অসম চৰকাৰৰ সৈতে টাটা ইলেক্ট্ৰ’নিক্স প্ৰাইভেট লিমিটেডৰ হোৱা সফল আলোচনাৰ ফলত জাগীৰোডত ৪০,০০০ কোটি টকা বিনিয়োগ সাপেক্ষে ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ বাবে চিন্তা-চৰ্চা কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। “এই প্ৰকল্পটোৰ বাবে শিক্ষিত আৰু দক্ষতাসম্পন্ন মানৱ সম্পদৰ প্ৰয়োজন হ’ব। ৰাজ্যখনৰ যুৱক-যুৱতীসকলক শিক্ষিত আৰু দক্ষ কৰি তোলাৰ বাবে টাটা গোষ্ঠীৰ সৈতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে,” ৮ ডিচেম্বৰত লোকসেৱা ভৱনত আয়োজিত ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান’ৰ আবেদন দাখিল প্ৰক্ৰিয়াৰ প’ৰ্টেল মুকলি কৰাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই অভিযানৰ অধীনত উদ্যমিতাৰ পথ প্ৰশস্ত কৰি ৰাজ্যখনৰ ২ লাখ যুৱক-যুৱতীক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব। আঁচনিখনৰ হিতাধিকাৰীসকলে ক্ষুদ্ৰ উদ্যোগ বা সেৱা গোট স্থাপন কৰিবলৈ চৰকাৰী অনুদান আৰু সুতবিহীন চৰকাৰী ঋণ হিচাপে দুটা কিস্তিত ২ লাখ টকা লাভ কৰাৰ যোগ্যতা অৰ্জন কৰিব।
যুৱক-যুৱতীসকলক আৰ্থিকভাৱে টনকিয়াল কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ আন ঋণসমূহৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ এই আঁচনিখন মুকলি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেখেতে লগতে কয় যে আঁচনিখনৰ বাবে প্ৰস্তুত কৰা ৱেব প’ৰ্টেলত বৰ্তমানলৈকে ২,২৯,১৪৫গৰাকী হিতাধিকাৰীয়ে পঞ্জীয়ন কৰিছে।
সাম্প্ৰতিক সময়ত অসমে উদ্যোগীকৰণৰ এক নতুন পৰিৱেশৰ সাক্ষী হৈছে বুলিও ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰে। তেখেতে সদৰী কৰে যে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ অধীনত যোৱা কেইবছৰমানত কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে ১০,০০০ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে।