কৃষি উৎপাদনৰ ক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ অসম চৰকাৰে ৰাজ্যখনত জোৱাৰ খেতিৰ অভিযান আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে৷ এই লক্ষ্যপ্ৰাপ্তিৰ উদ্দেশ্যে আৰম্ভ কৰা আঁচনিখন হৈছে ‘অসম জোৱাৰ অভিযান’৷ সাত বছৰীয়া এই অভিযানৰ আৰম্ভনি হ’ব ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা৷
উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাৰতৰ পৃষ্ঠপোষকতাত ২০২৩ বৰ্ষটো আন্তৰ্জাতিক জোৱাৰ বৰ্ষ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ভাৰত চৰকাৰে জোৱাৰ শস্য আৰু খেতিৰ প্ৰসাৰৰ বাবে কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ সংকল্প লৈছে৷ অসম চৰকাৰেও ২০২৩ বৰ্ষটো জোৱাৰ বৰ্ষ হিচাপে পালন কৰিবলৈ প্ৰকৃতাৰ্থত সাজু হৈছে৷ তেজুপুৰৰ উপায়ুক্ত সন্মিলনত মুখ্যমন্ত্ৰীগৰাকীয়ে জোৱাৰ খেতি সম্পৰ্কে এক বিশেষ ঘোষণা কৰাৰ পাছত প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে৷
আৰিয়াছ ছ’চাইটী (Assam Rural Infrastructure and Agricultural Services Society)ৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক ৰ’শ্নি কোৰাটি (আইএএছ)য়ে কয় যে এই অভিযানৰ অধীনত জোৱাৰ উৎপাদন, শস্য চপোৱাৰ পাছৰ ব্যৱস্থা, সংসাধীকৰণ, মূল্য সংযোজন আৰু বজাৰ সংযোগক সামৰি সকলো কাৰ্যপন্থা এক মান শৃংখলা ৰূপত গ্ৰহণ কৰা হ’ব৷
“মূলতঃ জনসাধাৰণৰ পুষ্টিসম্পৰ্কীয় প্ৰয়োজনীয়তা পূৰণ কৰাৰ ক্ষেত্ৰত বিশেষকৈ গৰ্ভৱতী মহিলা, দুগ্ধপান কৰোৱাই থকা মাতৃ আৰু শিশুৰ পুষ্টিক গুৰুত্ব দিয়া হ’ব, ” কোৰাটিয়ে কয়৷
ৰাজ্যিক প্ৰকল্প সঞ্চালকগৰাকীৰ মতে জোৱাৰ খেতিয়ে বিশ্বৰ বহুকেইটা সমস্যা যেনে, আহাৰত পুষ্টিৰ অভাৱৰ সমস্যা (পুষ্টিহীনতাৰ পৰা মেদবহুলতালৈ), পৰিৱেশৰ সমস্যা (জলবায়ু পৰিৱৰ্তন, পানীৰ অভাৱ আৰু পৰিৱেশৰ অৱক্ষয়) আৰু গ্ৰামাঞ্চলৰ দৰিদ্ৰতা আদিৰ সমাধানৰ পথ দেখুওৱাব৷ (বক্সত চাওক)
কোৰাটিয়ে কয় যে কৃষকসকলৰ ব্যক্তিগত প্ৰচেষ্টাৰে জোৱাৰৰ খেতি ৰাজ্যখনৰ ১৫খন জিলাত চলি আছে৷ “এই অভিযানে পৰিৱেশ (শুষ্ক ভূমি), শস্যৰ বৈচিত্ৰ্যৰ সম্ভাৱনা আৰু খেতি নকৰাকৈ পৰি থকা মাটি (বিশেষকৈ ধানখেতিৰ পাছত) আদি দিশবোৰৰ পৰ্যালোচনা কৰি জোৱাৰ উৎপাদনৰ ক্ষেত্ৰত পৰিচালনা কৰিব৷ আৰম্ভণিতে, এই অভিযানে ১৫খন জিলাক অগ্ৰাধিকাৰ প্ৰদান কৰিব,” কোৰাটিয়ে কয়৷
