৭ এপ্ৰিল, শুক্ৰবাৰ ৰাতিপুৱা ১০:৩০ বাজিছে৷ বৰপেটা জিলাৰ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ পৰিৱেশটো অইন দিনতকৈ কিছু পৃথক৷ স্বাস্থ্যকেন্দ্ৰটোৰ প্ৰৱেশদ্বাৰত সজাই তোলা হৈছে এখন অস্থায়ী তোৰণ৷ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে হাতত ফুলাম গামোচা লৈ কাৰোবাক আদৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে৷ সিদিনা আছিল দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি আৰু স্বাস্থ্যসেৱা খণ্ডৰ শক্তিশালীকৰণৰ লক্ষ্যৰে অসম চৰকাৰে আয়োজন কৰা স্বাস্থ্যসেৱা উৎসৱ ২০২৩ৰ দ্বিতীয় দিন৷
শিক্ষাখণ্ডৰ সংস্কাৰৰ বাবে গ্ৰহণ কৰা গুণোৎসৱৰ আৰ্হিত চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ গুণগত স্বাস্থ্যসেৱা প্ৰদানৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ‘স্বাস্থ্যসেৱা উৎসৱ’ অনুষ্ঠিত কৰিছে৷ ১,২৫২খন চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠান (২১খন জিলা চিকিৎসালয়, ১৬খন মহকুমা অসামৰিক চিকিৎসালয়, ২০৫খন সামুহিক স্বাস্থা কেন্দ্ৰ, ১,০১০খন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ)ক সামৰি যোৱা ৬ৰপৰা ৮ এপ্ৰিললৈ তিনিদিনীয়া কাৰ্যসূচীৰে এই মূল্যাংকন প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হয়৷
১৯৫৫ চনতে স্থাপন হোৱা চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত মূল্যায়ক হিচাপে উপস্থিত হোৱা বৰপেটাৰ সহকাৰী আয়ুক্ত নিমাশ্ৰী ডাউকাই (এচিএছ) কয়, “গুণোৎসৱ হোৱাৰ পাছত আমি দেখিছোঁ বিদ্যালয়সমূহত শিক্ষাৰ মান যথেষ্ট উন্নত হৈছে৷ ঠিক সেইদৰে স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ আৰু প্ৰাথমিক খণ্ড এটাৰ মূল্যাংকনৰ যথেষ্ট প্ৰয়োজনীয়তা আছিল৷ ভাৰতৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে অসমত এই পদক্ষেপ হাতত লোৱাটো এক উল্লেখযোগ্য সফলতা৷”
“স্বাস্থ্য এনে এটা বিষয় যি ধনী-দুখীয়া, শিক্ষিত-অশিক্ষিত, জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৰে বাবে সমানে প্ৰয়োজনীয়৷ সেইবাবে স্বাস্থ্যখণ্ডটো আন খণ্ডতকৈ আগবাঢ়ি থকাটো সকলোৰে কাম্য৷ গতিকে, স্বাস্থ্যসেৱা উৎসৱৰ দৰে অভিনৱ মূল্যাংকন প্ৰক্ৰিয়াৰ সফল পৰিসমাপ্তি হোৱাৰ পাছত যিবোৰ সৰু-সুৰা আসোঁৱাহ ৰৈ গৈছিল, তাক শুধৰণি কৰি নাগৰিকসকলক এক সুশৃংখলিত স্বাস্থ্যসেৱা প্ৰদান কৰা হ’ব,” ডাউকাই কয়৷
স্বাস্থ্যসেৱা উৎসৱ অনুষ্ঠিত কৰাৰ পূৰ্বে ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত জিলাসমূহত মূল্যায়নকাৰীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীৰো আয়োজন কৰা হৈছিল৷
চেঙা মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ নুৰুল ইছলামে অসম বাৰ্তাক কয়, “সামগ্ৰিকভাৱে চাবলৈ গ’লে ই এটা অতিকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ যিয়ে চিকিৎসাখণ্ড, চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু ৰোগী- সকলোকে সমানে লাভৱান কৰিব৷ এতিয়াও আমাৰ চৰকাৰী চিকিৎসা প্ৰতিষ্ঠানসমূহত অনুসন্ধান বা পৰীক্ষা নিৰীক্ষাৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা নাই৷ এই মূল্যাংকন প্ৰক্ৰিয়াই এনেধৰণৰ অভাৱসমূহ দূৰ কৰাত সহায় কৰিব বুলি মই আশা কৰিছোঁ৷”
ৰোগীসকলক সুৰক্ষিত, মানসম্পন্ন আৰু উৎকৃষ্ট মানৰ সেৱা প্ৰদান সুনিশ্চিত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাৰে ‘স্বাস্থ্যসেৱা উৎসৱ’ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ ২৯ মাৰ্চত জনতা ভৱনত মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত এই কাৰ্যসূচীৰ ল’গ’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ ৫ এপ্ৰিলত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সঞ্চালিকা ড॰ এম এছ লক্ষ্মী প্ৰিয়াই ভিডিঅ’ কনফাৰেন্সযোগে সকলো জিলাৰ বিষয়ববীয়াৰ সৈতে স্বাস্থ্যসেৱা উৎসৱৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰে৷ এই ভিডিঅ’ কনফাৰেন্সযোগে সকলো বিষয়ববীয়াক উদ্দেশ্যি তেওঁ কয় যে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে অসমৰ স্বাস্থ্য বিভাগৰদ্বাৰা আৰম্ভ কৰা এই অনুশীলনৰপৰা মূল বিষয়সমূহকে ধৰি স্বাস্থ্য বিভাগত থকা আসোঁৱাহ-ত্ৰুটিবোৰৰ বিষয়ে পুংখানুপুংখভাৱে বিশ্লেষণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷
এই ‘স্বাস্থ্যসেৱা উৎসৱ’ত স্ব-মূল্যায়ন আৰু বহিঃ মূল্যায়ন -এই দুটা পৰ্যায় অনুষ্ঠিত কৰা হয়৷ স্ব-মূল্যায়ন প্ৰতিষ্ঠানখনৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়াৰ লগতে অন্য প্ৰশিক্ষিত মূল্যায়নকাৰীৰদ্বাৰা সম্পন্ন কৰা হয়৷ বহিঃ মূল্যায়ন পৰ্যায়ত দুগৰাকী মূল্যায়নকাৰী থাকে য’ত এগৰাকী সাংসদ/ বিধায়ক/বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু এগৰাকী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক তথা স্নাতকোত্তৰৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে৷ ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত নিয়োগ কৰা মুঠ ৪৫০টা মূল্যায়নকাৰী দলে পূৰ্ব নিৰ্ধাৰিত তালিকা অনুসৰি স্বাস্থ্যকেন্দ্ৰসমূহৰ মূল্যায়ন সম্পন্ন কৰিছে৷
গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ গান্ধীবস্তি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ নিৰীক্ষণ কৰা বহিৰ্মূল্যায়ক তথা জিলা পশু চিকিৎসা বিষয়া ড॰ অনুপ তালুকদাৰে কয়, “এটা ভাড়া ঘৰত চলি থকা এই স্বাস্থ্যকেন্দ্ৰটোত ঠাইৰ অভাৱ পৰিলক্ষিত হৈছে৷ কিন্তু, ইয়াৰ চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে সুন্দৰকৈ কেন্দ্ৰটো পৰিচালনা কৰিছে৷ আমি ইয়ালৈ অহা ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে কথা পাতিছোঁ৷”
গুৱাহাটীৰ হেঙেৰাবাৰী চিকিৎসা সেৱা গোটত কৰ্মৰত এগৰাকী এএনএম নাৰ্চ সীমা দাসে কয়, “স্বাস্থ্যসেৱা উৎসৱৰ বিষয়ে শুনাৰেপৰা বৰ উৎসুক হৈ আছিলোঁ৷ বহু নজনা কথা নতুনকৈ জানিবলৈ পাইছোঁ৷ তদুপৰি আমি কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়েও আমাৰ মূল্যায়কগৰাকীক অৱগত কৰাৰ সুযোগ পাইছোঁ৷”
অসম স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ সঞ্চালক ডাঃ নীলমাধৱ দাসে অসম বাৰ্তাৰ প্ৰতিনিধিৰ সৈতে হোৱা বাৰ্তালাপত কয়, “স্বাস্থ্যসেৱা উৎসৱ’ৰ মূল উদ্দেশ্য হৈছে— বিভিন্ন স্তৰৰ চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনি, মানৱ সম্পদ আৰু স্বাস্থ্যসেৱাৰ গুণগত মানৰ মূল্যায়ন কৰা৷ এই মূল্যায়নৰ জৰিয়তে স্বাস্থ্য প্ৰতিষ্ঠানসমূহত আমাৰ দৃষ্টিগোচৰ নোহোৱা আসোঁৱাহ-ত্ৰুটিসমূহ চিনাক্ত কৰি, তাৰ দূৰীকৰণৰ ব্যৱস্থা গ্ৰহণেৰে সকলো প্ৰতিষ্ঠানক ভাৰতীয় জনস্বাস্থ্য মান (IPHS)লৈ উন্নীত কৰাৰ লগতে স্বাস্থ্যকেন্দ্ৰসমূহত প্ৰয়োজনীয় আন্তঃগাঁথনি পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখা, নৱজাতক আৰু মাতৃৰ মৃত্যুৰ হাৰ ৰোধ কৰা আৰু চিকিৎসা ব্যয় হ্ৰাস কৰা৷”
এনেধৰণৰ মূল্যাংকন ব্যৱস্থাৰ জৰিয়তে অজানিতে ৰৈ যোৱা আসোঁৱাহবোৰ বিচাৰি উলিওৱাৰ লক্ষ্যৰেই স্বাস্থ্যসেৱা উৎসৱ আৰম্ভ কৰা হৈছিল৷ এই মূল্যাংকন প্ৰক্ৰিয়াই সম্ভৱতঃ আগন্তুক সময়ত ৰাজ্যখনৰ স্বাস্থ্যসেৱাৰ দিশ নিৰ্ধাৰণ কৰিব৷