নতুন বছৰ মানেই নতুন আশা, সপোন আৰু সম্ভাৱনাৰ আৰম্ভণি। বিগত দিনবোৰৰ অভিজ্ঞতা, সুখ-দুখ, সফলতা-বিফলতাক ভিত্তি কৰি আমি নতুন বছৰৰ আৰম্ভণিতে এক নীৰৱ সংকল্প লওঁ, যি সংকল্পই সপোনৰ পৰা বাস্তৱৰ বাটটোৰ দিশে আমাক আগুৱাই লৈ যাবলৈ উৎসাহিত কৰে। এনেদৰেই ইতিবাচক চিন্তাৰে সৃষ্টিৰ এটি নতুন অধ্যায়ৰ বাবে সাজু হোৱাৰ সময় আহি পৰিল।
ডিচেম্বৰ মাহত মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাক্ষাৎ কৰাৰ সুযোগ পাইছিলোঁ। তেখেতক এডভাণ্টেজ আছাম ২.০ৰ উদ্বোধনৰ বাবে আমন্ত্ৰণ জনাওঁ আৰু তেখেতেও আমাৰ আমন্ত্ৰণ ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিলে। তেখেতৰ পৰা লাভ কৰা অনুপ্ৰেৰণা, উৎসাহে নতুন বছৰটোক লৈ মোৰ মনত দৃঢ় বিশ্বাস জন্মাইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সন্মতি লাভ কৰাৰ পাছতেই কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগত মত বিনিময় কৰি তেওঁলোকক ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছাম ২.০ৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ জনাওঁ আৰু তেওঁলোকৰ অংশগ্ৰহণ কামনা কৰোঁ। আমি ইতিমধ্যে দেশৰ বিভিন্ন চহৰলৈ প্ৰতিনিধিৰ দল প্ৰেৰণ কৰি উদ্যোগপতি আৰু বিনিয়োগকাৰীসকলক আমন্ত্ৰণ জনাইছোঁ। তদুপৰি এই অনুষ্ঠানৰ ৰোড শ্ব’, বৈঠক আৰু প্ৰচাৰ কাৰ্যসূচীৰো ব্যৱস্থা কৰা হৈছে। মই বিশ্বাস কৰোঁ যে বিনিয়োগকাৰীসকলৰ সৈতে ব্যক্তিগত সম্পৰ্ক গঢ়ি তোলাৰ লগতে তেওঁলোকক আমাৰ দৃষ্টিভংগীৰ বিষয়ে অৱগত কৰোৱাটো আৰু বিনিয়োগৰ বাবে এক উৎকৃষ্ট পৰিৱেশ গঢ়ি তোলাটো অত্যন্ত জৰুৰী। দেশৰ প্ৰায় সকলো ৰাজ্য চৰকাৰে বিনিয়োগকাৰীসকলক আমন্ত্ৰণ কৰি আছে। তেনেস্থলত তেওঁলোকে অসমৰ দৰে এখন ৰাজ্যত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিবনে? মই অনুভৱ কৰোঁ যে এখন চৰকাৰে বিনিয়োগকাৰীসকলৰ মনত যিমানেই বিশ্বাস জন্মাব পাৰিব, সেই বিশ্বাসেই চৰকাৰখনৰ বাবে বিনিয়োগকাৰীসকলৰ মনত এক সুকীয়া স্থান দখল কৰিব। অৱশ্যে উদ্যোগ নীতি, উৎসাহ-উদ্দীপনা, প্ৰাকৃতিক ক্ষেত্ৰত থকা সম্ভাৱনাসমূহেও বিনিয়োগৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। কিন্তু এক শান্তিপূৰ্ণ পৰিৱেশ, আইন-শৃংখলাৰ স্থিতি আৰু ব্যক্তিগত সম্পর্ক গঢ়াৰ সফলতাও হৈছে বিনিয়োগৰ অন্যতম মুখ্য কাৰক। কেতিয়াবা আমি আমাৰ প্রাথমিক পৰিকল্পনাতকৈ অধিক সুবিধা আগবঢ়োৱাৰ সিদ্ধান্ত ল’বলগীয়া হয়। কিন্তু যদি প্ৰত্যক্ষ বিনিয়োগ কৰা হয়, তেন্তে ৰাজ্যখনৰ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰে আৰু এই প্ৰভাৱে সাধাৰণ বিনিয়োগতকৈ বহু ক্ষেত্ৰত অধিক লাভান্বিত কৰে। উদাহৰণস্বৰূপে, অসমত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপনে কেৱল অসমৰেই উন্নয়ন সাধন নকৰে; ইয়াৰ সমান্তৰালকৈ এই প্ৰকল্প সমগ্ৰ ভাৰতৰ বাবেই এক আশীৰ্বাদ হৈ ৰ’ব। এই বিনিয়োগে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপন সৃষ্টি কৰাৰ লগতে আন বিনিয়োগকাৰীসকলকো অসমৰ সম্ভাৱনাময় ক্ষেত্ৰখনৰ বিষয়ে এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিব পাৰে।
