Class 10 Assamese Lesson 4 মই অসমীয়া | মই অসমীয়া

Class 10 Assamese Lesson 4 মই অসমীয়ামই অসমীয়া চৈয়দ আব্দুল মালিক

Class 10 Assamese Lesson 4 মই অসমীয়া


ভাব-বিষয়কঃ

১ । চমু উত্তৰ দিয়াঃ
  ক ) চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম লিখা । 
উত্তৰ:- চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম হল বেদুইন।

খ )  মােগলসকলে অসমৰ ক’ত ভৰি দিছিল ? 
উত্তৰ:- মোগলসকলে অসমৰ সেউজীয়া দূবৰি বনত ভৰি দিছিল।

  গ )  অসমৰ হেংদাং ক’ত জিলিকিছিল ?
উত্তৰ:- অসমৰ হেংদাং দুপৰীয়াৰ পূৰ্ণ আলোকত জিলিকিছিল বুলি কৈছে ।

  ঘ ) অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল ? 
উত্তৰ:- অসমীয়াসকলে ম’হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল।

 ঙ ) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল ?
উত্তৰ:- অসমৰ স্বৰ্গদেৱে হাঁহ – কণী আৰু চাউলেৰে দেউল সাজিছিল।

 ২ । ‘অসমৰ হেংদাং জিলিকিল । 
        দুপৰৰ পূর্ণ আলােকত ’ —  কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা । 
উত্তৰ:- অসমখন জয় কৰিবৰ বাবে এদিন প্ৰবল পৰাক্ৰমী মোগল আহিছিল। সেই সময়ত স্বাধীন অসমত আহোমে ৰাজত্ব কৰিছিল। অসমখনক অনায়সে জয় কৰাৰ সপোণ লৈ মোগলসকলে অসমত প্ৰৱেশ কৰিছিল। কাৰণ মোগলসকলে বহু ৰাজ্য জয় কৰিছিল আৰু নিজকে বিশ্ববিজয়ী বুলি ভাবিছিল। ভাৰতৰ পূৱ দিশৰ ৰাজ্য অসমখনক শক্তিহীন বুলি মোগলসকলে ভাবিছিল। মোগল ৰাজ্য সংস্থাপনৰ লক্ষ্যৰে বীৰদৰ্পে আছিল। পিছে মোগলসকলৰ আশাত চেঁচাপানী ঢালিলে অসমৰ বীৰ-বীৰাংগনা সকলে। অসমৰ মাটিত ভৰি দিয়েই তেওঁলোকে দেখিলে শস্য-শ্যামলা ভূমি, যুদ্ধভূমিত থিয় হৈ সেউজীয়া পৰিৱেশ দেখিয়ে হেং-দাঙৰ চিকমিকনি। আহোমসকলৰ যুদ্ধত ব্যৱহৃত হেংদাং হল তৰোৱাল, সেই তৰোৱাল হাতত লৈ দুগুনে উৎসাহ আৰু প্ৰবল পৰাক্ৰমেৰে যুঁজিছিল আহোমৰ বীৰ-বীৰাংগনাই। সেই যুদ্ধত পৰাক্ৰমৰ মুখামুখি হৈ তিষ্ঠিব নোৱাৰিলে মোগলসকল আৰু পৰাজয় বৰণ কৰিবলগীয়া হল।

৩ । অসমৰ পুৰুষ – নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা ।
উত্তৰ:- সপ্তদশ শতিকাত আহোমসকল আছিল স্বাধীন অসমৰ শাসক। সেই সময়ছোৱাত দিল্লীত থাকিও ভাৰতবৰ্ষৰ একছত্ৰী শাসক হোৱাৰ বাবে মন মেলিছিল মোগলসকলে। অন্য দেশসমূহৰ দৰে অসমখনকো আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগলসকলে অসমত ভৰি দিছিলে। যিকোনো প্ৰকাৰে দেশ জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিছিল চৌদিশে সেউজভূমি।
মোগলসকলে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেউজভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰেই অধিকাৰী। দেশৰ হকে যুদ্ধ কৰিবলৈ তেওঁলোক প্ৰস্তুত। শত্ৰু সৈন্য অহা খবৰ পাই অসমৰ পুৰুষ-মহিলা সকলোৱে হাতে হাতে হেংদাং লৈ যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। শত্ৰুৰ আক্ৰমণ বুকু পাতি লবলৈ তেওঁলোকে অকণো কুণ্ঠাবোধ কৰা নাছিল। শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰনত কৰি মোগলসকল অহাবাটে উভতি গৈছিল।

