আপুনি জীৱনত প্ৰথমবাৰৰ বাবে বজাৰ কৰি অনা প্লাষ্টিকৰ মোনাটো এতিয়াও পৃথিৱীৰ ক’ৰবাত নহয় ক’ৰবাত লুকাই আছে৷ কাৰণ, প্লাষ্টিক পচন হ’বলৈ ২০ৰ পৰা ৬০০ বছৰ পৰ্যন্ত সময়ৰ প্ৰয়োজন৷
১২ আগষ্ট, ২০২১ত প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা (সংশোধনী) বিধি, ২০২১’ৰ আধাৰত ভাৰত চৰকাৰে এখন ৰাজপত্ৰ প্ৰকাশ কৰে৷ ইয়াতেই উল্লেখ কৰা হৈছিল যে ২০২২ চনৰ ১ জুলাইৰ পৰা একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা হ’ব৷ নিষিদ্ধ কৰা বহুতো সামগ্ৰীৰ (বক্স’ত চাওক) ভিতৰত প্ৰধান হৈছে ১২০ মাইক্ৰনৰ তলৰ সকলো কেৰী বেগ (৩১ ডিচেম্বৰ, ২০২২ ৰপৰা প্ৰযোজ্য হ’ব)৷
“আমি দুটা পৰ্যায়ত একক ব্যৱহাৰযোগ্য প্লাষ্টিক বন্ধ কৰা প্ৰক্ৰিয়াটো প্ৰযোজ্য কৰি আছোঁ৷ এটা হৈছে জনসজাগতা আৰু আনটো হৈছে বলৱৎকৰণ৷ বলৱৎকৰণৰ বাবে স্থানীয় নগৰ নিকায় তথা প্ৰশাসনৰ সৈতে যুটীয়াভাৱে অভিযান চলাই থকা হৈছে৷ ইতিমধ্যে অসমৰ প্ৰায় ৩৫টা প্লাষ্টিক উৎপাদনকাৰী গোটে আমাৰ নিৰ্দেশনা অনুসৰি নিষিদ্ধ কৰা প্লাষ্টিকৰ উৎপাদন বন্ধ কৰিছে”, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য সচিব, ৰাজ্যিক জন তথ্য বিষয়া শান্তনু কুমাৰ দত্তই অসম বাৰ্তাক কয়৷
তেওঁ লগতে কয়, “একক ব্যৱহাৰযোগ্য প্লাষ্টিক বন্ধ কৰাৰ বাবে কণ্ট্ৰ’ল ৰূম স্থাপন কৰা হৈছে৷ ৰাইজে ৭০৯৯০২৭৯৬১ নম্বৰত কণ্ট্ৰ’ল ৰূমৰ সৈতে যোগাযোগ কৰিব পাৰে৷”
বঙাইগাঁৱৰ উপায়ুক্ত নৱদীপ পাঠকে এক ইমেইল বাৰ্তাৰ জৰিয়তে অসম বাৰ্তাক কয়, “আমি নিৰ্ধাৰিত নীতি অনুসৰি বঙাইগাঁও জিলাত একক ব্যৱহাৰযোগ্য প্লাষ্টিক নিষেধ উলংঘা কৰিলে পৰিৱেশ সুৰক্ষা আইন, ১৯৮৬ৰ অধীনত ব্যৱস্থা লোৱা হ’ব৷ প্লাষ্টিকৰ ব্যৱহাৰ কম হোৱা মানেই পৰিৱেশৰ সৰ্বাধিক সুৰক্ষা’- এই নীতি প্ৰতিজন নাগৰিকে পালন কৰা উচিত
গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাই কয়, “আমি গুৱাহাটী পৌৰ নিগমৰ অধীনৰ সকলো বজাৰলৈ ইতিমধ্যে একক ব্যৱহাৰযোগ্য প্লাষ্টিক বন্ধ কৰাৰ বাবে নিৰ্দেশনা প্ৰেৰণ কৰিছোঁ৷ বজাৰ সমিতি সমূহকো এই বিষয়ে অৱগত কৰা হৈছে৷ পাছৰ পৰ্যায়ত যদি পৌৰ নিগমে পৰিষ্কাৰ কৰা কোনো বজাৰৰ পেলনীয়া জাৱৰত একক ব্যৱহাৰযোগ্য প্লাষ্টিক দেখা যায় তেন্তে ইয়াৰ বাবে উক্ত বজাৰ সমিতিক জগৰীয়া কৰা হ’ব৷”
অক্ষৰ ফাউণ্ডেচনে তেওঁলোকৰ বিদ্যালয় অক্ষৰ ফ’ৰামত সমাজৰ অৱহেলিত শ্ৰেণীৰ শিশুসকলক বিনামূলীয়া শিক্ষাদান কৰে৷ কিন্তু, তাৰ বিপৰীতে প্ৰতিজন শিশুৱে মাচুলৰ বাবদ প্ৰতিসপ্তাহতে বিদ্যালয়ত পেলনীয়া প্লাষ্টিক জমা দিব লাগে৷ অক্ষৰ ফাউণ্ডেচনৰ সহযোগী সঞ্চালক পাৰমিতা শৰ্মাই কয়, “আমি এই পেলনীয়া প্লাষ্টিকেৰে ইক’ ব্ৰিক নিৰ্মাণ কৰোঁ৷ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধ কৰাটো চৰকাৰৰ এক বৃহৎ পদক্ষেপ৷ ই প্ৰদূষণ নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷”