২০২৩ চনৰ ১ ডিচেম্বৰত ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰ’ৰ (এনচিআৰবি) এক প্ৰতিৱেদনত (The Crime in India for the Year 2022) প্ৰকাশ পাইছে যে ২০২১ বৰ্ষৰ পাছৰপৰা ৰাজ্যখনত সংঘতিত অপৰাধৰ হাৰ প্ৰায় ৫০% হ্ৰাস পাইছে (অনুগ্ৰহ কৰি বক্সত চাওক)।
প্ৰতিৱেদনখন প্ৰকাশৰ পাছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে, “স্মাৰ্ট আৰক্ষীত স্বচ্ছ নিযুক্তি আৰু বিনিয়োগৰ বাবে আমি গ্ৰহণ কৰা প্ৰচেষ্টাই সুফল প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। অসম অপৰাধমুক্ত নোহোৱালৈকে আমাৰ প্ৰচেষ্টা অবিৰত হৈ থাকিব।”
তাৎপৰ্যপূৰ্ণভাৱে, অসমত পঞ্জীয়নভুক্ত দুৰ্নীতিৰ ঘটনা বিগত দুটা বছৰৰ তুলনাত ২০২২ বৰ্ষত যথেষ্ট বৃদ্ধি পাইছে। ২০২০ আৰু ২০২১ চনৰ ১৬টাকৈ গোচৰৰ বিপৰীতে ৰাজ্যখনত এই বছৰ দুৰ্নীতি প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ দুৰ্নীতি সম্পৰ্কীয় ধাৰাৰ অধীনত ৫৭টা গোচৰ ৰজু হৈছে।
যোৱা বছৰ পঞ্জীয়ন হোৱা গোচৰসমূহৰ ভিতৰত আছে চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে উৎকোচ গ্ৰহণ কৰোঁতে হাতে-লোটে আটক হোৱা ৫০টা গোচৰ। আয়ৰ সৈতে অসামঞ্জস্যপূৰ্ণ সম্পত্তি (৪টা) আৰু অপৰাধমূলক অসদাচৰণ (৩টা) গোচৰো যোৱা বছৰ পঞ্জীয়ন হৈছিল।
যোৱা বছৰ এনে সংক্ৰান্তীয় গোচৰত মুঠ ৫৮গৰাকী ব্যক্তিক আটক কৰা হৈছিল। ইয়াৰে ৪৫গৰাকী অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে। এনচিআৰবিৰ তথ্য অনুসৰি দুগৰাকী ব্যক্তিৰ বিৰুদ্ধে অভিযোগ সাব্যস্ত হৈছে। এগৰাকী ব্যক্তি নিৰ্দোষী সাব্যস্ত হোৱাৰ লগতে দুগৰাকীয়ে কাৰাবাস আৰু আন শাস্তিৰ মুখামুখি হৈছে যদিও কোনো অভিযুক্তকেই চাকৰিৰ পৰা বৰ্খাস্ত কৰা বা অব্যাহতি দিয়া হোৱা নাই।
দুৰ্নীতি প্ৰতিৰোধ আইন আৰু আইপিচিৰ দুৰ্নীতি সম্পৰ্কীয় ধাৰাৰ অধীনত গোচৰ নিষ্পত্তিৰ ক্ষেত্ৰত দুৰ্নীতি নিৰ্বাৰন, নিৰীক্ষণ আৰু লোকায়ুক্তৰ ওচৰত ১০৯টা গোচৰৰ তদন্ত যোৱা বছৰৰপৰা স্থগিত হৈ আছে।
তদুপৰি যোৱা বছৰটোত ৰাজ্যখনত তথ্য-প্ৰযুক্তি আৰু বৌদ্ধিক সম্পত্তি সম্পৰ্কীয় আইন উলংঘনৰ বাবে ১,৪৪৭টা গোচৰ ৰুজু কৰা হৈছে। আনহাতে বিভিন্ন সুৰা আৰু নিচাযুক্ত ড্ৰাগছ সম্পৰ্কীয় আইনৰ অধীনত ৩,০৭৩টা গোচৰ ৰুজু হৈছে।
বছৰটোত ১,০৭২টা হত্যাকাণ্ডৰ ঘটনাত ১,০৮২গৰাকী লোক নিহত হৈছে। এনচিআৰবিৰ তথ্য অনুসৰি ২০২২ চনত যৌতুক সম্পৰ্কীয় ১৭৫টা ভিন্ন ঘটনাত মুঠ ১৯৫গৰাকী লোকৰ মৃত্যু হৈছে।
ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে অপৰাধৰ হাৰ হ্ৰাস হোৱাৰ এই ইতিবাচক ধাৰা ২০২৩ চনতো অব্যাহত আছে। “অপৰাধৰ হাৰ হ্ৰাস হোৱাৰ কাৰণ হৈছে সক্ষম, সবল আৰু কোনো ক্ষেত্ৰতে আপোচ নকৰা আৰক্ষী। শক্তিশালী আৰক্ষী ব্যৱস্থাৰ কোনো বিকল্প নাই। যদি আমি আগন্তুক তিনিটা বছৰলৈ আৰক্ষীৰ এই সক্ষমতা অটুট ৰাখিব পাৰোঁ তেন্তে অসম আনন্দলোকত পৰিণত হ’ব,” তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে গুৰুত্বসহকাৰে কয় যে ১৯৭৯ চনৰ পাছত প্ৰথমবাৰৰ বাবে অসমত সামগ্ৰিকভাৱে অপৰাধ হ্ৰাস পোৱাটো এই তথ্যৰপৰা প্ৰমাণিত হৈছে। তেওঁ উল্লেখ কৰে যে চৰকাৰে এই ধাৰা চিৰস্থায়ী কৰাৰ বাবে প্ৰদান কৰা প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়িত কৰাৰ দিশত প্ৰচেষ্টা চলাই যাব।
এনচিআৰবিৰ শেহতীয়া তথ্যই অপৰাধ হ্ৰাস হোৱাৰ ইংগিত প্ৰদান কৰাৰ লগতে দেশৰ ভিতৰত সংঘটিত অপৰাধৰ সংখ্যাৰ তালিকাত ইতিবাচকভাৱে অসমে ২০২১ চনৰ ৯ম স্থানৰ পৰা ২০তম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ড০ শৰ্মাই এই ফলাফলৰ বাবে সন্তুষ্টি প্ৰকাশ কৰি ইয়াক ৰাজ্যখনৰ বাবে ‘প্ৰকৃত ভাল খবৰ’ হিচাপে অভিহিত কৰে।
অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ সবল নেতৃত্বত অসম আৰক্ষী ৰাজ্যখনৰ জনসাধাৰাণৰ সপোন আৰু আকাংক্ষাক পূৰণ কৰি যাবলৈ সংকল্পবদ্ধ।
অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকীয়ে কয়, “আমাৰ ওপৰত কৰা বিশ্বাসৰ লগতে স্পষ্ট নিৰ্দেশনা আৰু অনুশাসনৰ বাবে এয়া সম্ভৱ হৈ উঠিছে। অমি এই দিশত নিজকে আৰু উন্নত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ।”