সোণালী জয়ন্তী বৰ্ষত উপনীত হোৱা অসমৰ অগ্ৰণী সংবাদগোষ্ঠী অগ্ৰদূতৰ বৰ্ণিল যাত্ৰাৰ বিষয়ে সুঁৱৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জনসাধাৰণৰ অংশগ্ৰহণে অসমৰ উন্নয়নৰ বাবে এক সৰ্বাংগসুন্দৰ আৰু পৰিৱৰ্তনশীল পৰিৱেশৰ সূচনা কৰিছে৷ তেখেতে লগতে কয় যে অসমৰ জন আন্দোলনে ইয়াৰ সাংস্কৃতিক ঐতিহ্য আৰু গৌৰৱগাথাক সুৰক্ষিত কৰি ৰাখিছে৷ লগতে, ই ৰাজ্যখনৰ বিকাশ যাত্ৰাৰো নেতৃত্ব বহন কৰিছে৷
জনসভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে বাতৰিকাকতখনক “অসমীয়া ভাষাত উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ শক্তিশালী কণ্ঠ” হিচাপে অভিহিত কৰে আৰু সমন্বয় তথা সম্প্ৰীতিৰ মূল্যবোধৰ বাৰ্তা বহন কৰি অহাৰ বাবে প্ৰশংসা কৰে৷
তেওঁ উল্লেখ কৰে যে প্ৰতিষ্ঠাপক সম্পাদক কনকসেন ডেকাৰ পৰিচালনাত বাতৰিকাকতখনে ৰাষ্ট্ৰীয় স্বাৰ্থক অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে৷ “জৰুৰীকালীন অৱস্থা বলৱৎ কৰাৰ বাবে যেতিয়া গণতন্ত্ৰৰ ওপৰত সৰ্ববৃহৎ আক্ৰমণ সংঘটিত হৈছিল, সেই সময়তো অগ্ৰদূত আৰু ডেকা ডাঙৰীয়াই সাংবাদিকতাৰ মূল্যবোধৰ সৈতে আপোচ কৰা নাছিল৷ তেওঁ নতুন প্ৰজন্মৰ সন্মুখত মূল্যবোধৰ সাংবাদিকতাৰ আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে,” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়৷
“ভাৰতত ভাষা সাংবাদিকতাৰ বিকাশত অসমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ সাংবাদিকতাৰ দৃষ্টিকোণৰ পৰা ৰাজ্যখন অতি উচ্ছ স্থানত আছে৷ অসমীয়া ভাষাত সাংবাদিকতা ১৫০ বছৰ আগতেই আৰম্ভ হৈছিল আৰু সময়ৰ সৈতে খোজ মিলাই এই কণ্ঠ অধিক শক্তিশালী হৈ আহিছে,” প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাৰ্চুৱেল ভাষণ প্ৰসংগত কয়৷
অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত কনকসেন ডেকাই কয় যে ১৯৭৯ চনৰ অসম আন্দোলনৰ পৰৱৰ্তী কালত ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ পৰ্যায়ৰ মাজেৰে পাৰ হৈ আহিছে আৰু সাংবাদিকতা বৃত্তিটোৰ ক্ষেত্ৰতো তেওঁলোকে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে৷
অনুষ্ঠানটিত লগতে উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ কেবিনেট সতীৰ্থ অসমৰ কৃষিমন্ত্ৰী অতুল বৰা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কনকসেন ডেকাই অগ্ৰদূতক অসমীয়া সমাজৰ এক সম্পদৰূপে গঢি. তুলিছে৷