শিৱসাগৰ জিলাৰ নতুন ডিমৌ বিধান সভা সমষ্টিৰ পাৰিজাত গাঁও পঞ্চায়তৰ ধ্ৰুৱ ফুকন আৰু ঋষভৰাজ ফুকন, গোহাঁই পুখুৰী গাঁও পঞ্চায়তৰ চন্দন লোহাৰ আৰু ৰজাবাৰী গাঁও পঞ্চায়তৰ ৰাজ ৰাজৰ নাম এই কেইটা দিন শিৱসাগৰ জিলাৰ ক্ৰীড়া বিভাগৰ কাৰ্যায়লয়ৰ লগতে খেলৰ বাতৰি ৰখা জিলাখনৰ ক্ৰীড়াপ্ৰেমীৰ মাজত যথেষ্ট চৰ্চিত হৈছে। তেওঁলোকৰ লগতে বহুকেইজন ফুটবল খেলুৱৈয়ে ৰাজ্যবাসীক দুভৰিৰ যাদুৰে মোহিত কৰিছে।
ডিব্ৰুগড়ৰ নেপালী গাঁৱৰ ১২ বছৰীয়া কৃষ্ণ চুতীয়াই এখন ভগ্নপ্ৰায় চাইকেল লৈয়ে খেল মহাৰণ ২.০ত ১৪ বছৰ অনূৰ্ধ্বৰ প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিছে। কৃষ্ণৰ চাইক্লিং প্ৰতিভা সমগ্ৰ অসমতে চৰ্চিত হৈছে। কৃষ্ণৰ প্ৰতিভাৰ বিষয়ে এটা ভিডিঅ’ সহ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত উল্লেখ কৰে, “আমি আমাৰ ক্ৰীড়া প্ৰতিভাসমূহক উৎকৃষ্ট মঞ্চ দিয়াৰ বাবে খেল মহাৰণ শীৰ্ষক ৰাজ্যজুৰি যি প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ, মই ক’ব বিচৰা এনে খবৰবোৰে আমাৰ পৰিকল্পনাক সফল হোৱা বুলি প্ৰতীয়মাণ কৰে৷ ডিব্ৰুগড়ৰ টিংখং সমষ্টিৰ নেপালীগাঁৱৰ মৰমলগা, প্ৰতিভাশালী ১২ বছৰীয়া কিশোৰ শ্ৰীকৃষ্ণ চুতীয়াই ব্ৰেক নথকা, পেডেল নথকা ভগ্নপ্রায় চাইকেল এখন লৈ খেল মহাৰণ ২.০ত অংশগ্রহণ কৰে। তিলৈ গাঁও পঞ্চায়তৰ ১৪ বছৰ অনূৰ্ধৰ প্ৰতিযোগিতাখনত এনেদৰেই প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। মনৰ উছাহ, শ্রম আৰু অনুশীলনৰ জৰিয়তে প্রতিভা বিকাশৰ বাটত কোনো হেঙাৰ আহিব নিদিয়াকৈ আগুৱাই যাব পাৰি, তাৰ এক উজ্জ্বল নিদর্শন কৃষ্ণ।“ উল্লেখ্য যে এই বাৰ্তাতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৃ্ষ্ণক এখন চাইকেল উপহাৰস্বৰূপে প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
ক্ৰীড়া প্ৰতিভা জিলিকি উঠিছে খেল মহাৰণ ২.০ৰ গাঁও পঞ্চায়ত পৰ্যায়ৰ প্ৰতিযোগিতাত। ৰাজ্যৰ ক্ৰীড়া প্ৰতিভাসমূহৰ উৎকৰ্ষ সাধনৰ এক মঞ্চৰ ৰূপত আৰম্ভ হৈছিল খেল মহাৰণৰ। অসম চৰকাৰৰ এই বিশেষ প্ৰচেষ্টাৰ অধীনত খেল মহাৰণ ১.০ত বহু নিৰ্বাচিত ক্ৰীড়া প্ৰতিভাই এখন মঞ্চ লাভ কৰিছে। ইয়াৰ ভিতৰত উল্লেখ্য হ’ল ফুটবল। বহু ফুটবল প্ৰতিভাৰ উৎকৰ্ষ সাধনৰ সুবিধাৰ লগতে খেল মহাৰণৰ পৰা নিৰ্বাচিত ফুটবল প্ৰতিভাৰ বাবে ৰাষ্ট্ৰীয় ফুটবল ক্লাবত অংশগ্ৰহণৰ বাট মুকলি হৈছে। ভলীবল, কাবাদী, এথলেটিকছৰ উৎকৰ্ষ সাধন কেম্পত এই প্ৰতিভাসমূহক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
খেল মহাৰণ ২.০ৰ প্ৰথম পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হয় ১৩ নৱেম্বৰৰ পৰা। এইবাৰ খেল মহাৰণত কেইটামান নতুন ক্ৰীড়া বিভাগৰ সংযোজন কৰা হৈছে। এথলেটিকছ, ফুটবল, কাবাদী, ভলীবলৰ লগতে এইবাৰ অনুষ্ঠিত হৈছে দবা, ৰ’ড চাইক্লিং (পৰম্পৰাগত চাইক্লিং) আৰু সাঁতোৰ। এই ক্ৰীড়া প্ৰতিযোগিতাোসমূহ বয়স অনুসৰি বিভিন্ন শাখাত অনুষ্ঠিত হৈছে। (বক্সত চাওক)
প্ৰাপ্য তথ্য অনুসৰি www.dsywassam.comৰ পৰ্টেলযোগে অসমৰ প্ৰায় ৭৩,০৮,৯৬৭গৰাকী যুৱক-যুৱতীয়ে অংশগ্ৰহণৰ বাবে পঞ্জীয়ন কৰে আৰু ইয়াৰে ৩৩,৪১,০১৮গৰাকীয়ে প্ৰতিযোগিতাখনত এতিয়ালৈকে নিজৰ ক্ৰীড়া প্ৰতিভাৰ প্ৰদৰ্শন কৰে (২৯ নৱেম্বৰ ২০২৪লৈকে)। পঞ্জীয়নৰ ক্ষেত্ৰত ২৫,৭,৬৭২গৰাকীৰ সৈতে শীৰ্ষ স্থানত থাকে বৰপেটা জিলা। এথলেটিকছত সৰ্বাধিক ১৮ লাখ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ফুটবলত ৩.৭ লাখ , কাবাদীত ৫.৮ লাখ, দবাত ২.১ লাখ আৰু চাইক্লিঙত ৩.৫ লাখ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে ভলীবল আৰু ছোৱালীৰ ফুটবলৰ নিৰ্বাচন ট্ৰায়েল বিধান সভা সমষ্টি পৰ্যায়ত আৰু সাঁতোৰৰ নিৰ্বাচন ট্ৰায়েল জিলা পৰ্যায়ত অনুষ্ঠিত হব।
এই প্ৰতিৱেদকৰ সৈতে হোৱা বাৰ্তালাপত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কৌচাৰ জামিল হিলালীয়ে খেল মহাৰণ ১.০ৰ সফলতাৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয়, “খেল মহাৰণ ১.০ৰ পৰা উৎকৃষ্ট প্ৰতিভাৰ ৬১২গৰাকীক বিভিন্ন খেলৰ অন্যতম শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় প্ৰশিক্ষকৰ অধীনত আৱাসিক প্ৰশিক্ষণ প্ৰদান কৰোঁ। ছয়গৰাকী ফুটবল খেলুৱৈয়ে বাইছুং ভূটীয়া ফুটবল একাডেমীত প্ৰশিক্ষণৰ সুবিধা লাভ কৰাৰ লগতে আমি স্পেইনৰ এফ চি বাৰ্চিলোনা সম্পৰ্কীয় এক প্ৰস্তাৱৰ ক্ষেত্ৰত আলোচনা অব্যাহত ৰাখিছোঁ। তেওঁলোকে আমাৰ খেল মহাৰণৰ বিজয়ী দলটিক দুই সপ্তাহৰ এক প্ৰশিক্ষণৰ ব্যৱস্থাৰ কৰিবলৈ ইচ্ছা ব্যক্ত কৰিছে।”
কৌচাৰ জামিল হিলালীয়ে কয়, “খেল মহাৰণ ১ৰ পৰা শিকা কিছুমান বিষয়ৰ বাবে এইবাৰ আমি খেল মহাৰণ ২.০ৰ বয়সৰ গোট সলনি কৰিলোঁ যাতে জ্যেষ্ঠ আৰু কনিষ্ঠ খেলুৱৈৰ ৰাষ্ট্ৰীয় মানৰ সমপৰ্যায়ৰ কৰি তুলিব পাৰোঁ।” তেওঁ লগতে কয়, “এইবাৰ আমি শাখাসমূহৰ ক্ষেত্ৰতো ৰ’ড চাইক্লিং (পৰম্পৰাগত চাইক্লিং),সাঁতোৰ আৰু দবা অন্তৰ্ভুক্ত কৰিছোঁ।” ক্ৰীড়া এছ’চিয়েশ্যনসমূহৰ পৰা সহযোগিতাৰ বিষয়ে উল্লেখ কৰি কৌচাৰ জামিল হিলালীয়ে কয় ক্ৰীড়া এছ’চিয়েশ্যন আৰু চৰকাৰী ব্যৱস্থাসমূহৰ মাজত থকা পূৰ্বৰ ব্যৱধান নোহোৱা হৈ আহিছে
শিৱসাগৰ জিলাৰ ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়ে কয়, “শিৱসাগৰ জিলাৰ মুঠ ৮৭টা স্থানত অনুষ্ঠিত হোৱা গাঁও পঞ্চায়ত পৰ্যায়ত খেল মহাৰণ ২.০ত যথেষ্ট উৎসাহ দেখা পোৱা যায়।’’ তেওঁ লগতে উল্লেখ কৰে যে, “চাহ বাগিচা অঞ্চল বা অন্যান্য পিছপৰা অঞ্চলসমূহত বহু ক্ৰীড়া প্ৰতিভাই এখন সঠিক মঞ্চ পোৱা নাছিল। এই অভাৱ খেল মহাৰণে আঁতৰ কৰিছে।”
গাঁও পঞ্চায়ত পৰ্যায়ত নিৰ্বাচিত প্ৰতিযোগীসকলে এতিয়া ডিচেম্বৰত হ’বলগীয়া বিধান সভা পৰ্যায়ৰ বাবে প্ৰস্তুতি চলাই আছে। তাৰ পাছত ক্ৰমে জিলাভিত্তিক, মাণ্ডলিক আৰু ৰাজ্যিক প্ৰতিযোগিতাসমূহ আৰম্ভ হ’ব।