এখন সমৃদ্ধিশালী অসম গঢ়াৰ বাবে বিভিন্ন জাতি-জনগোষ্ঠীয়ে অতীজৰে পৰা অৰিহণা যোগাই আহিছে। এইক্ষেত্ৰত চহকী ঐতিহ্য, পৰম্পৰা-বিশ্বাস, কলা-সংস্কৃতি হৈছে সমন্বয়ৰ অনন্য প্ৰতীক।
ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বৰ্ণিল কলা-সংস্কৃতিৰ সমলসমূহ পদ্ধতিগতভাৱে সংগ্ৰহ কৰি ইয়াৰ বিজ্ঞানসন্মত সংৰক্ষণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে ‘অসমৰ সাংস্কৃতিক মানচিত্ৰ প্ৰস্তুতকৰণ প্ৰকল্প’ শীৰ্ষক এক বিশেষ পদক্ষেপ। এই উদ্দেশ্যত উপনীত হ’বলৈ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজক দায়িত্ব অৰ্পণ কৰা হয়।
এই পদক্ষেপৰ অংশ হিচাপে ১২ ডিচেম্বৰত গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত আয়োজিত হয় এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কাৰ্যসূচী। এই চুক্তি স্বাক্ষৰ কাৰ্যসূচীত ১২খন বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্তিৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ হৈ সচিব সুদৰ্শন ঠাকুৰে অংশ লয়। চুক্তিৰ অংশীদাৰ ১২খন বিশ্ববিদ্যালয় হ’ল ক্ৰমে – গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, অসম ডাউন টাউন বিশ্ববিদ্যালয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়।
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে। তেখেতে ভাষণ প্ৰসংগত এই পদক্ষেপক ৰাজ্যখনৰ সাংস্কৃতিক প্ৰাচুৰ্যক সংৰক্ষণেৰে সম্ভাৱনালৈ ৰূপান্তৰৰ এক প্ৰচেষ্টা বুলি অভিহিত কৰে।
“এই প্ৰকল্পৰ জৰিয়তে অসমৰ সংস্কৃতিৰ সঠিক সংৰক্ষণ, বৈচিত্র্যপূর্ণ পৰিৱেশ আৰু সংস্কৃতিৰ সকলো জাতি আৰু জনজাতিৰ সংস্কৃতিৰ সমলসমূহ দৃশ্য-শ্ৰাব্য মাধ্যমত সংগ্ৰহ কৰি সংৰক্ষণ কৰা হ’ব। সংগৃহীত তথ্যসমূহৰে এক অত্যাধুনিক মাল্টিমিডিয়া সংৰক্ষণাগাৰ গঢ়ি তোলা হ’ব, যাৰ মাধ্যমেৰে আগ্ৰহী ব্যক্তি তথা গৱেষকসকলে সেয়া পুনৰ ব্যৱহাৰ কৰিব পাৰিব,” বিমল বড়াই ফে’চবুকত উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰে,“অসমক বিশ্বৰ মঞ্চত সু-সংঘবদ্ধভাৱে উপস্থাপন কৰিবলৈ আমি এই পদক্ষেপ গ্ৰহণ কৰিছোঁ।”
চুক্তিৰ দিনা এই পদক্ষেপ সন্দৰ্ভত সচিব সুদৰ্শন ঠাকুৰে সামাজিক মাধ্যমত উল্লেখ কৰে, “অসমৰ সামাজিক-সাংস্কৃতিক ঐতিহ্য তথা পৰম্পৰাক ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু তথ্য সংগ্ৰহৰ জৰিয়তে স্থায়ী ৰূপত সংৰক্ষণৰ উদ্দেশ্যে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ মাধ্যমেদি ৰূপায়ণ হৈ থকা গুৰুত্বপূৰ্ণ প্ৰকল্প ‘অসমৰ সাংস্কৃতিক মানচিত্ৰ প্ৰস্তুতকৰণ প্ৰকল্প’ অধিক গতিশীল কৰাৰ উদ্দেশ্যে আজি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজ আৰু ৰাজ্যৰ ১২খন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।”
এই সন্দৰ্ভত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ড° বি কল্যাণ চক্ৰৱৰ্তীয়ে কয় যে যদিহে সংৰক্ষণৰ দিশটোত এতিয়াই পদক্ষেপ গ্ৰহণ কৰা নহয়, তেতিয়া ভৱিষ্যতে আমাৰ কলা-সংস্কৃতিও হেৰাই যাব পাৰে।
বিভিন্ন বিশ্ববিদ্যালয়ৰ সংশ্লিষ্ট বিভাগসমূহৰ অধীনত এই বিষয়ত অধ্যয়ন আৰু গৱেষণা কৰা দেখা যায়। সেয়ে এই প্ৰকল্পৰ সফলতা নিশ্চিত কৰিবলৈ বিষয়বস্তুৰ বিশেষজ্ঞসকলৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ হ’ব বুলি মন্ত্ৰী বিমল বড়াই সদৰী কৰে।
অসমৰ প্ৰতিখন জিলাই যাতে এই প্ৰকল্পত পৰ্যাপ্তভাৱে প্ৰতিনিধিত্ব কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তিনিখন সমিতি গঠন কৰা হৈছে। এই প্ৰকল্পই কেৱল সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰাই নহয়, গ্ৰাম্য পৰ্যটনকো উন্নীত কৰাৰ লগতে নৱপ্ৰজন্মক উপকৃত কৰিব বুলি সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়াই আস্থা প্ৰকাশ কৰে।
অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পৰমানন্দ সোণোৱালে এই দূৰদৰ্শী পদক্ষেপৰ বাবে ৰাজ্য চৰকাৰক প্ৰশংসা কৰে। তেখেতে কয়, ‘মই নিশ্চিত যে আমাৰ উত্তৰ প্ৰজন্মই তেওঁলোকৰ ঐতিহ্য সংৰক্ষণৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক লৈ ধন্য মানিব।”