পৰিৱেশ ব্যৱস্থাপনাক এক নৱ-ৰূপ প্ৰদান কৰি অসম চৰকাৰে অহা ১৭ ছেপ্টেম্বৰত অমৃত বৃক্ষ আন্দোলনৰ অধীনত এক কোটি বাণিজ্যিক গছপুলি ৰোপণৰ এক অগ্ৰণী পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপৰ লক্ষ্য হৈছে ৰাইজ তথা ৰাজ্যৰ বাবে এক বহুমুখী সুবিধা সৃষ্টিৰ জৰিয়তে পৰিৱৰ্তনকামী চিন্তাৰ বীজ ৰোপণ কৰা৷ এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এটা দিনতে এক কোটি গছপুলি ৰোপণৰ লক্ষ্য স্পৰ্শ কৰাৰ বাবে এই জন-আন্দোলনৰ আহ৩ান কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ এই পদক্ষেপে অসমৰ বৃক্ষ অৰ্থনীতিক সবলীকৃত কৰাৰ লগতে জনসাধাৰণ আৰু পৰিৱেশক বিভিন্ন ধৰণেৰে লাভান্বিত কৰিব৷
অমৃত বৃক্ষ আন্দোলনৰ পৰিকল্পনাৰ সফল ৰূপায়ণে ৰাজ্যখনৰ সেউজ আৱৰণ ৩৬.০৯%-ৰপৰা ৩৮%-লৈ বৃদ্ধি কৰাৰ অভিলাষী লক্ষ্য পূৰ্ণ কৰিব পাৰিব৷ বহু-বৰ্ষ নিৰ্ভৰ এই প্ৰচেষ্টাই অসমৰ প্ৰাকৃতিক গঠনক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰিব৷
তদুপৰি, এই অনন্য অভিযানে বন ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱসমূহ হ্ৰাস কৰাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা পালন কৰিব৷ পৰিৱেশৰ বহনক্ষমতাৰ ক্ষেত্ৰত নতুনকৈ ৰোপণ কৰিবলগীয়া এই গছপুলিসমূহে আশাৰ সঞ্চাৰ কৰিব৷ এই পুলিবোৰ যিমানে লহপহকৈ বাঢ়িব সিমানে দক্ষতাৰে কাৰ্বন ডাই অ’ক্সাইডৰ শোষণেৰে বায়ুৰ শোধন কৰিব পাৰিব৷
বায়ুমণ্ডলত স্থলীয় কাৰ্বন চিংক বৃদ্ধি আৰু জমা হোৱা কাৰ্বনৰ পৰিমাণ হ্ৰাস কৰাৰ ক্ষেত্ৰত গছপুলি ৰোপণেৰে বনানীকৰণ কৰিবলৈ বিশ্বব্যাপী প্ৰচেষ্টা অব্যাহত আছে৷ অমৃত বৃক্ষ আন্দোলন এই দিশত এক বৃহৎ পদক্ষেপ আৰু শূন্য কাৰ্বন নিৰ্গমন বহনক্ষম উন্নয়ন লক্ষ্য প্ৰাপ্তিৰ দিশত এই আন্দোলনে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব৷ গছপুলি ৰোপণৰপৰা যথা সময়ত সংগ্ৰহ কৰা কাঠে নিৰ্মাণ খণ্ডত হৈ থকা জলবায়ু সম্পৰ্কীয় নেতিবাচক প্ৰভাৱ হ্ৰাস কৰাৰ লগতে জীৱাশ্মজাত ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাত সহায় কৰিব৷
এই অভিযানত চেগুন, বগা চন্দন, অগৰু, গমাৰী, হোলোং, গৰ্জন, তিতাচঁপা আৰু বগী পমাকে আদি কৰি ২৩বিধ মূল্যৱান বাণিজ্যিক প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হ’ব৷ এই নিৰ্বাচিত প্ৰজাতিৰ গছসমূহে পৰিৱেশত ইতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে অৰ্থনৈতিক উদ্দীপক হিচাপেও কাম কৰিব৷ এই পৰিৱৰ্তনশীল পদক্ষেপৰ জৰিয়তে ৰাজ্য চৰকাৰে অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ খণ্ড ‘কাঠ-আধাৰিত উদ্যোগ’সমূহক উৎসাহিত কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে৷
চৰকাৰে শেহতীয়াকৈ এই খণ্ডটিৰ অপৰিসীম সম্ভাৱনাক স্বীকৃতি প্ৰদান কৰি এক ব্যৱসায়-অনুকূল পৰিৱেশ গঢ়ি তোলাৰ বাবে অসম কাঠ-আধাৰিত উদ্যোগ (প্ৰচাৰ আৰু উন্নয়ন), ২০২২ আৰু বনাঞ্চল বৰ্হিভূত বৃক্ষ (বহনক্ষম ব্যৱস্থাপনা), ২০২২ নীতি প্ৰযোজ্য কৰিছে৷ নতুন নিয়মাৱলীসমূহ প্ৰস্তুত কৰা হৈছে ‘ইজ অফ ডুয়িং বিজনেছ’ বৃদ্ধি কৰিব পৰা কাৰ্যকলাপসমূহক সুশৃংখলিত কৰাৰ উদ্দেশ্যেৰে৷ এই অগ্ৰগামী দৃষ্টিভংগীয়ে বিভাগটোৰ নিয়ামক ভূমিকাক প্ৰচাৰক আৰু সহায়কৰ্তালৈ ৰূপান্তৰ কৰাৰ লগতে পৰিৱেশৰ বহনক্ষমতাৰ সৈতে আপোচ নকৰাকৈ অংশীদাৰিত্ব আৰু সহযোগিতাৰ আধাৰত আমাৰ অৰ্থনীতিক শক্তিশালী কৰিব পাৰিব৷ এই প্ৰচেষ্টাৰ জৰিয়তে বিনিয়োগ আকৰ্ষিত কৰাৰ অৱকাশ আছে৷ বিশেষকৈ গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকলৰ মাজত সংস্থাপন আৰু উদ্যমিতাৰ প্ৰতিশ্ৰুতিসমৃদ্ধ সম্ভাৱনাৰ বাট মুকলি কৰিব৷
অমৃত বৃক্ষ আন্দোলনে এক দৃষ্টান্তমূলক পৰিৱৰ্তন সাধন কৰাৰ উদ্দেশ্যে প্ৰাৰম্ভিক পদক্ষেপসমূহক প্ৰতিনিধিত্ব কৰিছে৷ যি জনসাধাৰণক তেওঁলোকৰ ঘৰৰ বাৰীতে কৃষিবনৰ ধাৰণাক আঁকোৱালি ল’বলৈ উৎসাহিত কৰিব৷ বাণিজ্যিকভাৱে লাভজনক গছৰ প্ৰজাতিসমূহৰ জৰিয়তে জনসাধাৰণে কাঠ-আধাৰিত উদ্যোগৰ যোগান শৃংখলাটোৰ শক্তিশালীকৰণৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব পাৰে৷ অংশীদাৰ হিচাপে গঢ় লৈ উঠাৰ দিশত এই পৰিৱৰ্তনে কেৱল জনসাধাৰণক শক্তিশালী কৰাৰ লগতে সম্প্ৰদায়সমূহৰ অৰ্থনৈতিক স্থিতিস্থাপকতা বৃদ্ধি কৰিব পাৰিব৷
সম্প্ৰদায়সমূহে লোৱা নেতৃত্ব আৰু ৰাইজৰ অংশগ্ৰহণ হৈছে এই জন-আন্দোলনৰ আধাৰ, যি তৃণমূল পৰ্যায়ত সকলোকে সমন্বিত কৰি তুলিব৷ এই অভিযানত গছ আৰু সেউজ স্থানসমূহৰ ক্ষেত্ৰত অধিকাৰ আৰু দায়বদ্ধতাৰ অনুভূতি সৃষ্টি কৰাৰ উদ্দেশ্যে আত্ম-সহায়ক গোট, আশাকৰ্মী, অংগনৱাদী কৰ্মী আৰু চাহ বাগিচাৰ শ্ৰমিককে আদি কৰি বিভিন্ন প্ৰতিষ্ঠানক অন্তৰ্ভুক্ত কৰা হৈছে৷ এই পদক্ষেপৰ স্বকীয়তা হৈছে গছপুলি ৰোপণৰ বাবে নাৰীসমাজৰ নেতৃত্বক অগ্ৰাধিকাৰ প্ৰদান কৰা৷
