উন্নয়নৰ স্বপ্নক বাস্তৱত ৰূপায়িত কৰাৰ দিশে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অহা বছৰৰ মাৰ্চৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ এটা অংশ উদ্বোধন কৰা হ’ব। তেওঁ কয়, “২৮ ফেব্ৰুৱাৰীত গুৱাহাটী মহানগৰৰ ফালে নদীৰ পাৰত নিৰ্মাণ কৰি থকা তিনি লেনযুক্তৰ উৰণ সেতুখন ৰাইজৰ সেৱাত মুকলি কৰি দিয়াৰ লক্ষ্য গ্ৰহণ কৰা হৈছে,” ড০ শৰ্মাই কয়।
“এই দলংখনে অসমৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এক নতুন দিশ মুকলি কৰিব। এই দলংখন সম্পূৰ্ণ হোৱাৰ পাছত উত্তৰ গুৱাহাটীক গুৱাহাটী মহানগৰৰ সমান্তৰালকৈ দ্ৰুত বিকাশ কৰাৰ বাট মুকলি হ’ব আৰু দেশৰ বিভিন্ন প্ৰান্তৰপৰা উত্তৰ-পূৰ্বাঞ্চললৈ পৰিবহণ ব্যৱস্থাটো সহজ হৈ পৰিব। ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোৰ অৰ্থনৈতিক শ্ৰীবৃদ্ধি হ’ব,” সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তেখেতে কয়।
সংবাদ মাধ্যমৰ সন্মুখত তেখেতে উল্লেখ কৰে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী-অনুকূল ব্যৱস্থা হিচাপে এটা উন্নীত এক্সপ্ৰেছৱে নিৰ্মাণৰ বাবে ৫,৫০০ কোটি টকা আবণ্টন কৰা হৈছে। এই কাৰ্যৰ পৰিচালনাৰ দায়িত্বত থাকিব ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ।
“ৰাষ্ট্ৰীয় ঘাইপথ-৭১৫ (পুৰণি ৰাষ্ট্ৰীয় ঘাইপথ-৩৭)ৰ কাষৰ চাৰি লেনযুক্ত উন্নীত পথটো তিনিটা স্থানত নিৰ্মাণ হ’ব আৰু মুঠ ৩৪.২৮ কিল’মিটাৰ দৈৰ্ঘ্যৰ হোৱাৰ লগতে ইয়াত দুটা সুৰংগও অন্তৰ্ভুক্ত হৈ থাকিব,” তেওঁ কয়।
ড০ শৰ্মাই উল্লেখ কৰে যে চলিত যাতায়াত ব্যৱস্থাত পৰিবলগীয়া প্ৰভাৱ হ্ৰাস কৰিবলৈ বৰ্তমানৰ পথছোৱাত নিৰ্মাণ যিমান সম্ভৱ পৰিহাৰ কৰা হ’ব আৰু নিৰ্মাণৰ সময় হ্ৰাস কৰিবলৈ প্ৰিকাষ্ট/প্ৰিফেব প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব, আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহৰ আমনি নকৰিবলৈ সূৰ্যাস্তৰ কাম স্থগিত ৰখা হ’ব।
“বন্যপ্ৰাণী-অনুকূল প্ৰকল্পৰ ক্ষেত্ৰত এয়া সম্ভৱতঃ সৰ্ববৃ্হৎ আৰু সৰ্বাধিক বিস্তৃত প্ৰকল্প যি উদ্যানখনৰ সংৰক্ষণত বৃহৎ অৰিহণা যোগাব পাৰিব। এই প্ৰকল্পই পৰ্যটনৰ সম্ভাৱনা আৰু ৰাজহ বৃদ্ধি কৰাৰ লগতে সামগ্ৰিক বিকাশ নিশ্চিত কৰিব,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
