মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৩ জুনত গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজিত এক কাৰ্যসূচীত অসমৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহত প্ৰযোজ্য হোৱাকৈ আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) ২০২০ মুকলি কৰে৷
এনইপি হৈছে ভাৰতৰ শিক্ষা খণ্ডত বিদ্যালয় শিক্ষাৰপৰা গৱেষণা শিক্ষাৰ পৰ্যায়লৈ এক দৃষ্টান্তমূলক পৰিৱৰ্তন অনাৰ উদ্দেশ্যে এক নিৰ্দেশনামূলক নীতি ৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ যুৱপ্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি গ্ৰহণ কৰা দৃষ্টিভংগীৰ আধাৰত এনইপিৰ পৰিকল্পনা কৰা হৈছিল৷ এই নীতিৰ অংশস্বৰূপে আমি বহুমুখী শিক্ষা আৰু শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত এক সামগ্ৰিক আৰু সবল পৰিৱেশ গঢ়ি তোলাৰ দিশত গুৰুত্ব প্ৰদান কৰা উচিত৷”

ড॰ শৰ্মাই কয় যে আমাৰ দেশৰ শিক্ষা ব্যৱস্থাত এক ইতিবাচক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত এনইপিয়ে বাট মুকলি কৰিব আৰু সেয়ে ইয়াৰ ৰূপায়ণৰ উদ্দেশ্যে প্ৰতিশ্ৰুতিবদ্ধ পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে৷ তেওঁ কয়, “এতিয়া বাস্তৱত ৰূপায়িত হোৱা এই পদক্ষেপসমূহ অনাগত দিনত অসমত শৈক্ষিক উৎকৰ্ষতাৰ যাত্ৰাত মাইলৰ খুঁটি হৈ পৰিব৷”
মুখ্যমন্ত্ৰীগৰাকীয়ে লক্ষ্য কৰে যে এনইপি ২০২০ হৈছে প্ৰথম শিক্ষা নীতি যি উচ্চ শিক্ষাৰ ক্ষেত্ৰত থকা বিভাজনক প্ৰত্যাহ্বান জনাই এক বহুমুখী দৃষ্টিভংগী প্ৰদান কৰিছে৷ “প্ৰথমবাৰৰ বাবে শিক্ষাৰ ক্ষেত্ৰত এক উদাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে য’ত বিজ্ঞান, কলা, বাণিজ্য আদি শাখাৰ মাজত থকা অনমনীয় বিভেদ আঁতৰ কৰা হৈছে৷
সম্পূৰ্ণ ব্যৱস্থাটোক আদৰণি জনাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আৰু বৰ্তমান এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অলক বুঢ়াগোহাঁয়ে কয় যে ই দেশৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত এক যোগাত্মক পৰিৱৰ্তন সাধন কৰিব৷
“এক ব্যাপ্ত আৰু নমনীয় প্ৰণালীয়ে শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন বিষয়ৰ বাবে অধ্যয়নৰ পৰিসৰ বৃদ্ধি কৰিব৷ ক্ৰেডিট স্থানান্তৰ প্ৰণালীয়ে দেশৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ গতিশীলতা বৃদ্ধি কৰিব৷ স্নাতক কাৰ্যসূচীত বহুমুখী প্ৰৱেশাধিকাৰৰ সুযোগে ড্ৰপআউটৰ সংখ্যা হ্ৰাস কৰিব আৰু উচ্চ শিক্ষাৰ সুবিধা প্ৰদান কৰিব৷ দক্ষতা আৰু বৃত্তিমূলক শিক্ষাত গুৰুত্ব দিয়াৰ বাবে যুৱপ্ৰজন্মৰ উদ্যমিতাৰ পথ মুকলি হ’ব, ” তেওঁ অসম বাৰ্তাক কয়৷

“চতুৰ্থ ঔদ্যোগিক বিপ্লৱ-উদ্যোগ ৪.০ৰ পৰিপ্ৰেক্ষিতত লাভ কৰা অসীম সুযোগসমূহে ৰাজ্যখনৰ যুৱপ্ৰজন্মক দেশৰ বাকী অংশৰ সৈতে সমভাৱে সক্ষম কৰি দেশক আগুৱাই নিয়াত সহায় কৰিব৷ ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে ৰাজ্যখনৰ যুৱপ্ৰজন্ম আৰু অঞ্চলটোৰ অৰ্থনীতিক সবলীকৃত কৰিব,” অলক বুঢ়াগোহাঁয়ে কয়৷
ৰাজ ভৱনৰ নিৰ্দেশনাত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰূপায়ণ সম্পৰ্কীয় এক সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ শিক্ষা ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলক অসমক পূব ভাৰতৰ এক শৈক্ষিক কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ দিশত কাম কৰিবলৈ আহ্বান জনায়৷
সন্মিলনৰ প্ৰথম দিনা ভাষণ প্ৰদান কৰি অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কয় যে এনইপিয়ে ‘ভাৰতীয় নীতি’ক সামৰি ল’ব পৰা এক শিক্ষা ব্যৱস্থাৰ পৰিকল্পনা কৰিছে৷ ইয়াৰ জৰিয়তে সকলোকে উচ্চ মানৰ শিক্ষা প্ৰদান কৰি ভাৰতক এক ন্যায্য আৰু প্ৰাণৱন্ত জ্ঞানময় সমাজলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত পোনপটীয়াকৈ অৰিহণা যোগাব পৰা যাব৷
কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ ৰমেশ চন্দ্ৰ ডেকাই আস্থা প্ৰকাশ কৰে যে এনইপি ২০২০-ৰ সু-ফলাফল সকলোৱে লাভ কৰিব৷
“বিশ্ব গুৰু ভাৰত গঢ়ি তোলাৰ উদ্দেশ্যে এনইপি-২০২০ হৈছে এক সুদৃঢ় ভেটি৷ এই লক্ষ্য প্ৰাপ্তিৰ উদ্দেশ্যে আৰু এক নতুন, স্ব-নিৰ্ভৰ ভাৰত গঢ়ি তুলিবলৈ আমি কাম কৰি যাব লাগিব৷ এইক্ষেত্ৰত কোনো দ্বিধা নাই যে এনে সু-পৰিকল্পিত নীতিৰ বাবে ভাৰত এদিন ‘বিশ্ব গুৰু’
হৈ উঠিব,” তেখেতে কয়৷