ডিব্ৰুগড় জিলাৰ ইন্দ্ৰজিৎ শৰ্মাই বি.টেক পাঠ্যক্ৰম সম্পূৰ্ণ কৰি অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে। সামাজিক মাধ্যমযোগে ‘অভিনন্দন অসম চৰকাৰৰ শিক্ষা ঋণ ৰাজসাহায্য আঁচনি ২.০’ৰ বিষয়ে অৱগত হৈ তাৎক্ষণিকভাৱে ইন্দ্ৰজিতে এই ঋণৰ বাবে আবেদন কৰে।
“অভিনন্দন আঁচনিখনৰ কাৰণে আমি আগ্ৰহেৰে বাট চাই আছিলোঁ। এক্সযোগে মই এই আঁচনিখনৰ বিষয়ে অৱগত হৈ তাৎক্ষণিকভাৱে আবেদন কৰোঁ। এনেধৰণৰ শিক্ষা ঋণে আমাক জীৱনৰ বাটত আগুৱাই যাবলৈ উৎসাহিত কৰে। মই আশাবাদী যে এই আঁচনিখনৰ সুফল লাভ কৰি বি.টেকৰ সময়ত ২০২০ বৰ্ষৰ ডিচেম্বৰ মাহত লোৱা ঋণৰ ক্ষেত্ৰত এই শিক্ষা ঋণ ৰাজসাহায্য প্ৰয়োগ কৰিম আৰু পৰিয়ালক কিছু সকাহ দিম,” ইন্দ্ৰজিতে কয়।
উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লাঘৱ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা শিক্ষা ঋণ ৰাজসাহায্যৰ কথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰে, “এই প্ৰচেষ্টাৰ অধীনত আমাৰ ৰাজ্য চৰকাৰে উচ্চ শিক্ষাৰ বিত্তীয় সাহায্যৰ বাবে লোৱা ঋণৰ ওপৰত ৫০,০০০ টকা পৰ্যন্ত ৰাজসাহায্য আগবঢ়াব।”
এই ঋণ ৰাজসাহায্যৰ বাবে আবেদন কৰা ভাৰত প্ৰধান বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমৰ এগৰাকী ছাত্ৰ। বাতৰিকাকতৰ বিজ্ঞাপনৰপৰা এই আঁচনিখনৰ বিষয়ে অৱগত হৈ ভাৰতে আবেদন কৰে।
“মই এই শিক্ষা ঋণ ৰাজসাহায্যৰ জৰিয়তে বৰ্তমানৰ এমবিবিএছ পাঠ্যক্ৰমৰ বাবে লোৱা ঋণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ। শিক্ষাৰ্থী হিচাপে প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ এনে ঋণ ৰাজসাহায্যৰ বাবে আবেদন কৰিছোঁ আৰু ইয়াৰ দ্বাৰা উপকৃত হোৱাৰ ক্ষেত্ৰত আশা প্ৰকাশ কৰিলোঁ,” ভাৰতে এনেদৰে উল্লেখ কৰে।
ভাৰতৰ দৰে মৰিগাঁও জিলাৰ এগৰাকী বাসিন্দাই (নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক) বি.এড পাঠ্যক্ৰম কৰি থকাৰ সময়ত লোৱা শিক্ষা ঋণ পৰিশোধ কৰিবলৈ এই ৰাজসাহায্যযুক্ত অভিনন্দন আঁচনিয়ে সহায় কৰিব বুলি উল্লেখ কৰে।
“অসম চৰকাৰৰ এই পদক্ষেপ অতিকৈ আদৰণীয়। ইয়াৰ জৰিয়তে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালবৰ্গই সকাহ পাব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত এই আঁচনিয়ে সহায় কৰাৰ লগতে উচ্চাকাংক্ষী আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলৰ সপোন পূৰণত ‘অভিনন্দন’ আঁচনি হৈ পৰিব আশীৰ্বাদস্বৰূপ,” তেখেতে অসম বাৰ্তাৰ এগৰাকী প্ৰতিৱেদকক ফোনযোগে এই কথা উল্লেখ কৰে।
এই আঁচনিৰ সুফল লাভ কৰাৰ ক্ষেত্ৰত কিছু যোগ্যতাৰ চৰ্তাৱলী নিৰ্ধাৰণ কৰা হৈছে। এই চৰ্তাৱলী সাপেক্ষে ইচ্ছুকসকলে আঁচনিখনৰ সুফল লাভ কৰিবলৈ আবেদন কৰিব পাৰে।