অসমৰ সীমান্ত শদিয়াৰ অঁকা গাঁৱৰ গৱৰ্নমেণ্ট এম. ই, স্কুলত শিক্ষকতা কৰিছিল নীলকান্ত হাজৰিকাই৷ ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া দাসৰ এক পুত্ৰ সন্তানে জন্মলাভ কৰে৷ এই কেঁচুৱাটিয়ে হৈছে ভৱিষ্যতৰ অসমৰ গণশিল্পীজন, সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা৷
যোৱা ৮ ছেপ্টেম্বৰত অসমৰ লগতে দেশ-বিদেশৰ বিভিন্ন স্থানত পালন কৰা হয় সুধাকণ্ঠগৰাকীৰ ৯৭সংখ্যক ওপজা দিন৷ অসম সাংস্কৃতিক সঞ্চালকালয়ে সমাধি ক্ষেত্ৰত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰে৷
দীঘলীপুখুৰীৰ পাৰত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ‘উদ্দীপনা’ শীৰ্ষক অনুষ্ঠান এটি আয়োজন কৰাৰ লগতে গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত ড॰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে ‘সমন্বয় দিৱস’ পালন কৰা হয়৷ ন্যাসে এইবাৰৰ ‘ভূপেন হাজৰিকা সমন্বয় বঁটা’ প্ৰদান কৰে নগা শান্তি প্ৰক্ৰিয়াৰ অন্যতম কাণ্ডাৰী তথা বিশিষ্ট সমাজকৰ্মী নিকেতু ইৰালুক৷ ২০১৩ চনৰ পৰা ন্যাসে এই বঁটাটি প্ৰদান কৰি আহিছে আৰু এই বঁটাপ্ৰাপক প্ৰথমগৰাকী ব্যক্তি আছিল লতা মংগেশকাৰ৷
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সুধাকণ্ঠগৰাকীৰ সামাজিক মাধ্যমত উল্লেখ কৰে, “ভাৰত ৰত্নৰে বিভূষিত সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাদেৱে জনতাৰ জয়গানেৰে আমাৰ সমাজক একতাৰ ডোলেৰে বান্ধি থৈ গৈছে৷ সংগীত, সাহিত্য, কলা-সংস্কৃতি, চলচ্চিত্ৰ আৰু ৰাজনীতিকে ধৰি বিভিন্ন ক্ষেত্ৰত থকা বহুমুখী প্ৰতিভাই তেখেতক দেশবাসীৰ বাবে পূজ্য ব্যক্তিত্ব আৰু হিয়াৰ আমঠু হিচাপে স্বীকৃতি দিছিল৷ অসমৰ সমাজ জীৱনৰ এইগৰাকী উজ্জ্বল নক্ষত্ৰক তেখেতৰ পৱিত্ৰ জন্মবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ৷ চিৰবন্দিত ভূপেনদাৰ কালজয়ী সৃষ্টিৰাজিয়ে আমাৰ গণ জীৱনক অনন্ত কাললৈ অমৃত সুধাৰে উজ্জীৱিত কৰি ৰাখিব৷”
কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে অৰুণাচল প্ৰদেশৰ প্ৰথমখন চিনেমা ‘মেৰা ধৰম, মেৰী মা’ চিনেমাত দৃশ্যায়ন হোৱা সুধাকণ্ঠগৰাকীৰ এটি গীতৰ সৈতে সামাজিক মাধ্যমত তেখেতৰ ওপজা দিনটোত শ্ৰদ্ধা জ্ঞাপন কৰে৷
