গুৱাহাটী মহানগৰীত বিগত আঠ বছৰ ধৰি বিভিন্ন ধৰণৰ চিটী বাছ চলাই জীৱিকা নিৰ্বাহ কৰি আছে ৩৬ বছৰীয়া মহম্মদ পিংকু আলীয়ে৷ চলিত বছৰৰৰ জানুৱাৰীত আৰম্ভ হোৱা খানাপাৰাৰ পৰা জালুকবাৰীলৈ চলা এখন চিএনজি বাছৰ চালক হিচাপে বৰ্তমান তেওঁ কৰ্মৰত৷
অসম বাৰ্তাৰ প্ৰতিনিধিয়ে একেখন বাছত যাত্ৰা কৰোঁতে পিংকু আলীয়ে কয়, “ইমান বছৰে ডিজেল বাছ চলাই মই এটা কথা অনুভৱ কৰিছিলোঁ যে ডিজেল গাড়ীৰ পৰা ওলোৱা ধোঁৱাই পৰিৱেশ বিনষ্ট কৰে৷ চিএনজি গেছে প্ৰদূষণ কম কৰিব আৰু সাধাৰণ বাছতকৈ এই বাছ যাত্ৰা অধিক আৰামদায়ক৷ মই বাছখন চলায়ো বৰ ভাল পাইছোঁ৷ যদিও ডিজেলতকৈ অধিক পৰিমাণৰ গেছ ব্যৱহাৰ হয়, তথাপি আমাৰ পৰিৱেশক বচাবলৈ এইখিনি ত্যাগ কৰিবই লাগিব৷”
ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোত গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে অসম ৰাজ্যিক পৰিবহণ নিগমলৈ উপহাৰ হিচাপে আগবঢ়োৱা চিএনজি চালিত ১০০খন নতুন বাছৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ একেদিনাই তেখেতে আন্তঃৰাজ্যিক বাছ টাৰ্মিনাছ (আই এছ বি টি)ৰ সমীপৰ ইণ্ডিয়ান অইল আৰ অ’ স্বাগত চিএনজি ষ্টেচনত পূৰ্ব ভাৰতী গেছে স্থাপন কৰা গুৱাহাটীৰ প্ৰথমটো চিএনজি ষ্টেচন উদ্বোধন কৰে৷ উদ্বোধনৰ কালত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়াও উপস্থিত থাকে৷

‘‘আজি মই প্ৰথমবাৰৰ বাবে চিএনজি বাছত উঠিছোঁ৷ অভিজ্ঞতা যথেষ্ট ভাল৷ বাছখনত এ চিৰ লগতে বহুতো সুবিধা আছে৷ ছীটবোৰো যথেষ্ট আৰামদায়ক৷ সেই দিশৰ পৰা চাবলৈ গ’লে ভাড়াৰ ক্ষেত্ৰত মই বিশেষ অসুবিধা পোৱা নাই৷”
বন্দনা শৰ্মা
একেখন বাছৰ এগৰাকী যাত্ৰী বন্দনা শৰ্মাই অসম বাৰ্তাক জনায়, ‘‘আজি মই প্ৰথমবাৰৰ বাবে চিএনজি বাছত উঠিছোঁ৷ অভিজ্ঞতা যথেষ্ট ভাল৷ বাছখনত এ চিৰ লগতে বহুতো সুবিধা আছে৷ ছীটবোৰো যথেষ্ট আৰামদায়ক৷ সেই দিশৰ পৰা চাবলৈ গ’লে ভাড়াৰ ক্ষেত্ৰত মই বিশেষ অসুবিধা পোৱা নাই৷”
“জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা প্ৰশমনৰ দিশত ই আমাৰ এক আন্তৰিক প্ৰয়াস৷ এই পদক্ষেপৰ জৰিয়তে ৰাজহুৱা পৰিবহণ ব্যৱস্থাত পৰিৱৰ্তন অহাৰ লগতে আমি প্ৰদূষণমুক্ত আৰু সেউজ অসম গঢ়াৰ দিশত এখোজ আগবাঢ়িলোঁ,” মুখ্যমন্ত্ৰী ড° শৰ্মাই বাছসেৱাৰ শুভাৰম্ভ কৰি সামাজিক মাধ্যমত মত প্ৰকাশ কৰে৷
অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক ৰাহুল চন্দ্ৰ দাসে (এ চি এছ) অসম বাৰ্তাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত কয়, “চিএনজি বাছসমূহে মহানগৰখনৰ ৰাইজক শীত-তাপ নিয়ন্ত্ৰিত উচ্চ পৰ্যায়ৰ যাতায়াত সেৱা প্ৰদান কৰিব৷ এই সেৱাসমূহে গুৱাহাটীক স্মাৰ্ট চিটীলৈ ৰূপান্তৰিত কৰাৰ দৃষ্টিভংগীক উপলব্ধি কৰাত সহায় কৰিব৷ মহানগৰৰ ভিতৰত সুলভ মূল্যত চুটি ভ্ৰমণৰ বাবে ৰাইজে ব্যক্তিগত বাহনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ সক্ষম হ’ব যাৰ ফলত সেই বাহনসমূহৰ ইন্ধন আৰু তত্ত্বাৱধানত ব্যয় হোৱা ধনো ৰাহি হ’ব,” ৰাহুল চন্দ্ৰ দাসে কয়৷

বিভিন্ন অত্যাধুনিক সা-সুবিধাৰে সজ্জিত এই বাছসমূহে এক স্বচ্ছ আৰু সেউজ পৰিৱেশ গঢ়ি তোলাৰ দিশত গুৰুত্ব প্ৰদান কৰিব বুলি আশা কৰা হৈছে৷ বাছৰ ভিতৰত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ পৰিবহণ বিভাগে যাত্ৰীসকলৰ প্ৰতি আহ্বান জনাইছে৷ ৰাজহুৱা পৰিবহণ ব্যৱস্থাত স্বচ্ছ আৰু সেউজ ইন্ধন যোগানৰ জৰিয়তে ২০৭০ চনৰ ভিতৰত শূন্য কাৰ্বন নিষ্কাশনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