• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Wednesday, March 22, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home কেন্দ্ৰ-ৰাজ্য সংবাদ

অসমত নৱীকৃত শক্তিৰ ত্বৰান্বিত গতি

AB Bureau by AB Bureau
September 1, 2022
in অসমীয়া, কেন্দ্ৰ-ৰাজ্য সংবাদ
0
0
অসমত নৱীকৃত শক্তিৰ ত্বৰান্বিত গতি

হনক্ষম উন্নয়ন লক্ষ্য ৭ৰ অধীনত সেউজ শক্তিৰ ব্যৱহাৰৰ বাবে ভাৰতে গ্ৰহণ কৰিছে দৃঢ় সংকল্প৷ এই সংকল্পক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে গ্লাছগ’ত অনুষ্ঠিত কপ২৬-ত (Conference of the Parties 26) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতি ৰক্ষাৰ্থে অসমেও মুঠ সৌৰ শক্তিৰ উৎপাদন বৃদ্ধি কৰিবলৈ এলানি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷

এই দিশত প্ৰথমটো পদক্ষেপৰ ৰূপত শেহতীয়াকৈ ৰাজ্যখনৰ শক্তি বিভাগৰ উৎপাদক শাখা অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এনএলচি ইণ্ডিয়া লিমিটেডৰ মাজত এখনি ঐতিহাসিক চুক্তি স্বাক্ষৰিত হয়৷ এই চুক্তিৰ উদ্দেশ্য হৈছে অসমত ১,০০০ মেগাৱাট নৱীকৰণযোগ্য শক্তি উৎপাদন কৰা৷ যোৱা ৯ আগষ্টত জনতা ভৱনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় কয়লা, খনি বিভাগৰ মন্ত্ৰী প্ৰলহাদ যোশীৰ উপস্থিতিত এপিডিচিএলৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰ আৰু এনএলচিআইএল (NLCIL)ৰ সঞ্চালক (পৰিকল্পনা আৰু প্ৰকল্প) কে মোহন ৰেড্ডীয়ে এই বুজাবুজিৰ চুক্তিখনত স্বাক্ষৰ কৰে৷

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই দিনটোক ৰাজ্যখনৰ বিদ্যুৎ উৎপাদন ক্ষেত্ৰখনৰ বাবে এক ঐতিহাসিক দিনৰূপে অভিহিত কৰে৷ তেওঁ উল্লেখ কৰে যে অসমত বিদ্যুতৰ প্ৰয়োজনীয়তা প্ৰতিদিনে বৃদ্ধি পোৱা হেতু জলবায়ু পৰিৱৰ্তনৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰাটো ৰাজ্যখনৰ এক দায়িত্ব৷ তেওঁ কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় দূৰদৰ্শী চিন্তাৰ প্ৰতি আমি সঁহাৰি জনাবই লাগিব৷

তেওঁ কয় যে অসমে আন এটা প্ৰকল্পৰ জৰিয়তে অতিৰিক্ত ১,০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে ৪,০০০ কোটি টকাৰ বিনিয়োগ কৰিব৷

“এয়া কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ পদক্ষেপ৷ ইতিমধ্যে আমি এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা ঋণৰ বাবে ইন-প্ৰিন্সিপাল অনুমোদন লাভ কৰিছোঁ৷ এপিডিচিএলে এই পৰিকল্পনাৰ ৰূপায়ণ কৰিব৷ অনাগত কেইটামান বছৰৰ ভিতৰত ২,০০০ মেগাৱাট নৱীকৰণযোগ্য শক্তি উৎপাদনৰ বাবে অসমত মুঠ ১০,০০০ কোটি টকা বিনিয়োগ কৰা হ’ব,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷

কেন্দ্ৰীয় মন্ত্ৰী প্ৰলহাদ যোশীয়ে কয় যে প্ৰয়োজনীয় শক্তি উৎপাদনেৰে অসমৰ জনসাধাৰণক সবলীকৃত কৰাৰ উপৰি এই উদ্যোগটোৱে ৰাজ্যখনত নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব আৰু কাৰিকৰী জ্ঞানেৰে সমৃদ্ধ কৰি অসমৰ সামগ্ৰিক বিকাশত অৰিহণা আগবঢ়াব৷

এলানি বিশেষ আলোচনাৰ পাছত এনএলচিআইএল আৰু এপিডিচিএলৰ মাজত অনুপাত ৫১ঃ৪৯ৰ অংশীদাৰিত্বৰে এটা যৌথ উদ্যোগ কোম্পানী (JVC)] গঠনৰ বাবে চুক্তি স্বাক্ষৰিত হয়৷ অসমৰ শক্তি উৎপাদন বৃদ্ধিৰ জৰিয়তে অৰ্থনৈতিক বিকাশ আৰু নিযুক্তিৰ সম্ভাৱনীয়তা সৃষ্টি কৰিবলৈ কোম্পানীটোত মুঠ ৫,০০০ কোটি টকা বিনিয়োগ কৰা হ’ব৷

এপিডিচিএলৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰে অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত কয় যে এই জেভিচি হৈছে দুয়োপক্ষৰ মাজত বুজাবুজি চুক্তি৷ ইয়াৰ জৰিয়তে অসমে অব্যৱহৃত ভূমিৰ নগদীকৰণৰ লগতে ৰাজ্যখনৰ উৎপাদন বৃদ্ধি আৰু কাৰিকৰী উত্থানৰ জৰিয়তে লাভান্বিত হ’ব পাৰিব৷ আনহাতে, কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নৱৰত্নৰ (Navratna CPSE) অন্যতম এনএলচিআইএলে নৱীকৰণযোগ্য শক্তি উৎপাদনৰ লক্ষ্যপ্ৰাপ্তি আৰু সমস্যামুক্ত ভূমিৰ উপলভ্যতাৰ জৰিয়তে ব্যৱসায় সম্প্ৰসাৰণ নিশ্চিত কৰি লাভান্বিত হ’ব৷ ইয়াৰ ফলত অৰ্থনীতিৰ বিকাশ সুনিশ্চিত কৰি এই প্ৰকল্পটোৱে বাণিজ্যিক সাৰ্থকতাও নিশ্চিত কৰিব পাৰিব৷

“এই প্ৰকল্পটোত নিৰ্মাণ পৰ্যায়ত প্ৰায় ২,০০০ কৰ্মচাৰী আৰু কাৰ্যক্ষম পৰ্যায়ত প্ৰায় ১,০০০ কৰ্মচাৰী নিয়োজিত হৈ থাকিব,” ৰাকেশ কুমাৰে প্ৰকল্পটোৰ নিযুক্তি সৃষ্টিৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি এনেদৰে কয়৷

ইতিমধ্যে এপিডিচিএলৰ নামত ১৬,০০০ বিঘাতকৈও অধিক ভূমি আবণ্টন কৰা হৈছে৷ ইয়াৰ ভিতৰত আছে কাৰ্বি আংলঙত ১০,০০০ বিঘা, ডিমা হাচাওত ৫,০০০ বিঘা আৰু ধুবুৰী জিলাৰ বিলাসীপাৰাত ১,০০০ বিঘা ভূমি৷ তদুপৰি, কিছু ভূমিৰ নিষ্পত্তিকৰণ কৰি থকাৰ লগতে ৰাজ্য চৰকাৰৰ মীন বিভাগৰ অধীনত থকা ১২,২৬১ হেক্টৰ জলাশয়ৰ মালিকীস্বত্ব স্থানান্তৰণৰ প্ৰক্ৰিয়াও চলি আছে৷

তদুপৰি, পূৰ্বৰ সংখ্যাৰ অসম বাৰ্তাত প্ৰকাশিত প্ৰতিৱেদন অনুসৰি এপিডিচিএল-এ ‘মুখ্যমন্ত্ৰী সৌৰ শক্তি প্ৰকল্প’ৰ অধীনত ১,০০০ মেগাৱাট সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে বিত্ত মন্ত্ৰ্যালয়ৰ পৰা অনুমোদন লাভ কৰিছে৷

১৯ আগষ্টত ৰাজ্যিক কেবিনেটে এপিডিচিএল আৰু এছজেভিএনএলৰ সম্পূৰ্ণ মালিকানাধীন সংস্থা এছজেভিএন গ্ৰীন এনাৰ্জি লিমিটেডৰ মাজত এটা জেভিচিৰ গঠন কৰি ১,০০০ মেগাৱাট নৱীকৰণযোগ্য শক্তি প্ৰকল্প স্থাপনৰ বাবে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনাইছিল৷

এপিডিচিএলৰ শীৰ্ষ বিষয়াসকলৰ মতে এই প্ৰকল্পসমূহ সফলতাৰে আৰম্ভ হোৱাৰ পাছত কেৱল ৰাজ্যখনৰ বিদ্যুৎ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ লগতে কাৰ্বন নিৰ্গমন ব্যাপকভাৱে হ্ৰাস হ’ব৷

অসমৰ শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা আৰু আন কেইবাগৰাকীও মন্ত্ৰীৰ লগতে অনুষ্ঠানটোত উপস্থিত আছিল শক্তি বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মা৷

ShareTweetShare

Related Posts

Ganga Vilas docks on Assam’s shore
বিশেষ বাৰ্তা

গংগা বিলাস : বগীবিলত যাত্ৰা সম্পূৰ্ণ কৰিলে বিশ্বৰ দীৰ্ঘতম নদী জাহাজে

March 3, 2023
576
Assam’s Bihu shot at Guinness
বিশেষ বাৰ্তা

বিহুটিক গীনিজ বুকৰ পৃষ্ঠাত খোদিত কৰাৰ লক্ষ্য

March 2, 2023
997
‘These two days are special’
বিধায়কৰ বাৰ্তা

মাতৃ-পিতৃ বন্দনা : দুটা বিশেষ দিন

March 2, 2023
688
Vety Dept to be revamped : CM
বিশেষ বাৰ্তা

পুনৰুজ্জীৱিত কৰা হ’ব পশু চিকিৎসা বিভাগক : মুখ্যমন্ত্ৰী

March 2, 2023
675
Yunus opens BTR Knowledge Fest
বিশেষ বাৰ্তা

বড়োলেণ্ডত আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ শুভাৰম্ভণি

March 2, 2023
793
Over 41 lakh evaluated in Gunotsav 2023
বিশেষ বাৰ্তা

গুণোৎসৱ ২০২৩ৰ সফল সমাপ্তি

March 2, 2023
721
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In