জয়ন্ত মল্লবৰুৱা
(লেখক মন্ত্ৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু অন্যান্য, অসম চৰকাৰ)
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ২০১৯ চনত আৰম্ভ হোৱা জল জীৱন মিছন এক জনকল্যাণমুখী পদক্ষেপৰ নাম, যাৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ প্ৰতিটো গ্ৰামাঞ্চলৰ পৰিয়ালৰ বাবে বিশুদ্ধ খোৱা পানী যোগান নিশ্চিত কৰা। “সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস” — এই মন্ত্রৰ আধাৰত এই মিছনে ৰাইজৰ মাজত দায়িত্ববোধ আৰু অংশীদাৰিত্ব সৃষ্টি কৰিবলৈ এটি পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শক্তিশালী নেতৃত্বত এই মিছনে অসাধাৰণ সফলতা অৰ্জন কৰিছে। এই মিছনে ৫৮ লাখৰো অধিক পৰিয়াললৈ আশা কঢ়িয়াই আনিছে৷ ২০১৯ চনৰ ১৫ আগষ্টত যেতিয়া এই মিছন আৰম্ভ কৰা হৈছিল, তেতিয়া অসমৰ গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ মাত্ৰ ১.৬% অৰ্থাৎ প্ৰায় ১.১ লাখ কাৰ্যকৰী নল সংযোগ ব্যৱস্থা আছিল, যি সংখ্যা ৰাষ্ট্ৰীয় গড় ১৭%তকৈ যথেষ্ট কম। অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এক সুশৃংখল আৰু নিৰন্তৰ প্ৰচেষ্টাৰ ফলত এই পৰিস্থিতিৰ ব্যাপক পৰিৱৰ্তন ঘটিছে। আজিৰ তাৰিখত অসমত প্ৰায় ৮২% গ্ৰামাঞ্চলৰ পৰিয়ালৰ কাৰ্যকৰী ঘৰুৱা টেপ সংযোগ আছে, যি সংখ্যাই ৰাষ্ট্ৰীয় গড় ৮০%–কো অতিক্ৰম কৰিছে। ক’ভিড-১৯ মহামাৰী, প্ৰতি বছৰৰ বান সমস্যাকে ধৰি আন বিভিন্ন প্ৰত্যাহ্বান থকা সত্ত্বেও এই সফলতা অৰ্জন কৰিবলৈ আমি সক্ষম হৈছোঁ।
২০২৪ চন পৰ্যন্ত এই মিছনৰ প্ৰভাৱ বুজিবলৈ, আই আই টি মাদ্ৰাছৰ CUBE (Centre for Urbanization, Buildings & Environment)-এ ৩৩খন জিলাৰ প্ৰায় ২৫০খন আঁচনিক কেন্দ্ৰ কৰি এক বিস্তৃত সমীক্ষা চলায়। ২০১৯ৰ পৰা ২০২৪ লৈকে হোৱা অগ্ৰগতিৰ ওপৰত নিৰ্ভৰ কৰি এই প্ৰতিবেদনত কেইবাটাও ইতিবাচক দিশ প্ৰতিফলিত হৈছে।
সমীক্ষাত দেখা গৈছে যে ৯৪% পৰিয়ালে এতিয়া নলযোগে পানী লাভ কৰিছে, য’ত ৯৩% লোকে প্ৰতিদিনে ৫৫ লিটাৰ বা অধিক পানী লাভ কৰি আহিছে। তদুপৰি পানীৰ গুণগত মানো উন্নত হৈছে, এইক্ষেত্ৰত ৯০% পৰিয়ালে পানীৰ গুণগত মান যথেষ্ট উন্নতি হোৱা বুলি কৈছে। ৬৩% পৰিয়ালে পানীৰ দ্বাৰা হোৱা ৰোগৰ হাৰ উল্লেখযোগ্যভাৱে হ্ৰাস পোৱাও লক্ষ্য কৰিছে।
এই মিছনৰ সফলতাই সমাজ জীৱনক শক্তিশালী কৰাৰ লগতে জীৱনৰ মানো উন্নত কৰিছে। পূৰ্বে যিসকল মহিলাই বহু দূৰৰ পৰা পানী আনিবলগীয়া হৈছিল, এতিয়া তেওঁলোকৰ সেই কষ্ট লাঘৱ হৈছে। এতিয়া তেওঁলোকে সময়খিনি শিক্ষা, উপাৰ্জন আৰু পৰিয়ালৰ বাবে ব্যৱহাৰ কৰিছে।
জল জীৱন মিছনৰ দীঘলীয়া স্থায়িত্বৰ মূল আধাৰ হ’ল জন ভাগীদাৰী। এই মিছনে সদায়েই বিকেন্দ্রীকৃত আৰু সম্প্ৰদায় পৰিচালিত কাৰ্যপদ্ধতিক অগ্ৰাধিকাৰ দি আহিছে। পানী যোগান আঁচনিৰ সকলো আন্তঃগাঁথনি এবাৰ আৰম্ভ হোৱাৰ পাছত গাঁৱৰ এখন পানী ব্যৱহাৰকাৰী সমিতিক পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ বাবে দায়িত্ব দিয়া হয়। বৰ্তমানলৈ ১৮,২১৩খন আঁচনিৰ দায়িত্ব দিয়া হৈছে, যাৰ ফলত সম্প্ৰদায়সমূহে নিজৰ সম্পদসমূহ দায়িত্বশীলভাৱে পৰিচালনা কৰিবলৈ সক্ষম হৈছে।
পানী শুল্ক সংগ্ৰহৰ জৰিয়তে পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ প্ৰক্ৰিয়াটো শক্তিশালী কৰা হৈছে। নাজিৰাৰ দৰে ডিভিজনে এই দিশত দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিছে। তেওঁলোকলৈ হস্তান্তৰ কৰা আঁচনিসমূহে প্ৰায় ৫০% সফলতাৰে শুল্ক সংগ্ৰহ কৰি আছে।
শুল্ক সংগ্ৰহৰ উপৰি মিছনৰ অধীনত কেইবাটাও উদ্ভাৱনীমূলক পদক্ষেপৰ জৰিয়তে জন ভাগীদাৰীৰ ধাৰণাটোক শক্তিশালী কৰা হৈছে, বিশেষকৈ জলদূত কাৰ্যসূচীৰ জৰিয়তে ইয়াক নতুন গতি দিয়া হৈছে। এই কাৰ্যসূচীয়ে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক সক্ৰিয়ভাৱে জড়িত কৰি তেওঁলোকক সমাজৰ প্ৰতি দায়িত্বশীল কৰি তোলে। ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা ৰাষ্ট্ৰীয় নীতি হিচাপে স্বীকৃতিপ্ৰাপ্ত এই কাৰ্যসূচী দেশজুৰি চি বি এছ ইৰ সৈতে জড়িত সকলো বিদ্যালয়তে ৰূপায়ণৰ বাবে বাধ্যতামূলক কৰা হৈছে। জলদূত কাৰ্যসূচীয়ে আন্তঃৰাষ্ট্ৰীয় জল সংস্থাৰ প্ৰকল্প উদ্ভাৱন বঁটাকে ধৰি কেইবাটাও প্ৰশংসা লাভ কৰিছে।
জলবিদ্যাৰ দৰে পদক্ষেপে কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলক পানীৰ ওপৰত নিৰ্দেশিত গৱেষণা আৰু উন্নত অধ্যয়নৰ বাবে পি এইচ ই ডিৰ বিস্তৃত পানীৰ গুণাগুণ পৰীক্ষাগাৰৰ আন্তঃগাঁথনি ব্যৱহাৰ কৰিবলৈ সুযোগ প্ৰদান কৰে।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সৈতে অংশীদাৰিত্ব থকা জল স্বাস্থ্যই আশা কৰ্মীসকলক গাঁৱত নিৰাপদ পানী আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা অব্যাহত ৰাখিবলৈ সহায় কৰে।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৈতে অংশীদাৰিত্বৰে জে জে এম-এ প্ৰায় ১৬ হাজাৰ গাঁৱত ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন (চি এল এফ)ক নিয়োজিত কৰি সম্প্ৰদায়সমূহক সংগঠিতকৰণেৰে তৃণমূল পৰ্যায়ত আঁচনিসমূহ নিৰীক্ষণ কৰিছে।
৫-ষ্টাৰ পানী ব্যৱহাৰকাৰী সমিতিয়ে বিভাগৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলকো পানী যোগান আঁচনি গ্ৰহণ কৰি উন্নত ব্যৱস্থাপনাৰ দিশত আগবাঢ়িবলৈ উৎসাহিত কৰিছে। জে জে এম ব্ৰেইন হৈছে এটা প্লেটফৰ্ম, যিয়ে বাস্তৱ সময়ৰ প্ৰকল্প নিৰীক্ষণ কৰে, তথ্য-চালিত সিদ্ধান্ত লোৱাৰ সুবিধা প্ৰদান কৰে। ই জল কোষ পদক্ষেপৰ জৰিয়তে অভিযোগৰ প্ৰতিবেদন ব্যৱস্থাটো সহজ কৰি তোলে। অসমত জল জীৱন মিছন কেৱল এটা আন্তঃগাঁথনি প্ৰকল্প নহয়; ই হৈছে আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰো এক পদক্ষেপ। মই অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী হিচাপে মই এই যাত্ৰাক লৈ গৌৰৱান্বিত আৰু অনাগত সময়ত এই যাত্ৰাক অধিক শক্তিশালী কৰিবলৈ আমি প্ৰচেষ্টা আগবঢ়াই যাম।










