শেহতীয়াকৈ অনুষ্ঠিত এডভাণ্টেজ আছাম ২.০- শীৰ্ষক বিনিয়োগ আৰু আন্ত:গাঁথনি সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীসকলে কেইবাখনো অধিৱেশনত অধ্যক্ষতা কৰে। এই অধিৱেশনত অংশ লৈ তেওঁলোকে অসমৰ সম্ভাৱনাময় ক্ষেত্ৰসমূহৰ কথা ব্যক্ত কৰে আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক বিকাশৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
কেন্দ্ৰীয় যোগাযোগ আৰু ড’নাৰ মন্ত্ৰী এম জ্যোতিৰাদিত্য সিন্ধিয়াই ‘আই-ৱে টু বিকশিত আছাম’ শীৰ্ষক অধিৱেশনত ভাষণ দি অসমক দক্ষিণ-পূব এছিয়া, এছিয়ান ৰাষ্ট্ৰসমূহ আৰু গ্লোবেল ছাউথৰ দুৱাৰমুখ বুলি অভিহিত কৰে।
সিন্ধিয়াই ঘোষণা কৰে যে তেখেতৰ অধীনস্থ মন্ত্ৰ্যালয়ে অসমৰ টেলিকম আন্ত:গাঁথনি শক্তিশালী কৰাৰ বাবে ৪,০০০ কোটি টকাৰ বিনিয়োগৰ পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰত নেট প্ৰকল্পৰ অধীনত ইতিমধ্যে ২,২৮৫ গাঁও পঞ্চায়তক ব্রডবেণ্ড সংযোগৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই সংখ্যা ২৫,০০০ গাঁৱলৈ বৃদ্ধি কৰা হ’ব। ‘বি এছ এন এলে ১,৮০০ কোটি টকাৰ বিনিয়োগৰে উত্তৰ-পূব ভাৰতত নেটৱৰ্ক শক্তিশালী কৰিব, য’ত অসমৰ অন্তিক গাঁওখনকো ৪জি আৰু ৫জি নেটৱৰ্কত অন্তৰ্ভুক্ত কৰা হ’ব,” তেখেতে কয়।
‘সমৃদ্ধি গ্ৰাম যোজনা’ৰ অধীনত অসমৰ প্ৰতিটো খণ্ডত এটা ৫জি এপ্লিকেশ্যন ছাৰ্ভিচ স্থাপন কৰা হ’ব। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে এই এপ্লিকেশ্যনৰ জৰিয়তে ডিজিটেল ক্ষেত্ৰত থকা সকলো ব্যৱধান আঁতৰাই দিয়াৰ লগতে অসমৰ গ্ৰামাঞ্চলৰ প্ৰতিটো শিশুলৈ শিক্ষা আৰু স্বাস্থ্য সেৱাৰ দৰে অত্যাৱশ্যকীয় সেৱা আগবঢ়োৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেখেতে লগতে ঘোষণা কৰে যে গুৱাহাটী বিশ্ববিদ্যালয়ত এটা ৫জি লেব স্থাপন কৰা হ’ব, যিয়ে পৰৱৰ্তী প্ৰজন্মৰ বাবে টেলিকম টেকন’লজীৰ গৱেষণা আৰু দক্ষতা বিকাশত সহায় কৰিব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে যোগাযোগৰ উপৰি অসমে কৃত্ৰিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ আদিকে ধৰি প্ৰযুক্তিগত দিশটোত কাম কৰি আছে। তেখেতে বিনিয়োগকাৰীসকলক অসমৰ ডিজিটেল বিপ্লৱত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় আৰু অসমৰ উত্তৰণক ভাৰতৰ প্ৰগতিৰ গুৰুত্বপূৰ্ণ অংশ বুলি কয়।
