মই মুম্বাইত থাকোঁতে যেতিয়া জুবিন গাৰ্গৰ অন্তিম বিদায় দৃশ্য দেখিছিলোঁ, তেতিয়া অনুভৱ কৰিছিলোঁ যে ড° ভূপেন হাজৰিকাৰ পাছত অসমৰ পৰা এই পৰ্যায়ৰ জনপ্ৰিয়তা অৰ্জন কৰা শিল্পীগৰাকীয়েই হৈছে জুবিন গাৰ্গ। এনে জনপ্ৰিয়তা লাভ কৰাটো হৈছে এক অতি বিৰল ঘটনা। এই ঘটনা সমাজ, ৰাজনীতি আৰু সাংস্কৃতিক ক্ষেত্ৰৰ অধ্যয়নৰ দিশত এটি গুৰুত্বপূৰ্ণ গৱেষণাৰ বিষয় হ’ব লাগে।
দিছপুৰস্থিত বৰ্তমানৰ চৰকাৰে জনতাৰ আৱেগ আৰু সময়ৰ সৈতে খোজ মিলাই যিধৰণে জুবিন গাৰ্গৰ দৰে এগৰাকী মহান পুত্ৰলৈ মৰম আৰু সন্মান প্ৰদৰ্শন কৰিছে, সেয়া আধুনিক ভাৰতীয় ইতিহাসত এক অভূতপূৰ্ব ঘটনা বুলিব পাৰি।
মই মূলত: ৰাজস্থানৰ বাসিন্দা। মোৰ জীৱনত, ৰাজস্থানত বা ৰাজস্থানৰ কোনো শিল্পী অথবা কোনো ব্যক্তিৰ বাবে এনে বিদায় অনুষ্ঠান বা জনপ্ৰিয়তা মই কেতিয়াও দেখা নাই। এয়া সঁচাকৈয়ে এক ভাবিব নোৱৰা দৃশ্য। এনেধৰণৰ মৰম আৰু সন্মান লাভ কৰাটো যিকোনো ব্যক্তিৰ জীৱনত বা মৃত্যুৰ সময়ত এটি সপোন হ’ব পাৰে, যি অভিজ্ঞতা জুবিনদাই পাইছে।
কিছু বছৰ আগৰ এটি ঘটনা মোৰ মনত আছে, যেতিয়া মই মোৰ সংগীত জীৱনৰ আৰম্ভণিৰ দিনবোৰত মুম্বাইত আছিলোঁ। মই এগৰাকী সংগীতজ্ঞক সাক্ষাৎ কৰিছিলোঁ আৰু তেখেতে মোক আন্ধেৰী পশ্চিমৰ বীৰা দেশাই ৰোডত থকা তেখেতৰ ষ্টুডিঅ’লৈ মাতিলে। তেখেতৰ ৰেকৰ্ডিং চলি থকা হেতুকে আমি কিছু সময়ৰ পাছত লগ হ’ব পাৰোঁ নেকি বুলি সুধিলে। ময়ো ৰেকৰ্ডিং শেষ হোৱালৈ লাউঞ্জত আছিলোঁ। ৰেকৰ্ডিং শেষ হ’ল, ষ্টুডিঅ’ৰ পৰা ধুমুহাৰ গতিত দুগৰাকীমান ব্যক্তি ওলাই আহি লাউঞ্জৰ কাষেৰে লৰালৰিকৈ ওলাই গ’ল। সংগীতজ্ঞগৰাকীয়ে মোক কেফে এৰিয়াৰ ভিতৰত মাতিলে আৰু আমি শুভেচ্ছা বিনিময় কৰিলোঁ। মই তেখেতক ৰেকৰ্ডিং আৰু গায়কগৰাকীৰ কথা সুধিলোঁ। তেখেতে উত্তৰ দিলে, “এইটো এটা বিশেষ গীত আছিল, জুবিন গাৰ্গে গাইছিল। তেওঁ এইমাত্ৰ গ’ল, দেখা নাই নেকি?”
মই তেতিয়াহে মনত পেলালোঁ যে সেই সময়ত ধুমুহাৰ গতিৰে পাৰ হৈ যোৱা ব্যক্তিগৰাকী আজি পৰ্যন্ত মোৰ মনত অম্লান হৈ আছে। এই ঘটনাই মোৰ জীৱনৰ একমাত্ৰ সময় যেতিয়া মই জুবিনদাৰ সান্নিধ্য পাইছিলোঁ। পাছত তেখেতৰ সৈতে কাম কৰাৰ প্ৰস্তাৱ আহিছিল, কিন্তু দুঃখৰ বিষয়, প্ৰকল্পটো বিশেষ কাৰণত নহ’ল। এগৰাকী জীৱন্ত কিংবদন্তীৰ সৈতে কাম কৰাৰ সেই স্বপ্ন বাস্তৱত পৰিণত নহ’ল।
পাছত মই গম পালোঁ যে জুবিন গাৰ্গে ৰীমা বৰাৰ এখন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। সেই সময়তে মই তেখেতৰ সৈতে এক বিশেষ সম্পৰ্ক অনুভৱ কৰিছিলোঁ।
যেতিয়াই মুম্বাইৰ সংগীত জগতৰ মাজত জুবিন গাৰ্গৰ নামটো উচ্চাৰিত হৈছিল, মই সকলোৰে মুখমণ্ডলত তেখেতৰ প্ৰতি অগাধ মৰম আৰু সন্মান দেখিবলৈ পাইছিলোঁ। মুম্বাইৰ মনোৰঞ্জন জগতত এনে আন্তৰিক মৰম আৰু সন্মান খুব কমেই দেখিছোঁ।
মই সদায়েই জুবিনদাক শ্ৰদ্ধা কৰোঁ। তেখেতৰ লগত জনগণৰ এক গভীৰ আৰু দীঘলীয়া সম্পৰ্ক গঢ় লৈ উঠিছিল। এনে এক মধুৰ সম্পৰ্ক যাৰ বাবে অন্য শিল্পীসকলে হিংসাও কৰিব পাৰে — কিন্তু এনে সম্পৰ্ক তেতিয়াহে সম্ভৱ হয়, যেতিয়া শিল্পীগৰাকীয়ে সৎ ৰাজনৈতিক সাহস দেখুৱায়, যি সকলো শিল্পীৰ বাবে সহজ কথা নহয়। ৰাজনীতিৰ ঊৰ্ধ্বত গৈও অসম চৰকাৰে শিল্পীগৰাকীৰ বাবে যিখিনি কৰিলে, সেয়া প্ৰশংসাৰ বিষয়।
প্ৰকৃত অৰ্থত জুবিনদা সঁচা অৰ্থত ৰাইজৰ ‘মানুহ’ হৈ পৰিছিল। তেখেতে এই ভূমিকাটো মান-গৌৰৱৰ সৈতে পালন কৰিছিল। সাধাৰণতে আমি দেখিবলৈ পাওঁ যে বহুতেই এনে জনপ্ৰিয়তাৰ উচ্চ স্থানৰ পৰা তললৈ নামি আহে। কিন্তু জুবিনদা কেৱল তেখেতৰ ভাষা, সংস্কৃতি আৰু অঞ্চলটোৰ কণ্ঠস্বৰ হৈ নাথাকি আমাৰ দৰে অনুৰাগীসকলৰ বাবে গৌৰৱ আৰু অনুপ্ৰেৰণাৰ উৎস আছিল।
এগৰাকী কবি-গীতিকাৰৰ পুত্ৰই সংগীতৰ দৰে ক্ষেত্ৰত এনে সফলতা অর্জন কৰাটো সদায়েই ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক আশাৰ বতৰা। যিদৰে শ্ৰীৰাম শৰ্মাৰ পুত্ৰ বিশ্বাল ভাৰদ্বাজে একেদৰেই আগুৱাই গৈছে। অসমৰ এই জনপ্ৰিয় শিল্পীগৰাকী কেৱল এগৰাকী কবিৰ সুযোগ্য সন্তানেই নহয়, তেখেতে আপোন মাটিৰো এগৰাকী যোগ্য সন্তান হিচাপে পৰিচয় দিছে। শিল্পী হিচাপে তেখেতে নিজৰ পৰিচয় গঢ়িলে আৰু কেৱল সেয়াই নহয় — মানুহ হিচাপেও তেখেতে মানৱীয়তাৰে সকলোকে আৱৰি ৰাখিলে।
প্ৰতি ভূমিত এনে এগৰাকী সন্তান জন্ম হওক! এয়া আমি হৃদয়ৰ পৰা কামনা কৰোঁ, জুবিনদাৰ জন্মস্থান মেঘালয়ৰ পাহাৰবোৰে তেখেতক মাতিব আৰু ব্ৰহ্মপুত্ৰৰ ঢৌবোৰে প্ৰিয় পুত্ৰগৰাকীক আশীৰ্বাদ কৰিব যাতে তেওঁ পুনৰ এবাৰ অসমৰ মাটিতেই জন্ম লয়।
(লেখক প্ৰাক্তন শিক্ষাবিদ, ঔপন্যাসিক, সংবাদ পত্ৰিকাৰ নিয়মীয়া লেখক আৰু গীতিকাৰ)










