class 9 assamese chapter 11 question answer

class 9 assamese chapter 11 question answer, class 9 assamese – শিশুলীলা নৱম শ্ৰেণীৰ অসমীয়া Class 9 Assamese Download PDF File Download old Question Paper.

class 9 assamese

১. শিশুলীলা——–শ্ৰীমন্ত শংকৰদেৱ
 
দিনেক যশোদা নন্দ জায়া ।
আপুনি মথন্ত দধি গৈয়া ।। 
কৃষ্ণৰ শৈশৱ লীলাক স্মৰি। 
কৃষ্ণগীত  গাৱন্ত সুন্দৰী ।।   
ক্ষৌম বস্ত পিন্ধি দিব্য কাছে ।
কটিত মেখেলা বান্ধি আছে ।।
পুত্ৰস্নেহে স্ৰৱে দুয়ো স্তন ।     
আজোড়ন্তে লড়ে ঘনে ঘন ।। 
ৰুণ ঝুণ কেয়ূৰ ককণ ।       
শ্ৰম জলে উজ্জ্বল বদন ।।  
কণত কুন্তল দোলে আতি । 
খসি পড়ে খোপাৰ মালতি ।।
এহিমতেমতে মথন্তে প্ৰয়াসি ।
মাৱক ধৰিলা কৃষ্ণে আসি ।  
মথনিত ধৰিয়া নিষেধি ।   
মথিবাক মেদে আউৰ দধি ।।
হাসি কোলে লৈলা নন্দ জায়া ।।
দিলা স্তন পুত্ৰমুখ চায়া ।।
 
 
 
শব্দাথ আৰু টোকাঃ
আউৰ               আৰু।
আখি                 চকু। 
আজোড়ন্তে      আজুৰি থাকোঁতে ।
কঙ্কণ                খাৰু।
কোপে               খঙত।
খসি                   খহি।
চাণ্ড                  জোৰকৈ ।
ছায়া                  চাই।
ডৰে                  ভয়তে ।
দশন                 দাঁত।
দিব্য়                  স্বগীয়  ।
দোলে               দুলি থাকে , লৰে।
নন্দজায়া          নন্দৰজাৰ পত্নী।
নিষেধি             বাধা দি।
পশিলন্ত           সোমালহি।
প্ৰয়াসি              যত্ন কৰি ।
বদন                 মুখ।
বসি                  বহি।
ভঞ্জন্ত              খালে।
নথনি               গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি।
মহাত্ৰাস          খুব বেছি ভয় খোৱা।
মেলান             মেল খোৱা বা মুকলি হোৱা।
শিকিয়া            কোনো বস্তু ওপৰত আঁৰি থবৰ বাবে ৰাচিৰে প্ৰস্তুত                                 কৰা এবিধ সঁজুলি।
শ্ৰোণী ভৰে       নিতম্ব বা তপিনাৰ ভৰত।
সিঞ্চিৰাই           ছটিয়াই দি, সিঁচি দি .
স্ৰৱৈ                  বৈ থকা।
ক্ষৌম বস্ত্ৰ        পাটৰ কাপোৰ।
 

class 9 assamese chapter 11 question answer

 
প্ৰশ্নাৱলীঃ
 
class 9 assamese ১। অতি চমু প্ৰশ্নৰ উত্তৰ লিখা।
 
(ক) ‘কৃষ্ণগীত গাৱন্ত সুন্দৰী’।।
        —-কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন?
      উত্তৰঃ ‘কৃষ্ণগীত গাৱন্ত সুন্দৰী’ — কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী হল যশোদা। 
 
 
(খ) ‘কণত কুণ্ডল দোলে অতি।’
       —কাৰ কণৰ কুণ্ডলৰ কথা কৈছে?
উত্তৰঃ ‘কণত কুণ্ডল দোলে অতি’ ইয়াত যশোদাৰ কনৰ কুণ্ডলৰ কথা কোৱা হৈছে।
 
 
(গ) ‘কাম্পে কোপে অৰুণ অধৰ।’
      —-ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে?
উত্তৰঃ কাম্পে কোপে অৰুণ অধৰ’ ইয়াত শ্ৰীকৃষ্ণৰ অৰুন অধৰৰ কথা কোৱা হৈছে।
 
 
(ঘ) ‘মথনিত ধৰিয়া নিষেধি’।
     —-‘মথনি’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘মথনি’ শব্দৰ অথ হল – গাখীৰ ঘুঁচিবলৈ ব্যৱহাৰ কৰা এবিধ সজুলি।
 