৪ । ক’ত অত বল পালে অসমৰ সেনানীয়ে 
      শুকান সান্দহ আৰু পানী আঁজলিত । ” 
      – কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা ।
উত্তৰ :- প্ৰবল প্ৰতাপী মোগলে অসম জয় কৰিবলৈ মন মেলি সপ্তদশ শতিকাত অসমলৈ আহিছিল। অসমখন দুৰ্বল জাতিৰ দেশ বুলি মনতে ভাবি অনায়াসে বিজয়ৰ গৌৰৱ লাভ কৰিবলৈ প্ৰস্তুত হৈ আহিছিল। আহোমসকলে সেই সময়ত আকৌ অসমত ৰাজত্ব কৰিছিল। অসমখন মোগলৰ হাতলৈ অহাৰ আগতে আহোমসকলে ৰণকৌশল তৈয়াৰ কৰিছিল। আকৌ সেই সময়ত অসমৰ পুৰুষ-নাৰী সকলো ওলাই আহিছিল শত্ৰুসৈন্যক ভেটিবলৈ। ৰণচণ্ডী মূৰ্তিৰে যুজঁ আৰম্ভ সৈন্যবিলাকক দেখি মোগলসকল স্তম্ভিত হল। অসমৰ লোক সকল অতিথিপৰায়ণ, সহজ – সৰল আৰু কৃষিজীৱী বুলি সকলোৱে জানিছিল। তেওঁলোকৰ ধানৰ পৰা উৎপাদিত সামগ্ৰী খায়েই মোগলসকলে পেট প্ৰৱৰ্তাইছিলে বুলি তেওঁলোকৰ মনত এটা ধাৰণা হৈছিল। মোগলসকলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে গৰম পানীৰে সান্দহ গুড়ি জীয়াই থকা মানুহ ইমান বলবন্ত হব পাৰে বুলি।বীৰদৰ্পে যূঁজা অসমৰ সৈন্যৰ সন্মুখত মোগলৰ বীৰত্ব ম্লান পৰিল।দৰাচলতে মানসিক শক্তিয়ে বলীয়ান হৈ অসমৰ সৈন্যদলে লাভ কৰিলে দুগুণ শাৰীৰিক শক্তি।

৫ । ‘মই অসমীয়া’ কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্রতিফলিত হৈছে  বুজাই লিখা।
উত্তৰ:- `মই অসমীয়া’ কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা কবিতাটোত অসম বুৰঞ্জীৰ নানা দিশো ফুতি উঠিছে। কবিতাটোৰ আৰম্ভণিতে কবিয়ে অসমখনক সেউজীয়া দূবৰিৰ দেশ বুলি কৈ শস্য-শ্যামলা ভূমিৰূপে প্ৰতিপন্ন কৰিছে। অসমৰ বননিখনক মিনাকৰা বুলিও কোৱা হৈছে। পাহাৰে-পৰ্বতে অসমভূমিৰ প্ৰতিটো গছৰ পাতেই যেন সৌন্দৰ্য্যৰ আকাৰ। নিয়ৰ পৰি থকা পাতবোৰ ৰদ পৰি মণি-মুকুতাহে যেন তেনেদৰে চিকমিকাই আছে। বনজ সম্পদৰে চহকী অসমৰ মূল্যৱান সম্পদ হৈছে হাতীদাঁত। অসমত আকৌ ভৰিত পিন্ধা খৰমৰ চোলাটোও হাতীদাঁতেৰে সজা হয়। অসমৰ বাট-পথ, দলং আদিও মূল্যৱান মণিৰে সজা হয়। বাঘৰ নখেৰে আঙঠি, খাৰু আদিও তৈয়াৰ কৰা হয়। ম’হৰ শিঙেৰে পেঁপা প্ৰস্তুত কৰা হয়। অসমৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণ পিন্ধে। ভেকুলীবোৰে কপালত যেন ফোঁট লৈ সাজিকাচি থাকে।
প্ৰকৃতিয়ে আচলতে অসমক সকলো সুন্দৰ ৰূপে ধাৰণ কৰিবলৈ দিছে।