এই প্ৰতিৱেদকৰ সৈতে হোৱা এক বাৰ্তালাপত শিক্ষাবিদ ড॰ অমৰজ্যোতিচৌধুৰীয়ে কয়, “সুধাকণ্ঠগৰাকীৰ আদৰ্শ বহুজনে আজি উপলব্ধি কৰিছে যদিও তেখেতৰ সাংস্কৃতিক কৰ্মৰাজিৰ ব্যাপক চৰ্চা হোৱাৰ প্ৰয়োজন আছে৷ তেখেতে নিজেই কৈছিল ‘গান কেৱল সুৰৰ সমষ্টি নহয়, ই হৈছে সমাজ সলনিৰ অস্ত্ৰ’৷ আমি তেখেতৰ আদৰ্শক আঁকোৱালি ল’বলৈ নতুন প্ৰজন্মই তেখেতক কাষতে পোৱাৰ দৰে অনুভৱ কৰিব লাগিব, মাটিৰ মাজতে থাকি বিশ্বজনীন হোৱাৰ তেখেতৰ পথটোক চিনি পাব লাগিব৷ তেখেতৰ গানৰ মমাৰ্থ বুজাৰ চেষ্টা আমি সকলোৱে কৰিব লাগিব৷” তেখেতে লগতে কয়, “চৰকাৰে নিয়মীয়াকৈ সমাধি ক্ষেত্ৰত সুধাকণ্ঠ সম্পৰ্কীয় অনুষ্ঠানসমূহ আয়োজন কৰি থাকিলে ভাল৷ কলাক্ষেত্ৰৰ সংগ্ৰহালয়ত তেখেতৰ স্মৃতিচিহ্নসমূহৰ লগতে এটা পুথিভঁৰালৰো ব্যৱস্থা হ’ব লাগে যাতে তেখেতৰ বিষয়ে গৱেষণা কৰিবলৈ নতুন প্ৰজন্মই সমল বিচাৰি পায়৷”
উল্লেখনীয় যে সংগীত-নাটক একাডেমীৰ অধ্যক্ষতাৰ কালত অসমৰ সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে সুধাকণ্ঠগৰাকীয়ে অশেষ চেষ্টা কৰিছিল৷ ১৯৯৯ চনৰ সময়ছোৱাত এই নৃত্যধাৰাক আগুৱাই নিয়াৰ বাবে কৰা তেখেতৰ চেষ্টাৰ ফলতেই সত্ৰীয়া নৃত্যই এই স্বীকৃতি লাভ কৰিছিল৷
সুধাকণ্ঠগৰাকীৰ সৃষ্টিৰাজিৰ লগতে তেখেতৰ আদৰ্শই অসমীয়া সমাজ আৰু সাংস্কৃতিক জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাই আহিছে৷ সংগীত শিল্পী ৰূপম ভূঞাই অসম বাৰ্তাৰ সৈতে বাৰ্তালাপত কয়, “এগৰাকী প্ৰকৃত শিল্পীৰ সংজ্ঞা আমি সুধাকণ্ঠগৰাকীৰ জীৱন যাত্ৰাত বিচাৰি পাওঁ৷ তেখেতক আজিৰ প্ৰজন্মই কেৱল গানৰ মানুহ বুলি সীমাবদ্ধ কৰি ৰাখিলে ভুল হ’ব৷” ‘মানুহে মানুহৰ বাবে’ গীতটিৰ উল্লেখ কৰি ৰূপম ভূঞাই কয়, “বৰ্তমানৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত তেখেতৰ সৃষ্টিৰাজিয়ে সদায়ে এক বাৰ্তা প্ৰেৰণ কৰি আহিছে৷ সহজ-সৰল শব্দ চয়নেৰে এনে কালজয়ী সংগীতৰ জন্ম দিব পৰাৰ প্ৰতিভা কেৱল তেখেতৰেই আছিল৷” ৰূপম ভূঞাই কয়, “মোৰ দৃষ্টিত বৰ্তমানৰ পাঠ্যপুথিত তেখেতৰ গীতসমূহক কবিতা আকাৰে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিলে বৰ্তমান প্ৰজন্মই তেখেতৰ গীতসমূহৰ মহত্ত্ব উপলব্ধি কৰিব পাৰিব৷” ভূঞাই লগতে কয় যে তেখেতৰ সৃষ্টিৰ বাৰ্তা অসমৰ ভিতৰতে সীমাবদ্ধ হৈ থকা নাছিল, দেশ-দেশান্তৰলৈ ব্যাপ্ত হৈছিল৷
সুধাকণ্ঠগৰাকীৰ কৰ্মৰাজি অসমৰ সমাজ জীৱনৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে উল্লেখ কৰি অসম সাংস্কৃতিক সঞ্চালকালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনায় যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ড॰ ভূপেন হাজৰিকা সংগ্ৰহলায়টিৰ নিৰ্মাণৰ প্ৰাৰম্ভিক পৰ্যায়ৰ কাম ইতিমধ্যে সমাপ্ত হৈছে৷ এই সংগ্ৰহালয়টিয়ে সুধাকণ্ঠগৰাকীৰ স্মৃতি সংৰক্ষণ কৰিব আৰু ইয়াৰ জৰিয়তে এই বিশ্বমানৱগৰাকীৰ বিষয়ে সকলোৱে জানিব পাৰিব বা তেখেতৰ কৰ্মজীৱনৰ অধ্যয়ন তথা গৱেষণা কৰিবলৈ সমল বিচাৰি পাব৷