অসম চৰকাৰে ২০২৫ চনৰ ভিতৰত ৭৫ বিলিয়ন ডলাৰ বা ভাৰতীয় মূল্যত প্ৰায় ৬.১৫ ট্ৰিলিয়ন টকাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ যোগাযোগ, আন্তঃগাঁথনি আৰু নীতিগত সহযোগিতা হ’ব এই বিকাশৰ মূল স্তম্ভ৷ শেহতীয়াকৈ প্ৰতিদিন সংবাদ গোষ্ঠীয়ে নতুন দিল্লীত আয়োজন কৰা ‘দ্য কনক্লেভ-২০২২’ শীৰ্ষক এক দুদিনীয়া সন্মিলনত অসম চৰকাৰৰ বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই ভাষণ প্ৰসংগত এইদৰে কয়৷
সিনহাই কয় যে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমক ভাৰতৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ অন্যতম কৰি তোলাৰ এক দৃষ্টিভংগী গ্ৰহণ কৰিছে৷
এই দৃষ্টিভংগীক সফল ৰূপ প্ৰদান কৰাৰ বাবে অসমত গ্ৰহণ কৰা বিভিন্ন সংস্কাৰমূলক পদক্ষেপৰ লগতে ভৱিষ্যতে ৰূপায়ণ কৰিবলগীয়া বিভিন্ন পদক্ষেপৰ বিষয়েও তেখেতে উল্লেখ কৰে৷ সিনহাই ২০১৬-২০২১ বৰ্ষৰ ভিতৰত ৰাজ্যখনৰ ১২.৫৮% চক্ৰবৃদ্ধি বাৰ্ষিক বিকাশ হাৰ (চিএজিআৰ)ৰ বিষয়েও আলোকপাত কৰে৷
উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰি মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবগৰাকীয়ে কয় যে অসমে লিডছ ২২ ৰেংকিঙত ৯০%তকৈও অধিক মূল্যাংকনৰ সৈতে এচিভাৰ্ছ শ্ৰেণীত উন্নত ৰাজ্যসমূহৰ সৈতে একেশাৰীত উপনীত হৈছে৷
অৰ্থনীতিক ইন্ধন যোগাবলৈ ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ দিশত তেওঁ গুৰুত্ব প্ৰদান কৰে৷ ৰাজহুৱা ব্যয়ৰ আধাৰত হোৱা বিকাশৰ সীমাবদ্ধতাৰ কথা উল্লেখ কৰি তেওঁ কয় যে উপভোগ, উপাৰ্জন আৰু অন্তৰ্প্ৰবাহে লেখত ল’বলগীয়া প্ৰদৰ্শন নকৰিলে, অসমৰ দৰে অৰ্থনীতিত চৰকাৰে কৰা ব্যয়ৰ বৃদ্ধি বাহাল ৰখাটো কঠিন হৈ পৰে৷ বিষয়টোক বোধগম্য কৰি তুলিবলৈ তেখেতে অসমৰ পৰিস্থিতিক ঝাৰখণ্ড, পঞ্জাৱ, গুজৰাট, কেৰালা আৰু মহাৰাষ্ট্ৰৰ দৰে আন আন ৰাজ্যৰ সৈতে তুলনা কৰে৷
নগৰীকৰণত বিশেষ গুৰুত্ব প্ৰদানৰ জৰিয়তে চীন কিদৰে সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীসকলৰ প্ৰিয়পাত্ৰ হৈ পৰিছিল সেই দিশত আলোকপাত কৰি বিনিয়োগকাৰীক আকৰ্ষিত কৰিবলৈ ৰাজ্যখনত দ্ৰুত নগৰীকৰণৰ প্ৰয়োজনীয়তাৰ বিষয়েও সিনহাই উল্লেখ কৰে৷
অসম বিনিয়োগকাৰীসকলৰ বাবে এক আদৰ্শ পছন্দ হ’ব পৰা কাৰণসমূহৰ বিষয়ে জ্যেষ্ঠ বিষয়াগৰাকীয়ে আলোকপাত কৰে৷ তেওঁ কয় যে আছিয়ান আৰু বিবিআইএন দেশসমূহৰ বজাৰত ১.৮৮ বিলিয়ন গ্ৰাহকৰ কেন্দ্ৰ হৈছে অসম৷ তদুপৰি, অসমত ১.৩ বিলিয়ন মেট্ৰিক টন স্বীকৃত তৈল সম্পদ, ৭.১ এমএম টিপিএ ক্ষমতাসম্পন্ন চাৰিটা শোধনাগাৰ আৰু ১৫৬ বিলিয়ন কিউবিক মিটাৰ প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ থকাৰ অসমৰ লক্ষ্য ৬ ট্ৰিলিয়ন মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন কথাও তেখেতে উনুকিয়ায়৷
ৰাজ্যখনৰ সাতটা কাৰ্যক্ষম বিমানবন্দৰৰ বিষয়ে উল্লেখ কৰি সিনহাই কয় যে অসম শীঘ্ৰেই দক্ষিণ-পূব এছিয়ালৈ আৰু দক্ষিণ-পূব এছিয়াৰ পৰা উৰা বিমান পৰিবহণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰিত হ’ব৷ লগতে, পথ আৰু ঘাইপথ তথা অভ্যন্তৰীণ জলপথৰ বিস্তৃত নেটৱৰ্কৰ ৰূপতো উল্লেখনীয় ভূমিকা পালন কৰিব৷
ধুবুৰীৰ মাটিয়াস্থিত ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ উদ্ধৃতি দি প্ৰধান সচিবগৰাকীয়ে উল্লেখ কৰে যে ই হৈছে ৭৫০ কিল’মিটাৰ পৰিসৰৰ ভিতৰত চাৰিখন দেশলৈ প্ৰৱেশাধিকাৰ থকা ভাৰতৰ একমাত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আৰু য’ত ভাৰতৰ মুঠ ৰপ্তানিৰ পৰিমাণ হৈছে ১৭ বিলিয়ন ডলাৰ৷
ইয়াৰ পূৰ্বে সন্মিলনখনৰ উদ্বোধন কৰি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশখনে আত্মনিৰ্ভৰশীল বা আত্মনিৰ্ভৰ হোৱাৰ যাত্ৰাত উত্তৰ-পূব ভাৰতৰ উন্নয়নৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে৷