প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ২৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত এখন কেন্দ্ৰীয় কেবিনেটত দেশত ছেমিকণ্ডাক্টৰ (অৰ্ধপৰিবাহী) আৰু ডিছপ্লে’ উৎপাদনৰ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে তিনিটা ছেমিকণ্ডাক্টৰ গোট স্থাপনৰ বাবে অনুমোদন জনাইছে। কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কেবিনেটৰ এই সিদ্ধান্ত সম্পৰ্কে সংবাদ মাধ্যমক অৱগত কৰি কয় যে এই তিনিটা ছেমিকণ্ডাক্টৰ গোটৰ ভিতৰত এটা অসমৰ মৰিগাঁও জিলাত ২৭,০০০ কোটি টকাৰ আনুমানিক ব্যয় সাপেক্ষে স্থাপন কৰা হ’ব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে টাটা ছেমিকণ্ডাক্টৰ এছেম্বলী আৰু টেষ্ট প্ৰাইভেট লিমিটেডে (টিএছএটি) মৰিগাঁও জিলাত এটা অৰ্ধপৰিবাহী গোট স্থাপন কৰিব। টিএছএটি ছেমিকণ্ডাক্ট গোটটোৱে ফ্লিপ চিপ আৰু আইএছআইপি (পেকেজত একত্ৰিত প্ৰণালী) প্ৰযুক্তিকে ধৰি থলুৱা উন্নত ছেমিকণ্ডাক্টৰ পেকেজিং প্ৰযুক্তি বিকশিত কৰিছে। ইয়াৰ ক্ষমতা প্ৰতিদিনে ৪৮ নিযুত হ’ব। এই ছেমিকণ্ডাক্টৰে অট’মোটিভ, বৈদ্যুতিক বাহন, উপভোক্তা ইলেক্ট্ৰনিকছ, টেলিকম, ম’বাইল ফোন আদি খণ্ডসমূহৰ প্ৰয়োজনীয়তা পূৰণ কৰিব,” অশ্বিনী বৈষ্ণৱে কয়।
আগন্তুক ১০০ দিনৰ ভিতৰত এই ছেমিকণ্ডাক্টৰ গোটসমূহৰ আধাৰশিলা স্থাপন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অসম চৰকাৰে পূৰ্বৰ টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পটো স্থাপন কৰিবলৈ জাগীৰোড কাগজকলৰ চৌহদটো নিৰ্বাচন কৰিছে।