যোৱা সপ্তাহত ভাৰতবৰ্ষৰ পঞ্চদশ ৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰা শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীলৈ অসমবাসীৰ হৈ মই আন্তৰিক অভিনন্দন জনালোঁ৷ তেখেত হৈছে সৰলতা আৰু স্থিতপ্ৰজ্ঞতাৰ প্ৰতীক৷ অসমৰ এখন চাহ বাগিচালৈ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীৰ ভ্ৰমণ কালতে তেখেতক ভালদৰে জনাৰ সুবিধা পাইছিলোঁ৷ তেতিয়াই বুজি উঠিছিলোঁ তেখেত হ’ব পাৰিব জনতাৰ ৰাষ্ট্ৰপতি৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে আমাৰ ৰাজ্যখন ভ্ৰমণ কৰাৰ সময়ত তেখেতৰ সৈতে মোৰ আৰু মোৰ কেবিনেট সতীৰ্থসকলৰ বাৰ্তালাপ কৰাৰ সৌভাগ্য হৈছিল৷ মই নিশ্চিত যে মহামহিম ৰাষ্ট্ৰপতি ডাঙৰীয়ানীয়ে আমাৰ দেশৰ গৌৰৱ আৰু মৰ্যাদাক এক নতুন শিখৰলৈ লৈ যাব৷
এতিয়া যিহেতু বান পৰিস্থিতি লাহে লাহে শাম কাটিছে, আমি অতি সোনকালে সকলো ক্ষয়-ক্ষতিৰ হিচাপ-নিকাচ কৰিব পাৰিম৷ ঘৰখন নতুনকৈ সাজিব পাৰোঁ, জীৱিকাও পুনৰ গঢ়িব পাৰোঁ৷ কিন্তু, পুৰণি ঘৰখনৰ সৈতে বানে উটুৱাই লৈ যোৱা সেই সোঁৱৰণীবোৰক জানো ঘূৰাই আনিব পাৰোঁ! তথাপি, আমাৰ চৰকাৰে অতি সোনকালে স্বাভাৱিক অৱস্থা ওভতাই আনিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে৷ মই অভিভাৱক মন্ত্ৰী আৰু বিষয়াসকলৰ বাবে এক বিতং কৰ্মপন্থা নিৰ্ধাৰণ কৰিছোঁ যাতে আমি জীৱিকাকে আদি কৰি বানত ক্ষতিগ্ৰস্ত সকলোবোৰ পুনৰুদ্ধাৰ কৰিব পাৰোঁ৷ শেহতীয়া পৰিসংখ্যাৰ পৰা দেখা পোৱা ছবিখন অধিক চিন্তনীয়৷ কৃষক, ব্যৱসায়ী, শিক্ষাৰ্থী, মহিলা আৰু শিশুকে ধৰি সকলো শ্ৰেণীৰ লোক ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে৷ মই আপোনাসৱক আশ্বস্ত কৰিবলৈ বিচাৰোঁ যে অসম চৰকাৰে এই ক্ষতিৰ উপশমৰ বাবে সকলো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব৷ নিজ নিজ সামৰ্থ্য অনুযায়ী এতিয়ালৈকে যিসকল ব্যক্তি আৰু প্ৰতিষ্ঠানে ৰাইজক সেৱা আৰু সহযোগ প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ৷ জনসাধাৰণৰ এই প্ৰেৰণাই হৈছে চৰকাৰ এখনৰ বাবে বৃহৎ শক্তি৷
জাগীৰোড আৰু কাছাৰৰ হিন্দুস্তান কাগজ কল নিগমৰ কল দুটাৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক ক্ষতিপূৰণ প্ৰদানৰ যি প্ৰতিশ্ৰুতি আমি আগবঢ়াইছিলোঁ, তাক আমাৰ চৰকাৰখনে পূৰণ কৰিবলৈ সক্ষম হৈছে৷ এই কাগজ কল দুটা ২০১৭ চনৰ পৰা অকাৰ্যক্ষম হৈ আছে৷ তেওঁলোকলৈ সকাহৰ হাত আগবঢ়াবলৈ পাই মই নিজেও সকাহ অনুভৱ কৰিছোঁ৷ মই আশাবাদী যে কলকেইটা বন্ধ হৈ যোৱাৰ পাছত তেওঁলোকৰ পুনৰসংস্থাপনৰ বাবে এই ধনৰাশিয়ে তেওঁলোকক যথেষ্ট সহায় কৰিব৷ এওঁলোকৰ মাজৰে কেইগৰাকীমানে যোগ্যতা অনুসৰি চৰকাৰী কাম-কাজত নিয়োজিত হ’ব পাৰিব আৰু বাকীসকলেও নিজৰ জীৱনটো পুনৰ গঢ়ি তুলিবলৈ গতিপথ লাভ কৰিব৷ এয়া অতিকৈ দুখৰ কথা যে কাগজ কল দুটা বন্ধ হৈ যোৱাৰ পাছৰে পৰা শতাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হ’ল৷ আমি ব্যক্তিগত খণ্ডৰ সহযোগত কাছাৰৰ কাগজ কলটো পুনৰ্নিৰ্মাণৰ বাবে আগ্ৰহী৷ বিভিন্ন কাৰণবশতঃ আমি আমাৰ প্ৰশাসনীয় ৰাজধানী জাগীৰোডলৈ সম্প্ৰসাৰিত কৰিম আৰু এই বিষয়ে পাছলৈ বিস্তৃতভাৱে আলোচনা কৰিম৷ লগতে, গুৱাহাটীৰ পৰা জাগীৰোডলৈ আঠ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ আমাৰ পৰিকল্পনাই জনগণক উপকৃত কৰিব৷ উত্তৰ-পূব ভাৰতৰ অৰ্থনীতিক গতিশীল কৰি ৰাখিবলৈ চৰকাৰৰ বিনিয়োগ অব্যাহত আছে৷ যেতিয়ালৈকে এই অঞ্চলত মুখ্য ঔদ্যোগিক প্ৰকল্প আৰু সেৱা প্ৰদানকাৰী উদ্যোগসমূহ স্থাপন হৈ নুঠে, চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিব লাগিব৷ নিয়োগ সৃষ্টি আৰু উৎপাদনশীলতাৰ ক্ষেত্ৰত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ দেখা পোৱা যাব৷ জাগীৰোডলৈ আমাৰ প্ৰশাসনিক ৰাজধানী সম্প্ৰসাৰিত কৰাৰ আমাৰ ধাৰণাটো এই উদ্দেশ্য পূৰণৰ দিশত আশাশুধীয়া এখোজ৷ একে সময়তে, আমি ৰাজ্যখনত বিনিয়োগৰ সুযোগ সৃষ্টিৰ প্ৰচেষ্টাও অব্যাহত ৰাখিম৷
শেহতীয়াকৈ গুৱাহাটীলৈ ছিংগাপুৰৰ জ্যেষ্ঠ মন্ত্ৰী থাৰমন শানমুগাৰত্নমৰ ভ্ৰমণ আছিল আমাৰ ৰাজ্যখনলৈ বিদেশী আৰু ঘৰুৱা কোম্পানীসমূহক আকৰ্ষিত কৰাৰ দিশত এক প্ৰয়াস৷ মই আশাবাদী যে ছিংগাপুৰৰ প্ৰতিনিধি দলটোৱে অসমত বিনিয়োগৰ ক্ষেত্ৰত এক সুপৰিকল্পিত দৃষ্টিভংগী মনত কঢ়িয়াই নিছে৷ ই আমাৰ যুৱপ্ৰজন্মৰ বাবে উদ্যমিতা আৰু অৰ্থপূৰ্ণ নিয়োগৰ পৰিৱেশ সৃষ্টি কৰিব৷ যেতিয়াৰ পৰা অসমৰ জনসাধাৰণে আমাক ৰাজ্যখনৰ দায়িত্ব প্ৰদান কৰিছে, আমাৰ চৰকাৰে যুৱক-যুৱতীসকলৰ বাবে নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ আমি জানো যে চৰকাৰী খণ্ডত নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা আছে কিন্তু চৰকাৰে এক সুদক্ষ পৰিৱেশ সৃষ্টি কৰে তেন্তে ব্যক্তিগত খণ্ডত নিয়োগৰ অন্তহীন সম্ভাৱনা আছে৷ মই আপোনাসৱক আশ্বাস দিব পাৰোঁ যে আমি এই ক্ষেত্ৰত সংকল্পবদ্ধ৷
চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সৈতে সীমা সম্পৰ্কীয় আলোচনাৰ ইতিবাচক ফলাফলে আনন্দৰ বাৰ্তা কঢ়িয়াই আনিছে৷ নামচাই ঘোষণাপত্ৰ হৈছে এই ঐতিহাসিক, ভৌগোলিক আৰু ৰাজনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰত আমাৰ একান্ত প্ৰয়াস৷ আমি সকলোৱে জ্ঞাত যে আমি আমাৰ সীমা নিৰ্ধাৰণ কৰিব নোৱাৰোঁ৷ কিন্তু, আমি নিশ্চিতভাৱে আমাৰ চুবুৰীয়াৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ গঢ়ি তুলিব পাৰোঁ৷ মেঘালয়, নাগালেণ্ড আৰু মিজোৰামৰ সৈতে আলোচনাসমূহতো আমাৰ চৰকাৰে এই নীতিকেই সাৰোগত কৰি লৈছে৷ আমি আমাৰ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সীমা বিবাদৰ আলোচনা কৰাৰ সময়ত আমাৰ মুখ্য বিবেচনাৰ বিষয় হৈ পৰে জনসাধাৰণৰ আশা-আকাংক্ষা আৰু ঐতিহাসিক ভিত্তি৷ মই অসমৰ জনসাধাৰণক আশ্বাস প্ৰদান কৰিবলৈ বিচাৰিছোঁ যে আমি অসম আৰু অসমবাসীৰ স্বাৰ্থৰ সৈতে কেতিয়াও আপোচ নকৰোঁ৷