শেহতীয়াকৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তৰ-পূৰ্বাঞ্চলত জলপথৰ বিকাশত এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টাৰ অংশস্বৰূপে গুৱাহাটীত ৩০৮ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰে। এই অনুষ্ঠানটো একেসময়তে ডিব্ৰুগড়ৰ বগীবিল, কৰিমগঞ্জৰ বদৰপুৰ, ধুবুৰীৰ অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ বন্দৰৰ আৰু ত্ৰিপুৰাৰ সোণামুৰাত অনুষ্ঠিত হৈছিল।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰাৰ সোণামুৰাত এটা অভ্যন্তৰীণ জলপথ পৰিবহণ টাৰ্মিনেল আৰু ডিব্ৰুগড়ৰ বগীবিলৰ সমীপত এটা যাত্ৰী তথা কাৰ্গো টাৰ্মিনেল উদ্বোধন কৰাৰ লগতে কৰিমগঞ্জ আৰু বদৰপুৰত টাৰ্মিনেল উন্নীতকৰণ প্ৰকল্পৰ উদ্ঘাটন কৰে। এই টাৰ্মিনেলসমূহে কাৰ্গো আৰু যাত্ৰী পৰিহবণৰ ক্ষেত্ৰত অঞ্চলটোৰ অভ্যন্তৰীণ জলপথ পৰিবহণক পুনৰুজ্জীৱিত কৰাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু অঞ্চলটোত বাণিজ্য বিকাশৰ পথ প্ৰশস্ত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ধুবুৰীত এটা কাষ্টম ইমিগ্ৰেশ্যন কাৰ্যালয় নিৰ্মাণৰ লগতে আইডব্লিউএআই যোগীঘোপা টাৰ্মিনেল চৌহদৰ দেৱাল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। নতুনকৈ উদ্বোধন কৰা বগীবিল টাৰ্মিনেলটো প্ৰায় ৫০ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত পৰিৱেশ পৰ্যটন বৃদ্ধি হোৱাৰ লগতে চাহ, পলিমাৰ, কয়লা, সাৰৰ দৰে বাণিজ্যিক সম্পদসমূহৰ পৰিবহণত ইতিবাচক প্ৰভাৱ পেলাব।
কৰিমগঞ্জ আৰু বদৰপুৰৰ উন্নত টাৰ্মিনেলকেইটা ৬.৪০ কোটি টকাৰ বিনিয়োগেৰে সম্পূৰ্ণ কৰা হৈছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি সোণোৱালে কয়, “মোদীৰ গ্যেৰাণ্টীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ জলপথসমূহক বিকশিত ভাৰতৰ শক্তি প্ৰদান কৰিছে। এই প্ৰকল্পসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে আৰু বিকশিত ভাৰত গঢ়াৰ দিশত এই প্ৰকল্পসমূহ দেশৰ শক্তিস্বৰূপ হৈ পৰিছে।”