১ কোটি ২০ লাখ গছপুলি ৰোপণ কৰি অমৃত বৃক্ষ আন্দোলন ১.০ৰ অধীনত যোৱা বছৰ ১০টা গীনিজ অভিলেখ গঢ়িছিল অসমে। বাণিজ্যিক মূল্য থকা এই গছপুলিসমূহৰ ৯০ শতাংশই আজি লহপহকৈ বাঢ়িছে। যোৱা বছৰ অমৃত বৃক্ষ আন্দোলনৰ সময়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল “অহা বছৰ আমি তিনি কোটি গছপুলি ৰোপণ কৰিম আৰু এই তিনি কোটি গছপুলি বন বিভাগে নিজৰ নাৰ্ছাৰীত উৎপাদন কৰিব।”
এই ঘোষণাৰ পাছৰে বিভিন্ন বন সংমণ্ডলত বন বিষয়াসকলৰ বাবে এয়া এক অতিৰিক্ত দায়িত্ব হৈ পৰিল আৰু তেওঁলোক সাজু হ’ল নিজৰ নাৰ্ছাৰীত লক্ষ লক্ষ গছপুলি উৎপাদন কৰাৰ বাবে।
নলবাৰী সামাজিক বন সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া মুকুট চন্দ্ৰ দাসে যোৱা বছৰ আগষ্ট মাহত বন বিভাগৰ নিজৰ নাৰ্ছাৰীৰ গছপুলি লাগিব বুলি কৰা ঘোষণাৰ বিষয়ে অৱগত হোৱাৰ পাছৰে পৰা নাৰ্ছাৰী স্থাপনৰ কাৰণে উপযুক্ত মাটি সন্ধান কৰিবলৈ আৰম্ভ কৰে। বৰভাগৰ ডকহাৰ কাষত দাসে ৫ হেক্টৰ ভূমি নিৰ্বাচন কৰে নাৰ্ছাৰী স্থাপনৰ বাবে। ২০২৩ বৰ্ষৰ ৮ ছেপ্টেম্বৰৰ পৰা নাৰ্ছাৰীখনৰ কাম আৰম্ভ হয়। উৰিয়াম, মেহগনি, ভোমোৰা, আমলখি, শিলিখা, ঔটেঙা আদি গছৰ প্ৰায় ৮ লক্ষাধিক পুলি নাৰ্ছাৰীখনত লগোৱা হয়।
মুকুট চন্দ্ৰ দাসে কয়, “আমি অতি দায়িত্ব সহকাৰে নাৰ্ছাৰীখন স্থাপন কৰিছিলোঁ যদিও দুটাকৈ বানৰ বাবে অৱশ্যে নাৰ্ছাৰীখনত প্ৰায় ৫০ শতাংশ পুলি নষ্ট হৈ যায়। আমি অতি তৎপৰতাৰে নতুন পুলি লগাই এই সমস্যাৰ বহুলাংশ সমাধান কৰোঁ আৰু পাছত ধুবুৰী, দৰং আৰু কোকৰাঝাৰৰ পৰা বাকী ৰোৱা পুলিসমূহ পূৰণ কৰা হয়।”
মুকুট চন্দ্ৰ দাসে কয়, “নলবাৰী জিলাত যোৱাবাৰৰ দৰে এইবাৰো অমৃত বৃক্ষ আন্দোলনক লৈ এক অনন্য উৎসাহ দেখা পোৱা গৈছিল। আমি পুলিসমূহ বিতৰণ কেন্দ্ৰলৈ পঠিওৱাৰ পাছত অতি সোনকালে অংশীদাৰসকলে পুলিসমূহ সংগ্ৰহ কৰি লৈ যায়।”
নলবাৰীৰ আত্মসহায়ক গোটসমূহৰ প্ৰশংসা কৰি কয় মুকুট চন্দ্ৰ দাসে কয়, “আমি পুলিসমূহ আত্মসহায়ক গোট, আশা কৰ্মী, আৰক্ষী, শিক্ষা প্ৰতিষ্ঠান আদিত বিতৰণ কৰোঁ আৰু আত্মসহায়ক গোটৰ সদস্যসকলে আমি দিয়া পুলিৰ লগতে নিজাকৈ পুলি সংগ্ৰহ কৰি এই পদক্ষেপত অংশ লোৱা দেখা পালোঁ।”
তেনেদৰেই ডিব্ৰুগড়ৰ বন বিষয়াসকলৰ বাবেও যোৱা বছৰ আগষ্ট মাহৰ পৰাই নাৰ্ছাৰী স্থাপনৰ কুচকাৱাজ আৰম্ভ হয়। ডিব্ৰুগড়ৰ নামৰূপৰ দিল্লিঘাট, জকাই আৰু চাবুৱাৰ ডিডিআৰ মহাবিদ্যালয়ৰ সমীপৰ তিনিখন নাৰ্ছাৰী স্থাপনৰ বাবে উপযুক্ত মাটি নিৰ্বাচন কৰি কাম আৰম্ভ কৰা হয়।