 
(ঙ) ‘নোজোড়ে আঙ্গুল দুই জৰী’—-ইয়াত কাৰ জৰীৰ নাটনি হৈছে?
উত্তৰঃ ‘নোজোড়ে আঙ্গুল দুই জৰী’ — ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ  মাক যশোদাৰ জৰীৰ নাটনি হৈছে।
 
 
(চ) ‘ৰুণ ঝুণ কেয়ূৰ কঙ্কণ’ ।
     —-কাৰ কেয়ূৰ কঙ্কণৰ ‘ৰুণঝুণ’ শব্দৰ কথা ইয়াত কোৱা হৈছে?
উত্তৰঃ ‘ৰুণ ঝুণ কেয়ূৰ কঙ্কণ’ — ইয়াত যশোদাৰ কেয়ূৰ কঙ্কণৰ ‘ৰুন-ঝুন’ শব্দৰ কথা কোৱা হৈছে।
 
 
class 9 assamese ২। ‘শিশুলীলা’ পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘কীত্তন ঘোষা’ৰ অন্তগত ‘শীশুলীলা’ পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটোও অতি সুন্দৰ ভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ-পেচ কৰে থিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণয়ো মাক যশোদৰ লগত ঠেহ পাতিছে, অভিমান কৰিছে। মাকৰ মনেযোগ আকষন কৰাৰ বাবে ঘৰৰ বয়-বস্তু ভাঙি, দলিয়াই লণ্ড-ভণ্ড কৰিছে। মাকৰ খং উঠাত ভ.তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি আপুনি মাকৰ হাতত ধৰাও দিছে। শিশুলীলাৰ আখ্যনিভাগ কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মাহনীয় ৰূপ। এয়াযেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি।
 
 
class 9 assamese ৩। শংকৰদেৱৰ মহত্ত্বম সৃষ্টি ‘কীতন-ঘোষা’ৰ বিষয়ে এটি চমুটোকা লিখা। 
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীতিস্তম্ভ হল- ‘কীত্তন ঘোষা’ । নাম প্ৰসঙ্গৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰৱত্তিত একশৰন নাম ধমৰ মূলপুঠি। বিভিন্ন ছন্দৰ প্ৰয়েগ, ৰসৰ প্ৰধান্য তথা ভক্তিধমৰ গুনানুকীত্তনেৰে ভৰপুৰ কীতন ঘোষাত ৯ টা অধ্যায় আছে। সাহিত্যিক গুনেৰে সমৃদ্ধ কীতন ঘোষাই ভক্তি ৰসৰ   ফল্গুধাৰা  নিঃসৰন কৰাৰ উপৰিও আমাৰ সমাজৰ জনসাধৰনৰ মনটো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। 
 
 
class 9 assamese ৪। ‘শিশুলীলা’ পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।
উত্তৰঃ ‘শিশুলীলা’ পাঠটি শ্ৰীমন্ত শংকৰদেৱেৰ দ্বাৰা বিৰচিত ‘কীতন-ঘোষা’ৰ অন্তগত। ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ পতি পূনব্ৰহ্ম অৱতাৰ । সেইজন ভগৱানেই ভকতৰ মনোকামনা পূৰনৰ হেতু সাধাৰন মানৱশিশুৰূপে যশোদাৰ পুত্ৰহৈ জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে। ‘শিশুলীলা’ মহাপুৰুষ শংকৰদেৱৰ  ভগৱত প্ৰেমৰ সুন্দৰ নিদেশন।
               মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূণ ‘শিশুলীলা’ পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা  পূৰন কৰিবলৈ সদাই যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত । যি জনা পৰম ঈশ্বৰক মহা মহা । যোগী সধিক সকলে *** তপ-যপ কৰিও দশন লাভ কৰিব নোৱাৰে; সেইজনা পৰম পুৰুষ ইশ্বৰক একমত্ৰ ভক্তিৰ জৰিয়তেই যশোদাই নিজপুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সাধাৰন মানৱী যশোদা ভগৱানক লাভ কৰিও অহংকাৰ মুক্ত হব পৰা নাছিল। সেয়েহে কৃষ্ণই তেওঁক নচুৱাই ৰং চাইছে। পৰমহ্ম কৃষ্ণক নিজ পুত্ৰৰূপে ভ্ৰম কৰি যশোদাই তেওঁক উড়লত বান্ধিবলৈ প্ৰয়োগ কৰিছে আৰু বিফল হৈছে।
                ভগবান শ্ৰীকৃষ্ণ অনাদি অনন্ত। সাংসাৰিক মায়া মাহৰ স্ত্ৰষ্টা, কালৰ অধিকাৰী। সেইজন ভগৱান সবব্যপ্ত, সবশক্তিমান। কেৱল ভকতিৰ জৰিসতেহে তেওঁক লাভ কৰা সম্ভৱ। এয়ে ‘শিশুলীলা’ পাঠটিৰ তাপয। 
 