৬ । কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া ।
উত্তৰ:- চৈয়দ আব্দুল মালিকৰ ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত জন্ম হয়। তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল। তেওঁক গল্পসম্ৰাট বুলিও কোৱা হয়। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে `বেদুইন’। তেওঁৰ কবিতাসমূহক বাদ দি অসমীয়া আধুনিক কবিতা সম্পুৰ্ণ নহয়। তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থৱহ ব্যৱহাৰ দেখা যায়। মালিকে ৰচনা কৰা কেইবাখনো উপন্যাস বহুসমাদত। তাৰ ভিতৰত `সুৰুজমূখীৰ স্বপ্ন’, `ৰূপতীৰ্থৰ যাত্ৰী’, `ধন্য নৰতনু ভাল’, আদি উল্লেখনীয়। `অঘৰী আত্মাৰ কাহিনী’ নামৰ উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত অন্য কেইখনমান গ্ৰন্থ হল – `পৰশমণি’, `আধাৰশিলা’, `মৰহা ফুল’, `স্বাক্ষৰ’, `ছবিঘৰ’, `ৰঙাগড়া’, `ৰজনীগন্ধাৰ চকুলো’ ইত্যাদি। তেওঁৰ গল্প-উপন্যাসৰ পৰা `জেতুকা পাতৰ দৰে’, `মমতাজ’ আদি চলচ্চিত্ৰ নিৰ্মান হৈছে। তেওঁ ১৯৭৭ চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আসনো অলংকৃত কৰিছিল। এইজনা বিখ্যাত সাহিত্যিকৰ ২০০০ চনত দেহান্তৰ ঘটে।

৭ । অসমলৈ যুদ্ধ কৰিবলৈ আহি মােগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা ।
উত্তৰ:- পৰাক্ৰমী মোগলসকল দেশবিজয় কৰিবৰ বাবে অসমলৈ আহিছিল। অসমখন যাদু-মন্ত্ৰৰ দেশ বুলি মোগলসকলে ভাবিছিল। পিছে অসমত প্ৰৱেশ কৰিয়ে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য দেখি তেওঁলোক আচৰিত হৈ পৰিল। চৌদিশে অসমভূমিৰ গছৰ পাতবোৰ যেন মিনাকৰা নিয়ৰসিক্ত, দূৱৰিৰ পাতবোৰ যেন মুকুতা সদৃশ হৈ পৰিছিল। অসমখনৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত যুৰীয়া পিন্ধিছিল। ভেকুলীবোৰে কপালত সোণৰ ফোঁট লৈ সাজিকাচি আছিল। কৃষিপ্ৰধান দেশ অসমখন আহোম স্বৰ্গদেৱে চাউলৰ গুড়িৰে সান্দহ খাই জীয়াই থকা মানুহ ইমান বলবন্ত হব পাৰে বুলি মোগলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল ।ৰংঘৰ, কাৰেংঘৰ আদি প্ৰাসাদেৰে অসম যেন স্বৰ্গপুৰীৰ দৰে। আহোম স্বৰ্গদেৱে চাউলৰ গুড়িৰে দ’ল সাজে, হাঁহ-কণী, চাউলেৰে দেউল সজায়। অসমৰ ধূলিত সোণ, হীৰা – মণি মৰকত বাগৰি থাকে, আনকি মাটিৰ চৰুত ভৰাই ঘৰে ঘৰে বিলোৱা হৈছিল সোণ, ৰূপৰ দৰে মূল্যবান ধাতু। মূল্যবান সম্পদেৰে পৰিপূৰ্ণ অসমৰ লোক সকলৰ মুখত মাত অমৃতসনা। এই দেশখন ভক্তি ধৰ্মৰ বাবে বিখ্যাত। নাম- কীৰ্তন আদি সুললিত সুৰে এই দেশৰ ৰূপ – সৌন্দৰ্য্য দুগুনে চৰায়।

