মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিগত চাৰিটা বছৰত অসম চৰকাৰে স্বচ্ছতা, যোগ্যতা আৰু উন্নয়নক কেন্দ্ৰ কৰি কৰ্মসংস্থাপন সৃষ্টি কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে। চৰকাৰৰ এক লাখ চৰকাৰী পদ পূৰণৰ লক্ষ্যকো অতিক্ৰম কৰি ৰাজ্যৰ বিভিন্ন বিভাগত নিযুক্তি প্ৰদান কৰা হৈছে।
বৰ্তমানৰ চৰকাৰৰ অধীনত ২০২৫ চনৰ জুন মাহ পৰ্যন্ত মুঠ ১,২০,৮৪০টা চৰকাৰী নিযুক্তিৰ দ্বাৰা অসমে চৰকাৰী ব্যৱস্থাটোৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্পৰ্শ কৰিছে। এই সফলতাই কেৱল কৰ্মসংস্থাপন প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে দিয়া প্রতিশ্ৰুতি পালনকেই প্ৰতিফলিত কৰা নাই, ইয়াৰ সমান্তৰালভাৱে স্বাস্থ্য, শিক্ষা, পশুপালন আৰু পৰ্যটনৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহ শক্তিশালী কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
জুন মাহত ৪০০গৰাকী স্বাস্থ্য বিষয়া নিযুক্তি দিয়া হৈছে, যাৰ ফলত ৰাজ্যৰ স্বাস্থ্য সেৱা ক্ষেত্ৰ বিশেষকৈ গ্ৰামাঞ্চল শক্তিশালী হ’ব। এই নিযুক্তিসমূহে জনস্বাস্থ্য লক্ষ্যৰ সৈতে জড়িত কাৰ্যসূচী ৰূপায়ণত সহায় কৰিব বুলি আশা কৰা হৈছে।
পশুপালন আৰু পশু চিকিৎসা বিভাগত ৪৪৩গৰাকী পশু চিকিৎসা ক্ষেত্ৰ সহায়ক নিযুক্তি দিয়া হৈছে। এই নিযুক্তিয়ে গ্ৰাম্য জীৱনধাৰা তথা দুগ্ধ উৎপাদন আৰু কৃষি তথা পশুপালনৰ ওপৰত নিৰ্ভৰশীল পৰিয়াল তথা ব্যক্তিক সহায় কৰিব।
ইয়াৰ লগতে পৰ্যটন বিভাগত ১২গৰাকী পৰ্যটন উন্নয়ন বিষয়া নিযুক্ত দিয়া হৈছে। এই বিষয়াসকলে অসমৰ সমৃদ্ধ ঐতিহ্য, প্ৰাকৃতিক সৌন্দৰ্য আৰু সাংস্কৃতিক বৈচিত্ৰ্য উন্নীত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। এই পদক্ষেপে অসমৰ অপাৰ পৰ্যটন সম্ভাৱনাৰ বিষয়ে জনাত সহায় কৰাৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰসমূহত নতুন সুযোগ সৃষ্টি কৰাত অৰিহণা যোগাব।
শিক্ষা খণ্ডত উৎকৰ্ষ সাধনৰ লগতে শিক্ষক প্ৰশিক্ষণত চৰকাৰে বিশেষভাৱে গুৰুত্ব দি আহিছে। জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত ২৩গৰাকী প্ৰবক্তাক নিযুক্ত দিয়া হৈছে। ইয়াৰ লগতে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত ৩গৰাকী সহকাৰী অধ্যাপকৰ পদমৰ্যাদাৰ সহকাৰী সঞ্চালকলৈ নিযুক্তি-পত্ৰ প্ৰদান কৰা হৈছে।
এই সকলো নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে মেধাৰ ভিত্তিত আৰু স্বচ্ছ প্ৰক্ৰিয়াৰ জৰিয়তে সম্পন্ন হৈছে। এই নিয়োগ প্ৰক্ৰিয়াই অসমত চৰকাৰী নিযুক্তি প্ৰক্ৰিয়াক এক নতুন ৰূপ দিছে আৰু নিয়োগ প্ৰত্যাশীসকলৰ মনোবল বৃদ্ধি কৰিছে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে নিযুক্তি কেৱল সংখ্যাৰ মাজতেই সীমাবদ্ধ নহয়, ই হৈছে অৰ্থপূৰ্ণ জীৱিকা সৃষ্টি আৰু দক্ষ জনশক্তি গঢ়ি তোলাৰ প্ৰয়াস – যাৰ জৰিয়তে অসমৰ জনতাৰ সেৱাত নিয়োজিত হ’ব পাৰি। চৰকাৰৰ বহুমুখী নিযুক্তি পদ্ধতিয়ে এই দৃষ্টিভংগীৰ প্ৰতিফলন ঘটাইছে।