 
৫। ‘তাহাঙ্ক তনয় মানি বলে।
      যশোদা বান্ধন্ত উডুখলে।’ —-কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।
উত্তৰঃ ‘তাহাঙ্ক…………..
             ………………..উডুখলে’। –  উক্ত পদফাঁকিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ‘শিশুলীলা’ নামৰ পাঠটিত  পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই উড়ালত বান্ধি যোৱাৰ প্ৰয়াস কৰাৰ কৰা প্ৰকাশ কৰিছে।
               যশোদা আছিল শীকৃষ্ণৰ পৰম ভক্ত। ভকতিৰ বলতেই যশোদাই ত্ৰীজগতৰ পতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰ ৰূপে লাভ কৰিছিল। মহা মহা যোগী, মাধব সকলে বছৰ বছৰ ধৰি তপ -যপ কৰিও যিজনা ভগৱানক দশন পাবলৈও সক্ষম হোৱা নাছিল; সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভকতিৰ জৰিয়তেই পুত্ৰ ৰূপে লাভ কৰিছিল। নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণৰ লগত খং অভিমান কৰিছিল, আনকি বান্ধি থবলৈও প্ৰয়াস কৰিছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে – ভগৱান সদায় ভকতৰ অধিন। ভকতে যি ৰূপতেই তেওঁক বিচাৰে তেওঁ সেই ৰূপতেই ভকতক ধৰা দিয়ে।
 
 
class 9 assamese ৬। ‘নাহি আদি অন্ত পূৰ্বাপৰ।
     পূৰ্ণব্ৰহ্মা জগত ঈশ্বৰ ।।’ —- ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা।
উত্তৰঃ ‘নাহি……………
             ………………………..ইশ্বৰ’! —- কবিতা ফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূনব্ৰহ্ম অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে। 
             ভগৱান শ্ৰীকৃষ্ণই প্ত্ৰ ৰূপে যশোদাৰ ঘৰত ওপজি নানান লীলা খেলা কৰিছিল। শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল, মাকক কাম কৰিবলৈ আমনি কৰিছিল, স্তনপান কৰিবলৈ নাপাই দধিভাণ্ড ভাঙিছিল, লৱনু চুৰ কৰি নিজেও খাইছিল আৰু ভান্দৰকো দিছিল। শিশুকৃষ্ণৰ উপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শান্তি ৰূপে ৰচীৰে উড়লত বান্ধি থবলৈ প্ৰয়াস কৰিছিল। কিন্তু  শ্ৰীকৃষ্ণ হল পৰম ভগৱান। তেওঁক একোৰেই আৱদ্ধ কৰিব নোৱাৰি। সোয়েহে যশোদাই তেওঁক বান্ধিব বিছাৰোতে প্ৰতিবাৰতেই দুই আঙুল ৰচীৰ নাটনি হল। অৱশেষত মাকৰ প্ৰৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে। সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই, তেৱেই এই সৰাচৰ জগতৰ পৰম পুৰুষ। ত্ৰি জগতৰ সৃষ্টিকতা পূন ব্ৰহ্ম অৱতাৰা 
              
 
class 9 assamese ৭। বাখ্য়া কৰাঃ
(ক) যাক যোগী নপাৱে ধ্যানত।
      হেন হৰি পলান্ত ভয়ত।।
উত্তৰঃ “যাক……………………..
           ……………………………ভয়ত।”
  ——উক্ত পদফাঁকি আমাৰ পাঠ্যপুঠিৰ অন্তগত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘শিশুলীলা’ নামৰ পাঠটিত পৰা তুলি দিয়া হৈছে।
              পদফাঁকিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অবগত কৰাইছে।
               শ্ৰীকৃষ্ণ হল পৰম পুৰুষ ভগৱান। ত্ৰি জগতৰ সৃস্টি কতা। তেওঁক মহা মহা যোগী সকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে। কিন্তু সেইজনা পৰম ঈশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে। কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়তে শিশুকৃষ্ণই পলাই ফুৰিব লগিয়াও হৈছিল। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত। ভগৱান ভক্তৰ অধীন। সেয়েহে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তিৰ মহিমা প্ৰকাশ উক্তপদফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে।
 
