Class 10 Assamese Lesson 12 অৰণ্যযাত্ৰা

Class 10 Assamese Lesson 12 অৰণ্যযাত্ৰা – Assamese Lesson 12 অৰণ্যযাত্ৰা

Class 10 Assamese Lesson 12 অৰণ্যযাত্ৰা

Class 10 Assamese Lesson 12 অৰণ্যযাত্ৰা প্ৰশ্নৱালীঃ

 
১। চমুকৈ উত্তৰ লিখাঃ
 
(ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?1
উত্তৰ:- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ।
 
 
(খ) পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে?2
উত্তৰ:- পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে।
 
 
(ঘ) লৰ্ড কাৰ্জন কোন?4
উত্তৰ:- লৰ্ড কাৰ্জন হল ইংৰাজ ভাইচৰয়।
 

( গ ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল?3

উত্তৰ:- ঘৰ সাৰা, বাচন বৰ্তন ধোৱা, ঘৰৰ আচবাবৰ ধূলি- বালি মচা, নিজৰ কাপোৰ নিজে ধোৱা আদি।

২। ল’ৰা-ছোৱলীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল?
উত্তৰ:- পাহিয়ে মাকক লৰা- ছোৱালীৰ কামৰ পাৰ্থক্য দেখি লৰা-ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে সুধিছিল। তাই নিজে ককায়েকৰ দৰে পঢ়া- শুনা কৰে যদিও নিজে নিজৰ কামবোৰ কৰি লোৱাৰ উপৰিও মাককো সহায় কৰি দিয়ে। কিন্তু ককায়েকে মাকক সহায় কৰাটো বাদেই নিজৰ কামকেইটাও নিজে কৰি নলয়। মাক বা ভনীয়েকে কৰি দিব বুলি ভাবে। সেয়েহে পাহিয়ে লৰাই নিজৰ কামকেইটা নিজে কৰিব নালাগে বুলি কৰবাত লিখা আছে নেকি মাকক সুধিছিল।
       ইয়াৰ প্ৰত্যুত্তৰত মাকে কৈছিল যে তেওঁ লৰা- ছোৱালী দুয়োটাকে বয়স অনুযায়ী কৰিব পৰা কামবোৰ শিকাই গৈছে, লৰাই হওক বা ছোৱালীয়েই হওক যিমানেই পঢ়া- শুনা নকৰক বা পিছলৈ ব্যৱসায় বা ডাঙৰ চাকৰি নকৰক কিয় নিজৰ কামখিনি নিজে কৰিবলৈ শিকিবলৈ লাগিব । নিজৰ প্ৰয়োজনীয় কামখিনি নাজানিলে পৰনিৰ্ভৰশীল হবলৈ বাধ্য হব লাগিব। তেতিয়া সময় আৰু মানুহ সকলোৰে পৰা গৈ খাব লাগিব।
 
৩। প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?
উত্তৰ:- প্ৰকৃতিৰ সকলোবোৰ উপাদানে মিলাপ্ৰীতিয়ে বাস কৰে। প্ৰতিজোপা গছৰ ৰং ভিন্ন পাতৰ আকাৰ ভিন্ন, তামোল গছজোপাৰ কাষতে থকা আম গছজোপাৰ চেহেৰাৰ মিল নাই, দুজোপা ভিন্ন গছ ওচৰা ওচৰিকৈ মিলাপ্ৰীতিয়ে থাকে। আকৌ, কল গছজোপাৰ কাষতে থকা নেমু গছজোপা, নেমুৰ কাইটে কল গছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ   প্ৰতিটো উপাদানে মানি চলে। প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰে।
৪। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
উত্তৰ:- কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে উপদেশ দি কৈছিল যে তেওঁলোকে যেন শিক্ষকৰ লগ নেৰে, শিক্ষকে যি কথা কয় সেইমতে যাতে চলে। লগতে মাকে নিজৰ বয় বস্তুবোৰ চম্ভালিবলৈ উপদেশ দিয়াৰ লগতে কৈছিল যে অৰণ্যৰ পৰা বহু কথা শিকিবলগীয়া আছে। গতিকে তেওঁলোকে যিমান পাৰে অৰণ্যৰ পৰা শিকি অহা উচিত।
৫। কামত লৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।’- কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ কব লগা হৈছিল আঁতিগুৰি মাৰি লিখা।
উত্তৰ:- এই কথাষাৰৰ বক্তা পলহঁতৰ গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকা।
   পলহঁতৰ পঢ়া বিদ্যালয় খনৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়া হৈছিল। দুখন বাছত বেছ হুলস্থুল আৰু নাচ গান কৰি শিক্ষাৰ্থী আগবাঢ়িল কাজিৰঙা অভিমুখে। বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা নেতা নেত্ৰী পাতি দিলে। পাহি আৰু বিদিশাক দায়িত্ব দিয়া হল বাছত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ চকু দিবলৈ। নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হল খাদ্য বস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ। সৌৰভে কামটো টান পাই কলে যে পাহি আৰু বিদিশাই খাদ্য বিলাওঁক, সৌৰভ আৰু আফতাবে সিহতক দিয়া কামটো কৰিব। সৌৰভে যুক্তি দি কলে সিহঁত যিহেতু লৰা, লগৰীয়াবোৰে উৎপাত কৰিলে শাসনো কৰিব পাৰিব আৰু অসুবিধাসমূহো চাব পাৰিব।
     সৌৰভৰ কথা শুনি গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকাৰ খং উঠিল আৰু তেখেতে উক্ত কথাষাৰেৰে সৌৰভ আৰু আফতাবক বুজাব বিচাৰিলে যে ল’ৰা-ছোৱালী সমান। ছোৱালীয়ে কৰিব পৰা কাম ল’ৰাও কৰিব লাগিব।
৬। 6. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল- আফতাব কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহতক কোনে উদ্ধাৰ কৰিছিল?
উত্তৰ:- বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ পোৱাৰ পিছত সকলো শিক্ষাৰ্থীয়ে খাই বৈ শিক্ষকৰ নিৰ্দেশ মতে জিৰণি লবলৈ নিৰ্দিষ্ট কোঠালৈ গল। পিছে পল, সৌৰভ আৰু আফতাবে an
আন সকলে গম নোপোৱাকৈ পিছফালে মেটেকাৰে ভৰি থকা এখন বিল পালেগৈ আৰু বিলৰ কাষত খুটিত পুতি থোৱা নাও এখন দেখি তাতে উঠিলগৈ। খুটিৰ পৰা নাওখন খুলি সিহঁতে বঠা মাৰি নাওখন আগুৱাই নিলে। কিছুদূৰ গৈ নাওখন মেটেকাৰ মাজত সোমাই পৰিল আৰু নাওখন পানীত সোমাবলৈ আৰম্ভ কৰিলে। সিহঁতে তেতিয়াহে গম পালে যে নাওখনৰ তলিত ফুটা আছে। সিহঁতে বহুত চেষ্টা কৰিও নাওখন কাষলৈ চপাব নোৱাৰিলে। হঠাৎ নাওখন কাটি হৈ গল আৰু পল পানীত পৰিল। তেনেতে আন এখন বিলত মাছ মাৰি অহা কেইজনীমান ছোৱালীয়ে সিঁহতক দেখা পাই দৌৰি আহিল। তাৰে দুজনীয়ে তৎক্ষণাত বিলত জপিয়াই পৰিল আৰু পানী খাই ডুবিব খোজা পলক টানি নি পাৰত পেলালেগৈ। আনহাতে আন এজনীয়ে সাঁতুৰি গৈ নাৱত বঠা বাই বহু কষ্টেৰে নাওখন পাৰত লগাব খোজোতেই নাওখন কাটি হৈ পৰিল। পানীত আফতাব আৰু সৌৰভ পৰিল। এই সমগ্ৰ ঘটনাটো পাৰৰ পৰা বেছি দূৰত নাছিলে বাবে আটাইকেইটাকে ছোৱালীকেইজনীয়ে উদ্ধাৰ কৰিলে।
 
৭। শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ’ল বহলাই লিখা।
উত্তৰ:- শিক্ষক- শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্য্যসূচী বাতিল কৰিব খুজিছিল। কিয়নো ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ তিনিজন ছাত্ৰ পল, সৌৰভ আৰু আফতাবে শিক্ষক- শিক্ষয়িত্ৰীসকলক অৱমাননা কৰি মনে মনে গৈ বিলত নাও বাইছিলগৈ। যাৰ ফলত নাও ডুবি সিহঁত পানীত পৰিছিল। কেইজনীমান স্থানীয় ছোৱালী আহি সিহতক পানীৰ পৰা উঠাই আনিছিল। ছোৱালী কেইজনী নোহোৱা হলে হয়তো সিহঁত বাচিব নোৱাৰিলে হেতেন আৰু বিদ্যালয়খনো বদনামৰ ভাগি হলহেঁতেন। ছাত্ৰ ছাত্ৰীৰ দলটোক লৈ ঘূৰি ফুৰিবলৈ হলে কেৱল শিক্ষক- শিক্ষয়িত্ৰীসকল দায়িত্বশীল হলেই নহব, ছাত্ৰ ছাত্ৰীসকল নিজেও শিক্ষকৰ বাধ্য তথা দায়িত্বশীল হব লাগিব। সেয়েহে তেওঁলোকে অৰণ্যৰ কাৰ্য্যসূচী বাতিল কৰাৰে সিদ্ধান্ত ললে।
       শিক্ষক- শিক্ষয়িত্ৰীসকলৰ সিদ্ধান্ত শুনাৰ পিছত ছাত্ৰ- ছাত্ৰীসকলৰ কাৰো মুখত মাত বোল নোহোৱা হল। তাৰ মাজতে পাহিয়ে নিজৰ বক্তব্য আগবঢ়াই কলে যে কেইজনমান ছাত্ৰৰ কাৰণে সকলো ছাত্ৰ-ছাত্ৰীকে বঞ্চিত কৰাটো উচিত হোৱা নাই। যি কেইজনে দোষ কৰিছে কেৱল তেওঁলোককহে শাস্তি দিয়া উচিত। তেওলোকক অৰণ্য দৰ্শনলৈ নিনিলেই হল। সকলো শিক্ষাৰ্থীয়ে পাহিৰ কথাত সমৰ্থন জনালে। পলেও থিয় হৈ সিহঁতৰ যে দোষ হৈছে সেই কথা স্বীকাৰ কৰি সিহঁতৰ কাৰণে যে আনসকলকো অৰণ্য দৰ্শনৰ পৰা বঞ্চিত নকৰে তাৰবাবে অনুৰোধ কৰিলে।
        শেষত শিক্ষক- শিক্ষয়িত্ৰীসকলে পল, সৌৰভ আৰু আফতাবে নিজৰ ভূল উপলব্ধি কৰা বুলি জানি সকলোকে অৰণ্য দৰ্শন কৰিবলৈ নিবলৈ মান্তি হল।
 
৮। মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
উত্তৰ:- মহীচন্দ্ৰ মিৰি হল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া। তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গড়ৰ বসতিস্থল সেই কথা সমগ্ৰ জগতত প্ৰথম জনালে। বিশ্ব মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তি জনেই হল মহীচন্দ্ৰ মিৰি।
 
৯। নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল?
উত্তৰ:- বাপীৰাম হাজৰিকা। লেডী কাৰ্জন।
 
৩৪। কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ  কৰিলে বুলি শিক্ষক – শিক্ষয়িত্ৰী সকলক অৱগত কৰিছিল?
উত্তৰ:- ১) নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰিব বুলি বাট চাব নালাগে।
২) গছ- বনৰ, জীৱ- জন্তু মানুহৰ বন্ধু। মানুহে গছ নহলে জীয়াই থাকিব নোৱাৰে।
৩) লৰা- ছোৱালী সকলো সমান।
৪) আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা মূৰ্খৰ কাম।
৫) দলীয়ভাৱে কৰবালৈ গলে অনুশাসন – শৃংখলা মানি চলাটো জৰুৰী কথা।
 
ভাষা-বিষয়ক
 
১১। বাক্য় ৰচনা কৰা ।
ককাই-ভনী, টুলুং-ভুটুং, চিঞৰ-বাখৰ, মানুহ-দুনুহ, তিতি-বুৰি।
উত্তৰ- ককাই-ভনী- ককাই-ভনীয়েকে  সদায় মিলা-প্ৰীতিয়ে থাকিব লাগে।
টুলুং-ভুটুং- নাওঁখনে টুলুং-ভুটুংকৰিছে।
চিঞৰ-বাখৰ- ভূমিকম্প আহিলে চিঞৰ-বাখৰ কৰিব নালাগে।
মানুহ-দুনুহ, – কাজিৰঙা অভয়াৰণ্য চাবলৈ দেশ-বিদেশৰ পৰা মানুহ-দুনুহ আহে।
তিতি-বুৰি- মাম্পীয়ে তিতি-বুৰি স্কুললৈ গৈছে।
১২ । মূৰ্দ্ধন্য ‘ণ’ হোৱাৰ কাৰণ দৰ্শোৱাঃ
অৰণ্য, অৰ্পণ, কণ্ঠ, ওৰণি, পোৰণি, আড়ম্বৰপূৰ্ণ
 
 

Class 10 Assamese Lesson 12 অৰণ্যযাত্ৰা

Add Comment