অসমত পথ পৰিবহণৰ ক্ষেত্ৰখনক আধুনিকীকৰণৰ দিশক এক নতুন গতি প্ৰদান কৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ শেহতীয়া অসম ভ্ৰমণে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২২টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু চাৰিটা প্ৰকল্প দেশবাশীৰ বাবে উৎসৰ্গা কৰে। এই প্ৰকল্পসমূহৰ আনুমানিক ব্যয় হ’ব ১৭,৫০০ কোটি টকা। দেশবাশীৰ বাবে উৎসৰ্গা কৰা চাৰিটা প্ৰকল্পৰ ভিতৰত আছে ৰাজ্যখনত নিৰ্মাণ কৰা পথ আৰু দলং প্ৰকল্প (বক্সত চাওক)।
কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰ্যালয়ে আশা প্ৰকাশ কৰিছে যে ৰাষ্ট্ৰীয় ঘাইপথ-১৩৭-এ ডিমা হাছাও অঞ্চলত যোগাযোগ ব্যৱস্থাক অনন্য গতি প্ৰদান কৰাৰ লগতে পশ্চিম মণিপুৰলৈ এক বিকল্প পথৰ সৃষ্টি কৰিব।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি গাডকাৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত সময়ছোৱাত সম্পূৰ্ণ হোৱা সকলো মুখ্য পথ আন্তঃগাঁথনি প্ৰকল্পৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহত নিৰ্মীয়মাণ পথ আন্তঃগাঁথনি প্ৰকল্পসমূহে ৰাষ্ট্ৰখনৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ বাবে বিশ্বমানৰ ঘাইপথৰ প্ৰতিশ্ৰুতিৰ বহন কৰিছে।
তেওঁ উল্লেখ কৰে যে অসম চৰকাৰে আগবঢ়োৱা কাজিৰঙা এলিভেটেড কৰিড’ৰ, গুৱাহাটী ৰিং ৰোড, কামাখ্যা ৰ’পৱে প্ৰকল্পৰ প্ৰস্তাৱ শীঘ্ৰেই বাস্তৱত ৰূপায়িত হ’ব (পৃষ্ঠা ১০-১১ৰ প্ৰতিৱেদন চাওক)। তেওঁ কয় যে অহা বছৰৰ জানুৱাৰীত মন্ত্ৰ্যালয়ৰ অধীনত ২৫,০০০ কোটি টকাৰ বিভিন্ন আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ তেওঁ পুনৰ অসম ভ্ৰমণলৈ আহিব।
বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰ’ড প্ৰকল্পক বাস্তৱত পৰিণত কৰাৰ দিশত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰি কয়, “জানুৱাৰীত মোৰ পৰৱৰ্তী অসম ভ্ৰমণত মই গুৱাহাটীৰ ৰিং ৰ’ড প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি”।
ড০ শৰ্মাই তেওঁৰ ভাষণত উল্লেখ কৰে যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে একেদিনাই আৰম্ভ কৰা এই পথ প্ৰকল্পৰ পৰিসংখ্যাই এক অভূতপূৰ্ব উন্নয়নৰ স্বাক্ষৰ বহন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে গাডকাৰীক অসম মালা আঁচনিৰ অধীনৰ প্ৰকল্পসমূহৰ বাবে কেন্দ্ৰীয় পুঁজিৰপৰা ৫০০ কোটি টকা আবণ্টন কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়েও এই পৰিমাণৰ সৈতে ১০০ কোটি টকা অধিক সংযোগ কৰি মুঠ ৬০০ কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। গাডকাৰীয়ে তেওঁৰ ভাষণত উন্নত যোগাযোগ ব্যৱস্থা আৰু ইয়াৰ ইতিবাচক প্ৰভাৱৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি কয়, “সেতু বন্ধন আঁচনিৰ অধীনত দলং নিৰ্মাণৰ বাবে অসমলৈ মই ২০০ কোটি টকাৰ মঞ্জুৰ কৰিছোঁ।”