 
(খ) ভাণ্ড ভাঙ্গি আবে যাইবি কোথা।
   খাইবো আজি কৃষ্ণ তোৰ মাথা।।
উত্তৰঃ “ভাণ্ড……………………..
            ……………………………মাথা”।
          উক্ত পদফাঁকি আমাৰ পাঠৰ অন্তগত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত ‘শিশুলীলা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
             কবিতা ফাঁকিত যশোদাই শ্ৰীকৃষ্ণক দৈ লৱনুৰ টেকেলি ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে।
              শ্ৰীকৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তন পান কৰাৰ পৰা বিৰত কৰি জুইত বহাই থোৱা গাখীৰ নমাবলৈ যোৱা বাবে শ্ৰীকৃষ্ণই খঙতে দৈ, লবনুৰ টেকেলিবোৰ মজিয়াত চতিয়াই নিজেও খাইছে আৰু বান্দৰকো দিছে। যশোদাই জুইৰ পৰা গাখীৰ নমাইথৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং উঠিছে আৰু কৃষ্ণক এইবোৰ দুষ্টালি কৰাৰ বাবে গালি পাৰিছে। পদফাঁকিৰ জৰিয়তে মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ ঘটিছে।
 
 
(গ) পাচে পাচে যশোদা খেদন্ত।
     ভয়ে লাগ মাৱক নেদেন্ত।।
উত্তৰঃ “পাচে……………
    ………………….নেদন্ত”
     উক্ত কবিতাফাঁকি আমাৰ পাঠৰ অন্তগত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত ‘শিশুলীলা’ ৰ পৰা তুলি দিয়া হৈছে।
    পৰম ভক্ত যশোদাই নিজা ভকতিৰ বলত ত্ৰিজগতৰ পতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল। শ্ৰীকৃষ্ণয়ো শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলা খেলা কৰিছিল। মাকৰ স্তনপান কৰিব নাপায় শিশু কৃষ্ণই দৈ লৱনুৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল। সৱনুবোৰ মজিয়াত চটিয়াইছিল নিজেও খাইছিল আৰু বান্দৰকো দিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ডদেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাৰী তুলি লৈছিল মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল। এনেদৰে মাতৃ পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতাফঁকিৰ জৰিয়তে খুব সুন্দৰকৈ বননা কৰিছে।
 
 
class 9 assamese ৮। শিশুলীলা পাঠৰ আধাৰত  শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা।
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ‘কীতন ঘোষাৰ’ অন্তৰ্গত শিশুলীলা পাঠটি পৰম তত্ত্ব প্ৰকাশক। পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সুন্দৰ ভাৱে কবিজনাই দাঙি ধৰিছে। এফালে শিশুকৃষ্ণৰ  দুষ্টালিৰ মাজেৰে সাধাৰণ মানৱ শিশুৰ ৰূপটি দাঙি- উপৰিও তেওঁৰ লীলা মহিমাৰ মাজেৰে ভগৱৎ ৰূপটোও আমাক সোৱঁৰাই থাকিবলৈ পাহৰা নাই।
    কামত ব্যস্ত মাকক শিশু কৃষ্ণই আমনি কৰিছে। স্তন পিবলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তন পান কৰাইছে। তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে। দধি দুগ্ধৰ কলহ শিলগুটিৰে ভাঙিছে, মজিয়াত সিঁচৰিত কৰিছে, বান্দৰকো দিছে। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে। মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছে। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানব শিশুৰ ৰূপটি অতি সুন্দৰ ভাৱে দাঙি ধৰিছে।
     আনহাতে, শ্ৰীকৃষ্ণৰ  পৰম পুৰুষ ভগৱান। তেওঁ অনাদি অনন্ত, যি জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্ম। ভগৱান ভক্তৰ অধীন। ভকতবৎসল ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে। কিন্তু যশোদাৰ আচৰণত অহংকাৰৰ চিন দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখাইছে। মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে তেতিয়া বাৰে বাৰে দুই আঙুল জৰি কম হৈছে। এনেদৰে শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান এই কথাও কবিজনাই সোৱঁৰাই দিৱলৈ পাহৰা নাই।
 
 
৯। মহাকোপে কোঠা পশিলন্ত 
       সিঞ্চিৰাই লৱনু ভুজন্ত।।- 
কোনো অতি খঙেৰে  কোঠাত সোমাইছিল? তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা।
উত্তৰঃ শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল।
          মাক যশোদাই দধি মথি থাকোতে শিশুকৃষ্ণৰ মাকৰ স্তন পাণ কৰিবলৈ মাকক আমনি কৰিছিল আৰু পুত্ৰস্নেহত আপ্লুত হৈ যশোদায়ো কৃষ্ণক কোলাত লৈ মাতৃদুগ্ধ  পান কৰাইছিল। তেনেকুৱা সময়তে যশোদাই আখাত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই দৌৰি গল। মাকে এনেদৰে কোলাৰ পৰা নমাই যোৱা বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল আৰু দধি ভাণ্ড শিলগুটি মাৰি ভাঙি লৱণু বোৰ চাওিওফালে সিঁচৰিত কৰিছিল।
 
 
১০। কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা।
উওৰ : কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল। ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল, খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল। মাকৰ ভাগৰত এনে অবস্থা হোৱা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজে ধৰা দিছিল।
 
 
ভাষা বিষয় ঃ
১১। তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ  সমাথক শব্দ লিখাঃ
         কৰ্ণ ——  কান
     অৰুণ  —–   সূয্য
         দধি  ——  দৈ
         বস্ত্ৰ   —— কাপোৰ               
       বদন     —-  মুখ
       লৱণু ——-  মাখন
     কোপ    —–  খং, ৰাগ
      দশন   ——  দাঁত    
        দুগ্ধ  ——-  গাখীৰ
     ঈশ্বৰ ——–  ভগৱান
 
 
১২। তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰুপ লিখ ঃ
       তাহাঙ্ক———– তেওঁক
       নোজোৰে ——- নাটে
       খসি————–  খহি
       ৰহিল ———–   ৰল
       আসি ———–   আহি
       ভৈলা ———-     হল
       আসান্ত——–     আহিছে
       শিলায়ে ——-     শিলেৰে
       কাম্পে ——–    কঁপে
       মাৱক ———-   মাকক
       বসি ————– বহি
       প্ৰয়াসি———– চেষ্টাকৰা
       খেদন্ত———— খেদিলে
 
 
১৩। তলৰ শব্দকেইটাত কি কি কাৰণত মূদ্ধন্য ণ আৰু মূদ্ধন্য ষ হৈছে বুজাই লিখাঃ
      অৰুণ
      কঙ্কণ 
      কণ
      শ্ৰোণী
      ভাণ্ড
      নিষেধি
উত্তৰঃ
অৰুন : ঋ, ৰ, ষ আৰু ‘নʼ ৰ মাজত স্বৰবৰ্ণ থকাৰ বাবে `নʼ ৰ ঠাইত `ণʼ হৈছে।
কঙ্কণ : স্বাভাৱিকতে  `ণʼ হৈছে।
কৰ্ণ: ঋ, ৰ, ষ `নʼ মাজত থাকিলে শেষৰ `নʼ `ণʼ হয়। ইয়াত ৰ কাষৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে শেষৰ `নʼ `ণ ʼ হৈছে।
ভাণ্ড : `টʼ বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে `নʼ `ণʼ হৈছে।
নিষেধ : ই কাৰান্ত উপসৰ্গৰ পিছত স্থা, সিধ্, সিচ, লস্ প্ৰভৃতি ধাতুৰ `সʼ `ষʼ  হয়।
 
 
১৪। পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা।
উত্তৰ : পিন্ধি, গৈয়া, বান্ধি, ধৰিয়া, পিবে।

মানৱ বন্দনা

২. মানৱ বন্দনা —- চন্দকুমাৰ আগৰৱালা 

চন্দ্ৰকুমাৰ আগৰৱালা
 
আহিছে মানুহ                   গইছে মানুহ
মানুহ ময়পী জীৱ,
মানুহ সোঁতৰ                  অন্ত নাইকিয়া
বুলিলে মৰত কিয়?
মানৱী জনম                    দিয়া উটুৱাই
মানৱী কৰম সোঁতে,
মানুহৰ মৰম                  বুজিবা মানুহে
ধৰম যে মৰমতে।
মানুহেই লগ                  মানুহেই সংগ
মানুহেই পৰাপৰ,
এই যে পৃথিৱী                 স্বগতো অধিক
মানুহৰ নিজাপী ঘৰ।
মানুহেই দেৱ                  মানুহেই সেৱ
মানুহ বিনে নাই কেৱ,
কৰা কৰা পূজা                  পাদ্য অঘ্য লই
জয় জয় মানৱ দেৱ।
 
প্ৰশ্নৱালীঃ
 
ভাব-বিষয়ক
 
১। চমু উত্তৰ লিখাঃ

(ক) ‘মানুহেই পৰাপৰ’  বোলা কথাষাৰৰ অথ কি?
        উত্তৰঃ মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ  অৰ্থ হল – মানুহেই শ্ৰেষ্ঠককৈয়ো শ্ৰেষ্ঠ, পৰম সত্য।

(খ) মানুহক ময়াপী জীৱ বোলাৰ অথ কি?
উত্তৰঃ এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি।অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য। ই যেন এক প্ৰকাৰ মায়া সদৃশ। সেয়েহে মানুহক মায়াপী জীৱ বুলিছে।


(গ) পাদ্য অঘ্য লৈ মানুহক পূজা কৰাৰ অথ কি?
উত্তৰঃ কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। মানুহক সেৱা কৰাটোৱেই হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে কবিয়ে পাদ্য-অৰ্ঘ্য লৈ মানুহক পূজা কৰিব দিছে।


২। মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা।
উত্তৰঃ তিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে মানৱ বন্দনা কবিতাটিত মানবৰ জয়গান গাইছে। কবয়ে কৈছে যে মানৱে বাৰে বাৰে জন্ম লৈ এই পৃথিৱীলৈ ঘূৰি আহে। মানুহৰ আগমন আৰু গমন এক চিৰন্তন প্ৰক্ৰিয়া। মানুহৰ যেন  এই পৃথিৱীখনৰ  মায়াত বন্দী এক জীৱ। সেয়েহে কবিয়ে এই  মানৱী জীৱনটো মানুহৰ কল্যানৰ হকে উৎসৰ্গা কৰিবলে কৈছে। কাৰন মানুহে মানুহৰ অবিহনে জীয়াই থাকিব নোবাৰে। মানুহেই মানুহৰ পৰম বন্ধু। এতেকে মানুহৰ কল্যান সাধন কৰাটোহে প্ৰকৃত ধৰ্ম। জীৱশ্ৰেষ্ঠ মানৱে নিজৰ মানৱীয় কামৰাজিৰে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক বন্দনীয় কৰি তোলাটো কবিয়ে কামনা কৰিছে । কবিৰ মতে মানুহ নৰৰুপী ভগৱান । এই  নৰৰুপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। সেয়েহে কবিয়ে পাদ্য- অৰ্ঘ্য লৈ মানুহক পূজা কৰিবলৈ কৈছে।
 
 
৩। এই যে পৃথিৱী স্বগতো অধিক
               মানুহৰ নিজাপী ঘৰ।
      কথাষাৰৰ অৰ্থ বুজাই লিখা।

উত্তৰঃ এই যে পৃথিৱী স্বৰ্গতো অধিক…..
               মানুহৰ নজাপী ঘৰ । মানুহৰ নিজাপী বুলি কবিয়ে পৃথিৱী খনৰ কথাকে বুজাইছে । কাৰন – মানুহ সদায় এই পৃথিৱী খনতেই থাকিই লাগিব। এই পৃথিৱীখনৰ প্ৰত্যেকটো বস্তবেই অতি প্ৰয়োজনীয়। আমি প্ৰত্যেকেই ভাল বেয়া, সচাঁ মিছা, সুখ দুখৰ অনূভৱ এই পৃথিৱীখনতেই, মানুহৰ মাজতেই পাওঁ। সেয়েহে মানৱ দৰদী কবিয়ে এই পৃথিৱী খনক স্বৰ্গতকৈয়ো অধিক সুখৰ আলয় আৰু মানুহৰ প্ৰকৃততে নিজৰে ঘৰ বুলি কৈছে।


৪। তা
পৰ্য বাখ্যা কৰাঃ
      (ক) মানৱী জনম             দিয়া উটুৱাই
                        মানৱী কৰম সোঁতে,
             মানুহৰ মৰম             বুজিবা মানুহে
                          ধৰম যে মৰমতে।
উত্তৰঃ মানৱী জনম…………………..
…………………………………………………
…………………………………………………মৰমতে।
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ`মানব বন্দনা ʼ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
    মানুহৰ পাৰস্পাৰিক মৰম মৰম চেনেহৰ জৰিয়তে যে এই মৰততেই সৰগৰ সুখ লাভ কৰিব পাৰি এই কথাকেই কবিতাফাঁকিত প্ৰকাশ পাইছে।
          মানবতাবাদী কবিয়ে কবিতাটিত মানৱৰ জয়গান গাইছে। কবিতাটিত কবিয়ে এই মানৱী জনমটোত মানুহৰ সেৱাত ব্ৰতী হবলৈ উপদেশ দিছে। মানুহৰ মাজত মৰম চেনেহৰ আদান প্ৰদানৰ জৰিয়তে মানুহে এই ধৰাতলতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰিব। মানুহৰ মাজত থকা পাৰস্পাৰিক মৰমকেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে।


(খ) মানুহেই দেৱ                মানুহেই সেৱ
                  মানুহ বিনে নাই কোৱ,
            কৰা কৰা পূজা            পাদ্য অঘ্য লই
                    জয় জয় জয় মানৱ দেৱ।


উত্তৰঃ মানুহেই দেৱ মানুহেই সেৱ
            মানুহ বিনে নাই কেৱ
            কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই
            জয় জয় জয় মানৱ দেৱ….

উক্ত কবিতাফাঁকি ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
          মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰা প্ৰসংগত উক্ত কবিতাফাঁকি উল্লেখ কৰা হৈছে।
এই পৃথিৱীত মানুহেই হল নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰধান কৰ্ত্তব্য। এই চৰাচৰৰ মাজত পৰম শক্তি ৰূপে জিলিকি থকা মানব সত্তাক সেৱা কৰাটোয়েই হৈছে মানুহৰ পৰম ধৰ্ম। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহৰ পূজা কৰিবলৈ কৈছে আৰু মানুহৰ জয়গান  গাবলৈ কৈছে।



ভাষা-বিষয়কঃ

৫। সমাথক শব্দ লিখাঃ
      মানুহ  —- মানৱ, মানুহ
      সংগ ——- লগ, বন্ধু
      পৃথিৱী —–  ধৰা,  ভূ
      সোঁত——– ঢৌ, লহৰ
      স্বগ  ———  সৰগ
      দেৱ ——— দেৱতা


৬। সংস্কৃত কম, ধম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা।

ধৰ্ম ——— ধৰম
কৰ্ম ———- কৰম
মত্য ———  মৰত
দেৱ ———- দেৱতা
 
৩. গীত আৰু ছবি ——দুগেশ্বৰ শমা
৪. প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক —– ড ভূপেন হাজৰীকা
(Download Book PDF)


৫. মোৰ দেশ ——–হীৰেন ভটাচাৰ্য
—————————————-
 
     
    গদ্যাংশ    
 
—————————————-
৬. অন্যৰ প্ৰতি ব্যৱহাৰ —–সত্য়নাথ বৰা
৭. সময়  – নীলমণি ফুকন
৮. অন্ধবিশ্বাস আৰু কু সংস্কাৰ – জয়ন্ত মাধৱ বৰা
(Download Book PDF)


৯) ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য — ড হেমন্ত কুমাৰ শমা
১০) পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন —- জ্যোতিপ্ৰসাদ বুঢ়াগোহাঞি
১১) যুঁজ—  ড মৃণাল কলিতা
 
১২. লোকসংস্কৃতি –ড নবীন চন্দ্ৰ শৰ্মা

class 9 assamese পদ্যংশ    

 
—————————————–
১৩. হনুমামন্ত লকাদশন —- মাধৱ কলিতা
(Download Book PDF)

১৪. সুখ— আনন্দ চন্দ আগৰৱালা

class 9 assamese গদ্যংশ     
—————————————
১৫. চোৰধৰা—– শ্ৰী শ্ৰী মাধৱদেৱ
(Download Book PDF)

১৬. সন্মান——–হেমচন্দ বৰুৱা

 

FAQ Of class 9 assamese

How to download class 9 assamese chapter 11 question answer?

Students download direct links from asombarta.com site.

Can i get class 9 assamese question answer?

yes you can get class 9 assamese from google.

Add Comment