‘এডভান্সিং ছেমিকণ্ডাক্টৰ হ’ৰিজনছ ইন আছাম ফ’ৰ বিকশিত ভাৰত’ শীৰ্ষক অধিৱেশনত অংশগ্ৰহণ কৰি, ৰে’লৱে, ইলেক্ট্ৰ’নিক্স, তথ্য-প্ৰযুক্তি আৰু তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ “নতুন বিকাশ ইঞ্জিন” হিচাপে বর্ণনা কৰে।
তেখেতে ঘোষণা কৰে যে গুৱাহাটী ৰে’লৱে ষ্টেচনক এটি আই টি কেন্দ্ৰলৈ ৰূপান্তৰ কৰা হ’ব। ইয়াৰ লগতে মইনাৰবন্দ আৰু চিনামাৰাত দুটা গতি শক্তি কাৰ্গো টাৰ্মিনেল স্থাপন হ’ব বুলি কয় আৰু ছয়টা নতুন কাৰ্গো টাৰ্মিনেল ক্ৰমে ছয়গাঁও, নিউ বঙাইগাঁও, বিহৰা, হিলৰা, বাইহাটা আৰু ৰংজুলিত স্থাপন কৰা হ’ব বুলিও ঘোষণা কৰে।
যোগাযোগ ব্যৱস্থা উন্নীত কৰিবলৈ গুৱাহাটী-আগৰতলাৰ মাজত নতুন বন্দে ভাৰত এক্সপ্ৰেছ চলাচলৰ কথাও ঘোষণা কৰা হয়। তদুপৰি দুখন অমৃত ভাৰত ৰে’ল (গুৱাহাটী-দিল্লী আৰু গুৱাহাটী-চেন্নাই) আৰম্ভ হ’ব। লামডিঙত ৰে’লৱে ইঞ্জিন মিডলাইফ পুনৰ নিৰ্মাণৰ সুবিধা স্থাপনৰ কথাও তেখেতে ঘোষণা কৰে আৰু বড়োলেণ্ড অঞ্চলৰ বাশবাৰীত ৩০০ কোটি টকা ব্যয় সাপেক্ষে এখন ৱেগন ৱৰ্কশ্বপ স্থাপনৰ পৰিকল্পনাৰ কথাও উল্লেখ কৰে।
তেখেতে কামৰূপৰ বঙৰাত ইলেক্ট্ৰ’নিকছ মেনুফেকচাৰিং আঁচনিৰ অধীনত গ্ৰীণফিল্ড ইলেক্ট্ৰ’নিক মেনুফেকচাৰিং ক্লাষ্টাৰ (ইএমচি) গঢ়ি তোলাৰ কথা ঘোষণা কৰে৷ যাৰ প্ৰকল্প ব্যয় ১২০ কোটি টকা। ইয়াৰ উপৰি তেখেতে কয় যে নেশ্যনেল ইনষ্টিটিউট অৱ ইলেক্ট্ৰ’নিক্স এণ্ড ইনফৰ্মেশ্যন টেকন’লজি (এন আই ই এল আই টি)ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছে৷ জাগীৰোডত ইয়াৰ এটা চৌহদ স্থাপন কৰাৰ পৰিকল্পনা কৰাৰ কথাও তেখেতে সদৰী কৰে।
এই অধিৱেশনৰ সময়ত অসম চৰকাৰে ছিংগাপুৰ, মালয়েছিয়া আৰু জাপানৰ ১০টা উদ্যোগ কোম্পানীৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে, যিয়ে অসমৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ উন্নয়ন নিশ্চিত কৰিব।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ‘এক্ট ইষ্ট, এক্ট ফাষ্ট এণ্ড এক্ট ফাৰ্ষ্ট’ৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি কয় যে ২০১৪ চনৰ পৰা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰতি দিল্লীৰ দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ পৰা এক্ট ইষ্টৰ আৰম্ভণি হয়।
