• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Tuesday, February 7, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home মুখ্যমন্ত্ৰীৰ বাৰ্তা

মুখ্যমন্ত্ৰীৰ বাৰ্তা (জানুৱাৰী – ২০২৩)

হিমন্ত বিশ্ব শৰ্মা

January 1, 2023
in অসমীয়া, মুখ্যমন্ত্ৰীৰ বাৰ্তা
0
0
Musings of a Chief Minister

চাওঁতে চাওঁতে আৰু এখন কেলেণ্ডাৰ সলাবলৈ হ’ল৷ এই মুহূৰ্তত মই সন্তুষ্টিৰে উভতি চাইছোঁ যোৱা এটা বছৰত চৰকাৰৰ প্ৰতিটো বিভাগে জনসাধাৰণৰ জীৱন শৈলী উন্নত কৰি অসমক দেশৰ পাঁচখন শীৰ্ষ ৰাজ্যৰ অন্যতম এখন কৰি তোলাৰ বাবে কেনেদৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিলে৷ বিকাশৰ গতিপথত আগুৱাই যাবলৈ আন্তঃগাঁথনিৰ গুৰুত্বৰ বিষয়ে মই ইতিমধ্যেই বহুবাৰ উল্লেখ কৰিছোঁ৷

আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত প্ৰত্যক্ষ সংযোজন ঘটাই আমাৰ চৰকাৰে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিলে– ‘বিকাশৰ বাবে এটা পষেক’৷ এই কাৰ্যসূচীৰ অধীনত অসমৰ প্ৰতিখন জিলাতে মৌলিক আন্তঃগাঁথনি উন্নয়নৰ বাবে আমি বিনিয়োগ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছোঁ৷ ‘বিকাশৰ বাবে এটা পষেক’ৰ আৰম্ভ কৰা হয় যোৱা ৫ ডিচেম্বৰত আৰু এতিয়ালৈকে আমি ৯খন জিলাত ১৫,০০০ কোটি টকাৰ বিনিয়োগৰ বাবে সংকল্প লৈছোঁ৷ এই প্ৰকল্পসমূহৰ বিষয়ে ইতিমধ্যে আপুনি অৱগত হৈছেই৷ মই বিশ্বাস কৰোঁ যে এই বিনিয়োগে অসমবাসীৰ জীৱনত বহু ইতিবাচক প্ৰভাৱ পেলাব৷

ৰাইজক প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ পালে আমিও সুখী হওঁ৷ অৰুণোদয় আৰু মিছন বসুন্ধৰাৰ দৰে আঁচনিয়ে সফলতাৰ অভূতপূৰ্ব সাক্ষ্য বহন কৰিছে৷ আমি মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰে আই-মাতৃসকলক সকাহ প্ৰদান কৰিছোঁ, সংস্থাপনৰ বাবে মধ্যভোগীৰ লোভৰ হাঁতোৰাৰ পৰা আমাৰ যুৱচামক সুৰক্ষা প্ৰদান কৰিছোঁ৷ নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়া সুনিশ্চিত কৰিবলৈ আমি এটা প্ৰণালী প্ৰস্তুত কৰিছোঁ৷ আমি নিৰ্ধাৰিত লক্ষ্যত যে উপনীত হ’ব পাৰিম তাত মোৰ কোনো সন্দেহ নাই৷

