মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশনাত ২০ৰপৰা ২২ নৱেম্বৰলৈ সমগ্ৰ ৰাজ্যখনতে পালন কৰা হয় স্বাস্থ্য সেৱা উৎসৱ-২।
ৰাজ্যজুৰি উন্নত স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় স্বাস্থ্য সেৱা-২। এই অভিযানৰ অধীনত ১২৬১খন চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠান (২২খন জিলা চিকিৎসালয়, ১৫খন মহকুমা অসামৰিক চিকিৎসালয়, ২১৩টা সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু ১০১১টা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ) সামৰি লোৱা হয়।
অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে আয়োজন কৰা স্বস্থ্য সেৱা উৎসৱত ৰাজ্যখনৰ জনস্বাস্থ্য সুবিধাসমূহৰ মূল্যায়ন কৰা হয়। ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মানৰ আধাৰত জিলা আৰু উপ-জিলা পৰ্যায়ত ৰাজহুৱা স্বাস্থ্য সুবিধাসমূহৰ সেৱা প্ৰদান ব্যৱস্থাৰ মূল্যায়ন সম্পন্ন হয়।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু ইউএনডিপিৰ ভাৰতৰ সৈতে ৰাজ্যজুৰি তিনিদিনীয়াকৈ চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ কাম-কাজ আৰু স্বাস্থ্য সেৱা সুবিধাসমূহৰ মূল্যায়ন কৰিছিল। আন্তঃগাঁথনি, মানৱ সম্পদ আৰু সেৱা প্ৰদানৰ আধাৰত এই মূল্যায়ন কৰা হৈছিল আৰু স্ব-মূল্যায়ন আৰু বহিঃমূল্যায়নৰ মাজেৰে ব্যৱস্থাটো সম্পূৰ্ণ কৰা হৈছিল।
বহিঃমূল্যায়ন পৰ্যায়ত দুগৰাকী মূল্যায়নকাৰীৰ আছিল — এগৰাকী আছিল সাংসদ, বিধান সভাৰ সদস্য, আইএএছ বিষয়া, আইপিএছ বিষয়া বা এচিএছ বিষয়া আৰু আনগৰাকী আছিল চিকিৎসা মহাবিদ্যালয়ৰ অনুষদ, চিকিৎসক বা স্নাতকোত্তৰ শিক্ষাৰ্থী।
তিনিদিনীয়া এই স্বাস্থ্য উৎসৱৰ সময়ত মুঠ ৪৩০টা এনে দলে মূল্যায়ন প্ৰক্ৰিয়া সম্পন্ন কৰিছিল। এই উৎসৱৰ প্ৰাথমিক উদ্দেশ্য আছিল বিভিন্ন স্তৰৰ চৰকাৰী স্বাস্থ্য প্রতিষ্ঠানসমূহৰ আন্তঃগাঁথনি, মানৱ সম্পদ আৰু স্বাস্থ্য সেৱাৰ গুণগত মানৰ মূল্যায়ন কৰি চৰকাৰী স্বাস্থ্য প্রতিষ্ঠানসমূহত থাকি যোৱা আসোঁৱাহ-ত্রুটিসমূহ দূৰীকৰণৰ ব্যৱস্থা কৰি স্বাস্থ্য প্রতিষ্ঠানসমূহক ভাৰতীয় জনস্বাস্থ্য মান (আইপিএইচএছ ২০২২)লৈ উন্নীত কৰাৰ লগতে স্বাস্থ্য কেন্দ্ৰসমূহৰ বহনক্ষমতাৰ সৈতে পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখা, নৱজাতক আৰু মাতৃৰ মৃত্যুৰ হাৰ ৰোধ কৰা আৰু চিকিৎসা ব্যয় হ্রাস কৰা।
সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় : ‘স্বাস্থ্য সেৱা উৎসৱ-২ক এক বৃহৎ সফলতা প্ৰদান কৰাৰ ক্ষেত্ৰত সহযোগ আগবঢ়োৱাৰ বাবে ৰাজ্যখন ইউএনডিপি ভাৰতৰ ওচৰত কৃতজ্ঞ।’ মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য সেৱা ঊৎসৱক সফল কৰি তোলাৰ বাবে এনএইচএম, অসমৰ প্ৰচেষ্টাৰো শলাগ লয়।