ডিব্ৰুগড়ৰ মাণ্ডলিক বন বিষয়া সন্দীপ বেণ্ডিয়ে কয়, “মোৰ সংমণ্ডলৰ অধীনত দিল্লিঘাট আৰু জকাইৰ দুখন নাৰ্ছাৰী আছিল। এই দুখন নাৰ্ছাৰীত আমি মুঠ প্ৰায় ৮.৫ লাখ গছপুলি লগাওঁ। ডিব্ৰুগড়ত গছপুলিৰ প্ৰয়োজন আছিল প্ৰায় ১১ লাখ, চাবুৱাৰ নাৰ্ছাৰীত প্ৰায় ২.৫ লাখ গছপুলি উৎপাদন কৰা হয়।” তেওঁ লগতে কয়, “আমি মেহগনি, কদম, নীম, বগী পমা আদি গছপুলি লগাওঁ আৰু বন বিভাগৰ কৰ্মচাৰীসকলৰ সঠিক তত্ত্বাৱধানত পুলিসমূহ যথেষ্ট সুস্থ হয়।”
উল্লেখযোগ্য যে সমগ্ৰ অসমতে এইবাৰ অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা ৩ কোটিৰো অধিক গছপুলি ৰোপণ কৰা হৈছিল আৰু সকলো গছপুলি অসমৰ ভিন্ন জিলাৰ বন বিভাগৰ নিজাকৈ স্থাপন কৰা ৫৪খন নাৰ্ছাৰীত উৎপাদন কৰা হৈছিল। এই নাৰ্ছাৰীসমূহত ৬১টা বাণিজ্যিক প্ৰজাতিৰ পুলি লগোৱা হৈছিল। তদুপৰি বন বিভাগৰ দৈনিক গছপুলি ৰোপণ কৰিবলৈও অতিৰিক্ত গছপুলি বন বিভাগে নিজে সাজু কৰিছে। নাৰ্ছাৰীসমূহৰ পৰা পুলিসমূহ প্ৰেৰণ কৰা হৈছিল ষ্টকিং পইণ্টলৈ আৰু তাৰ পৰা বিতৰণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল। যোৱাবাৰ বিতৰণ কেন্দ্ৰ কম হোৱাৰ বাবে উদ্ভৱ হোৱা সমস্যা আঁতৰ কৰিবলৈ এইবাৰ ৪০০০ বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছিল।
অমৃত বৃক্ষ আন্দোলন ২.০ সম্পৰ্কে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “এই গছপুলি ৰোপণ প্ৰক্ৰিয়া সম্পূৰ্ণ ব্যক্তিগত পদক্ষেপ আছিল, অৰ্থাৎ এনে নহয় যে ৰাস্তাৰ কাষত গছপুলি ৰোপণ কৰা হৈছে। এই পদক্ষেপৰ অধীনত পুলিসমূহ ৰোৱা হৈছে কেম্পাছৰ ভিতৰত। সেয়ে আমি পুলিসমূহৰ ক্ষেত্ৰত বাণিজ্যিক দিশটো গুৰুত্ব দিছোঁ। বাণিজ্যিক মূল্য থকা গছপুলিসমূহৰ পৰা এটা নিৰ্দিষ্ট সময়ৰ পাছত ৰাইজ লাভান্বিত হ’ব পাৰিব।”
পশ্চিম কাৰ্বি আংলঙৰ হামৰেন সংমণ্ডলত এখন নাৰ্ছাৰীৰ কাম আৰম্ভ কৰা হৈছিল ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা। বন বিভাগে ৫ হেক্টৰ মাটিকালিৰ এই নাৰ্ছাৰীখন প্ৰায় ৮ লাখ পুলি সাজু কৰে। হামৰেনৰ মাণ্ডলিক বন বিষয়া ৰাজীৱ ইংতিয়ে কয়, “অমৃত বৃক্ষ আন্দোলন ২.০ৰ অধীনত আমি পশ্চিম কাৰ্বি আংলং জিলাত প্ৰায় ৭.৯৫ লাখ গছপুলি বিতৰণ কৰোঁ। আমি অগৰু, মেহগনি, বগী পমা, মণিপুৰী উৰহী আদি গছপুলি নাৰ্ছাৰীখনৰ পৰা বিতৰণ কৰিছিলোঁ।”
তেওঁ লগতে কয়, “জিলাখনৰ ৮২টা বিতৰণ কেন্দ্ৰৰ জৰিয়তে পুলিসমূহ বিতৰণ কৰা হয় আৰু সকলোৱে অতি উৎসাহেৰে এই পদক্ষেপত অংশগ্ৰহণ কৰে।”
উল্লেখযোগ্য যে অমৃত বৃক্ষ আন্দোলন ২.০ৰ অধীনত জিলা প্ৰশাসন, জিলা আৰক্ষী, সামাজিক সংগঠন আৰু পশ্চিম কাৰ্বি আংলঙৰ বন বিভাগে যোৱা ১৩ আগষ্টত অসম-মেঘালয় সীমান্তৱৰ্তী খাণ্ডুলিত প্ৰায় ৩০,০০০ অতিৰিক্ত গছপুলি ৰোপণ কৰে।