নতুন নিয়োগ অভিযানৰ সময়ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে অহা অক্টোবৰ মাহৰ ১০ তাৰিখে ৰাজ্য চৰকাৰে ৪০,০০০ যুৱক-যুৱতীক বিভিন্ন বিভাগত নিযুক্তি দিয়াৰ অংশ হিচাপে এক বৃহৎ নিযুক্তি অভিযান আৰম্ভ কৰিব।
তেখেতে কয়, “আমাৰ ১ লাখ চৰকাৰী নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰ্ণ কৰাৰ পাছত আমি এতিয়া মুঠ ১.৬০ লাখ নিযুক্তিৰ লক্ষ্য লৈ আগবাঢ়ি গৈ আছোঁ। এই নিযুক্তিসমূহ সম্পূৰ্ণৰূপে স্বচ্ছ আৰু মেধাভিত্তিক প্ৰক্ৰিয়াৰ জৰিয়তে সম্পন্ন কৰা হ’ব।”
বি টি আৰৰ নিযুক্তিকেন্দ্ৰিক বতৰা
নিযুক্তিৰ ক্ষেত্ৰত আন এক বতৰা কঢ়িয়াই বি টি আৰে এক স্বচ্ছ, ন্যায়সঙ্গত আৰু মেধাভিত্তিক প্ৰক্ৰিয়াৰ জৰিয়তে ১,৩৩৭গৰাকী স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্ত কৰিছে। এই নিযুক্তিৰ জৰিয়তে বি টি আৰ ভাৰতৰ ভিতৰত প্ৰথমবাৰৰ বাবে তথ্য-প্ৰযুক্তিগত নিয়োগ প্ৰক্ৰিয়া আৰম্ভ কৰা অঞ্চল হিচাপে পৰিগণিত হৈছে।
বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয়, “শিক্ষকসকলক শক্তিশালী কৰি বি টি আৰক আগবঢ়াই লৈ যোৱাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। নিযুক্তিৰ ক্ষেত্ৰত বি টি আৰত এয়া হৈছে ঐতিহাসিক ক্ষণ। নিযুক্তিপ্ৰাপ্ত ১,৩৩৭গৰাকী নতুন শিক্ষকক আন্তৰিক অভিনন্দন জনাইছোঁ, যিসকলক কেৱল মেধাৰ আধাৰত স্বচ্ছ নিয়োগ প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচন কৰা হৈছে। এই নিয়োগ বি টি আৰৰ ইতিহাসত এক ঐতিহাসিক আৰু ভাৰতৰ বাবে এক অনন্য উদাহৰণ হৈ ৰ’ব।”
এই প্ৰতিবেদন লিখাৰ সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ এ ডি আৰ ই চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীসকলৰ গুৱাহাটীত শান্তিপূৰ্ণভাৱে সাক্ষাৎকাৰ চলি আছে।
কিন্তু ডিমা হাছাও আৰু বৰাক উপত্যকাৰ ভূমিস্খলনত ক্ষতিগ্রস্ত প্ৰাৰ্থীসকলৰ বাবে ৰাজ্যিক নিযুক্তি আয়োগে মৌখিক পৰীক্ষা উক্ত দিনা বাতিল কৰিছে।
এইসকল ক্ষতিগ্ৰস্ত প্ৰাৰ্থীক চৰকাৰী ৱেবছাইট চাবলৈ পৰামৰ্শ দিয়া হৈছে, যাতে নতুন তাৰিখসমূহ তেওঁলোকে জানিব পাৰে। আয়োগে আশ্বাস দিছে যে নতুন সময়সূচী অতি সোনকালে ASSEB (পূৰ্বৰ SEBA) ৰ অফিচিয়েল প’ৰ্টেল www.sebaonline.org-ৰ জৰিয়তে প্ৰকাশ কৰা হ’ব আৰু প্ৰাৰ্থীসকলক প্ৰস্তুতিৰ বাবে যথেষ্ট সময় দিয়া হ’ব।