ড০ শৰ্মাই কয় যে বন্যপ্ৰাণী-অনুকূল পথ নিৰ্মাণৰ এই ধাৰণাটো ডেৰাডুনত অৱস্থিত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ সৈতে আলোচনা কৰি প্ৰস্তুত কৰা হৈছে আৰু ইয়াত জীৱ-জন্তুসমূহ তলেৰে আৰু ওপৰেৰে অহা-যোৱা কৰিব পৰা ব্যৱস্থাৰ সৈতে উন্নীত পথ আৰু সুৰংগ থাকিব। ‘বন্যপ্ৰাণীসমূহৰ অহা-যোৱা ব্যাঘাত নহ’বলৈ ওচৰে ওচৰে থকা বন্যপ্ৰাণী কৰিড’ৰসমূহ একেলগ কৰি দীঘলীয়া উন্নীত পথ নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছে,’ ড০ শৰ্মাই লগতে উল্লেখ কৰে।
”বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ এই বন্যপ্ৰাণী বসবাস থলীৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ বাবে সৃষ্টি হোৱা ব্যাঘাত হ্ৰাস কৰাৰ উদ্দেশ্যে দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ কৰাই হৈছে এই প্ৰকল্পৰ লক্ষ্য। এই প্ৰকল্পই বন্যপ্ৰাণীসমূহক বাধাহীনভাৱে অহা-যোৱা কৰিবলৈ সুবিধা প্ৰদান কৰিব, মানৱসৃষ্ট বিভাজনসমূহ প্ৰশমিত কৰিব আৰু সীমাহীন যান-বাহন চলাচলৰ প্ৰভাৱ হ্ৰাস কৰিব,” ড০ শৰ্মাই কয়।
তেওঁ কয় যে গহপুৰ-নুমলীগড় সংযোগী সুৰংগটিত ব্যয়ৰ ৮০% ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বহন কৰিব আৰু বাকী ২০% বহন কৰিব প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে।
ড০ শৰ্মাই উল্লেখ কৰে যে তেজপুৰৰ মিছন চাৰিআলিত এখন উৰণ সেতুসহ কলিয়াবৰ-গহপুৰ সংযোগী পথৰ চলিত নিৰ্মাণ কাৰ্যকলাপ এই বছৰৰ ডিচেম্বৰৰ ভিতৰত শেষ হ’ব। তেওঁ লগতে কয় যে কলিয়াবৰৰপৰা ডিব্ৰুগড়লৈ চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ নিৰ্মাণ ২০২৪ চনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব।
প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰ’ড প্ৰকল্পই মহানগৰখনৰ যান-জঁটৰ সমস্যা হ্ৰাস কৰাত সহায় কৰিব কিয়নো এই ৰিং ৰ’ডে পশ্চিম বংগ-বিহাৰৰপৰা শিলচৰ, নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰালৈ অহা যান-বাহনসমূহৰ বাবে বিকল্প পথৰ সৃষ্টি কৰিব।
