ভাৰতে এই বছৰ জি-২০১ অধ্যক্ষতাৰ দায়িত্ব লাভ কৰিছে৷ নিৰ্ধাৰিত কাৰ্যসূচীৰ অংশস্বৰূপেই এই ফেব্ৰুৱাৰীত জি-২০ আৰু ৱাই-২০ বৈঠকৰ আয়োজন কৰি প্ৰতিনিধিসকলৰ হৃদয় জিনিবলৈ সক্ষম হয় গুৱাহাটী তথা অসমে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক পৰিৱেশে, অসমৰ চাহ বাগিচা আৰু গ্ৰামাঞ্চলৰ শুৱনি ৰূপে, ব্ৰহ্মপুত্ৰৰ পাৰৰ নৈপৰীয়া বতাহজাকে প্ৰতিনিধিসকলক উদ্বুদ্ধ কৰি তুলিলে৷ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী, খাদ্য সম্ভাৰ আৰু আতিথ্যই প্ৰতিনিধিসকলক শান্তি স্থাপন আৰু উদ্যমিতাৰ বাবে বহনক্ষম বিত্ত সম্পৰ্কীয় আলোচনাত অংশ ল’বলৈ অধিক মানসিক খোৰাক যোগালে৷ এই আলোচনাৰ ফলপ্ৰসূতাৰ বিষয়ে জানিবলৈ আমি অপেক্ষা কৰিব লাগিব যদিও ইয়াক আমি এক ইতিবাচক আৰম্ভণি হিচাপে অভিহিত কৰিব পাৰোঁ৷
“আতিথ্যৰ সংজ্ঞা সম্পৰ্কে বিশ্বই অসমৰ পৰা শিকাৰ যথেষ্ট অৱকাশ আছে বুলি মই ভাবোঁ৷ অতিথি হিচাপে আমি লাভ কৰা আদৰক মই ভাষাৰে বুজাব নোৱাৰোঁ৷ মোৰ বাবে ই সঁচাকৈয়ে অভূতপূৰ্ব অভিজ্ঞতা৷ মই আপোনালোকৰ ওচৰত কৃতজ্ঞ যে আপোনালোকে আমাক ইয়াৰ পৰম্পৰা আৰু সংস্কৃতি, বিশেষকৈ অসমৰ জনজাতি, বন্যপ্ৰাণী, জৈৱ বৈচিত্ৰ্য আৰু খাদ্যাভ্যাসৰ বিষয়ে জনাত সহায় কৰিলে৷ আমি আপ্লুত হৈ পৰিছোঁ,” আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্ৰীপদা ইন্দ্ৰকান্তিয়ে কয়৷
জাপানৰ পৰা অহা এগৰাকী প্ৰতিনিধি ছাটামীয়ে কয়, “মই অসমলৈ প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু অভিভূত হৈ পৰিছোঁ৷ অসমৰ মানুহৰ মনবোৰ ধুনীয়া, তেওঁলোকে আমাক আতিথ্যৰে উমাল কৰি ৰাখিলে৷”
আতিথ্যৰ দিশটোৰ লগতে এই বৈঠকৰ ফলপ্ৰসূতা সম্পৰ্কেও সকলো আশাবাদী৷
ৱাই-২০ৰ অধ্যক্ষ অনমোল ছভিটে অসম বাৰ্তাক কয় যে এয়া এক শুভ আৰম্ভণি৷ “সংযোগ হৈছে সৰ্বোত্তম সম্পদ৷ ইয়ালৈ অহা বিভিন্ন দেশৰ প্ৰতিনিধিসকলৰ সৈতে আমি এক সংযোগ বা নেটৱৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছোঁ৷ এই প্ৰতিনিধিসকলেই জি-২০ দেশসমূহক ভৱিষ্যতে নেতৃত্ব প্ৰদান কৰিব৷ গুৱাহাটীত শতাধিক ভাৰতীয় প্ৰতিনিধিৰ লগতে বিভিন্ন দেশৰ ২০গৰাকীতকৈও অধিক ৱাই-২০ প্ৰতিনিধি উপস্থিত আছিল, যাৰ প্ৰভাৱ হ’ব সুদূৰপ্ৰসাৰী,” তেওঁ কয়৷
ৱাই-২০ৰ ভূতপূৰ্ব অধ্যক্ষ দেশ ইণ্ডোনেছিয়াৰ প্ৰতিনিধি মাইকেল চিয়ানিপৰে কয়, “অসমত তিনিদিন কটোৱাৰ পাছত ইয়াৰ যুৱসকলৰ মাজত প্ৰত্যক্ষ কৰা উৎসাহে মোক বৰকৈ অনুপ্ৰাণিত কৰিছে৷ মই অনুভৱ কৰিব পাৰিছোঁ যে ভাৰতৰ যুৱপ্ৰজন্মই বিশ্বৰ ভৱিষ্যৎ গঢ় দিব৷”
জি-২০ হৈছে বিশ্বক নেতৃত্ব দিয়া অগ্ৰণী দেশসমূহৰ এখন মঞ্চ আৰু ভাৰতে এই বছৰ জি-২০ৰ অধ্যক্ষ হোৱাৰ সুবাদত এক বৃহৎ সুযোগ লাভ কৰিছে৷ ৱাই-২০ৰ পাঁচটা বিষয়বস্তুক লৈ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে এখন শ্বেতপত্ৰ মুকলি কৰে৷ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই পাঁচটা বিষয়বস্তুক লৈ এখন গৱেষণা পত্ৰ উপস্থাপন কৰে৷ (অনুগ্ৰহ কৰি বক্সত চাওক)
শ্বেতপত্ৰৰ এই পাঁচটা বিষয়বস্তুৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ব সম্প্ৰদায়ৰ মাজত এক সন্মিলিত ভৱিষ্যৎ গঢ়াৰ উদ্দেশ্যে এই বিষয়বস্তুসমূহ গুৰুত্বসহকাৰে বাছনি কৰা হৈছে৷ “এই পাঁচটা বিষয়ে যুৱপ্ৰজন্মক জি-২০ৰ উন্নয়নমূলক কাৰ্যসূচীলৈ অৱদান আৰু সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত এক অসাধাৰণ সুযোগ প্ৰদান কৰিছে,” তেওঁ কয়৷
“ভাৰতত অনুষ্ঠিত ৱাই-২০ সন্মিলনখন সমগ্ৰ বিশ্বৰ যুৱপ্ৰজন্মৰ বাবে হাতত লোৱা যুৱ-কেন্দ্ৰিক প্ৰচেষ্টাৰ ক্ষেত্ৰত উৎকৃষ্ট উদাহৰণ হৈ ৰ’ব৷ এই সন্মিলনে যুৱপ্ৰজন্মৰ প্ৰগতিশীল নীতিগত পদক্ষেপসমূহক পৰিচয় প্ৰদান কৰিছে,” অনুৰাগ ঠাকুৰে সমবেত লোকসকলক উদ্দেশ্যি কয়৷
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যজুৰি ৱাই-২০ সজাগতা অভিযান অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰৰ প্ৰচেষ্টাৰ শলাগ লয়৷
অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি অসমৰ প্ৰায় ৩৬খন মহাবিদ্যালয়ৰ ১০,০০০যুৱক-যুৱতীয়ে ৱাই-২০ সম্পৰ্কীয় আলোচনাচক্ৰ, তৰ্ক, কৰ্মশালা আৰু কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে৷ লগতে, প্ৰায় ৪,০০০ বিদ্যালয়ৰ দহ লক্ষাধিক শিক্ষাৰ্থীয়ে এই কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰে৷