যোৰহাটৰ তিতাবৰস্থিত দেওঘৰীয়া গাঁৱত অংগনৱাড়ী কৰ্মী হিচাপে সেৱা আগবঢ়োৱা ৬০ৰ ঊৰ্ধৰ পুহিতা গগৈৰ বহুদিনীয়া সপোন সাৰ্থক হোৱাৰ দিশে আগবাঢ়িছে। শিশু আৰু মহিলাসকলৰ সেৱাৰ্থে ওৰেটো জীৱন উৎসৰ্গা কৰা মৰমিয়াল পুহিতাই শেহতীয়াকৈ অসম চৰকাৰৰ তৰফৰপৰা লাভ কৰিছে এটি বিশেষ উপহাৰ। পুহিতা গগৈৰ দৰে অৱসৰপ্ৰাপ্ত আন বহুকেইগৰাকী অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই চলিত মাহৰ আৰম্ভণিতে লাভ কৰে এককালীন আৰ্থিক সাহায্য।
“মোৰ অকলশৰীয়া জীৱনটোত সহায় কৰিবলৈ কোনো নাই। সেয়েহে এটা ভাল জীৱন যাপন কৰিবলৈ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। আজি পৰ্যন্ত মোৰ থাকিবলৈ উপযুক্ত এখন ঘৰ নাই,” পুহিতা গগৈয়ে অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত এনেদৰে কয়।
উল্লেখযোগ্য যে অংগনৱাড়ী কৰ্মী হিচাপে পুহিতা গগৈয়ে ৰাজ্য চৰকাৰৰপৰা ৪ লাখ টকাৰ এককালীন সাহায্য লাভ কৰে।
এই সাহায্যৰ উচিত ব্যৱহাৰ কৰি সকলো মৌলিক সুবিধাসম্পন্ন এটি পকী ঘৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথা তেখেতে ব্যক্ত কৰে। “মই ওৰেটো জীৱন নিষ্ঠাসহকাৰে আৰু দায়িত্বশীলভাৱে কৰ্মত মনোনিৱেশ কৰি আহিছিলোঁ, কিন্তু তাৰ বিনিময়ত উচিত স্বীকৃতি লাভ কৰা নাছিলোঁ। আজি মই মোৰ কামৰ প্ৰকৃত স্বীকৃতি লাভ কৰা যেন অনুভৱ হৈছে,” পুহিতাই কয়।
তেখেতে লগতে কয়, “অসম চৰকাৰৰ এই আৰ্থিক সাহায্যই সমাজখনৰ প্ৰতি অধিক দায়বদ্ধতাৰে কাম কৰি যাবলৈ মোক অনুপ্ৰাণিত কৰিছে।”
পুহিতাৰ দৰে জুমুৰণ নেছা (৬১)ও লাভ কৰিছে সুখৰ বতৰা। কেবিনেট মন্ত্ৰী, সাংসদ আৰু বিধায়কৰপৰা চেক গ্ৰহণ কৰাৰ সময়ত তেখেতৰ চকু দুটি আনন্দৰে জিলিকি উঠিছিল। সেই বিশেষ মুহূৰ্তটো জুমুৰণে জীৱনৰ স্মৰণীয় মুহূৰ্ত বুলি অভিহিত কৰিছে।
“১৯৮৭ চনত মই অংগনৱাড়ী সহায়িকা হিচাপে যোগদান কৰোঁ। এই যাত্ৰাৰ অংশ হিচাপে মই আনৰ প্ৰয়োজনসমূহ পূৰণৰ বাবে যথাসম্ভৱ সকলো প্ৰচেষ্টা আগবঢ়াই আহিছোঁ। মই প্ৰদান কৰা সেৱাৰ আজি উপযুক্ত মৰ্যাদা দিয়া হৈছে যেন অনুভৱ হৈছে,” নেছাই কয়।
জুমুৰণ নেছাই গুৱাহাটীৰ পুৰণবস্তি কেন্দ্ৰত প্ৰদান কৰা অমূল্য অৱদান তথা সেৱাৰ বাবে ২ লাখ টকাৰ চেক লাভ কৰিছে।
“এই ধনৰাশিয়ে ব্যয়বহুল চিকিৎসা ব্যয় বহনত মোক সহায় কৰিব,” তেখেতে কয়।
উল্লেখযোগ্য যে অসম চৰকাৰে অংগনৱাড়ী কৰ্মীক এককালীন আৰ্থিক সাহায্য হিচাপে ৪ লাখ টকা, ক্ষুদ্ৰ অংগনৱাড়ী কেন্দ্ৰলৈ ৩ লাখ টকা আৰু অংগনৱাড়ী সহায়িকালৈ ২ লাখ টকা প্ৰদান কৰিছে। ২০২২ চনৰ ১ এপ্ৰিলৰপৰা কাৰ্যকৰী হোৱাকৈ গ্ৰহণ কৰা এই পদক্ষেপ ৬০ বছৰত অৱসৰ গ্ৰহণ কৰা অংগনৱাড়ী কৰ্মী তথা সহায়িকাসকলৰ বাবে প্ৰযোজ্য। ইয়াৰ অংশ হিচাপে প্ৰথম পৰ্যায়ত ৩,৩৯৩গৰাকী কৰ্মী (পৰ্যায়-১ত ৭৯৩গৰাকী আৰু পৰ্যায়-২ত ২,৬০০গৰাকী)য়ে এই সাহায্যৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে।
অংগনৱাড়ী কৰ্মীসকলৰ অৱদানক প্ৰশংসা কৰি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগে কয়, “অংগনৱাড়ী কৰ্মীসকলক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত অসম প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। এই আৰ্থিক সাহায্যই কৰ্মীসকলৰ আৰ্থিক অৱস্থাৰ উন্নতি সাধনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মই বিশ্বাসী।”
তদুপৰি অসম চৰকাৰে ৰাজ্যজুৰি ১০,০০০ নতুন আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়েও তেখেতে সদৰী কৰে।