
ভাৰত-ভূটানৰ বান্ধোনক অধিক সুদৃঢ় কৰিবলৈ ভূটানৰ নৃপতি জিগমে খেছাৰ নামগ্যাল ৱাংগচুকে শেহতীয়াকৈ ৮দিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰে। ইয়াৰ অংশ হিচাপে তিনিদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰা নামগ্যাল ৱাংগচুকে পাছত নতুন দিল্লীত উপস্থিত হয় আৰু এই সময়ছোৱাত দুয়োখন দেশৰ চৰকাৰে অসমক অগ্ৰাধিকাৰ প্ৰদান কৰি নতুন দিল্লীত এক যৌথ ঘোষণাপত্ৰ জাৰি কৰে। (বক্সত চাওক)
৩ নৱেম্বৰ ২০২৩ত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভূটানৰ নৃপতিগৰাকী উপস্থিত হোৱাৰ সময়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু তেখেতৰ সতীৰ্থ মন্ত্ৰীসকলে উষ্ম আদৰণি জনায়৷ অসম ভ্ৰমণৰ প্ৰথম কাৰ্যসূচী হিচাপে নামগ্যাল ৱাংগচুকে কামাখ্যা মন্দিৰ দৰ্শন কৰি মা কামাখ্যাৰ শ্ৰীচৰণত সেৱা আগবঢ়ায়।

“তেওঁ মন্দিৰ দৰ্শন কৰি আপ্লুত হৈ পৰে। পৰিয়ালৰ সৈতে পুনৰ কামাখ্যা ধাম দৰ্শন কৰিব বুলি তেখেতে আমাক জনায়,” মন্দিৰৰ বৰ দলৈ কবীন্দ্ৰ শৰ্মাই সংবাদ মাধ্যমৰ আগত এনেদৰে প্ৰকাশ কৰে। মন্দিৰ দৰ্শনৰ পাছত ড° হিমন্ত বিশ্ব শর্মাই নৃপতিগৰাকীক তেওঁৰ হোটেলত সাক্ষাৎ কৰে৷
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দুয়োখন দেশৰ মাজত এক শক্তিশালী সু-সম্পৰ্ক বিদ্যমান আৰু এই ভ্ৰমণে দুয়োখন দেশৰ মাজত থকা পুৰণি সুদৃঢ় বান্ধোনক প্ৰতিফলিত কৰিছে। শৈক্ষিক দিশৰ সংযোগ, আন্তঃগাঁথনিমূলক অংশীদাৰিত্ব, স্বাস্থ্য সেৱাত সহযোগিতা, আধ্যাত্মিক চিন্তা-চেতনাৰ সৈতে একাত্মবোধ তথা জনসংযোগে এই সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।
বৈদেশিক সচিব বিনয় মহন কোয়াত্ৰায়ো নৃপতিগৰাকীক সন্ধিয়া সাক্ষাৎ কৰে। উক্ত দিনাই ভূটানৰ ৰজাগৰাকীয়ে ভূটানী প্ৰবাসীসকলক গুৱাহাটীত সাক্ষাৎ কৰাৰ লগতে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰদ্বাৰা আয়োজিত নৈশভোজ তথা সাংস্কৃতিক কাৰ্যসূচীত অংশ লয়। ৰাজ্যপালগৰাকীয়ে হস্তীবিদ্যাৰ্ণৱৰ আধাৰত প্ৰস্তুত কৰা সাঁচিপাতৰ এখন পাণ্ডুলিপিৰ চিত্ৰ ভূটানৰ নৃপতিগৰাকীক উপহাৰস্বৰূপে প্ৰদান কৰে।

নৃপতিগৰাকীয়ে ৪ নৱেম্বৰত আইআইটি, গুৱাহাটী, এইমছ, গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, ৰাষ্ট্ৰীয় ডিজাইন সংস্থা আৰু টিছৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰে আৰু একেদিনাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৰাওনা হয়। উক্ত দিনা তেখেতে ৰাষ্ট্ৰীয় উদ্যানখনৰ মিহিমুখ প্ৰৱেশ দ্বাৰৰপৰা কঁহৰা কেন্দ্ৰীয় ৰেঞ্জলৈ জীপ ছাফাৰীযোগে কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰে। ভূটানৰ ৰাজকীয় দলটোৱেও কাঠপৰা পৰিদৰ্শন টাৱাৰ আৰু ডাফলাং টাৱাৰত ৰৈ কাজিৰঙাৰ নৈসৰ্গিক দৃশ্যৰ সাক্ষী হয়। তদুপৰি কাজিৰঙাৰ মনোমোহা দৃশ্যক নৃপতিগৰাকীয়ে ম’বাইল ফ’নৰ কেমেৰাত বন্দী কৰাৰ লগতে বাইন’কুলাৰেৰে বন্যপ্ৰাণীসমূহ প্ৰত্যক্ষ কৰে।
ইয়াৰ পাছত তেখেতে একেই ৰেঞ্জৰ ১ নম্বৰ এলিফেণ্ট ৰাইডিং পইণ্টত উপস্থিত হয় আৰু কঁহৰা সুঁতিত হাতীক গা-ধোৱাই থকাৰ সময়ত মাউতে গীত জুৰি থকাৰ মনোৰম দৃশ্যৰ সাক্ষী হয়। বন বিভাগৰ হাতীৰ সৈতে তেখেতে ৰাইডিং পইণ্টৰপৰা সমুখৰ দিশত সূৰ্যাস্তৰ দৃশ্য উপভোগ কৰাৰ লগতে কাৰ্বি আংলঙৰ পাহাৰৰপৰাও এই অস্তগামী সূৰুযৰ নয়নাভিৰাম সৌন্দৰ্য প্ৰত্যক্ষ কৰে। এই সময়ছোৱাত তিনিগৰাকী কেবিনেট মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াই ভূটানৰ নৃপতিগৰাকীক সংগ দিয়ে।
উক্তদিনাই সন্ধিয়া মুখ্যমন্ত্রীয়ে আয়োজন কৰা নৈশভোজত ভূটানৰ ৰজাগৰাকীয়ে অংশগ্রহণ কৰে আৰু ৫ নৱেম্বৰত যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰৰপৰা দিল্লী অভিমুখে ৰাওনা হয়।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নৃপতিগৰাকীৰ অসম ভ্ৰমণ সন্দৰ্ভত টুইটযোগে উল্লেখ কৰে, “ভূটানৰ মহামহিম নৃপতিগৰাকীৰ অসম ভ্ৰমণ সঁচাকৈয়ে এক ঐতিহাসিক ক্ষণ৷ অসম আৰু ভূটানে একেই সীমা ভাগ-বাটোৱাৰা কৰে। লিখিত ইতিহাসত প্ৰথমবাৰৰ বাবে অসমে ভূটান নৃপতিগৰাকীক আতিথ্য প্ৰদান কৰে।”
