যোৱা ৪ ডিচেম্বৰত প্ৰকাশ হোৱা ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰ’ৰ (এনচিআৰবি) বাৰ্ষিক প্ৰতিৱেদনে এক শংকাযুক্ত বাস্তৱক আঙুলিয়াই দিছে। ভাৰতত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ বৃদ্ধি পাইছে। সমগ্ৰ দেশত অপৰাধৰ সংখ্যাও মাত্ৰ ৪%হে নিম্নগামী হৈছে। দেশজুৰি বিতৰ্কৰ উদ্ভৱ হোৱা কাৰণ যিয়েই নহওক কিয় অসমে কিন্তু ইয়াৰ বিপৰীতে এক সুন্দৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰিছে। মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ লগতে সামগ্ৰিকভাৱেও অপৰাধ হ্ৰাস পাইছে।
ৰাজ্যখনত ২০২১ চনৰপৰা অপৰাধৰ হাৰ প্ৰায় ৪৫% হ্ৰাস পাইছে। অসমত ২০২২ চনত নথিভুক্ত অপৰাধৰ হাৰ প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে হৈছে ১৯৪.২ (২০২১ চনত এই হাৰ আছিল ৩৪১)। সমগ্ৰ দেশৰ ভিতৰত সংঘটিত অপৰাধৰ এই হাৰ হৈছে ৪০৭.৬। ২০২২ চনত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ঘটনা আছিল ১৪,১৪৮টা আৰু আনহাতে ২০২১ চনত এনে ২৯,০৪৬টা ঘটনা সংঘটিত হৈছিল। ২০২১ চনৰ তুলনাত এনে ঘটনা প্ৰায় ৫০% হ্ৰাস পাইছে। এই দুই গুৰুত্বপূৰ্ণ তথ্যৰ বাবে অসমে সমগ্ৰ দেশৰ অপৰাধৰ পৰিসংখ্যাত পূৰ্বৰ নৱম স্থানৰ পৰা ইতিবাচকভাৱে বিংশতম স্থানলৈ আগুৱাবলৈ সক্ষম হৈছে।
আৰক্ষীৰ কাৰ্যকাৰিতা হৈছে ইয়াৰ সৰ্ববৃহৎ কাৰক। অৱশ্যে অপৰাধ নিৰ্মূলকৰণৰ বাবে ৰাজ্য চৰকাৰৰ সামগ্ৰিক দৃষ্টিভংগীৰ বিষয়েও উল্লেখ কৰিব লাগিব। আৰক্ষীক প্ৰদান কৰা প্ৰয়োজনীয় স্বাধীনতা আৰু আঁচনিসমূহ ৰাজ্য চৰকাৰৰ উল্লেখনীয় পদক্ষেপ। বাল্য বিবাহৰ বিৰুদ্ধে প্ৰণয়ন কৰা আইনখনৰ বাবে ৰাজ্যখনত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ সংখ্যা হ্ৰাস পোৱাৰ অন্যতম বিশেষ কাৰণ। কৰ্তব্য পালনৰ সময়ত আৰক্ষীয়ে মানৱ অধিকাৰ উলংঘন কৰাৰ খবৰ নোপোৱা নহয় যদিও আমি পাহৰি যাব নালাগে যে আৰক্ষীৰ কাৰ্যকাৰিতা প্ৰতিদিনে বিকশিত হৈ গৈ থাকে। অসম আৰক্ষীৰ বাবে নিশ্চিতভাৱে এনে বহু দিশ আছে য’ত তেওঁলোকে নিজৰ কৰ্তব্য অব্যাহত ৰাখি অধিক উন্নতিৰ বাবে দৃষ্টি প্ৰদান কৰি যাব লাগিব।