“বিকাশ ভি অউৰ বিৰাশত ভি – বিকাশো আৰু ঐতিহ্যও
আমাৰ দ্বৈত ইঞ্জিন চৰকাৰখনৰ মন্ত্ৰ”
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
যোৱা ৯ মাৰ্চত যোৰহাটত ১৭,৫০০ কোটি টকাৰ এক বৃহৎ উন্নয়নমূলক পুঁজিৰ ঘোষণা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূব ভাৰতৰ বিকাশৰ দিশত অনন্য মাত্ৰা প্ৰদান কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সৰ্বোত্তম উন্নয়নৰ লক্ষ্য গ্ৰহণ কৰা প্ৰধানমন্ত্ৰীগৰাকীক ইতিমধ্যে সকলো সময়ৰ বন্ধু হিচাপে উল্লেখ কৰিছিল৷ এই উন্নয়নমূলক পুঁজিত অন্তৰ্ভুক্ত হৈ আছে স্বাস্থ্য শিতান, তেল আৰু প্ৰাকৃতিক গেছ, ৰে’ল আৰু গৃহনিৰ্মাণৰ বহুকেইটা প্ৰকল্পৰ উন্মোচন, দেশৰ বাবে উৎসৰ্গা আৰু আধাৰশিলা স্থাপন৷
এই অনুষ্ঠানত সমবেত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জনতাৰ মৰম তেওঁৰ বাবে বৃহৎ সম্পদ৷ এই ভ্ৰমণৰ প্ৰাকক্ষণত যোৱা ৭ মাৰ্চত গোলাঘাটৰ বোকাখাতত আবেলি ১ লাখ গছি মাটি চাকি প্ৰজ্বলনেৰে প্ৰধানমন্ত্ৰীগৰাকীক ৰাজ্যখনলৈ আদৰণি জনায়৷
উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়নমূলক প্ৰচেষ্টা (পিএম- ডিভাইন) আঁচনিৰ অধীনত নৰেন্দ্ৰ মোদীয়ে শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত এটা হেমাট’-লিম্ফয়ড কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে৷ লগতে তেওঁ ভাৰ্চুৱেলী তেল আৰু প্ৰাকৃতিক গেছ খণ্ডৰ বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াত অন্তৰ্ভুক্ত হৈ আছে ডিগবৈ শোধনাগাৰৰ ক্ষমতা প্ৰতিবছৰে ০.৬৫ৰ পৰা ১ নিযুত মেট্ৰিক টনলৈ সম্প্ৰসাৰণ; গুৱাহাটী শোধনাগাৰৰ ক্ষমতা প্ৰতিবছৰে ১ৰ পৰা ১.২ নিযুত মেট্ৰিক টনলৈ সম্প্ৰসাৰণৰ লগতে কেটালাইটিক ৰিফৰ্মিং ইউনিট (চিআৰইউ) স্থাপন; আৰু ভাৰতীয় তেল নিগম লিমিটেডৰ (আইঅ’চিএল) বেতকুচি (গুৱাহাটী) টাৰ্মিনেলৰ সুবিধা বৃদ্ধিৰ ব্যৱস্থা৷
নৰেন্দ্ৰ মোদীয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনৰ লগতে ৩,৯৯২ কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ৭১৮ কিল’মিটাৰ দৈৰ্ঘ্যৰ বাৰুৱানী-গুৱাহাটী পাইপলাইনটো (প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ অংশ) দেশৰ প্ৰতি উৎসৰ্গা কৰে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৮,৪৫০ কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ ৫.৫ লাখ ঘৰৰ প্ৰতীকী উন্মোচন কৰে৷
প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমত ১,৩০০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা বহুকেইটা ৰে’ল প্ৰকল্পৰো উদ্বোধন কৰে৷ এই প্ৰকল্পসমূহৰ ভিতৰত আছে – ধূপধৰা-ছয়গাঁও শাখা (গোৱালপাৰা হৈ নিউবঙাইগাঁও-গুৱাহাটী দ্বৈতকৰণ প্ৰকল্পৰ অংশ) আৰু নিউবঙাইগাঁও-সৰভোগ শাখা (নিউবঙাইগাঁও-আজ্ঞাঠুৰী – দ্বৈতকৰণ প্ৰকল্পৰ অংশ)
“বিকাশ ভি অউৰ বিৰাশত ভি – বিকাশো আৰু ঐতিহ্যও আমাৰ দ্বৈত ইঞ্জিন চৰকাৰখনৰ মন্ত্ৰ,” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়৷ আন্তঃগাঁথনি, স্বাস্থ্য আৰু শক্তিখণ্ডত অসমৰ অনিৰুদ্ধ অগ্ৰগতিৰ বিষয়ে তেখেতে প্ৰশংসা কৰে৷ তেওঁ কয়, “এইমছ, তিনিচুকীয়া, শিৱসাগৰৰ চিকিৎসা মহাবিদ্যালয় আৰু যোৰহাটৰ কৰ্কট ৰোগ চিকিৎসালয় আদিৰ দৰে স্বাস্থ্য আন্তঃগাঁথনিয়ে অসমক উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব৷”
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই গেছ পাইপলাইনে উত্তৰ পূৰ্বাঞ্চল গ্ৰিডক ৰাষ্ট্ৰীয় গ্ৰিডৰ সৈতে সংযোগ কৰিব আৰু বিহাৰ, পশ্চিম বংগ আৰু অসমৰ ৩০খন জিলাৰ ৩০ লাখ ঘৰৰ লগতে ৬০০টাতকৈ অধিক চিএনজি ষ্টেশ্যনক উপকৃত কৰিব৷
ডিগবৈ আৰু গুৱাহাটী শোধনাগাৰৰ সম্প্ৰসাৰণৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰখনৰ প্ৰচেষ্টা হৈছে অসমৰ শোধনাগাৰসমূহৰ উৎপাদন ক্ষমতা দুগুণ কৰা আৰু নুমলীগড় শোধনাগাৰৰ উৎপাদন ক্ষমতা তিনিগুণ বৃদ্ধি কৰা৷ তেওঁ কয়, “কোনো এটা অঞ্চলৰ উন্নয়নে গতি লাভ কৰিব যেতিয়া উন্নয়নমুখী চিন্তাধাৰা শক্তিশালী হ’ব৷”
প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন পকী ঘৰৰ সপোন পূৰণ হোৱা ৫.৫ লাখ পৰিয়ালক অভিনন্দন জ্ঞাপন কৰি কয় যে এই ঘৰসমূহত শৌচালয়, গেছ সংযোগ, বিজুলী সংযোগ আৰু টেপত পানীৰ সংযোগ থাকিব৷ তেওঁ উল্লেখ কৰে যে অসমৰ ১৮ লাখ পৰিয়ালে এনে ঘৰ লাভ কৰিছে যাৰ অধিকসংখ্যকৰে মুখিয়াল একোগৰাকী মহিলা৷
দেশত তিনিকোটি মহিলাক লাখপতি বাইদেউৰ ৰূপত গঢ়ি তোলাৰ সংকল্পৰ বিষয়েও তেওঁ উল্লেখ কৰে৷
২০১৪ চনৰ পাছত অসমে লাভ কৰা ইতিবাচক পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২.৫ লাখতকৈ অধিক খিলঞ্জীয়া লোকে ভূমিৰ অধিকাৰ লাভ কৰিছে আৰু আঠ লাখ চাহ বাগিচাৰ শ্ৰমিক বেংকিং ব্যৱস্থাৰ সৈতে সংযুক্ত হৈছে৷