৮ | ব্যাখ্যা কৰাঃ

( ক ) মােগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়
         দেশ-প্রাণ , মুক্ত-প্রাণ , অসমৰ স্বদেশ ভকতি ।
উত্তৰ :
প্ৰসংগ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সংগতি : কবিতাফাঁকিৰ জৰিয়তে কবিয়ে কব বিচাৰিছে যে যুদ্ধক্ষেত্ৰত অসমীয়াৰ স্বদেশ প্ৰেমৰ পৰিচয় মোগল সকলে কেনেকৈ পালে সেই বিষয়ে কব বিচাৰিছে।

বাখ্যা : সপ্তদশ শতিকাত আহোম সকল অসমৰ শাসক আছিল। মোগল সকলে অন্য প্ৰান্তত থাকি অসম খনক আক্ৰমণ কৰিবৰ বাবে মন মেলিছিল। অন্য প্ৰান্তত থাকিও অসমক আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগল সকল আহি অসমত ভৰি দিলে। অসম খনক জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিলে চৌদিশে সেইজীয়া ভূমি। মোগল সকলে অসমত প্ৰবেশ কৰি সেউজীয়া ভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰ আধিকাৰী বুলি বুজি পালে। দেশ ৰক্ষাৰ হকে যে অসমৰ পুৰুষ মহিলা সকল যুদ্ধক্ষেত্ৰ  ৰাঙলী কৰিবলৈ প্ৰস্তুত সেই কথা মোগল সকলে অনুমান কৰিব পাৰিলে। শত্ৰুৰ আক্ৰমণ বুকু পাতি লবলৈ অকণো কুন্ঠাবোধ কৰা নাছিল অসমৰ পুৰুষ মহিলা সকলে। শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰনত কৰি মোগল সকল অহা বাটে উভতি গৈছিল।

 


( খ ) দুৱৰিৰ পাতে পাতে মুকুতাৰ থােপা গচকত ভাগে মৰকত ,
        হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা ,
        ভৰি থােৱে পােৱালৰ ভৰা দলঙত ।
উত্তৰ প্ৰসংগ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰা ৰচিত ‘মই অসমী’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

সংগতি : এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অসমৰ প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰিছে।

ব্যাখ্যা : অসমখন প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে চহকী দেশ। প্ৰকৃতিয়ে অসমক বহুতো সম্পদৰ সম্ভাৰ দিছে। মোগল সকলে যেতিয়া অসমলৈ আহি সেই সম্পদৰ সম্ভাৰ প্ৰত্যক্ষ কৰিছিল তেতিয়া তেওঁলোক আচৰিত হৈ ৰৈছিল। কবিৰ মতে অসমৰ দুবৰি বনত নিয়ৰ এনেদৰে পৰি আছিলে যেন মুকুতাৰ থোপাহে ওলমি আছিল। সেই দেশৰ ধূলিত পৰি থকা সৰকত মণি, খোজ দিলেই যেন গচকত ভাঙি যোৱাৰ সম্ভাৱনা পোৱা গৈছিল। প্ৰকৃতিক সম্পদেৰে ভৰপূৰ অসমৰ মূল্যবান সম্পদ আছিলে হাতীদাঁত। এই দেশত ভৰিত পিন্ধা খৰমৰ চুলাও হাতীদাঁতেৰে তৈয়াৰ কৰা হৈছিল। বহুতো মূল্যবান ৱাল মণিৰে সজা দলঙত উঠি মানুহে ভৰি ধুইছিল। প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰি মুঠতে সামৰণি কৰিব নোৱাৰি।

 

 

( গ ) মােহ গ’ল দূৰণিৰ বিদেশী মােগল ।
        অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া ,
        অসমত বন্দী হ’ল , অসমৰ ৰূপ-মুগ্ধ
        দূৰৰ মােগল আহি হ’ল অসমীয়া । ।
উত্তৰ : প্ৰসংগ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতি : কবিতাফাঁকিত কবিয়ে অসমৰ সৌন্দৰ্যৰ বিমুগ্ধ মোগলৰ অনুভৱৰ বিষয়ে কবিয়ে কৈছে।

ব্যাখ্যা :  অসমক সেউজীয়া দুবৰিৰ দেশ বুলি কোৱা হৈছে। অসমৰ বননি মিনা কৰা বুলিও কোৱা হৈছে। নিয়ৰ পৰি থকা পাত বোৰত ৰদ পৰি এনেদৰে  চিকমিকাই উঠে যেন মণি – মুকুতা হে খচিত আছে। অসমৰ ধূলিয়ে – বালিয়ে যেন মণি – মুকুতা, সোণৰ দৰে আপুৰুগীয়া সম্পদ। অসম খনৰ সৌন্দৰ্য অতুলনীয়। অসমৰ মূল্যবান সম্পদ হল হাতীৰদাঁত। হাতীৰদাঁতেৰে খৰমৰ চুলা সজা হয়। প্ৰবাল মণিৰে সজা দলঙত ভৰি ধোৱা হয়। আনকি বাঘৰ নখেৰে নিৰ্মিত খাৰু, আঙুঠি আদিও মানুহে পিন্ধা দেখা যায়। মহৰ শিঙেৰে পেঁপা বজাই আনন্দত নাচে। অসম খনৰ বহুতো পুখুৰী সাগৰ সদৃশ। অসমৰ অসমীয়া ভাষা শুৱলা। অসমৰ সাগৰীয় ৰূপ দেখি তেওঁলোক এনেদৰে মোহিত হল যে তেওঁলোক নিজ অসমতে থাকি গল।

( ঘ ) জীৱনে মৰণে মই চিৰদিন অসমীয়া |
         অসমীয়া দেহ – প্রাণ মন ;
        জীয়াই থাকোতে মই অসমৰে অসমীয়া ,
        মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ ।
উত্তৰ প্ৰসংগ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতি :  উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে কৈছে যে জনমভূমিৰ প্ৰতি অফুৰন্ত প্ৰেম প্ৰকাশৰ কথা কৈছে।

ব্যাখ্যা :  কবিৰ মতে জনমভূমি অসম খন প্ৰাণৰ প্ৰাণ। অসমীয়া বুলি কবিয়ে নিজে গৌৰৱ অনুভৱ কৰে। অসমীয়া সকলে নিজদেশ ৰক্ষাৰ হকে মোগলকো একগোট হৈ যুদ্ধত পৰাস্ত কৰিবলৈ প্ৰস্তুত হৈছিল। কবিয়ে সেইবাবে অসমীয়া জাতিক লৈ উৎফুল্লিত। কবিয়ে নিজৰ জনমভূমিক ধৰ্ম ৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সাগৰীয় ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত, কথা, মাত আদি বনৰীয়া চৰাই আদিকো আকষৰ্ণ কৰিব পাৰে, সেই ভাষা, গীতে কবিৰ হৃদয় উপচাই ৰাখে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পাছত সৰগতো এই ভাষাৰ গান শুনিব বিচাৰিছে। এনেহেন অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই আছে। কবিয়ে সেইবাবে মৃত্যুৰ পিছতো তেওঁৰ প্ৰাণ অসমতে পুনৰ জন্ম লব বিচাৰে।

৯ । মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে , তােমাৰ কথাৰে বুজাই লিখা । 
উত্তৰ : কবিয়ে নিজৰ জনমভূমিক প্ৰাণৰো প্ৰাণ বুলি কৈছে। নিজকে অসমীয়া বুলি কবিয়ে গৌৰৱ কৰে। প্ৰবল প্ৰতাপী মোগল সকলকো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি লৈ যুজঁত পৰাজয় কৰিছিলে। কবিয়ে হেংদাঙ লৈ যুদ্ধ কৰি মোগলক পৰাস্ত কৰি খেদি দিয়াৰ বাবে অসমৰ সন্তান সকলক লৈ গৌৰৱ অনুভৱ কৰে। গৰম পানীৰে সান্দহ গুৰি খাই জীয়াই থকা মানুহৰ ইমান শক্তি কৰ পৰা আহে তাকে ভাবি কবি আচৰিত হল। কবিৰ মতে কবিৰ দেশৰ মানুহ সহজ সৰল, অমায়িক আছিল। এই অসম দেশৰ মানুহৰ মুখৰ মাতত মৌ সৰা আছিল। ইমান কোমল অন্তৰৰ মানুহ যে দেশ ৰক্ষা কৰিবলৈ বজ্ৰকঠোৰ হব পাৰে সেই কথা কবিয়ে কেতিয়াও ভাবিব পৰা নাছিল। সেইবাবে কবিয়ে অসমীয়া জাতিৰ বিৰত্ব আৰু পৰাক্ৰমক লৈ প্ৰসংশা কৰিছে।

১০ । কবিয়ে কিয় মৰাৰ পাছতাে পুনৰ অসমতে জনম ল’ম বুলি ভাবিছে বুজাই লিখা ।
উত্তৰ : কবিৰ বাবে নিজৰ জন্মভূমি খন প্ৰাণৰো প্ৰাণ। কবিয়ে নিজকে অসমীয়া বুলি গৌৰৱ কৰে। প্ৰবল প্ৰতাপী মোগল সকলো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী হৈ যুজঁত পৰাজয় কৰে। কবিয়ে নিজৰ জনমভূমি খনক ধৰ্মৰূপে গণ্য কৰে। অসমৰ চোতালত গজি উঠা দুবৰিতো কবিয়ে স্বৰ্গৰ নন্দনকাননৰ প্ৰতিচ্ছবি দেখে। অসমীয়া ভাষাটোক কবিয়ে সৰগীয় ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত মাতে বনৰীয়া চাইকো আকষৰ্ণ কৰিব সেই অসমীয়া ভাষাৰে গীত, কবিতা, আদিয়ে কবিৰ অন্তৰ চুই যায়। কবিয়ে জন্মৰ পিছত অসমীয়া ভাষাটোক ‘আই’ সম্বোধন কৰিছে। কবিয়ে ‘আই’ সম্বোধনেৰেই এদিন নিজৰ জনমভূমিত প্ৰাণ ত্যাগ কৰিব বিচাৰে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পিছতো সৰগত অসমীয়া ভাষাটো শুনিব বিচাৰে। অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই গৈছে। সেইবাবে কবিয়ে মৃত্যুৰ পাছতো অসমতেই পুনৰ জন্ম লব বিচাৰে। কবিয়ে নিজৰ জনমভূমিৰ বাবে চিৰকৃতজ্ঞ।

১১ । মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা ।
উত্তৰ : ‘মই অসমীয়া’ কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ কথা কৈছে। অসমৰ ৰূপ সৌন্দৰ্যই কবিক আকষৰ্ণ কৰিছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা সৰু আৰু অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে কবিতাটোত। কবিতাটোত নিজৰ আবেগক কিছু সময়লৈকে মোগলৰ কথক সাজি তুলিছে। মোগল সকল আছিল প্ৰবল পৰাক্ৰমী জাতি কবিৰ মতে। ভাৰতবৰ্ষৰ এমূৰে থকা অসম দেশ জয় কৰিব বাবে মোগল সকল আহিছিল। মোগল সকল যেতিয়া অসম আক্ৰমণ কৰিবৰ বাবে অসমত সোমাই তেতিয়া মোগল সকলে অসমীয়া মানুহৰ বিৰত্ব দেখি অৱাক হৈছিল। যি মোগলে ৰাজপুতক জয় কৰিছিল সেই মোগলেই। পিছে সমুখ সমৰত অসমীয়াৰ পৰাক্ৰম সহিব নোৱাৰিলে। অসমীয়া পুৰুষ মহিলাৰ প্ৰচণ্ড  আত্মবিশ্বস আৰু বীৰত্বতে যুঁজি অসমৰ জন্মভূমিৰ স্বাধীনতা ৰক্ষা কৰিলে। মোগল সকল যি বাটে আহিছিল সেই বাটে অসমীয়াই ওভোতাই পঠালে। সেইবাবে কবিয়ে অসমক কবিয়ে এই বিজয়ক সুৱৰি কবি আনন্দিত হৈ পৰে। কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মোগলৰ মুখেৰে অসমৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাইছে। কবিয়ে অসমৰ ৰূপ, গুণ, সৌন্দৰ্য আৰু সেউজীয়া পৰিবেশ দেখি মোগল সকল অসমত থাকি গ’ল বুলিও কৈছে। অসমৰ অসমীয়া ভাষাক কবিয়ে সৰগীয় ভাষা বুলিও গণ্য কৰিছে বুলি কবিয়ে কৈছে। কবিয়ে মৃত্যুৰ পাছতো এই ভাষা সৰগত শুনিব বিচাৰিছে। এই মাটিৰ মায়াই কবিক আকুল কৰিছে। কবিয়ে মৃত্যুৰ পাছতো মায়াবী পৰিচয়তে আৱদ্ধ হৈ থাকিব বিচাৰে। কবিয়ে নিজৰ দেশৰ বাবে জীয়াই থাকিব বিচাৰে আৰু নিজ দেশৰ হকে মৰিবও বিচাৰে।

          পৰম্পৰাগত নিয়ম বা প্ৰথাৰ বৰ্ণনাৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ সচাঁ ভালপোৱাৰ কথা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে।


১২ । মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা । 
উত্তৰ :  ‘মই অসমীয়া’ কবিতাটোত অসমৰ অতীত গৌৰৱ সুন্দৰ ভাৱে বৰ্ণিত হৈছে। কবিয়ে প্ৰবল পৰাক্ৰমী মোগল সকল অসমলৈ দেশ জয়ৰ উদ্দেশ্যে অহা বুলি কৈছে। কৃষিজীবি সহজ সৰল অসমৰ মানুহে কিদৰে নিজৰ দেশ ৰক্ষা কৰিছিল তাৰ কথা কৈছে। নিজৰ কথাৰে বশ কৰিব বুলি ভাবি মোগল সকলে অসমৰ সৈন্য বিষয়াৰ বুদ্ধিমত্তাৰ পৰিচয় দিছিল। যেতিয়া যুদ্ধ ঘোষণা হৈছিল তেতিয়া অসমৰ সৈন্যৰ সন্মুখত পৰাক্ৰম দেখি মোগল সকলে তবধ মানিছিল। অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি ধৰি  হেংদাং হাতত লৈ ওলাই আহিছিল। দেশৰ স্বাধীনতা ৰক্ষাৰ হকে অসমৰ সকলো পুৰুষ মহিলাই শত্ৰুৰ আক্ৰমণ নিজৰ বুকু পাতি লবলৈ অকণো কুন্ঠাবোধ কৰা নাছিল। অসমৰ পুৰুষ মহিলাৰ আক্ৰমণ দেখি মোগল সকল আকৰ্ষিত হৈছিল। মোগল সকলে অসমৰ পৰা যোৱাৰ  অসমীয়াত স্বদেশ প্ৰেম আৰু বীৰত্বৰ প্ৰশংসাও কৰিছিল। এনেদৰে কবিয়ে সুন্দৰ ভাৱে অসমৰ অতীত গৌৰৱৰ বৰ্ণনাৰে কবিতাটোত ফুটাই তুলিছে।

 

১৩ । ভাষা-বিষয়কঃ

( ক ) ব্যাসবাক্যসহ সমাসৰ নাম লিখা । 
স্বর্ণপুৰী ; মুক্তগীত ; অনিৰুদ্ধ ; নিষ্কর্মা ।

স্বৰ্ণপুৰী–স্বৰ্ণৰ পুৰী ষষ্ঠী তৎপুৰুষ সমাস
মুক্তগীত–মুক্ত যি গীত কৰ্ম 
ধাৰয় সমাস
অনিৰুদ্ধ – – ৰুদ্ধ নহয় যি গতি বহুব্ৰীহি সমাস
নিষ্কৰ্মা–কৰ্ম নাই যাৰ বহুব্ৰীহি সমাস


( খ ) তলৰ শব্দবােৰৰ নিচিনা পাঁচোটা শব্দ সাজাঃ
বাঘ – নখ , হাঁহ কণী , মহশিং ।

উত্তৰ :
বাঁহ – গাঁজ, কল – বাৰী, মৌ – জোল, নেমু – ৰস, হাতী – দাঁত।


 ( গ ) বিপৰীত শব্দ লিখাঁ ঃ
গৌৰৱ ; আলােক ; স্বাধীনতা ; পৰাজিত ; সপােন ; মৰণ ।

 
উত্তৰ :
গৌৰৱ – কালিমা
অলোক – তিমিৰ
স্বাধীনতা – পৰাধীনতা
পৰাজিত – বিজয়ী
সপোণ – দিঠক
মৰণ – জনম
 
অতিৰিক্ত প্ৰশ্নোত্তৰঃ
১. 
ক) চৈয়দ আব্দুল মালিকৰ ক’ত আৰু কেতিয়া জন্ম হৈছিল?
উত্তৰ :১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল।
 
খ)  চৈয়দ আব্দুল মালিকক কি বুলি কোৱা হৈছিল?
উত্তৰ : ‘গল্প সম্ৰাট’ বুলি চৈয়দ আব্দুল মালিকক কোৱা হৈছিল।
 
গ)  চৈয়দ আব্দুল মালিকে কোন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উত্তৰ :  চৈয়দ আব্দুল মালিকে ‘অঘৰী আত্মাৰ কাহিনী’ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
 
ঘ) কবিয়ে জীৱনে মৰণে কি হৈ থাকিব বিচাৰিছে।
উত্তৰ : কবিয়ে জীৱনে মৰণে অসমৰ অসমীয়া হৈ থাকিব বিচাৰিছে।
 
ঙ) সৰগতো কবিয়ে কিহক চিনি পাম আৰু বুজি পাম বুলি কৈছে?
উত্তৰ : সৰগতো কবিয়ে অসমীয়া ভাষাটোক চিনি পাম আৰু বুজি পাম বুলি কৈছে।
 
চ) মোগলসকলে ক’ত মুছলমানসকলৰ মুক্তৰাজ স্থাপন কৰাৰ কথা ভবিছিল?
উত্তৰ : মোগলসকলে অসমত মুছলমানৰ মুক্তৰাজ সংস্থাপন কৰাৰ কথা ভাবিছিল।
 
ছ) কবিয়ে মৰাৰ পিছত কি হৈ পুনৰ জম্ন ল’ব বিচাৰিছে?
উত্তৰ :কবিয়ে মৰাৰ পিছতো অসমৰ অসমীয়া হৈ জন্ম লব বিচাৰিছে।
 
 
Class 10 Assamese Lesson 4 মই অসমীয়া, মই অসমীয়া কবিতাৰ মূলভাব, অসমীয়া দশম শ্ৰেণী, দশম শ্ৰেণীৰ অসমীয়া সহায়িকা,মই অসমীয়া সম্পূৰ্ণ কবিতা

Add Comment