যেতিয়া বিকাশৰ দিশসমূহৰ বিষয়ে আলোচনা কৰা হয়, প্ৰায়ে দুটা কথা আমাৰ মনলৈ আহে৷ আমাৰ নিজৰ পৰিয়ালটো আৰু বৃহত্তৰ পৰিয়াল অৰ্থাৎ সমাজখন৷ সমাজ এখনৰ উন্নয়নৰ বাবে চৰকাৰৰ কৰ্মৰাজিক সফল কৰিবলৈ ৰাইজৰ সহযোগিতাৰ প্ৰয়োজন হয়৷ যিদৰে এটা ভাল ক্ৰিকেট টীমৰ অধিনায়কজন দলৰ আন সদস্যসকলৰ সমানেই দক্ষ সেইদৰে, দেশ বা চৰকাৰখনে দক্ষতাৰে কাম কৰিবলৈ নাগৰিকসকলো সচেতন হ’ব লাগিব৷
২০১৬ চনৰপৰা, বিশেষকৈ বিগত বৰ্ষত অসম চৰকাৰে মহিলা, শিশু, বৃদ্ধ, যুৱকযুৱতী আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ উন্নতিৰ হকে কৰা কামসমূহ লক্ষণীয়৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰাম্য আৰু নগৰাঞ্চলৰ লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ উদ্দেশ্যে ঐক্যবদ্ধ হৈ কাম কৰি আছে যেন অনুভৱ হয়৷ যাতায়াত-যোগাযোগ ব্যৱস্থা, গৃহ নিৰ্মাণ, অনাময় ব্যৱস্থা আদিৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকৰ এই প্ৰচেষ্টা দেখিবলৈ পোৱা গৈছে৷ আন এক ডাঙৰ পৰিৱৰ্তন হৈছে দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতা আৰু ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ যুঁজ৷
ভাৰতবৰ্ষৰ আটাইতকৈ উন্নত ৰাজ্যসমূহৰ ভিতৰত এখন হোৱাৰ দিশত আমি যাত্ৰা আৰম্ভ কৰিছোঁ যদিও সেই লক্ষ্যত উপনীত হ’বলৈ আৰু বহুদূৰ এই যাত্ৰা অব্যাহত ৰাখিব লাগিব৷ অৱশ্যে, এইক্ষেত্ৰত অসমৰ জনসাধাৰণৰ ওচৰত ড° হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন দূৰদৰ্শী নেতা আছে যিয়ে উন্নতি আৰু প্ৰগতিৰ এক সোণালী যুগৰ দিশত আগুৱাই যাবলৈ আমাক সদায় পথ প্ৰদৰ্শন কৰি যাব৷ মই চৰকাৰৰ এই প্ৰচেষ্টাত ৰাজ্যৰ জনসাধাৰণকো অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ৷