যোৱা মাহত অহা এটা অতি গুৰুত্বপূৰ্ণ উন্নয়নৰ খবৰ হৈছে জাইকাৰ সহযোগত গুৱাহাটী পানী যোগান প্ৰকল্পৰ আংশিক ৰূপায়ণ৷ এই প্ৰকল্পই বৰ্তমান কেইটামান অঞ্চলত পানী যোগানৰ প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু অতি সোনকালেই প্ৰকল্পটো সম্পূৰ্ণ গুৱাহাটীত কাৰ্যক্ষম হৈ উঠিব বুলি আশা কৰা হৈছে৷ আৰম্ভণিতে এই প্ৰকল্পটোৰ কাম যথেষ্ট লেহেম আছিল আৰু সেয়ে অৱশেষত আমাৰ চৰকাৰে সিদ্ধান্ত ল’লে যে এতিয়া আৰু অপেক্ষা কৰা ন’হব৷ গুৱাহাটীবাসীয়ে ২৪ ঘণ্টাই খোৱাপানীৰ সুবিধা পোৱাটো নিশ্চিত কৰিব লাগিব৷ অৱশেষত, প্ৰায় ১১ বছৰৰ পাছত, সকলোৰে মুখত সন্তুষ্টিৰ হাঁহি বিয়পাই প্ৰায় ১৩,০০০ ঘৰলৈ আমি বিশুদ্ধ জল প্ৰবাহিত কৰিবলৈ আৰম্ভ কৰিলোঁ৷ এই বাধা যিহেতু আমি অতিক্ৰম কৰিছোঁ, এতিয়া নিশ্চয়কৈ ক’ব পাৰিম যে ২০২৪ চনৰ মাৰ্চৰ ভিতৰত সমগ্ৰ প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ আমি সক্ষম হ’ম৷

ড্ৰাগছ আৰু ড্ৰাগছ সৰবৰাহকাৰীক উৎখাত কৰিবলৈ এই বছৰত সৰ্বশক্তিৰে আমি নিয়োজিত হৈ থাকিলোঁ৷ আমি আমাৰ যুৱচামৰ স্বাৰ্থৰ হকে বিনিয়োগ কৰিছোঁ আৰু এই বিনিয়োগক ড্ৰাগছৰ কু-প্ৰভাৱত অনৰ্থক হৈ পৰিবলৈ এৰি দিব নোৱাৰোঁ৷ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱাৰ বাবে মই অসম আৰক্ষীৰ ওচৰত কৃতজ্ঞ৷ পৰিসংখ্যাই তেওঁলোকৰ এই অভিযানৰ সফলতাক প্ৰমাণিত কৰিছে৷ অৱশ্যে যদি ৰাজ্যখনত ড্ৰাগছ উপলভ্য হৈ আছে তেন্তে আমি এই সফলতাক লৈ হাত সাবটি বহি থাকিব নোৱাৰোঁ৷ আমাৰ চৰকাৰৰ লক্ষ্য হৈছে অসমক ড্ৰাগছমুক্ত কৰা আৰু মই অসমবাসীক অনুৰোধ জনাবলৈ বিচাৰিছোঁ যে তেওঁলোকৰ নিজ নিজ স্থানত ড্ৰাগছ সেৱন আৰু চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে যাতে সজাগ হৈ থাকে৷ কেৱল বাহুবলেৰে সকলো যুঁজ জয় কৰিব নোৱাৰি৷ শক্তিৰে কৰিব নোৱৰা বহু কাম সজাগতা আৰু সংবেদনশীলতাৰ জৰিয়তে সাৰ্থক হৈ উঠে৷

এই বছৰ আমি অসমৰ কিংবদন্তি বীৰ সেনাপতি লাচিত বৰফুকনক তেখেতৰ প্ৰাপ্য মৰ্যাদা আৰু পৰিচয় প্ৰদান কৰিবলৈ এক পদক্ষেপ গ্ৰহণ কৰিলোঁ৷ এই অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰীগৰাকীক ৩৫০ বছৰতকৈও অধিক সময় ধৰি তেখেতৰ প্ৰাপ্য প্ৰদান কৰিব নোৱৰাটো ইতিহাসৰেই প্ৰহসন৷ যদিও ইতিহাসে কৰা এই অন্যায়ক শুধৰোৱাটো ইমান সহজ নহয় তথাপি এখন চৰকাৰ হিচাপে কৰিব পৰা সকলোখিনি আমি কৰিবলৈ চেষ্টা কৰিছোঁ৷ মই আপোনাসৱক আশ্বাস প্ৰদান কৰি কওঁ যে এয়া মাত্ৰ আৰম্ভণিহে৷ আমি এই গৌৰৱময় ইতিহাসক উচিত সন্মান আৰু স্থান প্ৰদান কৰিবলৈ সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি যাম৷ লাচিত কেৱল ভাৰতৰ এগৰাকী শ্ৰেষ্ঠ সেনানায়কেই নহয়, তেখেত হৈছে স্বাৰ্থ পৰিত্যাগ কৰি মাতৃভূমিৰ হেতু যুঁজ দিয়াসকলৰ মাজত অন্যতম৷ মাতৃভূমিৰ প্ৰতি থকা তেখেতৰ অটল প্ৰেম প্ৰতিটো প্ৰজন্মৰ বাবে অনুকৰণীয় আৰু তেখেতৰ আদৰ্শ ৰাষ্ট্ৰপ্ৰেমৰ শ্ৰেষ্ঠ নিদৰ্শন৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু তেখেতৰ কেন্দ্ৰীয় চৰকাৰখনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক প্ৰদান কৰা গুৰুত্বৰ বিষয়ে আপোনাসৱৰ সৈতে ভাগ-বাটোৱাৰা কৰি মই আনন্দিত হওঁ৷ নতুন বছৰৰ ফেব্ৰুৱাৰীৰ পৰা আমাৰ ৰাজ্যখনে সমগ্ৰ বিশ্বৰ আটাইতকৈ সন্মানীয় অৰ্থনৈতিক মঞ্চ জি-২০ৰ পাঁচখনকৈ বৈঠক আয়োজন কৰিব৷ এয়া আমাৰ সমাজ, ঐতিহ্য, বৈচিত্ৰ্য আৰু সম্পদক বিশ্বৰ সন্মুখত প্ৰদৰ্শন কৰাৰ এক সুযোগ৷ ই এনে এক সুযোগ য’ত আমি ত্ৰুটিৰ সুৰুঙা ৰাখিব নোৱাৰোঁ৷ মই আপোনাসৱক বিশ্বৰ এই প্ৰতিনিধিসকলক উষ্ম আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে নিজ নিজ দেশলৈ উভতি যাওঁতে আমাৰ ৰাজ্যখনৰ মনোৰম স্মৃতি কঢ়িয়াই লৈ যায়৷

নতুন বছৰটোক আদৰণি জনোৱাৰ মুহূৰ্তত, মই দোহাৰিবলৈ বিচাৰিম যে আপোনাসৱক আগবঢ়োৱা প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত আৰু ৰাজ্যখনৰ প্ৰগতিৰ লক্ষ্যত আমাৰ চৰকাৰ অটল হৈ থাকিব৷ মই বিশ্বাস কৰোঁ যে উন্নয়নৰ তেতিয়ালৈকে কোনো অৰ্থ নাই যেতিয়ালৈকে ই জনমুখী নহয়৷

মই অসমবাসী আৰু অসম বাৰ্তাৰ পঢ়ুৱৈসকলক ২০২৩ বৰ্ষৰ বাবে আন্তৰিক শুভেচ্ছা জনাইছোঁ৷

জয় আই অসম, জয় হিন্দ৷

ShareTweetShare

Related Posts

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস
বিধায়কৰ বাৰ্তা

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস

February 2, 2023
4
যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ
সম্পাদকীয়

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ

February 2, 2023
2
পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ
দৃষ্টিভংগী

পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ

February 2, 2023
4
বিভাগসমূহৰ ইটো-সিটো 
অসমীয়া

বিভাগসমূহৰ ইটো-সিটো 

February 2, 2023
4
স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল
অন্যান্য ৰাজ্যৰ বাৰ্তা

স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল

February 2, 2023
6
Slew of projects set to transform city
অনিৰুদ্ধ অসম

ন-ৰূপত জিলিক উঠিব ৰাজধানী চহৰখন

February 2, 2023
4
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In