১৭ ডিচেম্বৰ তাৰিখে ভূটানৰ ৰাষ্ট্ৰীয় দিৱসৰ উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ভূটান চৰকাৰৰ দ্বাৰা আমন্ত্ৰিত হৈছিলোঁ। মই এই সুযোগৰ সদ্ব্যৱহাৰ কৰি থিম্ফুত এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰোঁ আৰু সম্ভাৱনাপূৰ্ণ ভূটানৰ বিনিয়োগকাৰীসকলৰ লগতে তেওঁলোকৰ অংশীদাৰীসকলক এডভাণ্টেজ আছাম ২.০ৰ কাৰ্যসূচীত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাওঁ। তদুপৰি এই পদক্ষেপে ভূটানৰ সৈতে আমাৰ আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু ঐতিহাসিক সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিব। মই নিশ্চিত যে এই সম্পৰ্কই দুয়োখন দেশৰ জনসাধাৰণৰ মাজত একতাৰ বান্ধোন শক্তিশালী কৰি অৰ্থনৈতিক দিশতো সহায় কৰিব।
ভূটানৰ উন্নয়নমূলক প্রকল্পসমূহৰ পৰা যি অৰ্থনৈতিক উত্তৰণৰ সূচনা হ’ব, তাৰ পৰা লাভৱান হ’ব পৰাকৈ অসম বৰ্তমান এক সুচল অৱস্থাত আছে৷ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিতব্য এই উন্নয়নৰ কাৰ্যসূচীৰ পৰা ৰাজ্যখনলৈ ইতিবাচক খবৰ আহি থাকিব।
মই অনুভৱ কৰোঁ যে জনসাধাৰণক নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত যিকোনো চৰকাৰৰ সীমাবদ্ধতা থাকিবই। যদিহে চৰকাৰে ব্যক্তিগত বিনিয়োগকাৰীসকলৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰে, তেন্তে সেই অঞ্চলৰ যুৱপ্ৰজন্মৰ সপোন পূৰ্ণ কৰাত চৰকাৰ ব্যৰ্থ হ’ব। গতিকে উদ্যোগ আৰু বিনিয়োগকাৰীসকলৰ বাবে আমাৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিয়াটোৱেই চৰকাৰৰ প্ৰাথমিক দায়িত্ব হিচাপে পৰিগণিত হ’ব। সেয়েহে ভাৰতৰ উন্নয়নৰ বাবে বিনিয়োগ আকৰ্ষণৰ দিশত আমি গুৰুত্ব দিয়া উচিত।
এই বিষয়সমূহৰ লগতে অসমৰ ৰাইজৰ বাবে আমাৰ দায়িত্বও সমানেই পালন কৰি গৈছোঁ। এই দায়িত্বৰ অংশ হিচাপে ১১-২৩ ডিচেম্বৰলৈ ‘বিকাশৰ ১২ দিন’ শীৰ্ষক এক উন্নয়নমূলক কাৰ্যসূচীৰ আয়োজন কৰিছিলোঁ, যাৰ উদ্দেশ্য আছিল ৰাইজৰ জীৱনত পৰিৱৰ্তন আনিবলৈ তেওঁলোকক প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়োৱা। বিভিন্ন বিভাগৰ অধীনত আয়োজিত এই কাৰ্যসূচীয়ে লক্ষাধিক মানুহৰ উপকাৰ সাধন কৰিছে আৰু এই প্ৰচেষ্টাৰ পৰা ৰাইজে লাভান্বিত হৈ প্ৰশংসা কৰাৰ বাৰ্তাটোৱে আমাক উৎসাহিত কৰিছে।
মই ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি ডিচেম্বৰ মাহত ৩ দিনৰ বাবে ডিব্ৰুগড়ত আছিলোঁ। ৰাইজক সাক্ষাৎ কৰি তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছিলোঁ আৰু জনতাৰ অভিযোগসমূহ নিষ্পত্তি কৰি তেওঁলোকক সহায়ৰ হাত আগবঢ়াবলৈও সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা দিছোঁ। মই আনন্দিত হৈছোঁ যে যি উদ্দেশ্যৰে ডিব্ৰুগড়ত নতুন মুখ্যমন্ত্ৰীৰ সচিবালয় নিৰ্মাণ কৰা হৈছিল, সেই উদ্দেশ্যক আমি বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছোঁ। যদিও এই কামসমূহ প্ৰাৰম্ভিক পৰ্যায়তেই আছে, তথাপি আপোনালোকক নিশ্চিতি দিব পাৰোঁ যে সময় আৰু ব্যয় হ্ৰাস কৰি চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংযোগ স্থাপনৰ ক্ষেত্ৰত নতুন সচিবালয়ে এক নজিৰ স্থাপন কৰিব।
এই আশাৰেই সদৌটিলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা যাচিলোঁ।
আমি ইতিমধ্যে দেশৰ বিভিন্ন চহৰলৈ প্ৰতিনিধিৰ দল প্ৰেৰণ কৰি উদ্যোগপতি আৰু বিনিয়োগকাৰীসকলক আমন্ত্ৰণ জনাইছোঁ। তদুপৰি এই অনুষ্ঠানৰ ৰোড শ্ব’, বৈঠক আৰু প্ৰচাৰ কাৰ্যসূচীৰো ব্যৱস্থা কৰা হৈছে। মই বিশ্বাস কৰোঁ যে বিনিয়োগকাৰীসকলৰ সৈতে ব্যক্তিগত সম্পৰ্ক গঢ়ি তোলাৰ লগতে তেওঁলোকক আমাৰ দৃষ্টিভংগীৰ বিষয়ে অৱগত কৰোৱাটো আৰু বিনিয়োগৰ বাবে এক উৎকৃষ্ট পৰিৱেশ গঢ়ি তোলাটো অত্যন্ত জৰুৰী।