অভিযানটোৱে অসম সৰ্বশিক্ষা অভিযানৰ অধীনত পিএম পোষণ আঁচনি (পূৰ্বৰ মধ্যাহ্ন ভোজন আঁচনি)ৰ জৰিয়তে বিদ্যালয়সমূহত জোৱাৰ আধাৰিত খাদ্য সামগ্ৰী যোগান ধৰাৰ পৰিকল্পনা কৰিছে৷ তদুপৰি, এই সামগ্ৰীবোৰ অংগনৱাড়ী কেন্দ্ৰতো যোগান ধৰি পোষণ অভিযানৰ জৰিয়তে দুগ্ধপান কৰোৱাই থকা আৰু গৰ্ভৱতী মহিলাসকলক প্ৰদান কৰা হ’ব৷
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপৰ অংশ স্বৰূপে, ৰাজ্য চৰকাৰসমূহক ন্যূনতম সমৰ্থন মূল্যত জোৱাৰ ক্ৰয় কৰিবলৈ আৰু ৰাজহুৱা বিতৰণ প্ৰণালীৰ (পিডিএছ) অধীনত জোৱাৰৰ বিতৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে৷
এপাৰ্টৰ কৃষি উপদেষ্টা ড° প্ৰণৱ কুমাৰ মহন্তই কয় যে অসমৰ জলবায়ু জোৱাৰ খেতিৰ বাবে উপযুক্ত, বিশেষকৈ পাদদেশ অঞ্চলত৷ অসমত উৎপন্ন হোৱা মুখ্য জোৱাৰ প্ৰজাতিসমূহ হৈছে ফিংগাৰ মিলেট, ফক্স টেইল মিলেট আৰু প্ৰ’ছ’ মিলেট৷
জোৱাৰক স্মাৰ্ট ফুড ৰূপেও অভিহিত কৰা হয় কিয়নো ই গ্ৰাহকৰ লগতে আমাৰ ধৰিত্ৰী আৰু কৃষকসকলৰে বাবেও সমানে উপযোগী৷ “ফিংগাৰ মিলেটত থকা কেলচিয়ামৰ পৰিমাণ গাখীৰৰ তুলনাত তিনিগুণ আৰু বেছিভাগ জোৱাৰতে অতি উচ্চ পৰিমাণৰ আইৰন আৰু জিংক, নিম্ন গ্লাইচেমিক ইণ্ডেক্স, উচ্চ মাত্ৰাৰ প্ৰ’টিন আৰু আঁহজাতীয় উপাদান থকাৰ লগতে জোৱাৰ হৈছে গ্লুটেন-মুক্ত,” তেখেতে লগতে কয়৷
মহন্তই কয় যে জোৱাৰৰ পৰা কাৰ্বন নিৰ্গমন কম হয় আৰু ন্যূনতম পানীৰ প্ৰয়োজনীয়তাৰে ই উষ্ণ জলবায়ুতো বৃদ্ধি হ’ব পাৰে৷ “জোৱাৰ হৈছে জলবায়ু অনুকূল আৰু সেয়েহে অধিক সাৰ-পানীৰ প্ৰয়োজন হোৱা ধান আৰু ঘেঁহুশস্যৰ তুলনাত কৃষকসকলৰ বাবে এই খেতি বেছি সুবিধাজনক খেতি হৈ পৰিছে,” তেওঁ কয়৷
জোৱাৰ অভিযানৰ অধীনত ইতিমধ্যে ৰাজ্যৰ ১৫খন জিলাত ফিংগাৰ মিলেটৰ শস্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে৷ এই অভিযানৰ সফল ৰূপায়ণৰ বাবে বিভিন্ন প্ৰতিষ্ঠিত সমিতি আৰু সংস্থালৈ অধিসূচনা প্ৰেৰণ কৰা হৈছে৷ হায়দৰাবাদৰ আইচিআৰআইএছএটি (International Crops Research Institute for the Semi Arid Tropics) ৰ পৰা কাৰিকৰী সহায় বিচৰা হৈছে আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ মিলেটছ ৰিছাৰ্চক এই অভিযানৰ মসৃণ ৰূপায়ণৰ বাবে অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে৷