ভাৰতৰ দৰে বৈচিত্ৰ্যময় দেশত এটা ভাষাৰ গুৰুত্ব কেৱল ইয়াৰ ব্যৱহাৰকাৰী লোকৰ সংখ্যা বা ভাষাটোত কিমান সাহিত্যৰ সৃষ্টি হৈছে, তাৰ ওপৰতে নিৰ্ভৰ নকৰে। এইক্ষেত্ৰত অন্য ভাষাসমূহৰ মাজত ইয়াৰ স্থান তথা সন্মানো সমানেই গুৰুত্বপূৰ্ণ। সেইকাৰণে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ সিদ্ধান্ত অতি আদৰণীয় আৰু এই পদক্ষেপক প্ৰশংসা কৰা উচিত। এই স্থায়ী স্বীকৃতিয়ে ভাষা আন্দোলনৰ সময়ত অসমীয়া ভাষাৰ প্ৰতি সংশয় প্ৰকাশ কৰা তথা ভাষাটোৰ অস্তিত্বৰ প্ৰতি সন্দেহ ব্যক্ত কৰা আৰু ইয়াক আন গৌৰৱময় ভাষাৰ তুলনাত কম গুৰুত্বপূর্ণ বুলি ভবা লোকসকলক উচিত প্ৰত্যুত্তৰ দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে।
কিন্তু এই স্বীকৃতি হৈছে এটা সম্পূৰ্ণ কাহিনীৰ অংশবিশেষহে। এই স্বীকৃতিয়ে অসমীয়া ভাষীৰ সংখ্যা বৃদ্ধি বা ইয়াৰ সাহিত্যই বিশ্বৰ সাহিত্য মঞ্চত গুৰুত্ব বৃদ্ধি কৰিব বুলি ভাবিব নোৱাৰি। কিন্তু ইয়াৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ভাষাটোৰ ৰক্ষণাবেক্ষণ দিয়া লোকসকলৰ মাজত দায়বদ্ধতা বৃদ্ধি পোৱাত নিশ্চিতকৈ সহায় কৰিব।
চৰকাৰী আৰু বেচৰকাৰী খণ্ডত ভাষাটোৰ ইতিহাসৰ অধিক গৱেষণা কৰা, প্ৰাথমিক পৰ্যায়ৰ পৰা এই ভাষাত পাঠদানৰ ব্যৱস্থা কৰাৰ বিষয়ত গুৰুত্ব দিয়া আৰু গুৰুত্বপূর্ণ প্ৰতিষ্ঠানসমূহত ইয়াৰ তুলনামূলক অধ্যয়ন ব্যৱস্থাৰ আৰম্ভ কৰিলেহে বিশেষ সফলতা লাভ কৰা বুলি গণ্য কৰিব পাৰি। কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হ’ল যে ভাষাটোৰ অতীতৰ গৌৰৱময় স্থিতিক আধাৰ কৰিয়েই আমি থমকি ৰ’ব নালাগিব। ভাষাটোৰ ভৱিষ্যৎমুখী যাত্ৰাটোৰ প্ৰতি লক্ষ্য ৰাখি নতুন নতুন প্ৰচেষ্টা গ্ৰহণ কৰি গ’লেহে ইয়াৰ অস্তিত্ব অটুট থাকিব।