ্টাৰ্টআপ ভেঞ্চাৰ কেপিটেল ফাণ্ডৰ আৰম্ভ কৰে।”
এই পুঁজিৰ বাবে অসম চৰকাৰৰ সৈতে সহযোগ কৰে ভাৰতৰ ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক – ছিডবিয়ে।
ছিডবিৰ এগৰাকী এভিপি ৰূপম নাথে কয়, “অসম ষ্টাৰ্টআপ ভেঞ্চাৰ কেপিটেল ফাণ্ড গঠন হৈছে ২০০ কোটি টকাৰ সৈতে। ইয়াৰে ১০০ কোটি প্ৰদান কৰিছে অসম চৰকাৰে, ছিডবি আৰু ভাৰত চৰকাৰৰ ফাণ্ড অফ ফাণ্ডছৰ পৰা ইয়াত জমা হৈছে ৬৫ কোটি টকা। ২০২২-২৩ বৰ্ষত আমি এই পুঁজিৰ বাবে ভাৰত চৰকাৰৰ বিত্তীয় নিয়ামক সংস্থা ছেবিৰ পৰা পঞ্জীয়ন লাভ কৰোঁ।”
“এয়া সঁচাকৈয়ে এটা ভাল পদক্ষেপ। অসমৰ পৰা এনে এটা পুঁজি গঠন হোৱাটোৱে ষ্টাৰ্টআপ পৰিৱেশক অগ্ৰাধিকাৰ প্ৰদান কৰিব আৰু ই অসমৰ অৰ্থনৈতিক বিকাশত সহায় কৰিব. আজি জেৰাণ্ডৰ দৰে ষ্টাৰ্টআপসমূহে সংস্থাপন প্ৰদান কৰিব পাৰিছে।” তেওঁ উল্লেখ কৰে, “অসমত আজি এনে ষ্টাৰ্টআপৰ আৰম্ভ হৈছে যি বিষয়ে হয়তো আমি এটা কল্পনাই কৰিব পৰা নাছিলোঁ।”
ৰূপম নাথ
এই পুঁজি লাভৰ বাবে এটা ষ্টাৰ্টআপে কেইটামান পৰ্যায়ৰ মূল্যাংকনৰ মাজেৰে পাৰ হ’ব লাগে আৰু এখন বিনিয়োগ সমিতিয়ে এই সিদ্ধান্ত প্ৰদান কৰে। এই সমিতখন গঠন হয় অসম চৰকাৰৰ এগৰাকী প্ৰতিনিধি, এগৰাকী স্বতন্ত্ৰ সদস্য আৰু ছিডবিৰ এগৰাকী প্ৰতিনিধিৰ সৈতে।
ৰূপম নাথে কয়, “আমাৰ ওচৰলৈ যিসকলে পুঁজি বিচাৰি আহে সকলো হয়তো এই পুঁজিৰ বাবে যোগ্য নহ’বও পাৰে। তেনেক্ষেত্ৰত আমি প্ৰতিশ্ৰুতিসম্পন্ন ষ্টাৰ্টআপসমূহক পৰামৰ্শও প্ৰদান কৰোঁ। যিসমূহক আমি যোগ্য হ’ব পাৰে বুলি অনুভৱ কৰোঁ তেওঁলোকক আমাৰ বিনিয়োগ সমিতিয়ে মূল্যাংকন কৰে। সমিতিয়ে সন্মতি প্ৰদান কৰাৰ পাছত আমি তথ্য পাতি নিৰীক্ষণ কৰি ভেলুৱেশ্যন আৰু পুঁজি প্ৰদানৰ ধৰণ অৰ্থাৎ অংশীদাৰিত্ব বা ঋণ আদি নিৰ্ধাৰণ কৰোঁ। ইয়াৰ পাছত বিষয়টো চূড়ান্ত অনুমোদনৰ বাবে প্ৰেৰণ কৰা হয়।” ৰূপম নাথে কয়, “বিনিয়োগৰ পাছতো আমি নিৰীক্ষণৰ ব্যৱস্থা কৰিম।”
জেৰাণ্ড মেনুফেকাচাৰিং হৈছে প্ৰথমটো ষ্টাৰ্টআপ যি এই পুঁজি লাভৰ বাবে যোগ্য বিবেচিত হৈছে। আৰু তেওঁলোকৰ ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে প্ৰশংসা কৰি ৰূপম নাথে কয়, “জেৰাণ্ডে অতি কম দিনৰ ভিতৰতে এই পুঁজি লাভ কৰিব আৰু লগতে আন কেইটামান ষ্টাৰ্টআপত বিনিয়োগৰ ক্ষেত্ৰত সিদ্ধান্ত প্ৰাথমিক পৰ্যায়ত আছে।”
