এই সময় সৰ্বশ্ৰেষ্ঠ৷ এয়া জ্ঞান আৰু বিশ্বাসৰ এক নৱযুগ৷ আলোকবৃষ্টিৰে এয়া যেন আশাৰে ভৰা শাৰদীয় ঋতু৷ এক পুনৰুত্থানশীল অসম আৰু ইয়াৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱেশৰ বিষয়ে ঠিক এনে এক কাব্যিক অভিব্যক্তিৰ অনুভৱেই কৰিছে নিগম আৰু বিনিয়োগকৰ্তাসকলে৷ সেয়ে তেওঁলোকে আমাৰ ৰাজ্যখনত বিনিয়োগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ৷ প্ৰায় ৭৬৬ কোটি টকাৰ বিনিয়োগেৰে নামনি অসমৰ নলবাৰীত পেপছিক’ৰ এটা কাৰখানাৰ আধাৰশিলা স্থাপন কৰা হয়৷ সমসাময়িকভাৱে ছয়টা ব্যক্তিগত খণ্ডৰ উদ্যোগে যোৱা ২৩ ছেপ্টেম্বৰত ৰাজ্যখনত ৩,২১৪ কোটি টকাৰ অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি পৃথক-পৃথকৈ বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ লগতে আৰু এটা হোটেল কোম্পানীৰ সৈতে চৰকাৰে এখন ভূমি লীজিং চুক্তিত স্বাক্ষৰ কৰে৷ এই বিনিয়োগসমূহে অসমৰ উদীয়মান যুৱ শক্তিৰ বাবে ৫,১০০ প্ৰত্যক্ষ নিযুক্তি আৰু সহস্ৰাধিক পৰোক্ষ নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ সম্ভাৱনা আছে৷
অসম চৰকাৰৰ উদ্যোগ বিভাগ আৰু বিনিয়োগকৰ্তাসকলৰ মাজত বুজাবুজি চুক্তিৰ স্বাক্ষৰ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে৷ (অনুগ্ৰহ কৰি বক্সত চাওক)
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰে হাতীখুলি বাগিচা গাঁৱত ১০০ কোটি টকাৰ বিনিয়োগেৰে এখন পঞ্চ তাৰকা শ্ৰেণীৰ হোটেল স্থাপনৰ বাবে অসম পৰ্যটন উন্নয়ন নিগম (এটিডিচি) আৰু জেনিপ্ৰ’ হোটেলছ্ প্ৰাইভেট লিমিটেডৰ মাজত এখন ভূমি লীজ চুক্তিটো স্বাক্ষৰ কৰা হয়৷
দিছপুৰৰ জনতা ভৱনৰ এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি ড॰ শৰ্মাই কয় যে চুক্তি স্বাক্ষৰ কৰা এই প্ৰক্ৰিয়াই ইংগিত প্ৰদান কৰিছে যে অসম আজি দেশৰ অন্যতম ঔদ্যোগিক ৰাজ্য হোৱাৰ দিশলৈ আগবাঢ়িছে৷
ব্যক্তিগত খণ্ডৰ সৈতে বছৰটোৰ আৰম্ভণিতে স্বাক্ষৰ হোৱা বহু হাজাৰ কোটি টকাৰ বিনিয়োগৰ চুক্তি বৰ্তমান ৰূপায়ণৰ বিভিন্ন পৰ্যায়ত থকাৰ বিষয়ে উল্লেখ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত বিনিয়োগৰ পৰিৱেশ ত্বৰান্বিত কৰাৰ বাবে অসম চৰকাৰে গঠন কৰা সবলীকৃত সমিতিয়ে মুঠ ১০,০০০ কোটি টকাৰ আন এক ঔদ্যোগিক বিনিয়োগৰ প্ৰস্তাৱ সম্পৰ্কে চিন্তা-চৰ্চা কৰি আছে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক ১৮ মাহত ২০১৯ চনৰপৰা ৰাজ্যখনত ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ পৰিমাণ ৫০,০০০ কোটি টকাৰ অতিক্ৰম কৰিব৷ তেওঁ আশা প্ৰকাশ কৰে যে এইখন চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰালৈকে অসমত ব্যক্তিগত খণ্ডৰ মুঠ বিনিয়োগে ১ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিব পাৰিব৷
এক দশক পূৰ্বৰ ৰাজ্যখনৰ সামাজিক-ৰাজনৈতিক দৃশ্যপটক বৰ্তমানৰ সৈতে তুলনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত বৰ্তমান পৰিস্থিতি শান্তি আৰু স্থিৰতাৰে পূৰ্ণ হৈ আছে আৰু ৰাজ্যখনক বিনিয়োগকৰ্তাসকলে সুৰক্ষিত লক্ষ্য হিচাপে চিহ্নিত কৰিছে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্তিগত খণ্ডৰ বাবে বিনিয়োগ-অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপৰ বিষয়েও উল্লেখ কৰে৷ ড॰ শৰ্মাই উল্লেখ কৰে যে চৰকাৰে বিনিয়োগৰ প্ৰস্তাৱসমূহৰ লগতে সম্ভাৱ্য বিনিয়োগকৰ্তাসকলৰ এনে অনুৰোধসমূহক ক্ষিপ্ৰ অনুমোদনৰ সুবিধা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ৷
ড॰ শৰ্মাই সম্ভাব্য বিনিয়োগকৰ্তাসকলক তেওঁলোকৰ বিনিয়োগ আৰু তেনে প্ৰস্তাৱসমূহৰ ক্ষেত্ৰত অধিক বিলম্ব হ’লে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈও আহ্বান জনায়৷
যোৱা ৬ ছেপ্টেম্বৰত ড॰ হিমন্ত বিশ্ব শৰ্মাই পেপছিক’ ইণ্ডিয়াৰ কাৰখানা স্থাপনৰ কাম শুভাৰম্ভ কৰি নলবাৰীত ভূমি পূজন অনুষ্ঠানত অংশ লয়৷
নলবাৰী জিলাৰ বানেকুচিৰ বনভাগ হ’লমাৰীস্থিত এআইডিচি ইণ্ডাষ্ট্ৰিয়েল পাৰ্কত প্ৰস্তাৱিত এই প্ৰকল্পটো ৪৪.২০ একৰ ভূমিত নিৰ্মাণ কৰা হ’ব৷ আনুমানিক প্ৰকল্প ব্যয় হ’ব ৭৭৮ কোটি টকা৷ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত এই সেউজক্ষেত্ৰ প্ৰকল্পটোৱে প্ৰায় ৫০০জন লোকৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে নলবাৰীত পেপছিক’ ইণ্ডিয়াৰ ষষ্ঠটো প্ৰকল্প স্থাপন হৈছে ৰাজ্যখনৰ ঔদ্যোগিকৰণৰ ইতিহাসৰ বাবে উল্লেখনীয় হৈ থাকিব৷ তেওঁ কয় যে পেপছিক’ৰ এই বিনিয়োগ এখন উন্নত আৰু বিকশিত অসমৰ যাত্ৰাৰ আৰম্ভণিতে অন্যতম বৃহৎ বিনিয়োগ হিচাপে চিহ্নিত হৈছে৷
এই প্ৰকল্পটো ২০২৫ চনৰ ভিতৰত কাৰ্যক্ষম হৈ উঠিব বুলি আশা প্ৰকাশ কৰা হৈছে৷ এই প্ৰকল্পটো ৭৫% মহিলাৰ সৈতে পাঁচ শতাধিক ব্যক্তিৰ বাবে নিযুক্তি সৃষ্টি কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে৷