পমী বৰুৱা
অসম চৰকাৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল মনোভাবেৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে। শিক্ষাৰ গুণগত মানৰ ওপৰত গুৰুত্ব দি বিভিন্ন অভিলাষী আঁচনি আৰু ডিজিটেল ব্যৱস্থাৰে উন্নয়ন সাধন কৰা হৈছে। সমাজৰ সকলো শ্ৰেণীৰ শিক্ষাৰ্থীসকল বিশেষকৈ ছাত্ৰীৰ উচ্চ শিক্ষা নিশ্চিত কৰিবলৈ চৰকাৰখনে যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।
মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত প্ৰাদেশীকৃত, চৰকাৰী তথা ভেঞ্চাৰ প্ৰতিষ্ঠানত উচ্চতৰ মাধ্যমিক, স্নাতক, স্নাতকোত্তৰ আৰু বি.এড পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা ছাত্ৰীৰ বাবে আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই পদক্ষেপে উচ্চ শিক্ষাত ছাত্ৰীসকলৰ অনুপাত বৃদ্ধি কৰি বাল্য বিবাহ ৰোধ কৰাত সহায় কৰিব। ড° বাণীকান্ত কাকতি মেধা বঁটা আৰু মাচুল ৰেহাই আঁচনিক উচ্চ শিক্ষাত অন্তৰ্ভুক্ত কৰি সমঅধিকাৰ নিশ্চিত কৰা হৈছে। এই পদক্ষেপসমূহে বহনক্ষম উন্নয়ন লক্ষ্য-৪ পূৰণত সহায় কৰিছে, যাৰ উদ্দেশ্য হৈছে শিক্ষাৰ সুবিধাসমূহ লাভ কৰাৰ ক্ষেত্ৰত সকলোকে সমভাৱে গুৰুত্ব দি গুণগত শিক্ষা নিশ্চিত কৰা আৰু সকলোৰে বাবে আজীৱন শিক্ষাৰ সুযোগ সৃষ্টি কৰা। ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক স্কুটাৰ প্ৰদান কৰি উৎসাহিত কৰা হৈছে। আনহাতে, মাচুল ৰেহাই আঁচনিয়ে নিৰ্ধাৰিত নিয়ম অনুযায়ী নিম্ন আয়ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰী আৰু প্ৰাদেশীকৃত মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তিৰ সুবিধা প্ৰদান কৰিছে।
তদুপৰি ডিজিটেল ব্যৱস্থাটোক উৎসাহিত কৰি ‘সমৰ্থ ই-গভ’ আৰম্ভ কৰা হৈছে। প্ৰথমবাৰৰ বাবে ২০২৩-২৪ শিক্ষা বৰ্ষত ৰাষ্ট্ৰীয় শিক্ষা নীতি – ২০২০ৰ অধীনত সমৰ্থ প’ৰ্টেলৰ জৰিয়তে চৰকাৰী আৰু প্ৰাদেশীকৃত মহাবিদ্যালয় আৰু ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহত স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ব্যৱস্থা কৰা হয়। এই প’ৰ্টেলে আবেদন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত একক মাধ্যম হিচাপে কাম কৰি সময় আৰু ধন দুয়োটাই ৰাহি কৰিছে।
চলিত বৰ্ষত এই প’ৰ্টেলটো ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ বিভাগসমূহলৈও সম্প্ৰসাৰিত কৰা হয়, যাৰ ফলত মুঠ প্ৰতিষ্ঠানৰ সংখ্যা ৬০০ৰো অধিক হৈছে আৰু চিইউইটি আৰু নন-চিইউইটি আবেদনকাৰীসকলৰ নামভৰ্তিৰ হাৰ ৮৮.২%ত উপনীত হৈছে।
২০২৩ বৰ্ষত প্ৰায় ১৯,০০০গৰাকী মহাবিদ্যালয়ৰ কৰ্মচাৰী আৰু ৪,২০,০০০গৰাকী ছাত্ৰ-ছাত্ৰীক সমৰ্থ প’ৰ্টেলত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ এইচআৰএমআইএছ মডিউলটোৱে চৰকাৰৰ দ্বাৰা অনুমোদিত পদবোৰৰ বাস্তৱ সময় অনুসৰণ কৰি এক স্বচ্ছ ব্যৱস্থা গঢ়ি তোলাত সহায় কৰে। তদুপৰি সমৰ্থ ই-গভৰ বিত্তীয় মডিউলে পদোন্নতি প্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে দৰমহা নিৰ্ধাৰণ প্ৰক্ৰিয়াটো পৰিচালনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসমৰ ১৩খন স্বায়ত্তশাসিত মহাবিদ্যালয়ত শৈক্ষিক ব্যৱস্থাপনাৰ বাবে পৃথক প’ৰ্টেলৰ ব্যৱস্থা কৰা হয়।