কামাখ্যা ৰ’পৱে প্ৰকল্প সন্দৰ্ভত তেওঁ উল্লেখ কৰে যে কামাখ্যা ৰ’পৱে প্ৰণালীটো ম’ন’কেবল ডিটেচেবল গ’ণ্ড’লা (এমডিজি) প্ৰযুক্তিৰ আধাৰত নিৰ্মাণ কৰা হ’ব আৰু ৰে’ল ষ্টেচন পাৰ্কিঙৰ কাষত ই্য়াৰ নিম্ন টাৰ্মিনেল ষ্টেচন (এলটিএছ)টো নিৰ্মাণ হ’ব আৰু ইয়াৰ আপাৰ টাৰ্মিনেল ষ্টেচন (ইউটিএছ)টো থাকিব বহুস্তৰীয় পাৰ্কিং ভৱনৰ কাষৰ খালী খেলপথাৰখনত।
১. চাৰিলেনযুক্ত এলিভেটেড কৰিড’ৰ:
কৰিড’ৰৰ বিৱৰণ:
- কৰিড’ৰ ১ – ৰঙালুৰপৰা দেওপানী, দৈৰ্ঘ্য: ১৮.৮৬১ কিল’মিটাৰ
- কৰিড’ৰ ২ – হাৰমতীৰপৰা হাতীখুলি, দৈৰ্ঘ্য: ১০.৪৯২ কিল’মিটাৰ (২.২৫ কিল’মিটাৰৰ সুৰংগ)
- কৰিড’ৰ ৩ – পানবাৰীৰপৰা বৰজুৰি, দৈৰ্ঘ্য : ৪.৯৩০ কিল’মিটাৰ
মুঠ দৈৰ্ঘ্য: ৩৪.২৮৩ কিল’মিটাৰ
২. গুৱাহাটী ৰিং ৰোড:
প্ৰকল্পৰ নাম: বাইহাটাৰপৰা কুৰুৱা হৈ চন্দ্ৰপুৰৰপৰা সোণাপুৰলৈ গুৱাহাটীৰ উত্তৰ বাইপাছ; (গুৱাহাটী ৰিং ৰোড) আৰু বশিষ্ঠৰপৰা যোৰাবাটলৈ পথৰ উন্নীতকৰণ।
প্ৰকল্পৰ বিশেষত্বসমূহ: প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোডৰ দৈৰ্ঘ্য হ’ব ১২১ কিল’মিটাৰ, যাৰ ভিতৰত থাকিব ৬৬ কিল’মিটাৰৰ (৫১ কিল’মিটাৰ চাৰিলেন আৰু ১৫ কিল’মিটাৰ ছয়লেন) ঘাইপথ (ৰাষ্ট্ৰীয় ঘাইপথ-২৭) ইতিমধ্যে পূব-পশ্চিম কৰিডৰৰ অংশ হিচাপে গুৱাহাটীৰ দক্ষিণ ফালে কাৰ্যক্ষম হৈ আছে। জালুকবাৰীৰপৰা বশিষ্ঠলৈ ১৬ কিলোমিটাৰ পথ ছয়লেনযুক্ত কৰাৰ কাম চলি আছে। বশিষ্ঠৰপৰা যোৰাবাটলৈ ১০ কিল’মিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত পথ ছয়লেনলৈ উন্নীত কৰাৰ আৰু বাকী গুৱাহাটীৰ উত্তৰ ফালে ৫৫ কিল’মিটাৰ চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ প্ৰস্তাৱ প্ৰদান কৰা হৈছে।
মুঠ প্ৰকল্প ব্যয়: ৫৮০০ কোটি টকা।
ৰাজ্যিক সমৰ্থন: ৰাজ্য চৰকাৰে মুঠ ৰাজহ আৰু জিএছটিৰ ৰাজ্যিক অংশৰপৰা ভূমি ব্যয়ৰ ৫০% বহন কৰিবলৈ সন্মত হৈছে।
বৰ্তমানৰ স্থিতি: প্ৰকল্পটো বিঅ’টি (টোল) মোডত ৰাষ্ট্ৰীয় ঘাইপথ (অ) আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ৩ বছৰৰ নিৰ্মাণ ম্যাদৰ সৈতে ২০২৩-২৪ বিত্তীয় বৰ্ষত সম্পূৰ্ণ কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।
৩. গহপুৰৰপৰা নুমলীগড় প্ৰকল্পৰ সংক্ষিপ্ত বিৱৰণ:
গহপুৰ-নুমলীগড় সংযোগী পানীৰ তলৰ সুৰংগ
