“২০২০ চনত, মই মোৰ সাত বিঘা মাটিৰ শালিধান খেতিৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত পঞ্জীয়ন কৰিছিলোঁ। সেই বছৰেই বানত মোৰ সম্পূৰ্ণ শস্য ক্ষতিগ্ৰস্ত হৈছিল। মই ভাবিলেই শিহৰিত হৈ পৰোঁ যদি মই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত বীমা নকৰা হ’লে কি হ’লহেতেন? বীমা বিষয়া আৰু কৃষি বিভাগৰ প্ৰতিনিধিসকলে মোৰ ক্ষতিৰ মূল্যাংকন কৰি মোৰ বেংক একাউণ্টত ১৪,৮৫০ টকা জমা কৰি দিছিল।”
বজালীৰ শালদহ গাঁৱৰ অৱনী দাসে তেওঁৰ এই অভাৱনীয় ক্ষতিৰ সকাহ দিয়াৰ বাবে চৰকাৰখনক প্ৰতিদিনেই কৃতজ্ঞতা জনায়। ভাৰত চৰকাৰে আৰম্ভ কৰা আৰু অসম চৰকাৰে ৰূপায়ণ কৰা এনে বহু সুদূৰপ্ৰসাৰী কাৰ্যসূচীয়ে ৰাজ্যখনৰ কৃষকসকলৰ জীৱন অৰ্থপূৰ্ণ কৰি তুলিছে। ইয়াৰ ফলত ৰাজ্যখনত কৃষি আৰু আনুষংগিক খণ্ডৰ বিকাশ ঘটিছে।
এই পৰ্যালোচনাৰ জৰিয়তে ৰাজ্যখনৰ কৃষকসকলৰ কল্যাণ সাধন কৰিব পৰা ৰাজ্যিক আৰু কেন্দ্ৰীয় আঁচনিসমূহৰ লগতে বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ ৰূপৰেখাৰ বিষয়ে আলোকপাত কৰিবলৈ বিচৰা হৈছে।
‘চিএম ডেশ্বব’ৰ্ড’ৰ ফলাফলৰ পৰা অনুমান কৰিব পাৰি যে উৎপাদনৰ পৰা শস্য চপোৱাৰ পাছলৈকে বিভিন্ন কৃষকৰ বাবে বিভিন্ন পৰ্যায়ৰ বাবে চৰকাৰী সমৰ্থন তথা সহযোগিতা উপলব্ধ যি আমাৰ কৃষকসকলৰ জীৱিকাৰ সুৰক্ষা নিশ্চিত কৰিব পাৰে। অসম চৰকাৰে হিতাধিকাৰীসকলে লাভালাভসমূহ নিয়মীয়া প্ৰাপ্ত কৰাকে ধৰি আন্তঃগাঁথনি আৰু মূল্য-শৃংখলা উন্নয়নৰ বাবে কৃষি আৰু আনুষংগিক খণ্ডত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।
অসমৰ জনসংখ্যাৰ ৮০% হৈছে কৃষিৰ ক্ষেত্ৰত নিৰ্ভৰশীল আৰু কৃষি খণ্ডই অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ২৫% অৱদান আগবঢ়ায়। ৰাজ্যখনৰ ৮৫% কৃষক প্ৰান্তীয় আৰু তেওঁলোকৰ ভূমিৰ পৰিমাণ কম যদিও শেহতীয়া কৃষি লোকপিয়ল অনুসৰি ৰাজ্যখনৰ বাৰ্ষিক গড় বিকাশৰ হাৰ ১০.২৬%লৈ বৃদ্ধি হৈছে আৰু ২০১৩ বিত্তীয় বৰ্ষৰ তুলনাত ২০২৩ বিত্তীয় বৰ্ষত জনমূৰি আয় ২০৪% বৃদ্ধি হৈছে।
অসমৰ কৃষকসকলৰ কাষ চাপিবলৈ সক্ষম হোৱা বিভিন্ন বিভাগৰ অধীনৰ আঁচনি আৰু ইয়াৰ লাভালাভৰ এখন তালিকা তলত উল্লেখ কৰা হৈছে: