আজিৰ পৃথিৱীখন হৈ পৰিছে প্ৰযুক্তি-চালিত। ইলেক্ট্ৰ’নিকছ উদ্যোগৰ নিৰন্তৰ বিকাশে ক্ষুদ্ৰ, দ্ৰুত আৰু অধিক দক্ষ সঁজুলিৰ চাহিদা বৃদ্ধি কৰিছে আৰু অৰ্ধপৰিবাহী হৈ পৰিছে সকলো ইলেক্ট্ৰ’নিক সামগ্ৰীৰ প্ৰাণ। অৱশ্যে, অৰ্ধপৰিবাহী প্ৰস্তুত কৰাৰ আঁৰত এক জটিল প্ৰক্ৰিয়া অন্তৰ্ভুক্ত থাকে। অত্যাৱশ্যকীয় কেঁচা সামগ্ৰী চিলিকাৰ প্ৰক্ৰিয়াকৰণ পৰা আৰম্ভ হৈ ইয়াক চিলিকনলৈ ৰূপান্তৰিত কৰিবলৈ অতি উচ্চ উষ্ণতা আৰু ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ জড়িত হৈ থাকে । ছাণ্টা ক্লাৰা উপত্যকাৰ “উপত্যকা” আৰু অৰ্ধপৰিবাহীৰ কেঁচা সামগ্ৰী ‘চিলিকন‘ৰ পৰাই অৰ্ধপৰিবাহী উদ্যোগটোৱে জন্ম লোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিলিকন ভেলী নামটো উদ্ভৱ হৈছে। আই ধৰিত্ৰীৰ কৃপাত প্ৰকৃতিত চিলিকনৰ মাত্ৰা প্ৰচুৰ আৰু লগতে ই পৰিৱেশ অনুকূল।
জাগীৰোড অৰ্ধ-পৰিবাহী এছেম্বলী গোটে অঞ্চলটোক কেনে ধৰণৰে গতিশীল কৰি তুলিব সেয়া অনুধাৱন কৰাটো অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এই সময়ত অতি গুৰুত্বপূৰ্ণ।
চিলিকন আহৰণ কৰা হয় বালিৰ পৰা। প্ৰথমতে ইয়াক বিশুদ্ধ কৰা হয় আৰু উচ্চ বিশুদ্ধতাৰ ৰূপ পাবলৈ অতি উচ্চ উষ্ণতাত গৰম কৰি ইয়াক তৰলীকৃোত কৰা হয়। এই তৰলক স্ফটিককৰণৰ দ্বাৰা দৃঢ় কৰি ইনগট ৰূপ দিয়া হয়। ইনগটৰ আকৃতি এটা স্পিনিং টপৰ দৰে হয় আৰু ইয়াক পাছত তীক্ষ্ণ হীৰাৰ ব্লেড ব্যৱহাৰ কৰি সমআকাৰৰ পাতল, কাঁহীৰ আকৃতিৰ ৱেফাৰলৈ সলনি কৰা হয়। পাতল আৰু বৃহৎ ব্যাসৰ হোৱা বাবে ইয়াৰ পৰা অধিক সংখ্যক অৰ্ধপৰিবাহী চিপ উৎপাদন কৰিব পাৰি আৰু ইয়াৰ উৎপাদন ব্যয় হ্ৰাস হয়। ক্ৰমান্বয়ে পাতল আৰু বৃহৎ ৱেফাৰ উৎপাদনৰ বাবে এই উদ্যোগটোৰ প্ৰতিযোগিতা বৃদ্ধি পাইছে।