প্ৰকল্পটোৰ নামঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে গহপুৰত ৰাষ্ট্ৰীয় ঘাইপথ-৫২ আৰু দক্ষিণ পাৰত নুমলীগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ৰ মাজত ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে চাৰিলেনযুক্ত টিবিএম সুৰংগ।
দৈৰ্ঘ্য: প্ৰায় ৩৫ কিল’মিটাৰ (সুৰংগৰ দৈৰ্ঘ্য প্ৰায় ১৫ কিল’মিটাৰ + গহপুৰৰ ফালে প্ৰৱেশপথ ১১ কিল’মিটাৰ – নুমলীগড়ৰ ফালে প্ৰৱেশপথ ৯ কিল’মিটাৰ)
আনুমানিক ব্যয়: ১২,০০০ কোটি টকা
লাভ: নুমলীগড়ৰপৰা গহপুৰলৈ দূৰত্ব বৰ্তমানৰ ২২০ কিল’মিটাৰৰপৰা প্ৰায় ৩৫ কিল’মিটাৰলৈ হ্ৰাস পাব আৰু যাতায়াতৰ সময় ৬ ঘণ্টাৰপৰা ৩৫ মিনিটলৈ হ্ৰাস পাব।
বৰ্তমানৰ স্থিতি: মেচাৰ্ছ য়ুকচেল প্ৰজেক্ট চিৰকেটি – লুই বাৰ্জাৰ (জেভি)ক বিতং প্ৰকল্প প্ৰতিৱেদন প্ৰস্তুতৰ দায়িত্ব প্ৰদান কৰা হৈছে।
৪. গুৱাহাটী- উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ছয়লেনযুক্ত দলং:
প্ৰকল্পৰ মুঠ আনুমানিক ব্যয় — ২,৬০৮ কোটি টকা।
ছয়লেনযুক্ত মূল দলংখনৰ দৈৰ্ঘ্য ১২৪০ মিটাৰ।
কৰিড’ৰৰ প্ৰৱেশপথ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে ভৰালুমুখত আৰু উত্তৰ পাৰে গৌৰীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ-৩১ত থাকিব আৰু ঘাইপথৰ দৈৰ্ঘ্য হ’ব ৮৪০৫.০৭ মিটাৰ। ঘাইপথটোৰ ৪,৪৪৭ মিটাৰ ছয়লেনযুক্ত হোৱাৰ লগতে দুয়োফালে দুটালেনযুক্ত সেৱা পথ থাকিব।
নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১ মাৰ্চ ২০২০ত
সম্পূৰ্ণ হৈছে: ৭৮.১৫% নিৰ্মাণ কাৰ্য
সম্পূৰ্ণ হোৱাৰ সংশোধিত তাৰিখ: ৩১ ডিচেম্বৰ ২০২৪
দক্ষিণপাৰে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এখন উন্নীত তিনিলেনযুক্ত উৰণ সেতু নিৰ্মাণ কৰা হ’ব।
- উৰণ সেতু মুঠ দৈৰ্ঘ্য হ’ব ১১.৯৮০০ মিটাৰ।
- দুটা ৰ’টাৰী থাকিব — এটা ভুতনাথৰ কাষত (পশ্চিম ৰ’টাৰী) আৰু ৬০ মিটাৰ ব্যাসৰ আন এটা ৰ’টাৰী থাকিব মাছখোৱা (পূব ৰ’টাৰী)ৰ কাষত।
- এই তিনিলেনযুক্ত উন্নীত কৰিডৰে ভূতনাথৰ পশ্চিম ৰ’টাৰীৰ পৰা মাছখোৱাৰ পূব ৰ’টাৰীলৈ এমজি ৰ’ডৰ ভৰলুমুখ চাৰিআলি পাৰহৈ এটা ফালে যাতায়াতৰ ব্যৱস্থা কৰিব।
- বৰ্তমানৰ এমজি ৰ’ডটোৰে এই উন্নীত উৰণ সেতু সম্পূৰ্ণ হোৱাৰ পাছত মাছখোৱাৰ পৰা ভুতনাথলৈ এফালে যাতায়ত কৰিব পৰা যাব।
- এই প্ৰকল্প ২০২৪ চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত মুকলি হোৱাৰ সম্ভাৱনা আছে।