সময় পুৱা ৯ বাজিছে। গুৱাহাটীৰ জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদৰ বিপৰীতে থকা সুন্দৰবড়ী অঞ্চলৰ দুখন সুলভ মূল্যৰ দোকানত ১০০গৰাকীৰো অধিক মহিলাই হাতত ৰেচন কাৰ্ড লৈ শাৰী পাতি থকাৰ দৃশ্য পৰিলক্ষিত হৈছে। আমাৰ প্ৰশ্নৰ উত্তৰত মহিলাসকলে অতি উৎসাহেৰে জনাই যে ৰাজ্য চৰকাৰৰ ‘অন্ন সেৱা সপ্তাহ’ কাৰ্যসূচীৰ অধীনত সংশ্লিষ্ট সুলভ মূল্যৰ দোকানৰপৰা নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁলোকে বিনামূলীয়াকৈ চাউল লাভ কৰিব। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ৰূপায়িত এই পদক্ষেপৰ অংশ হিচাপে নৱেম্বৰ মাহৰ ১০-১৬ তাৰিখলৈ প্ৰায় ২ কোটি লোকক সামৰি লোৱা হয়।
“আমাৰ সুলভ মূল্যৰ দোকানৰপৰা অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়াল (Priority Household Card)ৰ অধীনত আজি মই ১৫ কিল’গ্ৰাম বিনামূলীয়া চাউল লাভ কৰিছোঁ। আমাৰ পৰিয়ালত সদস্যৰ সংখ্যা হৈছে তিনিগৰাকী। প্ৰতিগৰাকী সদস্যৰ বাবে আমি ক’ভিডৰপৰা প্ৰতিমাহে ৫ কিল’গ্ৰামকৈ বিনামূলীয়া চাউল লাভ কৰি আহিছোঁ,” সুন্দৰবড়ী অঞ্চলৰ ২নম্বৰ ৱাৰ্ডৰ সৰস্বতী দাস (৪০)-এ কয়।
“২ বছৰৰো অধিক সময়ৰপৰা মুঠ ৪০২গৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে মোৰ দোকানৰপৰা বিনামূলীয়া চাউল সংগ্ৰহ কৰি আহিছে। ইয়াৰ বাহিৰে ইয়াত তিনিগৰাকী অন্ত্যোদয়া অন্ন যোজনাৰ ৰেচন কাৰ্ডপ্ৰাপক হিতাধিকাৰী আছে আৰু বাকীসকল হৈছে অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়াল কাৰ্ডৰ হিতাধিকাৰী। আৰম্ভণিতে, e-POS মেচিনত কিছু অসুবিধা হৈছিল যদিও বৰ্তমান সকলো নিয়াৰিকৈ চলি আছে,” সুন্দৰবড়ী অঞ্চলস্থিত সুলভ মূল্যৰ দোকান এখনৰ স্বত্বাধিকাৰী ভাস্কৰ কুমাৰে এনেদৰে কয়।
তেখেতে লগতে কয়,“ৰাজ্য চৰকাৰৰ এয়া এক সবল পদক্ষেপ। সময়মতে আমাৰ প্ৰাপ্য অংশ প্ৰদান কৰা হৈছিল আৰু আমিও কাৰ্ডধাৰীসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত চাউল সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছিলোঁ।”
অন্ত্যোদয়া অন্ন যোজনা ৰেচন কাৰ্ডৰ হিতাধিকাৰী সুন্দৰবড়ীৰ ১ নম্বৰ ৱাৰ্ডৰ পখিলা কলিতাই (৫৯) কয়, “মই ৩৫ কিল’গ্ৰাম চাউল সংগ্ৰহ কৰিছোঁ। যথেষ্ট উন্নতমানৰ চাউল আমাক প্ৰদান কৰা হৈছে। বৰ্তমান বজাৰত এই জাতৰ চাউলৰ মূল্য প্ৰতি কেজিত ৪৫ টকা।”
ঠিক একেদৰে দৰং জিলাৰ সদৰ মঙলদৈৰ মেধিপাৰাতো এনে এখন প্ৰতিচ্ছবি দেখা পোৱা গ’ল। ”মোৰ পৰিয়ালত মোৰ জীয়ৰী আৰু এগৰাকী দিব্যাংগ নাতিনী আছে। নৱেম্বৰ মাহৰপৰা আমাক সময়মতে বিনামূলীয়া চাউল প্ৰদান কৰা হ’ব বুলি কোৱা হৈছিল। সুলভ মূল্যৰ দোকানৰপৰা আমি এই মাহতো যথেষ্ট উন্নতমানৰ চাউল লাভ কৰিলোঁ,” বিমলা ডেকা (৬০)-ই কয়।
দৰং জিলাৰ ডাঁহী গাঁও নিবাসী নিৰ্মালী ডেকা নাথ (৪০)-য়ে সুলভ মূল্যৰ দোকানত চাউলৰ সঠিক ওজন জোখাৰ পাছত e- POS মেচিনৰ ৰচিদ লাভ কৰিবলৈ মেচিনটোত আঙুলিৰ ছাপ বহুৱায়। তেখেতে এই অন্ন সেৱা সপ্তাহক সাধাৰণ ৰাইজৰ বন্ধু বুলি অভিহিত কৰে।
খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ভাৰপ্ৰাপ্ত ডিডিএছ ধ্ৰুৱজ্যোতি ডেকাই অসম বাৰ্তাৰ প্ৰতিৱেদকগৰাকীক কয়,“আমাৰ জিলাৰ প্ৰতিখন সুলভ মূল্যৰ দোকানে যাতে মাহটোৰ ৯ তাৰিখৰ ভিতৰত চাউল লাভ কৰে, সেই কথাটোলৈ আমি বিশেষভাৱে মন দিওঁ। এইক্ষেত্ৰত আমি কেইবাটাও স্থানত সুলভ মূল্যৰ দোকানসমূহৰ স্বত্বাধিকাৰী আৰু হিতাধিকাৰীৰ উপস্থিতিত সজাগতামূলক কাৰ্যসূচীও ৰূপায়ণ কৰিছোঁ। আমাৰ জিলাত ৰেচন কাৰ্ডধাৰীৰ সংখ্যা ১,৯১,৪২৭গৰাকী হোৱাৰ লগতে মুঠ হিতাধিকাৰীৰ সংখ্যা হৈছে ৭,১৫,৮৮৫গৰাকী।”
মধ্য অসমৰ মৰিগাঁও জিলাৰ বিভাগীয় সহকাৰী যোগান সঞ্চালক মতিউৰ ৰহমানে কয়, “চৰকাৰৰ নতুন এছঅ’পি এক সময়োপযোগী পদক্ষেপ। ইয়াৰ জৰিয়তে ব্যৱস্থাটোৰ বহু সমস্যাৰ সমাধান হৈছে।”
তেখেতে লগতে কয় যে জিলাখনত ৰেচন কাৰ্ডধাৰীৰ সংখ্যা হৈছে ১,৮৭,৩৫১গৰাকী আৰু মুঠ হিতাধিকাৰীৰ সংখ্যা হৈছে ৭,০২,৮১৫।
জিলাখনৰ ভূৰবন্ধা উন্নয়ন খণ্ডৰ অন্তৰ্গত মণিপুৰ গাঁৱৰ ভদ্ৰ বৰদলৈ (৬৫)-য়ে ১৯৯১ চনৰপৰাই সুলভ মূল্যৰ দোকানখনৰ জৰিয়তে বহু লোকৰ মুখত বিৰিঙাই আহিছে হাঁহি।
“আমি যোৱা দুটা বছৰৰপৰা বিনামূলীয়া চাউলৰ নিয়মীয়া যোগান ধৰি আহিছোঁ। জিলা প্ৰশাসনে এইক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে,” অসম বাৰ্তাৰ এগৰাকী প্ৰতিৱেদকক বৰদলৈয়ে এনেদৰে কয়।
ভদ্ৰ বৰদলৈৰ মতে e-POS–এ ৰাজহুৱা বিতৰণ ব্যৱস্থাটোক নিকা আৰু স্বচ্ছ ব্যৱস্থা গঢ়ি তুলিছে।