পাছৰ পদক্ষেপটো হৈছে এই ৱেফাৰবিলাকক আইনাৰ দৰে ৰূপ প্ৰদান কৰিবলৈ প্ৰক্ৰিয়াকৰণ কৰা হয়, যাতে ক্ষুদ্ৰ ত্ৰুটিও পৰিহাৰ কৰিব পাৰি। ৱেফাৰ পৃষ্ঠত চিলিকন অক্সাইডৰ আৱৰণ যোগ দিয়াৰ বাবে অক্সিডেচন কৰা হয়, যাতে পৃষ্ঠত চাৰ্কিট ড্ৰয়িং কৰিব পাৰি আৰু ইয়াক ফট’লিথোগ্ৰাফী বুলি কোৱা হয়। বৰ্তনীৰ আৰ্হিটোক বাদ দি অৰ্ধপৰিবাহী গাঁথনি নিৰ্মাণৰ বাবে বাকী থকা এলেকাটো এচ্চিং প্ৰক্ৰিয়াৰ জৰিয়তে কাটি পেলোৱা হয়। এনেদৰে সৃষ্টি কৰা গাঁথনিটো পাতল ফিল্মৰ জৰিয়তে সুৰক্ষিত আৰু ই্টো সিটোৰ পৰা পৃথক কৰা হয়। তাৰ পাছত ইয়াত বৰ্তনীবোৰৰ মাজত বৈদ্যুতিক সংযোগ স্থাপন কৰিবলৈ ধাতৱীয় ৱায়াৰিং কৰি বৈদ্যুতিক গুণাগুণ সংযুক্ত কৰা হয়। ৱায়াৰিঙৰ পাছত পেকেজিং নামেৰে জনাজাত গুৰুত্বপূৰ্ণ পৰ্যায়টো আৰম্ভ হয়। এই পৰ্যায়ত অৰ্ধপৰিবাহী চিপবোৰক বাহ্যিকভাৱে সংকেত বিনিময় কৰিবলৈ ব্যৱস্থা কৰা হয় আৰু দক্ষ সঞ্চালনৰ বাবে ইয়াক অন্যান্য বাহ্যিক কাৰকৰ পৰা সুৰক্ষিত কৰাৰ বাবে অন্যান্য সুৰক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হয়।
এইবিলাক হৈছে ডেস্কটপ, লেপটপ, ছাৰ্ভাৰ, ফোনৰ ভিতৰত থকা একো একোটা চিপ পেকেজ। অদূৰ ভৱিষ্যতে এয়া হয়তো নিউৰালিংক প্ৰক্ৰিয়াৰে পৰিচালিত জীৱৰ মগজুৰ ভিতৰৰ অংশ হৈ পৰিব পাৰে। জাগীৰোডত আহিবলগীয়া টাটা অৰ্ধপৰিবাহী প্ৰকল্পটোৱে সম্ভৱতঃ চিপবোৰ পেকেজিঙৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিশ্বব্যাপী অৰ্ধপৰিবাহী যোগান উদ্যোগত এক বৃহৎ মূল্য শৃংখল সৃষ্টি কৰাৰ লগতে ই ২০৩০ চনৰ ভিতৰত ১১০ বিলিয়ন ডলাৰৰ অৰ্ধপৰিবাহী বজাৰৰ সম্ভাৱনা সৃষ্টিৰ বাবে ভাৰতে পোষণ কৰা সপোনটো পূৰণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৰিহণা যোগাব। যিহেতু অৰ্ধপৰিবাহী উদ্যোগ হৈছে ইলেক্ট্ৰ’নিকছ উদ্যোগৰ বাবে এক ইনপুট, সেয়েহে দেশত ইলেক্ট্ৰ’নিকছ উৎপাদন দ্ৰুতগতিত বৃদ্ধি হোৱা প্ৰয়োজন।
ভাৰত চৰকাৰৰ সংশোধিত কাৰ্যসূচীৰ জৰিয়তে ভাৰতক অৰ্ধপৰিবাহী আৰু ডিছপ্লে’ ফেবৰ দৰে মূল গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ লগতে ইলেক্ট্ৰ’নিকছ উৎপাদনৰ এক আগশাৰীৰ দেশ হিচাপে গঢ় তোলাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। ই্যাৰ অধীনত ইলেক্ট্ৰ’নিকছ উৎপাদন আৰু আনুষংগিক খণ্ডত সহযোগিতা প্ৰদান কৰিবলৈ ৩০ বিলিয়ন ডলাৰৰ এক পৰিকল্পনা গগণ কৰা হৈছে, যাৰ ভিতৰত আছে উন্নত ৰসায়নিক কোষ, অট’মোবাইল উপাদান, টেলিকম আৰু নেটৱৰ্কিং, সৌৰ পিভি আৰু ঘৰুৱা ব্যৱহাৰ্য সামগ্ৰী উৎপাদনৰ দৰে উদ্যোগ।
ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৰে গতিশীল আৰু দূৰদৰ্শী মুখ্যমন্ত্ৰী লাভ কৰি অসম গৌৰৱান্বিত। তেখেতৰ নেতৃত্ব অবিহনে ৰাজ্যখনৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পটো সাৰ্থক নহ’লহেঁতেন। তেওঁৰ নেতৃত্বত, ৰাজ্যখনে ইলেক্ট্ৰ’নিকছ নিৰ্মাণ ক্লাষ্টাৰৰ লগতে উচ্চ কম্পিউটিং ক্লাউড আন্তঃগাঁথনিৰ বিকাশৰ দিশত গতি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে প্ৰয়োজনীয় পৰিৱেশক সহযোগ কৰিলে ৰাজ্যখনত বিনিয়োগ সৃষ্টিৰ লগতে অৰ্থপূৰ্ণ নিযুক্তি বৃদ্ধি পাব আৰু ই পৰৱৰ্তী প্ৰজন্মৰ উদ্যমী আৰু ষ্টাৰ্ট-আপ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।
কম্পিউটিঙৰ পৃথিৱীখনত এক উল্লেখযোগ্য পৰিৱৰ্তনৰ আৰম্ভ হৈছে। কম্পিউটাৰে আজি শক্তিশালী এআই/এমএল এলগৰিথমৰ দ্বাৰা পৰিচালিত নিজা ছফ্টৱেৰ প্ৰস্তুত কৰাৰ দিশত প্ৰশিক্ষিত হৈ আছে। উদীয়মান জিপিইউ পৰিৱেশে ডাটা কেন্দ্ৰ, ডেস্কটপ, লেপটপ আৰু এজ-আধাৰিত এআই অৰ্থাৎ অন-ডিভাইচ এআই ক্ষেত্ৰলৈ বৃহৎ পৰিৱৰ্তন আনিব, য’ত ডাটা প্ৰচেছিং পোনপটীয়াকৈ ম’বাইল ফোন, কাৰ, আইঅটি ডিভাইচ, নেটৱৰ্ক ডিভাইচ আদিতেই হয়।
২০৩০ চনলৈ উদ্যোগৰ চাহিদা পূৰণ কৰিবলৈ বিভিন্ন দক্ষতা থকা এক নিযুত অতিৰিক্ত শ্ৰমিকৰ প্ৰয়োজন হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যখনৰ প্ৰতিভাসমূহক উদীয়মান স্মাৰ্ট পেছাদাৰী গঢ়াৰ এক সমৰ্পিত কাৰ্যসূচীৰ জৰিয়তে বিকশিত কৰিব লাগে। দক্ষতাৰ এনে মঞ্চৰ জৰিয়তে তথ্য প্ৰযুক্তি-উদ্যোগ-দক্ষতাৰ ত্ৰিপদী শক্তি হিচাপে বিকাশৰ লগতে অঞ্চলটো উদ্যমিতা আৰু চাকৰিৰ ক্ষেত্ৰতো বিকশিত হ’ব। আমাৰ শিক্ষাৰ্থী, উদ্যমী আৰু ৰাজ্যখনৰ শিক্ষাবিদসকলে ৰাজ্যখনত পৰৱৰ্তী প্ৰজন্মৰ অৰ্ধপৰিবাহী কাৰ্যবাহী প্ৰস্তুত কৰি তুলিব পৰাকৈ ঢাল খাব লাগিব।
(লেখক এগৰাকী তথ্য-প্ৰযুক্তি পৰামৰ্শদাতা)