সপোন এটাৰ পাছত দৌৰা কথাটো জানো ভুল? পৃথিৱীৰ প্ৰতিজন মানুহেই হয়তো দুচকুত এটা সপোন লৈ সেই সপোন বাস্তৱ কৰাৰ বাবে দৌৰি থাকে৷ কাৰোবাৰ সপোন বাস্তৱলৈ পৰিণত হয় আৰু কিছুমানে ওৰেটো জীৱন সপোনটোৰ পিছে পিছে দৌৰি থাকিবলগীয়া হয়৷ নিজৰ সপোনবোৰ পূৰণ কৰিবলৈ ওলাই অহা কিশোৰ-কিশোৰীহঁতৰ উজ্জ্বল চকুবোৰ যেতিয়া দেখোঁ, তেতিয়া মনটো ভৰি আহে৷
দুদিনমান আগতে হঠাৎ ভণ্টী এজনীৰ ফোন৷ তাই উৎসাহেৰে কৈ উঠিল “বা, টে’টত পালোঁ নহয়৷” তাৰ অলপ দিনৰ আগত ভাইটি এজনে ক’লে, “বা, আজিকালি পুৱা দৌৰিবলৈ যাওঁ৷ পুলিচৰ চাকৰিৰ বাবে আবেদন কৰিছোঁ নহয়৷” সেইদিনা তাৰ দুচকুত দেখিছিলোঁ আশাৰে ভৰা এখন ছবি৷ সি কৈছিল আজিকালি টকা-পইচাৰ কথা নাই, অলপ কষ্ট কৰিলে চাকৰিটো হ’বই৷ দৃঢ়তাৰে ভৰা এষাৰ কথা৷
চৰকাৰৰ এই পদক্ষেপে হাজাৰ হাজাৰ যুৱক-যুৱতীৰ মুখত হাঁহি বিৰিঙাই তুলিছে৷ মনত পৰিছে আমাৰ সময়ৰ কথাবোৰ৷ পঢ়া-শুনা শেষ কৰাৰ পাছত চৰকাৰী চাকৰি বুলি ক’লেই মোটা অংকৰ লেন-দেনৰ কথাষাৰ আহি পৰিছিল৷ কিন্তু, এতিয়া অন্ততঃ তেনেকুৱা কথা নাই যেনেই অনুভৱ হয়৷ সেই কাৰণেই হয়তো ভাইটিটোৰ দৰে পুৱা-গধূলি অনুশীলন কৰি থকা ল’ৰা-ছোৱালীবোৰৰ দুচকুত আশাৰ ৰেঙনি দেখিবলৈ পোৱা যায়৷
এই আশাবোৰ বাস্তৱলৈ ৰূপান্তৰিত হওক৷ মোটা অংকৰ লেন-দেনৰ বিপৰীতে নিজৰ পাৰদৰ্শিতাৰ বলত এটা কৰ্মসংস্থাপন পাওক৷ চৰকাৰৰ এনে পদক্ষেপ নিশ্চয়কৈ শলাগিবলগীয়া৷ এনে প্ৰচেষ্টাই নতুন প্ৰজন্মকো উৎসাহিত কৰিব৷ চৰকাৰৰ এই প্ৰচেষ্টা যাতে বন্ধ হৈ নাযায়, তাৰেই কামনা কৰিছোঁ৷