ৰূপম নাথে কয়, “এয়া সঁচাকৈয়ে এটা ভাল পদক্ষেপ। অসমৰ পৰা এনে এটা পুঁজি গঠন হোৱাটোৱে ষ্টাৰ্টআপ পৰিৱেশক অগ্ৰাধিকাৰ প্ৰদান কৰিব আৰু ই অসমৰ অৰ্থনৈতিক বিকাশত সহায় কৰিব. আজি জেৰাণ্ডৰ দৰে ষ্টাৰ্টআপসমূহে সংস্থাপন প্ৰদান কৰিব পাৰিছে।” তেওঁ উল্লেখ কৰে, “অসমত আজি এনে ষ্টাৰ্টআপৰ আৰম্ভ হৈছে যি বিষয়ে হয়তো আমি এটা কল্পনাই কৰিব পৰা নাছিলোঁ।”
জেৰাণ্ডৰ মৌচুম তালুকদাৰে কয়, “মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যিদৰে ষ্টাৰ্টআপসমূহক উৎসাহ যোগাইছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। আমি লাভ কৰিবলগীয়া অসম ষ্টাৰ্টআপ ভেঞ্চাৰ কেপিটেল ফাণ্ডটোৱে আমাক আমাৰ ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব।”
মানৱেন্দ্ৰ প্ৰতাপ সিঙে কয়, “আমি যদিও এই পুঁজিৰ বাবে ২০০ কোটি টকা ধাৰ্য কৰিছোঁ, পাছৰ পৰ্যায়ত ই ৪০০ কোটি টকালৈ বৃদ্ধি কৰাৰ ব্যৱস্থা কৰি ৰখা হৈছে আৰু ছিডবিয়েও বিভিন্ন পুঁজি ইয়াৰ বাবে সংগ্ৰহ কৰিব পাৰে।” যিহেতু এই প্ৰদান কৰা পুঁজি ষ্টাৰ্টআপসমূহৰ পৰা বিভিন্ন ৰূপত ওভতাই পোৱা যাব গতিকে তাক পুনৰ বিনিয়োগ কৰাৰ সম্ভাৱনা আছে নেকি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “এনে সম্ভাৱনা আছে কিন্তু এতিয়া এয়া প্ৰাথমিক পৰ্যায়ত থকা বাবে নিশ্চিতকৈ ক’ব পৰা নাযাব, কিন্তু এই পুঁজিয়ে যে অসমৰ ষ্টাৰ্টআপসমূহক এক অনন্য মাত্ৰা প্ৰদান কৰিব সেয়া নিশ্চিত।”
তেওঁ লগতে কয়, “আমি অসমে ষ্টাৰ্ট আপৰ ক্ষেত্ৰত কেটেগৰী এ-ত লীডাৰ ষ্টেট হিচাপে স্থান লাভ কৰিছোঁ। আমি এতিয়া অসম ষ্টাৰ্টআপৰ আৰ্হিত অসমৰ বিভিন্ন স্থানত সৰু ইনকিউবেশ্যন কেন্দ্ৰ খোলাৰ পৰিকল্পনা কৰি আছোঁ আৰু যিসকল প্ৰথম প্ৰজন্মৰ বিনিয়োগকৰ্তা আৰু উদ্যমী অসমত আছে তেওঁলোকক অসম ষ্টাৰ্টআপৰ সৈতে নতুন উদ্যমীসকলক পৰামৰ্শ প্ৰদানৰ বাবে সংযুক্ত কৰাৰ পৰিকল্পনা কৰিছোঁ। আইআইটিৰ সৈতেও আমি প্ৰযুক্তিগত সহায়ৰ বাবে এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছোঁ। আমি এঞ্জেল বিনিয়োগৰ ক্ষেত্ৰতো এক পৰিৱেশ গঢ়াৰ বাবে চেষ্টা কৰি আছোঁ।”