অংশগ্ৰহণকাৰীসকলক চৰকাৰে গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰিবলৈ আৰ্থিকভাৱে উৎসাহিত কৰাৰ লগতে পূৰঠ হোৱাৰ পাছত এই মূল্যৱান বাণিজ্যিক প্ৰজাতিৰপৰা প্ৰাপ্য লাভ কৰাৰ দিশতো প্ৰেৰণা আগবঢ়াইছে৷ এই প্ৰচেষ্টাক আৰ্থিকভাৱে উৎসাহিত কৰা উদ্দেশ্যৰ আঁৰত আছে এক বিশেষ চিন্তা- উৎপাদিত হোৱা বাণিজ্যিক গছপুলি ৰোপণত হোৱা বিনিয়োগ ওভতাই পোৱাৰ লগতে ই সামাজিক আৰু পাৰিপাশ্বিৰ্ক উদ্দেশ্য পূৰণ কৰাৰ ক্ষেত্ৰত এক ব্যাপক প্ৰভাৱ পেলাব পাৰিব৷ গছবোৰ সম্পূৰ্ণৰূপে পূৰঠ হোৱাৰ পাছত ই কাৰ্বন চিংক হিচাপে কাম কৰিব আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত অত্যাৱশ্যকীয় অৱদান আগবঢ়াব৷ ই উৎপাদকসকলক কাৰ্বন ক্ৰেডিট ব্যৱহাৰ কৰাৰ সুযোগ প্ৰদান কৰাৰ লগতে অৰ্থনৈতিক লাভালাভ গ্ৰহণ কৰাৰ আন এক স্তৰ প্ৰদান কৰিব৷
তদুপৰি, শক্তি মন্ত্ৰ্যালয়ে প্ৰৱৰ্তন কৰা শেহতীয়া অধিসূচনাত ৰাষ্ট্ৰীয় কাৰ্বন ক্ৰেডিট ট্ৰেডিং আঁচনি ২০২৩-ৰ সৈতে সংগতি ৰাখি অমৃত বৃক্ষ আন্দোলনে গছপুলি ৰোপণ আৰু বিনিয়োগকৰ্তা-আধাৰিত প্ৰকল্পৰ জৰিয়তে কাৰ্বন ক্ৰেডিট সৃষ্টিৰ পথ মুকলি কৰিব আৰু নিয়ামক আৰু স্বেচ্ছামূলক বজাৰ ব্যৱস্থাত ব্যৱসায়ৰ পথ মুকলি কৰিব৷
এই পদক্ষেপসমূহে তৃণমূল পৰ্যায়ৰ সম্প্ৰদায়সমূহক সৱলীকৃত কৰাৰ লগতে পৰিৱৰ্তনৰ বাৰ্তাবাহক হিচাপে বহনক্ষমতালৈ ৰূপান্তৰ কৰাৰ নতুন পথ নিৰ্মাণ বা এই গতিক ত্বৰান্বিত কৰাত সহায় কৰিব৷
মূলতঃ বহনক্ষমতাৰ প্ৰতি আমাৰ দৃষ্টিভংগীত এক মৌলিক পৰিৱৰ্তন অনাৰ উদ্দেশ্যে অমৃত বৃক্ষ আন্দোলনক এক বহু-বাৰ্ষিক পদক্ষেপৰ ৰূপত কাৰ্যকৰী কৰাৰ বাবে লক্ষ্য গ্ৰহণ কৰা হৈছে৷ এই আন্দোলনক মিছন লাইফৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা হৈছে৷ ইয়াৰ অধীনত ৰাইজক নিজৰ ঘৰত, বাৰীত বা সমূহীয়া ভূমিত গছপুলি ৰোপণ বা বহনক্ষম কৃষিবন পদ্ধতিক আঁকোৱালি ল’বলৈ উৎসাহিত কৰাৰ লগতে দীৰ্ঘম্যাদী ৰূপত বহনক্ষম বিকল্পৰ অনুঘটক হিচাপে কাৰ্যক্ষম কৰি তুলিবলৈ এক লক্ষ্য গ্ৰহণ কৰা হৈছে৷
(লেখক হৈছে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব)