• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Thursday, February 2, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home কেন্দ্ৰ-ৰাজ্য সংবাদ

ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণ : শিক্ষা আৰু স্বাস্থ্য খণ্ডত অসমৰ ঐকান্তিক প্ৰচেষ্টাক উচ্চ প্ৰশংসা

AB Bureau by AB Bureau
November 3, 2022
in অসমীয়া, কেন্দ্ৰ-ৰাজ্য সংবাদ
0
0
ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণ :                                                                                                                              শিক্ষা আৰু স্বাস্থ্য খণ্ডত অসমৰ ঐকান্তিক প্ৰচেষ্টাক উচ্চ প্ৰশংসা

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আই আই টি গুৱাহাটীত উচ্চ শক্তিৰ মাইক্ৰ’ৱেভ কম্পনেণ্টৰ ডিজাইন আৰু বিকাশৰ বাবে এটা পৰীক্ষাগাৰ আৰু এটা ছুপাৰ কম্পিউটাৰ উদ্বোধন কৰাৰ মুহূৰ্তত

দেশৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত দ্ৰৌপদী মুৰ্মুৱে প্ৰথমবাৰলৈ অসম ভ্ৰমণ কৰি ৰাজ্যখনত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভণি কৰে৷

এই ভ্ৰমণসূচীৰ আৰম্ভণিতে তেখেতে ধুবুৰীত এখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে আই আই টি গুৱাহাটীত উচ্চ শক্তিৰ মাইক্ৰ’ৱেভ কম্পনেণ্টৰ ডিজাইন আৰু বিকাশৰ বাবে এটা পৰীক্ষাগাৰ আৰু এটা ছুপাৰ কম্পিউটাৰ উদ্বোধন কৰে৷ একেদিনাই তেওঁ এখন ৰাষ্ট্ৰীয় ভাইৰ’লজী প্ৰতিষ্ঠানৰ আধাৰশিলাও স্থাপন কৰে৷

ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে শিক্ষানুষ্ঠানসমূহত বিশেষকৈ উচ্চ শিক্ষাত নিয়োজিত প্ৰতিষ্ঠানসমূহত গৱেষণা আৰু উদ্ভাৱন অতিকৈ গুৰুত্বপূৰ্ণ৷ তেওঁ লগতে কয় যে ভাৰতত গৱেষণা আৰু জ্ঞান আহৰণৰ এক সুদীৰ্ঘ ঐতিহ্য তথা পৰম্পৰা আছে৷ একবিংশ শতিকাৰ এই গৱেষণা আৰু উদ্ভাৱনী ক্ষেত্ৰখনত নেতৃত্ব প্ৰদান কৰিবলৈ ভাৰতে এই পৰম্পৰাক অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে৷

দ্ৰৌপদী মুৰ্মুৱে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে উন্নয়নৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে আৰু জনসাধাৰণক উচ্চমানৰ স্বাস্থ্যসেৱা আৰু শিক্ষা ব্যৱস্থা প্ৰদানৰ বাবে অঞ্চলটোৱে ঐকান্তিক প্ৰচেষ্টা হাতত লৈছে৷

তেওঁ উল্লেখ কৰে যে এখন উন্নত মাল্টিস্পেচিয়েলিটী হাস্পতাল স্থাপনৰ বাবে আই আই টি গুৱাহাটীলৈ সহযোগিতা আগবঢ়াই ৰাজ্য চৰকাৰে এক উল্লেখনীয় নিদৰ্শন দাঙি ধৰিছে৷ ইয়াৰ জৰিয়তে দেশৰ অন্যান্য প্ৰতিষ্ঠানসমূহেও একেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুপ্ৰেৰণা লাভ কৰিব৷

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন অভিলাষী প্ৰকল্প আৰু অঞ্চলটোৰ উন্নয়নৰ দ্ৰুত গতিয়ে ভাৰতক প্ৰযুক্তিগতভাৱে এখন উন্নত ৰাষ্ট্ৰলৈ উন্নীত কৰাৰ লগতে এখন সৰ্বাংগসুন্দৰ সমাজৰ ভেটি স্থাপন কৰাটো সুনিশ্চিত কৰিব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে৷

ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ পূব অংশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নক বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিছে৷ তেওঁ কয়, “এক্ট ইষ্ট পলিচীয়ে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দক্ষিণ-পূব এছিয়াক সংযোগ কৰিছে৷ এই পৰিৱৰ্তনৰ লগে লগে ৰাজ্যখনৰ উন্নয়নৰ যাত্ৰাই আন্তৰ্জাতিক পৰিসৰ লাভ কৰিবলৈ সক্ষম হৈছে৷”

ৰাজ্যখনত পৰ্যটন উদ্যোগৰ বাবে থকা অপৰিসীম সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰি দ্ৰৌপদী মুৰ্মুৱে কয়, “মানস আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে মনোৰম পৰ্যটনস্থলীসমূহে পৰ্যটকসকলক আকৰ্ষণ কৰি আহিছে৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পৰ্যটনৰ বিকাশৰ বাবে এক উন্নত পৰিৱেশৰ সৃষ্টি কৰিছে৷”

অসম ভ্ৰমণসূচীৰ দ্বিতীয় দিনা তেওঁ ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু ৰে’ল মন্ত্ৰ্যালয়ৰ অধীনৰ বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷

তেখেতে শিলচৰৰ মইনাৰবন্দত ভাৰতীয় তেল নিগম লিমিটেডৰ ৰে’লহেড ডিপো উদ্বোধনৰ লগতে দুটাকৈ ঘাইপথ প্ৰকল্প; অসমৰ চাহ বাগিচা অঞ্চলসমূহত ১০০খন আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা, ৩ হাজাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ, দুটা ঘাইপথ প্ৰকল্প আৰু গুৱাহাটীৰ আগিয়াঠুৰীত মডাৰ্ন কাৰ্গ’-কাম-কোচিং টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে৷ ৰাষ্ট্ৰপতিয়ে গুৱাহাটীৰ পৰা লামডিং পাছলৈ শ্বোখুভী (নাগালেণ্ড) আৰু মেন্দিপথাৰ (মেঘালয়)লৈকে এখন ৰে’লৰ ফ্লেগ অফ কৰে৷

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চল প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত চহকী৷ তেওঁ উল্লেখ কৰে যে অসমে ভাৰতৰ মুঠ খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত ১৩% অৰিহণা যোগোৱাৰ লগতে দেশৰ ১৫% প্ৰাকৃতিক গেছৰ উৎপাদন উত্তৰ-পূৰ্বাঞ্চলতেই হয়৷ মইনাৰবন্দৰ অত্যাধুনিক ডিপোটোৱে বৰাক উপত্যকাৰ লগতে ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামৰ পেট্ৰ’লিয়ামজাত সামগ্ৰীসমূহৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিব বুলি তেওঁ দৃঢ় বিশ্বাসী৷

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ পথ আৰু ৰে’ল সংযোগৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে৷ আধাৰশিলা স্থাপন কৰা বিভিন্ন প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’লে অঞ্চলটোত বাণিজ্য আৰু পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ লগতে পৰ্যটনৰ সম্ভাৱনীয়তাও বৃদ্ধি পাব বুলি তেওঁ ব্যক্ত কৰে৷

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে মহিলা আৰু শিশুৰ সুৰক্ষা আৰু সৰ্বাংগীণ উন্নয়নে এক সুস্থ সমাজ ব্যৱস্থাৰ ইংগিত বহন কৰে৷ তিনি হাজাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰাৰ বাবে তেওঁ ৰাজ্য চৰকাৰক প্ৰশংসা কৰাৰ লগতে চাহ বাগিচা শ্ৰমিকৰ শিশুসকলক উন্নত শিক্ষা প্ৰদানৰ উদ্দেশ্যে ১০০খন আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি তেওঁ আনন্দ প্ৰকাশ কৰে৷

ShareTweetShare

Related Posts

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ
সম্পাদকীয়

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ

February 2, 2023
0
পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ
দৃষ্টিভংগী

পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ

February 2, 2023
0
বিভাগসমূহৰ ইটো-সিটো 
অসমীয়া

বিভাগসমূহৰ ইটো-সিটো 

February 2, 2023
0
মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস
বিধায়কৰ বাৰ্তা

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস

February 2, 2023
0
স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল
অন্যান্য ৰাজ্যৰ বাৰ্তা

স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল

February 2, 2023
0
Slew of projects set to transform city
অনিৰুদ্ধ অসম

ন-ৰূপত জিলিক উঠিব ৰাজধানী চহৰখন

February 2, 2023
0
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In