অসমে ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণ কৰি গুণগত শিক্ষা নিশ্চিতকৰণেৰে বহুমুখী শিক্ষা ব্যৱস্থাত গুৰুত্ব দিছে। স্নাতক পাঠ্যক্ৰমত অন্তর্ভুক্ত বাধ্যতামূলক ইণ্টাৰ্নশ্বিপৰ ব্যৱস্থা, একাধিক প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা আৰু ভাৰতীয় জ্ঞান পদ্ধতিৰ পৰিচয় আদি হৈছে এনইপিৰ অন্যতম মুখ্য বৈশিষ্ট্য। এই ব্যৱস্থাই শৈক্ষিক দিশটোক এক নতুন মাত্ৰা দিয়াৰ লগতে উচ্চ শিক্ষাক অধিক প্ৰাসংগিক কৰি তুলিছে। তদুপৰি বহুমুখী পাঠ্যক্ৰম আৰু ভাৰতীয় জ্ঞান পদ্ধতিৰ সংযোগে এক উৎকৃষ্ট শৈক্ষিক পৰিৱেশ গঢ়ি তুলিবলৈ এটি নতুন বাট দেখুৱাইছে। একাধিক প্ৰৱেশ আৰু প্ৰস্থান প্ৰণালীয়ে ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন সাময়িকভাৱে বন্ধ কৰাৰ বিষয়ে অৱগত হোৱা বা নতুন শিক্ষানুষ্ঠানলৈ বদলি কৰাত সুবিধা কৰি দিয়ে।
ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ধাৰা ৯.৩ অনুসৰি ৪খন স্বায়ত্তশাসিত মহাবিদ্যালয় আৰু ২খন প্ৰাদেশীকৃত মহাবিদ্যালয়ক নতুনকৈ ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছে। সেইকেইখন শিক্ষানুষ্ঠান হৈছে – শিৱসাগৰ বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয় আৰু বঙাইগাঁও বিশ্ববিদ্যালয়।
ইয়াৰ লগতে শৈক্ষিক দিশত পিছপৰা অঞ্চলসমূহত জ্ঞানৰ পোহৰ বিলাই আৰ্থ-সামাজিকভাৱে অনগ্ৰসৰ ব্যক্তিসকলৰ বাবে সুবিধা আগবঢ়াবলৈ ৬খন চৰকাৰী আদৰ্শ মহাবিদ্যালয় আৰু ১খন চৰকাৰী আদৰ্শ মহিলা মহাবিদ্যালয় স্থাপন কৰা হৈছে। তদুপৰি আইন শিক্ষাৰ মান উন্নত কৰিবলৈ ৰাজ্যত ১০খন চৰকাৰী আইন মহাবিদ্যালয় স্থাপন কৰা হৈছে।
শিক্ষাৰ প্ৰসাৰ আৰু প্ৰশাসনিক ব্যৱস্থাক উন্নত কৰিবলৈ বিভিন্ন শিক্ষানুষ্ঠানত নতুন পদ সৃষ্টি কৰা হৈছে। ২০২১ চনৰ পৰাই অসমৰ প্ৰাদেশীকৃত আৰু চৰকাৰী মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়সমূহত ৩,০০০তকৈ অধিক নিযুক্তি সম্পন্ন কৰা হৈছে।
বিগত তিনি বছৰত ‘নাক’ (NAAC)ৰ অধীনত স্বীকৃতিৰ ক্ষেত্ৰত অসমে এক অনন্য সফলতা অর্জন কৰিছে। পূৰ্বে ৪২খন প্ৰাদেশীকৃত মহাবিদ্যালয়ৰ ‘NAAC’ স্বীকৃতি আছিল। কিন্তু বৰ্তমান সেই সংখ্যা ২৬৬লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীৰ সক্ৰিয় ভূমিকা আৰু শিক্ষানুষ্ঠানসমূহক উৎসাহিত কৰাৰ ফলত এই অভূতপূর্ব অগ্ৰগতি হৈছে।
ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদৰ অনুমোদন অনুসৰি উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত), ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়, ছয়দুৱাৰ মহাবিদ্যালয় আৰু বাহনা মহাবিদ্যালয়ত ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা সংহত শিক্ষক শিক্ষা কাৰ্যসূচী (আইটিইপি) আৰম্ভ হ’ব। চাৰিবছৰীয়া সংহত এই পাঠ্যক্ৰমত বিএ, বিএড আৰু বিএচি, বিএড অন্তৰ্ভুক্ত কৰা হ’ব, য’ত মুঠ ৫০০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব পাৰিব।
উক্ত পদক্ষেপবোৰৰ লগতে ৰাজ্যখনৰ পৰিয়ালবোৰৰ অৰ্থনৈতিক উত্তৰণৰ ফলত শিক্ষাৰ্থীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি পাইছে। ২০২১-২২ বৰ্ষত কৰা উচ্চ শিক্ষাৰ সৰ্বভাৰতীয় সমীক্ষাত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ সংখ্যা আছিল ৬,০০,৯৫০গৰাকী আৰু ২০২২-২৩ বৰ্ষত এই সংখ্যা আছিল ৭,৪৯,৭৭০গৰাকী।
এই কাৰ্যকলাপবোৰে প্ৰমাণ কৰে যে অসমে শিক্ষা ব্যৱস্থাটোত এক শক্তিশালী ভেটি স্থাপন কৰি নতুন পৰিৱৰ্তনৰ দিশে অগ্ৰসৰ হৈছে।
(লেখিকা অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালিকা)