অৰ্থনৈতিক ক্ষেত্ৰত অসম দ্ৰুত গতিত আগুৱাই গৈছে। অসম চৰকাৰে ৰাজ্যখনত অৰ্থনৈতিক স্থিতিশীলতা উভতাই অনাৰ ক্ষেত্ৰত যি প্ৰতিশ্ৰুতি দিছিল, সেয়া বিগত ৪ বছৰত প্ৰতিফলিত হৈছে।
বৰ্তমানৰ মূল্য অনুসৰি ৰাজ্যখনৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (জি এছ ডি পি) ২০২১-২২ বিত্তীয় বৰ্ষত ৪,১০,৭২৪ কোটি টকাৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত ৭,৪১,৬২৬ কোটিলৈ বৃদ্ধি হোৱাৰ আশা কৰা হৈছে, যাৰ ফলত ১৬.৯২% গড়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰে এই উন্নয়নক পুনৰবাৰ আকৰ্ষণীয় ৰূপত প্ৰতিফলিত কৰিব। এই সময়ছোৱাৰ ভিতৰত স্থিৰ মূল্যত জি এছ ডি পিৰ গড় বাৰ্ষিক হাৰত ৮.৪% বৃদ্ধি পাইছে, যিয়ে শক্তিশালী অৰ্থনীতিৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীৰ বাবে আৰ্থ-সামাজিক উন্নতি আৰু সৰ্বাংগীণ বিকাশক প্ৰতিফলিত কৰিছে।
প্ৰাতিষ্ঠানিক সংস্কাৰৰ দিশত এক অনন্য পদক্ষেপৰ ফলত ই-জি আৰ এ এছৰ জৰিয়তে অসম চৰকাৰৰ ৰাজহ সংগ্ৰহ ২০২১-২২ চনত ১০,৫০১ কোটি টকাৰ পৰা ২০২৪-২৫ চনত ১৮,৪৫০ কোটি টকালৈ বৃদ্ধি পায়। এই প্ৰযুক্তি ব্যৱস্থাই পৰম্পৰাগত পদ্ধতিৰ সলনি অনলাইন প’ৰ্টেল স্থাপন কৰিছে আৰু বেংকৰ সৈতে সংযুক্তকৰণেৰে নাগৰিকসকলক ইউ পি আই আৰু নেট বেংকিঙৰ দৰে বিভিন্ন ডিজিটেল মাধ্যমৰ দ্বাৰা কৰ আৰু জৰিমনা পৰিশোধ কৰিবলৈ সক্ষম কৰিছে।
অসমত গভৰ্নমেণ্ট ই-মাৰ্কেটপ্লেচ (জি ই এম) ক্ৰয়ৰ ফলত স্বচ্ছতা আৰু কাৰ্যক্ষমতা যথেষ্ট বৃদ্ধি পাইছে। ৩০৪ কোটিৰ পৰা ৩,৯৫২ কোটি টকা বৃদ্ধিৰে অৰ্ডাৰ মূল্য ১,২০০% বৃদ্ধি পাইছে, যাৰ জৰিয়তে অসমে দেশৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিছে।
অসম চৰকাৰৰ বিত্ত বিভাগে অৰুণোদয় আঁচনিৰ অধীনত আৰ্থিক সাহায্য প্ৰদানৰ বাবে ২০২২ চনৰ ডিচেম্বৰ মাহত ডিবিটি আঁচনিৰ বাবে ডিজিটেল আন্তঃগাঁথনি (ডি আই ডি এছ) প’ৰ্টেল প্ৰস্তুত কৰিছিল। এতিয়া এই প’ৰ্টেলে ৰাজ্যখনৰ ১১খন আঁচনিক সামৰি লৈছে। এই পদক্ষেপে ৩০ লাখতকৈ অধিক ব্যক্তিক উপকৃত কৰিছে আৰু ইয়াৰ দ্বাৰা মাহিলি ৩০০ কোটি টকাতকৈ অধিক ধন প্ৰদান কৰা হৈছে।
বৰ্তমানলৈ হোৱা কৃতিত্ব
ভাৰত চৰকাৰৰ উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য প্ৰচাৰ বিভাগ (ডি পি আই আই টি)-এ বিজনেছ ৰিফ’ৰ্মছ এক্সন প্লেন ২০২২ ৰেংকিঙত অসমক শীৰ্ষ স্থানৰ স্বীকৃতি দিয়ে। বিশেষকৈ, কৰ প্ৰক্ৰিয়া সহজ কৰি ব্যৱসায় সফল কৰাৰ ক্ষেত্ৰত অসমে আগবঢ়োৱা প্ৰচেষ্টাৰ বাবে ৰাজ্যখনে এই বিশেষ স্বীকৃতি লাভ কৰিছে।
তদুপৰি ২০২৩-২৪ বৰ্ষত উপস্থাপন কৰা অসম বাজেটৰ জৰিয়তে অসমে ‘গ্ৰীণ বাজেটিং’ক সফল ৰূপ দিয়াৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম আৰু দেশৰ ভিতৰত দ্বিতীয় ৰাজ্য হিচাপে পৰিগণিত হৈছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ অসম চৰকাৰৰ চাৰি বছৰীয়া সাফল্যৰ বিষয়ে কয়, “শান্তি, সমন্বয় আৰু উন্নয়ন হৈছে অসমত বিজেপি চৰকাৰৰ বিগত চাৰিবছৰৰ তিনিটা মূল কৃতিত্ব৷ অসমখন এসময়ত বহু প্রত্যাহ্বানেৰে ভৰা অঞ্চল হিচাপে বিবেচিত হৈছিল, কিন্তু এতিয়া উত্তৰ-পূর্বাঞ্চল আৰু ৰাষ্ট্ৰৰ বাবে আমাৰ ৰাজ্যখন সুযোগ, স্থিতিস্থাপকতা আৰু উদ্ভাৱনৰ প্ৰতিচ্ছবি হিচাপে প্ৰতিফলিত হৈছে।”
“অৰ্থনৈতিক উত্তৰণ, মূলধন গঠন, অৰ্ধপৰিবাহীৰ সুবিধা স্থাপন, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বহুকেইখন দলং নিৰ্মাণ, কৃষি উৎপাদিত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য আদিৰ জৰিয়তে অসমে উন্নয়নৰ নতুন দিগন্তলৈ গতি কৰিছে,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰি চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰা, বিহু আৰু ঝুমুইৰক বিশ্ব দৰবাৰলৈ লৈ যোৱা, নিয়মীয়াকৈ ‘গামোচা’ পৰিধান কৰি অসমৰ গৌৰৱক প্ৰাধান্য দিয়া আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নৈশ যাপন কৰা আদিৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। “মোদী ডাঙৰীয়াই অসমৰ পৰিচয়ক বিশ্ব মঞ্চলৈ লৈ গৈছে,” তেখেতে কয়।মুখ্যমন্ত্রীৰ মতে ৰাজ্যখনত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ ৯টা বছৰ সম্পূৰ্ণ হোৱাটো সঁচাকৈয়ে এক অনন্য সফলতা। তেখেতে অসমক পূৰ্বৰ তুলনাত সম্পূৰ্ণ এখন পৃথক ৰাজ্য বুলি অভিহিত কৰে। “চৰকাৰ আৰু অসমৰ জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাৰ ফলস্বৰূপে বিগত চাৰি বছৰৰ ভিতৰত অসমে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ৰাইজৰ সেৱা যাতে আমি সদায় কৰি যাব পাৰোঁ, তাৰ বাবে ৰাইজৰ আশীৰ্বাদ আমাৰ সদায় কাম্য,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।










