আপুনি যদি ভৰত চক্ৰৱৰ্তী আৰু নৱজিৎ শৰ্মাৰ দৰে গুৱাহাটীৰ পূব শৰণীয়া বা জু-ৰ’ড তিনিআলিৰ বাসিন্দা, তেনেহ’লে আপুনি এতিয়া প্ৰাপ্তিৰ সুখ অনুভৱ কৰিছে৷ ইমানদিনে বৰ হেঁপাহেৰে বিচাৰি থকা এটা সম্পদ আজি আপোনাৰ ওচৰত পৰ্যাপ্ত পৰিমাণে আছে, তাকো ২৪ ঘণ্টাই ব্যৱহাৰ কৰিব পৰাকৈ৷ তেওঁলোকৰ দৰেই, আপুনিও নিশ্চয় ঈশ্বৰক ধন্যবাদ জনাইছে যে অৱশেষত আপোনাৰ লগতে সকলোৰে বাবে দৈনন্দিন উদ্বেগৰ বিষয় এটাৰ অৱসান হ’ল৷
গুৱাহাটী পানী যোগান প্ৰকল্পই উপৰিউক্ত পৰিয়ালসমূহৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ প্ৰায় ১৩,০০০ বাসিন্দাৰ বাবে পূৰ্ণ গতিত পানী যোগান ধৰাৰ উদ্দেশ্যে পাইপিং আৰম্ভ কৰি জাপান ইণ্টাৰনেশ্যনেল ক’অপাৰেশ্যন এজেঞ্চী (জেআইচিএ, চমুকৈ জাইকা)ৰ সহযোগত ২১ ডিচেম্বৰৰ পৰা প্ৰকল্পটো আৰম্ভ কৰিছে৷
“ব্যৱহাৰযোগ্য পানীৰ সমস্যাই আমাৰ এলেকাটোৰ লোকসকলৰ প্ৰয়োজনীয় দৈনন্দিন কাম-কাজত যোৱা এক দশকৰো অধিক কাল ব্যাঘাত জন্মাই আহিছিল৷ ২০১০-১১ বৰ্ষত যেতিয়া জাইকাৰ সহযোগত পানী যোগান প্ৰকল্পৰ কাম আৰম্ভ হৈছিল, আমি আশা কৰিছিলোঁ যে ২০১৪-১৫ বৰ্ষৰ ভিতৰতে আমাৰ অঞ্চলটোৰ পানী যোগান সমস্যাৰ ওৰ পৰিব৷ অৱশ্যে, এই অপেক্ষা কিছু দীঘলীয়া হ’ল৷ এনে এটা সময়ো আহিছিল যেতিয়া আমি ভাবিবলৈ আৰম্ভ কৰিছিলোঁ যে এই প্ৰকল্পটো আৰু সম্পূৰ্ণ হৈ নুঠিব৷ অৱশেষত ২২ ডিচেম্বৰৰ পৰা আমাৰ এই বহুদিনীয়া সপোন বাস্তৱত পৰিণত হ’ল৷ আমি এতিয়া প্ৰতিদিনে ২৪ ঘণ্টাই পানী পাই আছোঁ আৰু ইয়াৰ বাবে মই চৰকাৰৰ ওচৰত কৃতজ্ঞ,” এগৰাকী অৱসৰপ্ৰাপ্ত অভিযন্তা নৱজিৎ শৰ্মাই অসম বাৰ্তাক কয়৷
নৱেম্বৰত প্ৰকল্পটোৰ পৰীক্ষণ সম্পন্ন হোৱাৰ লগে লগে পূব শৰণীয়াৰ ৬নম্বৰ উপপথ (পশ্চিম)ৰ বাসিন্দা ভৰত চক্ৰৱৰ্তীৰ উদ্বিগ্নতা প্ৰায় শেষ হৈছিল৷ “জাইকাৰ পানী যোগান আঁচনি আংশিকভাৱে আৰম্ভ হোৱাৰ এমাহ আগতে মই গুৱাহাটী জল ব’ৰ্ডৰ পৰা মোৰ নতুন পানী যোগান সংযোগ লৈছিলোঁ৷ পৰীক্ষণৰ সময়ত পানীৰ গতি স্বাভাৱিক আছিল কিন্তু ২১ ডিচেম্বৰৰ সন্ধিয়াৰ পৰা আমি পাইপত পানীৰ গতি সন্তোষজনকভাৱে উন্নত হোৱা দেখিবলৈ পাইছোঁ৷ এই গতি এতিয়া সকলো সময়ত উপলব্ধ,” চক্ৰৱৰ্তীয়ে এই প্ৰতিৱেদকক অৱগত কৰে৷ তেওঁ আৰু কয় যে প্ৰতিটো সংযোগৰ বিপৰীতে মিটাৰ স্থাপন কৰাটো পানীৰ অপচয় ৰোধ কৰাৰ বাবে এটা উত্তম উপায়৷
গুৱাহাটীৰ খাৰঘুলিস্থিত পানী শোধন প্ৰকল্পৰ চৌহদত অনুষ্ঠিত আংশিকভাৱে পানী যোগান মুকলি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে৷
এই প্ৰকল্পটোক গুৱাহাটীৰ বাসিন্দাসকলৰ আশা- আকাংক্ষা পূৰণৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে তেওঁ অভিহিত কৰে৷ প্ৰকল্পটোৰ আংশিক আৰম্ভণিয়ে যথেষ্টসংখ্যক পৰিয়ালৰ পানীৰ অভাৱ হ্ৰাস কৰিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এক লাখতকৈও অধিক পৰিয়ালক পানী যোগান ধৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ ২০২৪ চনৰ মাৰ্চৰ ভিতৰত প্ৰকল্পটোৰ সকলো কাম সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ তেওঁ লগতে কয় যে প্ৰকল্পটো আংশিক ৰূপত আৰম্ভণি কৰাৰ ফলত পূব গুৱাহাটীৰ বাসিন্দাসকলক এক সু-নিয়ন্ত্ৰিত পানী যোগান ব্যৱস্থা প্ৰদান কৰাটো সম্ভৱ হৈ উঠিব, যি অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ ভিতৰত অন্যতম আছিল৷
আন এগৰাকী ব্যক্তি প্ৰবীন্দ্ৰ নাথ ভূঞাই কয়, “এক সুৰক্ষিত পানী যোগান ব্যৱস্থা হৈছে এখন সুস্থ সমাজৰ মেৰুদণ্ডস্বৰূপ৷ কিন্তু, পূৰ্বৱৰ্তী চৰকাৰসমূহে এই প্ৰকল্পটোত বৰ বেছি গুৰুত্ব দিয়া নাছিল৷” গুৱাহাটী কমাৰ্চ কলেজৰ সমীপৰ কৃপাসিন্ধু পথৰ বাসিন্দা ভূঞাই লগতে কয়, “মই নিশ্চিত যে প্ৰকল্পটো অতি সোনকালে সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিব”৷
মুখ্যমন্ত্ৰীয়ে জাইকাৰ কৰ্ম সহিষ্ণুতা আৰু ধৈৰ্যশীলতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে কয় যে মুখ্যমন্ত্ৰীৰ ‘সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰ’ৰ মন্ত্ৰ অনুসৰণ কৰি প্ৰকল্পটো নিৰ্ধাৰিত সময়সূচী অনুসৰি সম্পূৰ্ণ কৰা হ’ব৷
ভাৰতত জাপানৰ দূতাবাসৰ উপ-প্ৰধান কুনিহিকো কাৱাজু আৰু জাইকা ইণ্ডিয়াৰ মুখ্য প্ৰতিনিধি মিৎচুন’ৰি চাইটো এই অনুষ্ঠানত উপস্থিত আছিল৷
“এই সময়ছোৱাত আমি ব্যক্তিগত খণ্ডৰ পৰা টেংকত খোৱা পানী সংগ্ৰহ কৰিবলৈ বাধ্য হৈছিলোঁ৷ কিন্তু এতিয়া এই বাধ্যবাধকতাও শেষ হ’ব৷ মই অসম চৰকাৰক ধন্যবাদ জনাব বিচাৰোঁ,” পূব শৰণীয়াৰ চানমাৰি ৰেলপথৰ ওচৰৰ বাসিন্দা দেৱোৎপল গোস্বামীয়ে কয়৷