“নেবাৰহুড ফাৰ্ষ্ট নীতিয়ে আমাৰ পূব সীমান্তৰ আন্তঃগাঁথনি আৰু সংযোগৰ পৰিৱৰ্তন ঘটাইছে। দ্বিপাক্ষিক আৰু আঞ্চলিক সহযোগিতাৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধতাই এই দিশটোক আগুৱাই নিব পাৰিব।’ তেখেতে লগতে কয়, “অসমে আমাৰ এক্ট ইষ্ট নীতিৰ কেন্দ্ৰ হিচাপে কাম কৰিব পাৰে। ব্ৰেণ্ড অসম পৰ্যায়ক্ৰমে শক্তিশালী হৈ উঠিছে।”
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ‘আনলকিং আছামছ এনাৰ্জী প’টেনছিয়েল: বিল্ডিং ফিউচাৰ ৰেডী অইল এণ্ড গেছ ইনফ্ৰাষ্ট্ৰাকচাৰ, ইন’ভেশ্যন এণ্ড ইনভেষ্টমেণ্ট এলাইন উইড গ্ল’বেল এনাৰ্জী ট্ৰানজিশ্যন” অধিৱেশনত অংশগ্ৰহণ কৰে। তেখেতে কয়, “সেউজ হাইড্ৰ’জেন হৈছে ‘ভৱিষ্যতৰ ইন্ধন’। যদি সেউজ হাইড্ৰ’জেনৰ মূল্য হ্ৰাস কৰিব পাৰি, তেন্তে ই শক্তি ব্যয়ৰ ক্ষেত্ৰত গঠনমূলক পৰিৱৰ্তন আনিব।”
অসমৰ অ’ চি এল চৌহদত পৌৰসভাৰ আৱৰ্জনাসমূহৰ পৰা জৈৱ ইন্ধন উৎপাদনৰ বাবে এটা সুকীয়া নিৰ্দিষ্ট গৱেষণা শাখা স্থাপনৰ কথাও ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ পথ, ৰে’ল আৰু নদী পৰ্যটনৰ বিষয়ত এক অধিৱেশনত অভ্যন্তৰীণ জলপথৰ ৰূপান্তৰৰ বাবে ৪,৮০০ কোটিতকৈ অধিক বিনিয়োগৰ কথা ঘোষণা কৰে।
তেখেতে ২০৩০ চনৰ ভিতৰত ‘হৰিত নৌকা আঁচনি’ৰ অধীনত গ্ৰীণ ভেচেল ট্ৰেঞ্জিচনৰ বাবে ১,৫০০ কোটি টকা বিনিয়োগৰ কথাও ঘোষণা কৰে আৰু কয় যে ২০২৭-২৮ চনৰ ভিতৰত ৰাষ্ট্ৰীয় জলপথ ২ আৰু ৰাষ্ট্ৰীয় জলপথ ১৬ত ক্ৰুজ পৰ্যটনৰ সুবিধা আৰু কাৰ্গো হেণ্ডলিং ক্ষমতা বৃদ্ধিৰ বাবে ১,৫০০ কোটিতকৈ অধিক ধন নিৰ্ধাৰণ কৰা হৈছে।
“ডিব্ৰুগড়ৰ আঞ্চলিক উৎকৰ্ষ কেন্দ্ৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১২০ কোটি টকা আৱণ্টন দিছে। লগতে ১০০ কোটি বিনিয়োগেৰে ব্ৰহ্মপুত্ৰৰ কাষে কাষে নদীৰ পাৰৰ লাইটহাউচ নিৰ্মাণৰ উদ্যোগ লৈছে,” তেখেতে কয়।
এডভাণ্টেজ আছাম ২.০-ৰ সামৰণী অনুষ্ঠানৰ অধিৱেশনত অসমৰ উন্নয়নৰ বাবে ৩ টি (T) আৰু ৩ আই (I)ৰ কথা কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে উল্লেখ কৰে। তেখেতে বাণিজ্য, প্ৰযুক্তি, পৰ্যটন, উদ্যোগ, আন্তঃগাঁথনি, বিনিয়োগৰ ভূমিকাৰ ওপৰত গুৰুত্ব দিয়ে আৰু অসমক নিৰ্ভৰযোগ্য আৰু প্ৰগতিশীল ৰাজ্যলৈ ৰূপান্তৰিত কৰাৰ বিষয়ত নিজৰ বিশ্বাস প্ৰকাশ কৰে।
সামৰণী অনুষ্ঠানত অসমত বিনিয়োগকাৰীৰ বাবে অনুকূল পৰিৱেশ তন্ত্ৰ আৰু উদ্যমিতাৰ মনোভাবক প্ৰতিফলিত কৰি “Celebrating Assam’s Investment Growth Story” শীৰ্ষক এখন গ্ৰন্থও উন্মোচন কৰা হয়।