কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ বেলতলাত কৰ্মচাৰী ৰাজ্য বীমা নিগম (ইএছআইচি) চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে অনুমোদন জনাইছে।
কেন্দ্ৰীয় শ্ৰম আৰু নিযুক্তি, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াই ৮ অক্টোবৰত নতুন দিল্লীৰ ইএছআইচি মুখ্য কাৰ্যালয়ত ইএছআই নিগমৰ ১৯৪সংখ্যক বৈঠকত সভাপতিত্ব কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেখেতে ইএছআইচিৰ আন্তঃগাঁথনি আৰু চিকিৎসা সুবিধাক অধিক শক্তিশালী কৰাৰ বাবে ইএছআই নিগমৰ কেইবাটাও সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।
ড০ মাণ্ডৱিয়াই ঘোষণা কৰে যে ইএছআই নিগমে দেশত ১০খন নতুন ইএছআইচি চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে নীতিগত অনুমোদন জনাইছে। অসমৰ ৰাজধানী চহৰত স্থাপন হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়খন এই ১০খন চিকিৎসা মহাবিদ্যালয়ৰ অন্যতম।
ড০ মাণ্ডৱিয়াই লগতে ঘোষণা কৰে যে বীমাকৃত শ্ৰমিকসকলৰ চিকিৎসাৰ প্ৰয়োজনীয়তাৰ বিতৰণ আৰু পূৰণৰ বাবে ইএছআইচিৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত নিগমে দেশৰ সাতটা পৃথক স্থানত ইএছআই ডিছপেনচাৰী আৰু শাখা কাৰ্যালয় নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰস্তাৱতো অনুমোদন জনাইছে। ইয়াৰে এটা ইএছআই ডিছপেনচাৰী আৰু শাখা কাৰ্যালয় মুকলি কৰা হ’ব ধুবুৰীত।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে অহা ৫ বছৰত নতুন ৭৫,০০০ চিকিৎসা আসন সৃষ্টি কৰা হ’ব আৰু এই পদক্ষেপে এই ঘোষণা পূৰণৰ ক্ষেত্ৰত অৱদান আগবঢ়াব।
ইএছআইচি চিকিৎসা শিক্ষা প্ৰতিষ্ঠানসমূহত স্নাতক পাঠ্যক্ৰমৰ বাবে নামভৰ্তি নীতি আৰু প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। আঁচনিখনত ‘সৰ্বভাৰতীয় ক’টা’ আৰু ‘ৰাজ্য চৰকাৰৰ ক’টা’ৰ লগতে ‘বীমাকৃত ব্যক্তিৰ (আইপি) ক’টা’ অন্তৰ্ভুক্ত হৈ আছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ বেলতলাত ইএছআইচি চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ শলাগ লয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত উল্লেখ কৰে যে, “গুৱাহাটীত এখন ইএছআইচি চিকিৎসা মহাবিদ্যালয়ৰ অনুমোদন দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”
“ই আমাৰ চিকিৎসা খণ্ডৰ বিকাশৰ বাবে আমি গ্ৰহণ কৰি থকা প্ৰচেষ্টাক অধিক শক্তিশালী কৰিব আৰু ৰাজ্যৰ ৰোগীসকলক সৰ্বশ্ৰেষ্ঠ চিকিৎসা প্ৰদান কৰাৰ সুযোগ সৃষ্টি কৰিব। ইয়াৰ ফলত আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ নেটৱৰ্কো বৃদ্ধি পাব,” মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়।
কৰ্মচাৰী ৰাজ্য বীমা নিগম হৈছে ভাৰত চৰকাৰৰ শ্ৰম আৰু নিযুক্তি মন্ত্ৰ্যালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত থকা দুটা মুখ্য আইনী সামাজিক সুৰক্ষা সংস্থাৰ অন্যতম।
গুৱাহাটীৰ বেলতলাৰ ইএছআইচি চিকিৎসালয়ৰ স্থানতেই ইএছআইচি চিকিৎসা মহাবিদ্যালয়খন স্থাপন কৰা হ’ব।